পৰীক্ষা, কৃতকাৰ্যতা আৰু জীৱনত সফলতাৰ পৰিমাপ – আৰাধনা বৰুৱা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নব্বৈ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰীয়ে এখন নামজ্বলা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰিছিল৷ লাহে লাহে শিক্ষাৰ্থী গৰাকীৰ শৈক্ষিক প্ৰদৰ্শন নিম্নগামী হোৱা দেখা গ’ল আৰু প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰী গৰাকীয়ে আশানুৰূপ ফলাফল পাবলৈ সক্ষম নহ’ল৷ ফলত তেওঁ ডিপ্ৰেছনৰ চিকাৰ হ’ল আৰু দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাত বহিবলৈ অসমৰ্থ হ’ল৷

ঠিক তেনেকৈ আন এখন নামজ্বলা মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীয়ে প্ৰথমে বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰিছিল৷ অলপদিন ক্লাছ কৰাৰ পিছত তেওঁ অনুভৱ কৰিলে যে বিজ্ঞান বিভাগত বিষয়বোৰ তেওঁ সহজে আয়ত্ত কৰিব পৰা নাই৷ অনতিপলমে অভিভাৱক আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত কথা পাতি বিজ্ঞান শাখাৰ পৰা কলা শাখালৈ গুচি আহিল আৰু শেষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়৷

বহুতো ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল আৰু অভিযান্ত্ৰিক শিক্ষাৰ প্ৰৱেশ পৰীক্ষাৰ বাবে বছৰৰ পিছত বছৰ কচিং ক্লাছ কৰিও বিফল হোৱা দেখা যায়৷ এনে ধৰণৰ কথাবোৰ সততে শুনিবলৈ পোৱা যায়৷

কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো(National Crime Record Bureau)ৰ তথ্য অনুসৰি ভাৰতত মুঠ আত্মহত্যাৰ ঘটনাৰ ভিতৰত ২২% ই পঢ়াশুনাত আশানুৰূপ ফলাফল লাভ নকৰাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে সংঘটিত কৰে৷ সমীক্ষা মতে সমগ্ৰ বিশ্বজুৰি সংঘটিত নৱপ্ৰজন্মৰ আত্মহত্যাৰ ঘটনা বিলাকৰ উল্লেখযোগ্য কাৰণ সমূহ হৈছে পৰীক্ষাত অসফলতা, পিতৃ মাতৃৰ পৰা পোৱা হেঁচা তথা বিদ্যালয়ৰ আৰু মহাবিদ্যালয়ে ছাত্ৰছাত্ৰীৰ পৰা বিচৰা উচ্চমানৰ ফলাফল৷

এই অসফলতাৰ প্ৰধান কাৰণ হৈছে বিষয় বাছনিৰ ক্ষেত্ৰত অসতৰ্কতা৷ বহু সময়ত পৰীক্ষাৰ মাৰ্কশ্বিটত পঢ়ি আয়ত্ত কৰিবলৈ টান পোৱা কিছু মান বিষয়ত নম্বৰ বেছিকৈ পোৱা যায়, বিশেষকৈ গোট গোট নম্বৰ পোৱা বিষয় যেনে, গণিত, বিজ্ঞান, ভূগোল, অৰ্থনীতি আদিত৷ পৰীক্ষাত সেই বিষয়টোত ভাল নম্বৰ পোৱাৰ বহুত কাৰণ থাকিব পাৰে৷ উদাহৰণ স্বৰূপে পঢ়ি যোৱা মতেই সেইদিনা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে আৰু সেইকাৰণে ছাত্ৰ জনে ভালকৈ লিখিব পাৰিলে৷ বা বহুতৰে ক্ষেত্ৰত প্ৰিয় বিষয়তো ভাল নম্বৰ নাপাব পাৰে৷ উদাহৰণ স্বৰূপে ৰসায়ন বিজ্ঞান কোনোজনৰ প্ৰিয় বিষয় কিন্তু পৰীক্ষাৰ দিনা সময়ৰ অভাৱত তেওঁ কেইবাটাও প্ৰশ্নৰ উত্তৰ কৰিবলৈ সক্ষম নহ’ল৷ ফলত আশানুৰূপ নম্বৰ নাপালে৷

তেনে ক্ষেত্ৰত পৰৱৰ্তী বিষয় নিৰ্বাচনৰ সময়ত প্ৰাপ্ত নম্বৰতকৈ ছাত্ৰজনৰ বিষয়টো আয়ত্ত কৰিব পৰা ক্ষমতাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত৷

প্ৰত্যেক ব্যক্তিৰে যোগ্যতা, মানসিক সক্ষমতা আৰু পাৰদৰ্শিতা বিশেষতঃ দুটা বস্তুৰ ওপৰত নিৰ্ভৰশীল৷ সেয়া হৈছে, বুদ্ধিমত্তা(IQ) আৰু অভিৰুচি(Aptitude)৷

জন্মৰ পৰা আমাৰ শাৰীৰিক বিকাশৰ স্তৰৰ সমান্তৰালভাৱে মানসিক বিকাশো হয়৷ দৈহিক বয়স আৰু মানসিক বয়সৰ মাজত বিকাশৰ সামঞ্জস্যকে মনোবিজ্ঞানত বুদ্ধিমত্তা বুলি কোৱা হয়৷ এই বুদ্ধিমত্তা কোনোজনৰ স্বাভাৱিক, কোনোজনৰ আকৌ কম বা বেছি হ’ব পাৰে৷ বুদ্ধিমত্তা অধিক হোৱা জনৰ আয়ত্ত কৰিব পৰা ক্ষমতা অধিক হয়৷

ঠিক তেনেকৈ অভিৰুচি হৈছে ব্যক্তিৰ অন্তৰ্নিহিত যোগ্যতা৷ ব্যক্তিভেদে সাংখ্যিক বিষয়, সৃষ্টিশীল বা কলাত্মক দিশ, যান্ত্ৰিক দিশ, যুক্তিপূৰ্ণভাৱে কৰা চিন্তা, তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণৰ সক্ষমতা, সমস্যা সমাধানৰ পাৰদৰ্শিতা আদি পৃথক৷ যেতিয়া নিজস্ব যোগ্যতা ব্যৱহাৰ কৰিব পৰাকৈ সুবিধা থকা এটা বিষয়ত পঢ়িবলৈ বাছনি কৰা বা প্ৰশিক্ষণ লোৱা হয় তেন্তে সেই ক্ষেত্ৰত পাৰদৰ্শিতাৰ ফলাফল সদায়ে আশানুৰূপ হ’ব৷

বুদ্ধিমত্তা আৰু অভিৰুচি উভয়ে জন্মগত৷ ইয়াক কেতিয়াও সলনি কৰা সম্ভৱপৰ নহয়৷

বহুসময়ত যোগ্যতা থাকিলেও পৰীক্ষাত বিচৰা মতে ফলাফল পোৱা নাযায়৷ পৰীক্ষাৰ ভয় বা মাত্ৰাধিক উদ্বিগ্নতা, মনোযোগৰ সমস্যা, নিৰ্দিষ্ট বিষয়ৰ প্ৰতি আগ্ৰহ নোহোৱা তথা বুজি পোৱাৰ অসুবিধা, পৰীক্ষাৰ বাবে কম প্ৰস্তুতি আৰু প্ৰয়োজনতকৈ অধিক প্ৰস্তুতি, প্ৰয়োজনীয় জিৰণিৰ অভাৱ, পঢ়া আৰু মনত ৰখাৰ কৌশলৰ বিষয়ে অজ্ঞতা, পঢ়াৰ সঠিক সময় তালিকাৰ অভাৱ, পৰীক্ষাৰ সময়ত খোৱা বোৱাৰ প্ৰতি মনোযোগ নিদিয়া, পৰীক্ষাত প্ৰয়োজনীয় বস্তুসমূহ সময়মতে যোগাৰ কৰি নৰখা, পৰীক্ষাৰ উত্তৰ লিখোতে সময়ৰ সঠিক পৰিকল্পনা কৰাত অপাৰগতা, অভিভাৱকৰ প্ৰয়োজনতকৈ কমসচেতনতা আৰু অত্যধিক সচেতনতা, ভাল ফলাফলৰ বাবে প্ৰয়োজনাধিক চাপ ইত্যাদি৷

ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে গুৰুত্ব দিব লগা কথা সমূহ এনেধৰণৰ
• ছাত্ৰ-ছাত্ৰীয়ে জীৱনত পঢ়াৰ গুৰুত্বৰ কথা নিজে বুজি পাব লাগিব৷ শিক্ষাই প্ৰদান কৰা সফল আৰু সুচল জীৱনৰ প্ৰতি আগ্ৰহী কৰি তোলাত অভিভাৱক আৰু শিক্ষকে পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব৷
• নিয়মীয়াকৈ পঢ়া অতি গুৰুত্বপূৰ্ণ কথা৷ প্ৰতিদিনে পাঠ্যক্ৰমৰ বিষয় সমূহ খৰচি মাৰি পঢ়িলে মনত ৰাখিবলৈ সহজ হয় আাৰু সময়ত সকলো বিষয় পঢ়ি শেষ কৰিব পাৰি৷ সময়ৰ সদব্যৱহাৰ অতি প্ৰয়োজনীয়৷
• নিজৰ সক্ষমতা আৰু সীমাবদ্ধতাৰ ওপৰত ভিত্তি কৰি এখন সঠিক সময় তালিকা প্ৰস্তুত কৰি ল’ব লাগে৷ সহজতে মনত ৰোৱা বিষয় সমূহতকৈ অসুবিধা পোৱা বিষয় সমূহ পঢ়িবলৈ অধিক সময় নিৰ্ধাৰণ কৰিব লাগে৷
• পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবৰ বাবে আগতীয়াকৈ সুন্দৰ ভাৱে পৰিকল্পনা কৰি ল’ব লাগে যাতে কোনো বিষয় পঢ়িবলৈ সময়ৰ অভাৱত থাকি নাযায়৷
• সকলোৰে পঢ়া আৰু মনত ৰখাৰ কৌশল বেলেগ বেলেগ৷ কোনোৱে লেখি মনত ৰাখে আন কোনোৱে আকৌ শব্দ কৰি পঢ়ে৷ পঢ়াৰ ধৰণ যেনেকুৱাই নহওক বিষয় বস্তু বুজাৰ ওপৰত গুৰুত্ব দিব লাগে৷ পঢ়াখিনি চৌবিশ ঘণ্টাৰ ভিতৰত এবাৰ মনত পেলাব লাগে আৰু তেনে কৰোঁতে পাহৰি যোৱা অংশ সমূহ লগে লগে পুনৰাই চাব লাগে৷
• মনত ৰাখিবৰ বাবে কিছুমান বিশেষ কৌশলৰ সহায় ল’ব পাৰে৷ যেনে চাৰ্ট আৰু ৰিডমৰ ব্যৱহাৰ৷ সংজ্ঞা, ফৰ্মুলা আদি একো একোখন চাৰ্ট বনাই সদায় চকুত পৰাকৈ ৰাখিব লাগে৷ ঠিক তেনেদৰে প্ৰশ্নোত্তৰ বা পেৰেগ্ৰাফৰ পৰা লোৱা বৰ্ণ কিছুমান বিশেষ ক্ৰমত নিজেই সজাই লৈ মনত ৰাখিবলৈ চেষ্টা কৰিব পাৰি৷
• পঢ়া কথাখিনি বুজি পোৱা বা মনত ৰৈছেনে নাই জনাৰ এক ভাল উপায় হৈছে নিজক নিজে পৰীক্ষা লোৱা(Mock test)৷ পৰীক্ষাত অহাৰ দৰে প্ৰশ্নকাকত প্ৰস্তুত কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব পাৰে৷ এনে অভ্যাসে নিজৰ সীমাবদ্ধতা সমূহ কম কৰাৰ লগতে পৰীক্ষাত বহাৰ প্ৰতি ভয় কম কৰাত সহায় কৰে৷
• পঢ়াৰ মাজে মাজে চমু বিৰতি অতি গুৰুত্ব পূৰ্ণ৷ একেৰাহে পঢ়ি থাকিলে পঢ়া বিষয়টো আমনিদায়ক হৈ পৰে৷ তদুপৰি এটা বস্তু পঢ়ি লগে লগে আন এটা বস্তু পঢ়িলে মগজুৱে তাক গ্ৰহণ কৰিবলৈ অসুবিধা পায়৷ ফলত আগতে পঢ়া খিনিত পিছত পঢ়াখিনিয়ে ছাঁ পেলাই মনত ৰখাৰ অন্তৰায় হিচাপে ঠিয় দিয়ে আৰু পঢ়োতাই পঢ়াখিনিৰ কিছু অংশ পাহৰি যায়( Retro active inhibition)৷
• এটা বিষয় পঢ়ি থাকোঁতে আগতে পঢ়া বিষয়টো মনত পেলাই থাকিব নালাগে৷ তেনে কৰিলে দুয়োটা বিষয়েই খেলিমেলি হৈ পৰে আৰু পৰীক্ষাত লিখিবলৈ লওঁতে মনত পেলাবলৈ অসুবিধা হয়৷
• যিবোৰ পৰিবেশিক কাৰকে পঢ়াত বাধা জন্মাই তেনে কাৰকৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে৷ উদাহৰণ স্বৰূপে মোবাইল ফোন, টিভি ইত্যাদি৷ পঢ়াৰ পৰিবেশ বৰ্তাই ৰখা ক্ষেত্ৰত অভিভাৱক সকলো সংযত আৰু সচেতন হোৱা দৰকাৰ৷
• ব্যক্তি বিশেষে অভিৰুচি(Aptitude) আৰু সক্ষমতা বেলেগ বেলেগ হয়৷ সেয়ে বিষয় নিৰ্বাচন সঠিক ভাৱে কৰা উচিত৷ উদাহৰণ স্বৰূপে অংক টান পোৱা ছাত্ৰ এজনক বিজ্ঞান শাখাত নামভৰ্তি কৰি দিলে ভাল ফলাফল লাভ কৰাত অসমৰ্থ হ’ব পাৰে৷ এইক্ষেত্ৰত কেতিয়াও অভিভাৱকে হেঁচা প্ৰয়োগ কৰিব নালাগে৷ প্ৰয়োজন সাপেক্ষে কেৰিয়াৰ কাউন্সেলৰ বা মনোবিজ্ঞানীৰ ওচৰত অভিৰুচি নিৰ্নায়ক পৰীক্ষাৰ (Aptitude Test)সহায় ল’ব পাৰে৷
• সুষম আহাৰ আৰু পৰ্যাপ্ত পৰিমাণে পানী পৰীক্ষাৰ্থীৰ সুস্থ শৰীৰৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ৷ পৰীক্ষাৰ দিন কেইটা জাংক ফুড বা আন বাহিৰা খাদ্য গ্ৰহণ কৰাতো উচিত নহয়৷
• প্ৰাৰ্থনা বা ধ্যানে আমাক মনোযোগ ভাল কৰাত সহায় কৰে৷ ইয়াত প্ৰাৰ্থনা বা ধ্যান বুলি পঢ়াৰ আগতে ক্ষন্তেক সময়ৰ বাবে কৰা মনঃসংযোগক বুজোৱা হৈছে৷
• যিহেতু আজিকালি ল’ৰা ছোৱালীয়ে খেলা-ধূলা কৰিবলৈ সময় কম পায়৷ সেয়ে নিয়মিত কিছুমান সূক্ষ্ম ব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ ই দেহ মনক সতেজ কৰি পঢ়াৰ উদ্যম বৃদ্ধি কৰাৰ সহায় কৰে৷
• সুন্দৰ টোপনি ছাত্ৰ-ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয়৷ বহুসময়ত ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনতকৈ অতি কম সময় শুই পঢ়া শুনা কৰা দেখা যায়৷ কিন্তু যদি মগজুৱে প্ৰয়োজনীয় জিৰণি নাপায় তেন্তে পঢ়াখিনি সঠিক ভাৱে মনত নৰ’ব৷ আনহাতে বহু ছাত্ৰছাত্ৰীয়ে মবাইল বা ইণ্টাৰনেটৰ অপ্ৰয়োজনীয় ব্যৱহাৰ কৰি টোপনি ক্ষতি কৰে৷ এনে কৰাৰ পৰা বিৰত থকা উচিত৷

এতিয়া উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বতৰ৷ এই ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই ছাত্ৰছাত্ৰীয়ে পচন্দৰ মহাবিদ্যালয়ত নামভৰ্তি কৰি ভৱিষ্যতে পঢ়িব লগীয়া বিষয় বাছনি কৰিব লাগিব৷ সেয়ে অভিভাৱক আৰু ছাত্ৰছাত্ৰীয়ে চিন্তা কৰিহে সঠিক সিদ্ধান্ত লোৱা উচিত৷ যাতে ভৱিষ্যতে বুলিব লগীয়া কেৰিয়াৰৰ বাট টোত ক’তো ৰৈ যাব লগা বা অকৃতকাৰ্য হ’ব লগা নহয়৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মনিমা কলিতা
10 months ago

বহুত ভাল লাগিল।অতি প্ৰয়োজনীয় পোষ্ট।