পৰীক্ষিত পুনৰবাৰ: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

পৰীক্ষিত পুনৰবাৰ

ৰুদ্ৰ নাৰায়ণ বৰকাকতি

তাৰ অদ্ভুত প্ৰশ্নটোত মই থতমত খালো৷ কি ধৰণৰ কথা যে সুধিব পাৰে সি৷ মোৰ লগত তাৰ এটা নিবিড় সম্পৰ্ক আছে৷ মই সকলো ধৰণৰ কথা তাক ক’ব পাৰোঁ৷ সিও মোক দুঃসময়ত বহুকেইটা সুপৰামৰ্শ দি থৈছে৷ এক কথাত মই তাৰ ওচৰত ঋণী৷ সেয়েহে সি যেনেকুৱাই প্ৰশ্ন নকৰক মই তাক বেয়া পাব নোৱাৰোঁ৷ ধেমালিতে সোধা প্ৰশ্নটো, সি যোৱাৰ পাছতো মোৰ কাণত বাজি থাকিল৷
: “তোৰ যদি এসপ্তাহৰ ভিতৰত মৃত্যু হ’ব বুলি গম পাৱ, তেতিয়া তই কি কৰিবি? ”
হয়, বহুত কঠিন প্ৰশ্ন, উত্তৰ দিয়াতো তাতোকৈ৷ কলেজৰ অধ্যক্ষ ৰূপে অৱসৰ লোৱা পাঁচ বছৰেই হ’ল৷ চাকৰি জীৱনত কিমান ছাত্ৰ-ছাত্ৰীক ভাইভাত কিমান প্ৰশ্ন কৰিলোঁ; কত নিযুক্তিৰ সাক্ষাৎকাৰত প্ৰাৰ্থীক নানা প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিলোঁ হিচাপ নাই৷ নিউজ চেনেল এটাৰ জনপ্ৰিয় সাক্ষাৎকাৰ অনুষ্ঠান এটাত কিমান বাঘা বাঘা মানুহক প্ৰশ্নৰ শেল মাৰি পানী কৰি দিছোঁ, তথাপি কেতিয়াও ভৱা নাছিলোঁ মোৰ নলে গলে লগা বন্ধু বিবেকক এনে এটা জিজ্ঞাসৰ উত্তৰ দিব লাগিব৷
মই জীৱনটো লৈ বহু আশাবাদী৷ জীৱনৰ বেছিভাগ সময় পঢ়িয়েই কটালোঁ৷ লিখিবলৈও যত্ন কৰিলোঁ৷ নিজক সমাজত প্ৰতিষ্ঠা কৰিবলৈ বহু ত্যাগ কৰিলোঁ৷ যৌৱনৰ যিবোৰ সময়ত মোৰ লগৰ বোৰ অজ্ঞাত নিষিদ্ধ পৃথিবীৰ সন্ধানত ঘুৰিছিল, তেতিয়া মই ঘুৰিছিলোঁ এটা গল্প বা উপন্যাস বা কবিতাৰ সন্ধানত৷ ভৰি পিছলিব পৰা বয়সতেই, মদ, মাংস, মাইকী তিনিওটাৰ পৰাই দূৰত থাকিম বুলি পণ লৈছিলোঁ৷ অৱশ্যে পৰিয়াল তথা বন্ধু-বান্ধৱৰ হেঁচাত এদিনাখন মৈত্ৰেয়ীক বিয়া পাতিলোঁ৷ এটা চৰ্তত৷ আহিবলগা সময়বোৰত মোৰ যাতে অকণো সময় অবাবত ব্যয় নহয়, সময়ৰ ক্ষেত্ৰত মই যথেষ্ট কৃপণ৷ তেওঁ সন্মতি জনাইছিল৷ বিবাহ পশ্চাৎ কথাবোৰ বিবেকেই শিকাইছিল৷ কিমান যে অঁকৰা আছিলোঁ৷ সময়ত আমাৰ মাজলৈ হৃদয় আৰু প্ৰত্যয় আহিল৷ এতিয়া হৃদয় কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়নৰ অধ্যাপক আৰু প্ৰত্যয় দিল্লীত আই. এ. এচ. বিষয়া ৰূপে কৰ্মৰত৷ সিহঁতৰ সফলতাত মোৰ বিন্দুমাত্ৰও অৱদান নাই, সকলোখিনি মৈত্ৰেয়ীৰ৷ তেওঁ পত্নী আৰু পুত্ৰ ধৰ্ম যি দৰে পালন কৰিলে মই ধৰুৱা হৈ ৰ’লো৷ যৌৱনত প্ৰতিষ্ঠাৰ দৌৰত ঢপলিয়াই থাকোঁতে সংকল্প লৈছিলোঁ, এদিন হয় দেশৰ প্ৰথম পুৰুষ হ’ম নহয় সাহিত্যত নতুন সংযোজন কৰি নোবেল প্ৰাপক হ’ম৷ সময়ত যেতিয়া সংকল্পবোৰ দুঃস্বপ্নলৈ পৰ্যবসিত হ’বলৈ ধৰিলে তেতিয়াই মোৰ জীৱনলৈ মৈত্ৰেয়ীৰ আগমন৷ কি ঠিক মোৰ বিফলতা খিনিক হয়তো হৃদয় আৰু প্ৰত্যয়ে বাস্তৱায়িত কৰিব পাৰে৷ বহু পলমকৈ পয়ত্ৰিশ বছৰৰ পাছত বিবাহ কৰিও দেবীহেন পত্নীৰ তত্বাৱধানত মনে মনে একলা দুকলাকৈ বাঢ়ি সন্তানহতক লৈ মই গৌৰৱান্বিত৷
ইংৰাজীত এম. এ. কৰি স্থানীয় কলেজ খনত পাৰ্ট টাইম লেকচাৰাৰ হৈ জইন কৰাৰ পাছত মোৰ জীৱনত পাৰিজাতে ভুমুকি মাৰিছিল৷ পাৰিজাত মানে এতিয়াৰ অসমীয়া জাতীয় সাহিত্য সংগঠনৰ সভানেত্ৰী যশস্বী কবি পাৰিজাত হাজৰিকা বাইদেউ৷ মই কাম কৰা সৰু মহাবিদ্যালয় খনত এল. ডি. এ. হিচাপে কৰ্মৰত আছিল তেখেত৷ মই তেখেতক তেতিয়া হাজৰিকা বুলি মাতিছিলোঁ৷ কিন্তু পৰৱৰ্তী বৰ্ণনাত নাম কাঢ়িয়েই লিখিম৷ মই ক’ব নোৱাৰাকৈ পাৰিজাত মোৰ প্ৰেমত পৰিছিল৷ তেতিয়া মই চফল ডেকা আৰু ষ্টাফৰ সকলোতকৈ কনিষ্ঠ৷ লগতে এটা কথা যে, আমাৰ মহাবিদ্যালয়ৰ টিচিং আৰু নন টিচিং দুয়োটা ষ্টাফৰ মাজত সুসম্পৰ্ক আছিল৷ বিহু বা পূজাৰ উপলক্ষে, পাৰিজাতে মোক গুলপীয়া ৰুমাল, গ্ৰিটিংচ কাৰ্ড আদি উপহাৰ দিছিল৷ কিন্তু কোনো কাৰণতে মোতকৈ বয়সত দুবছৰ ডাঙৰ পাৰিজাতক মই কেতিয়াও আন ধৰণে ভাবিব পৰা নাছিলোঁ৷ এদিনাখন মোক আচৰিত কৰি পাৰিজাতৰ পৰা এখন চিঠি আহিল৷ এতিয়া মোৰ গোটেই কথাখিনি মনত নাই, যদিও সংক্ষেপে এনেধৰণৰ,- “…তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ ….”৷ এটা বাক্যহে পঢ়িব পৰা আছিল, আগে পাছে থকা শব্দবোৰ কাটি পেলাইছিল৷ প্ৰেম কেতিয়াও জোৰ-জৱৰদস্তি হোৱা বস্তু নহয়৷ মই পাছদিনা পাৰিজাতক বুজালোঁ যে, বাইদেউৰ দৰে মোৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা আছে, মই সেয়েহে আন ধৰণে ভাৱিব মুঠেই নোৱাৰোঁ৷ পাৰিজাত যথেষ্ট ক্ষোভিত হৈছিল মোৰ ওপৰত, হয়তো প্ৰতাৰিত হৈছিলোঁ বুলি গণ্য কৰিছিল৷ এদিন পাৰিজাত মোৰ কলেজ খনৰ পৰা বদলি হৈ আন এখনলৈ গুছি গৈছিল৷ ময়ো তেনে গুৰুত্ব দিব লগা কথা বুলি অনুভব কৰা নাছিলোঁ৷ অৱশ্যে কাকতে পত্ৰই পাৰিজাতৰ কবিতা পঢ়িছিলোঁ৷ কিছুমান কবিতা মোক উদ্দেশ্যে লিখা যেন অনুভৱ হৈছিল৷ পাৰিজাতক পুনৰ দেখা পালো বহু বছৰৰ পাছত, সাহিত্য অকাডেমী বঁটা গ্ৰহণ কৰি যেতিয়া নিউজ চেনেলত সাক্ষাৎকাৰ দিছিল৷ হয়, মিলনৰ মৰীচিকাই ব্যথিত কৰা একপক্ষীয় প্ৰেমৰ আঘাতে চাগৈ পাৰিজাতৰ কাব্য প্ৰতিভাক অধিক উজ্জল আৰু অৰ্থৱহ কৰি তুলিলে৷ যৌৱনৰ প্ৰথম প্ৰেম নিবেদন কৰিও উচিত সঁহাৰি নাপায়, চিৰজীৱন অবিবাহিত হৈ ৰ’ল এতিয়াৰ বিশিষ্ট কবি পাৰিজাত হাজৰিকা, এই কথা বোধহয় আমি দুয়োয়েহে জানো৷ পাৰিজাতে আনক কৈছেনে নাই নাজানো, মই এই কথা যি দুজনক কৈছিলোঁ, তেওঁলোকৰ এজনৰ কেতিয়াবাই হাড়ত বন গজিল আৰু বিবেকেও হয়তো সংসাৰৰ চাকনৈয়াত এই বিষয়টো পাহৰি পেলালে৷
পাৰিজাত বদলি হৈ যোৱাৰ তিনিবছৰ পাছত মোৰ চাকৰি ৰেগুলাৰ হ’ল৷ বিভিন্ন কাকতত প্ৰকাশিত মোৰ দুই এটা গল্প কবিতাই মোক লাহে লাহে খ্যাত কৰি তুলিলে৷ নিজকে প্ৰতিষ্ঠাৰ নিচাত মই স্বপ্ন বিভোৰ হৈ থাকিলোঁ৷ স্বাধীন ভাবে সাহিত্য সাধনা কৰিবলৈ বৈৰাগ্যৰ পক্ষপাতি আছিলোঁ৷ তেনে সময়তে মোৰ কলেজ খনত ৰাজনীতি বিজ্ঞান বিভাগত আদিত্য গোস্বামীয়ে যোগদান কৰিলে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এম. ফিল. ডিগ্ৰী লৈ অহা আদিত্যই মোৰ জীৱনত গতি সলনি কৰিলে৷ মোতকৈ বয়সত কেইবা বছৰ সৰু আদিত্যই মোক অতি সোনকালে বিয়া পাতিবলৈ জোৰ কৰিব ধৰিলে৷ কিয়নো অহা বছৰত সি বিয়া পাতিব আৰু মোক চেৰাই সি আগতে বিয়া পাতিব নুখুজে, বিয়া পাতিলেও, মোক সবেই বৰলা বুলি জোকাব৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই সি বিহাৰৰ পৰিণীতা ঝা নামৰ যুৱতী গৰাকীৰ প্ৰেমত পৰিছিল৷ বিয়াৰ পূৰ্বেই জীৱনৰ মধু কনা কনাকৈ পান কৰা আদিত্যই সেইবুলি মোৰ কাৰণে বেছিকৈ অপেক্ষাও কৰিব নোৱাৰে৷ হয়, তাৰ কথাটোৱে মোৰ চিন্তা জগতত তুমুল জোকাৰণি তুলিলে৷ বিয়াৰ প্ৰতি মোৰ এটা ভয় ভাৱ আছিল৷ বিয়া পাতি এজনী অচিনাকি মানুহক নিজৰ কৰি ল’ব লাগিব, গোটেই জীৱনৰ কাৰণে৷ এইটো এটা বজাৰৰ পৰা কিনা কামিজ নহয় যে ফাটিলেই পেলাই দিম, নমৰালৈকে এবাৰেই, এগৰাকীয়েই, অন্ততঃ মোৰ বাবে৷ কিন্তু তেনে এগৰাকী ক’ত পাম, যি মোক মোৰ সৃষ্টিশীলতাক আজীৱন সমৰ্থন দিব৷ যাৰ বলিষ্ঠ পৃষ্ঠপোষকতাত শুকান জেওৰাইও ৰস সৃষ্টি কৰিব পাৰে৷ মোৰ মইটোক আদিত্যৰ এষাৰি কথাই ভাঙি থানবান কৰি দিলে৷
মই আদিত্যক বয়সত সৰু যদিও বন্ধুৰ দৰে মোৰ সকলোবোৰ কথা খুলি কলো৷ মই আড্ডা মাৰিব নজনা মানুহ, তাক আড্ডা মাৰিবলৈ মাতিলে সি শ্ৰোতাহে হয়৷ একো নামাতে৷ সি জীৱন-যৌৱন ভালদৰে উপভোগ কৰা যুৱক৷ মোৰ দৰে এটা শামুকৰ খোলাৰ ভিতৰত আৱদ্ধ নহয়৷ তাৰ বায়’ডাতা মোতকৈ বৰঞ্চ ভালহে৷ তথাপি সি মোৰ ব্যক্তিত্বক সমীহ কৰে৷ সন্ধ্যা সময়ত সি প্ৰায়েই, তাৰ বন্ধুবোৰৰ লগত কটাই৷ মই কেতিয়াবা মাতো, কিন্তু সি নাহে, কাৰণটো অৱশ্যে সি মোক অকণো লুকঢাক নকৰাকৈ কৈছিল৷ সি তাৰ লগৰবোৰৰ লগত সন্ধ্যা অকণমান ড্ৰিংকচ কৰাটো অভ্যাসত পৰিণত হৈছে আৰু সুৰাপান কৰি মোক লগ কৰিবলৈ দ্বিধাবোধ কৰে৷ নিজকে গত লগোৱাৰ আগলৈকে, মই, মদ খোৱা আৰু অজাতি ছোৱালীৰ প্ৰেমত পৰা লৰাবোৰক অৱজ্ঞাৰ চকুৰে চাইছিলোঁ৷ ভাৱিছিলোঁ এইবোৰ নষ্ট পৃথিৱীৰ বাসিন্দা৷ কিন্তু এতিয়া মই আদিত্যক লগ পোৱাৰ পাছত সেই ভাব কিয় জানো আঁতৰি গ’ল৷ তাৰ লগত মোক তুলনা কৰিলে দেখা পাও যে, সমাজে বেয়া বুলি বিবেচনা কৰা সকলোবোৰ বস্তু পাত পাতকৈ চলাথ কৰা আদিত্যচোন, সেইবোৰৰ পৰা সম্পূৰ্ণ দূৰত থকা মোতকৈ বহু আগবঢ়া৷ আদিত্যই বাস কৰা ৰহস্যময় পৃথিৱীখনৰ বিষয়ে জানিবৰ মন যায়৷ তাৰ অন্তৰখন পাবলৈ মই মোৰ জগত খনৰ কথা তাক খোলা কিতাপৰ দৰে তাৰ আগত তুলি ধৰিলোঁ৷ কিন্তু হিতে বিপৰীত হ’ল৷ সি হয়তো ভয় খালে৷ মই যিমানে মুখ মেলো সি সিমানে চুপ থাকে৷ মদখোৱা মানুহে, ড্ৰাগচ খোৱা মানুহে সেইবোৰ খাই কেনে অনুভৱ কৰে সেয়া তেওঁলোকৰ মুখেৰেই শুনিবলৈ মন যায়৷ মোৰ পৰীক্ষাৰ গিনিপিগ আছিল আদিত্য৷ কিন্তু সি মুকলি পৃথিৱীৰ মানুহ, ডেকাৰ ভাষা ভাল পোৱা মুক্ত বিহংগই কোনোবাই জাপি দিব খোজা ক্ষুদ্ৰ পৃথিৱীক কেনেকৈ মানিব৷
মই অনুভৱ কৰিলোঁ নিজৰ প্ৰতিষ্ঠাৰ বাবে যিবোৰ বস্তু ত্যাগ কৰিলোঁ, সেইবোৰে মোক অট্টহাস্য কৰিব ধৰিলে৷ আদিত্যিই যেন এটা জুইশলাৰে মোৰ অন্তৰত জুই লগাই দিলে৷ যিটো মৰীচিকাৰ পাছত ইমান সময় কটালোঁ, সেই মৰীচিকা বহু দূৰতে থাকিল৷ তেনে সময়তে আহিল মৈত্ৰেয়ী৷ আদিত্যৰ মুখত শুনা বেচেলৰ পাৰ্টি বোলা বস্তুটো উদযাপন নকৰাকৈয়ে মই বিয়া পাতিছিলোঁ আৰু সেইটোনো কি পাৰ্টি আজিও মোৰ বাবে ৰহস্য হৈ থাকিল৷ সি বিভিন্ন পাৰ্টিত অংশ লৈ মোৰ আগত উভতি আহি অৱগত কৰিলে মই ঈৰ্ষাত ভিতৰি ভিতৰি জ্বলি উঠিছিলোঁ, মোৰ সেইবোৰ উপভোগৰ অসমৰ্থতাৰ বাবে৷
আজি দুদিন মান আগতে আদিত্যক লগ পালো৷ চাৰি মাহৰ পাছত চাকৰিৰ পৰা সি অৱসৰ ল’ব৷ সি গভীৰ আক্ষেপেৰে কলে যে, চাকৰি শেষ হোৱাৰ আগতেই কফিন এটা সাজিব লাগিব৷ কাৰণ চাকৰি থকালৈকে সন্মান থাকে, তাৰ পাছত কোনেও আৰু ঘুৰি নাচায়৷ মোৰ কথা ভাবি হেনো তাৰ কেতিয়াবা ঈৰ্ষা হয়, কি দৰে এতিয়াও সমাজৰ বৌদ্ধিক আৰু ৰাজনৈতিক মহলক মই প্ৰভাৱিত কৰি আছো৷ মই একো নামাতিলোঁ৷ ৰাজ্যৰ এখন ভাল মহাবিদ্যালয়ৰ অধ্যক্ষ এজনৰ পৰা মই এনেকোৱা বাক্য আশা কৰা নাছিলোঁ৷ তাৰ বৈবাহিক জীৱন সুখকৰ নাছিল, বিবাহৰ এবছৰো নিটিকিল সিহঁতৰ সম্পৰ্ক৷ ঝাৰখণ্ডত কৰ্মৰত পৰিণীতা এদিন কিবা অজ্ঞাত কাৰণত আদিত্যৰ পৰা ডাইভৰ্চ বিচাৰিলে৷ মই তাক সেই বিষয়ে কেতিয়াও নুসুধিলোঁ আৰু সিও মোক উপযাচি নকলে৷
তক্ষক নাগৰ দংশনত সাতদিনৰ পাছত মৃত্যু হ’ব বুলি শুনি কলিযোগৰ প্ৰথম ৰজা পৰীক্ষিতে সাতদিন সাতৰাতি ভাগৱত শ্ৰৱণ কৰিছিল৷ কিন্তু মই মোৰ জীৱনৰ মহাভাৰত খনকে নিজে পঢ়িলোঁ৷ সমাজত মোৰ বিশিষ্ট স্থান আছে৷ মই মৰাৰ পাছত হয়তো সম্পূৰ্ণ আড়ম্বৰতাৰে শেষকৃত কৰা হ’ব৷ কেইবাদিনলৈ মোৰ শৱদেহক মানুহে প্ৰণাম জনাব৷ জ্বলি পঞ্চভূতত বিলিন হোৱাৰ পাছতো অস্থি-ভস্ম সংগ্ৰহ কৰিব মোৰ গুণগ্ৰাহীয়ে৷ কিন্তু নহ’বও পাৰে এনেধৰণৰ৷ মই নাজানিম কি হ’ব, সাত দিনৰ পাছত৷ কিন্তু এই সাত দিনলৈতো গম পাম কি হ’ব৷
গোটেই জীৱনৰ কেচেটখন ৰিউৱাইন্দ কৰি পুনৰ এবাৰ চাবলৈ বিবেকৰ প্ৰশ্নটোৱে মোক বাধ্য কৰালে৷ জীৱনত নাৰীৰ প্ৰয়োজনীয়তা নাই বুলি বহুদিনলৈকে ভাবি আছিলোঁ যদিও মোৰ জীৱনত তিনি গৰাকী নাৰীয়ে প্ৰভাৱ পেলাই থৈ গ’ল৷ প্ৰথমতে, যৌৱনৰ সহজে পিছলি পৰিব পৰা সময়ছোৱাত পাৰিজাতে মোক আত্ম সংযমৰ পৰীক্ষা লৈছিল, য’ত মই উত্তীৰ্ণ হোৱাৰ লগতে মোক অধিক দৃঢ় কৰি তুলিলে৷ দ্বিতীয়তে, আদিত্যৰ জীৱনলৈ ক্ষন্তেকৰ বাবে হলেও অহা পৰিণীতাৰ বাবে সি মোক পাকে প্ৰকাৰে বিবাহৰ কথা ভাবিবলৈ বাধ্য কৰালে আৰু আজি মই মৈত্ৰেয়ী, হৃদয়-প্ৰত্যয়হঁতক পালো৷ তৃতীয়তে, মৈত্ৰেয়ীৰ কথাটো আৰু দুনাই বৰ্ণনা কৰিব নালাগে৷ এই তিনিগৰাকী নাৰীয়ে বিভিন্ন সময়ত মোক পোনপটীয়াকৈ বা আওপকীয়াকৈ সাঁচ পেলাই থৈ গ’ল৷ মই এই তিনিও গৰাকী নাৰীৰ ওচৰত কৃতজ্ঞ৷ অৱশ্যে বিহাৰৰ ছোৱালী পৰিণীতাক বাদ দি পাৰিজাত আৰু মৈত্ৰেয়ীও মোৰ ওচৰত কিছুপৰিমাণে কৃতজ্ঞ হোৱা উচিত৷ কিয়নো, যৌৱনৰ আকৰ্ষণত যদি মই পাৰিজাতক বিবাহ কৰিলোঁ হয় তেতিয়া হয়তো তাইৰ সাহিত্য প্ৰতিভা জঁই পৰি গ’লহেঁতেন৷ পঢ়ুৱৈ সমাজ বঞ্চিত হৈ থাকিলহেঁতেন পাৰিজাতৰ সৃষ্টিৰ পৰা৷ আনহাতে মৈত্ৰেয়ী যদি মোৰ ঠাইত অন্যকোনো বদঅভ্যাসত অভ্যস্ত মানুহ এজনৰ লগত বিবাহত বহিল হয় তেতিয়া হয়তো হৃদয়-প্ৰত্যয়হঁত সমাজৰ বাবে আশীৰ্বাদ নহৈ বোজা হোৱাৰো সম্ভাৱনা বেছি আছিল৷
আজীৱন বগাসাজ পৰিধান কৰি কটোৱা পাৰিজাত হাজৰিকালৈ এখন গুলপীয়া শাৰী কিনি কুৰিয়াৰ কৰি পঠাই দিম৷ পাৰিজাত হাজৰিকাক মোৰ ঘৰত এসাঁজ ভাত খোৱাবলৈ নিমন্ত্ৰণ জনাবৰ ইচ্ছা আছিল যদিও মই জানো পাৰিজাত হাজৰিকাই এনে প্ৰস্তাব প্ৰত্যাখ্যান কৰিব৷ অৱশ্যে শাৰীখন মোৰ অজানিতে পুৰি পেলালেও আপত্তি নাই৷ পৰিণীতাক মনৰ পৰাই য’ত আছে তালৈ বুলি নমস্কাৰ জনাম৷ শেষত মই মৰিবলৈ কেইমিনিটমান থাকোঁতে মৈত্ৰেয়ীক কাষলৈ মাতি হাত দুখনত চুমা এটা খাই হৃদয় আৰু প্ৰত্যয়ক প্ৰতিষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনাম আৰু কানৰ কাষত ফুচফুচাই কম,-“মই মৰাৰ পাছতো তুমি শিৰৰ সেন্দুৰ কণ নমচিবা, তুমি মোৰ জগতলৈ নহালৈকে মই সদাই তোমাৰ লগত থাকিম৷” মৈত্ৰেয়ীয়ে আনন্দৰ হাঁহি এটা মাৰিব আৰু মই চিৰনিদ্ৰাত মহাশান্তিৰে ঢলি পৰিম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments