পৰী পাৰবীনৰ “কুণ্ডলিনী” – খনিন্দ্ৰ ভূষণ মহন্ত

“জীৱন তোৰ ওপৰত একোৱে অনুযোগ নাছিল কোনোদিন৷ সাতোটি বৰণেৰে বৰণীয়া হোৱাৰ দিনাও নতুবা আজি কুটিল বন্যতাত বনৰীয়া হোৱাৰ দিনাও তোক লৈ মোৰ আপত্তি নাই৷ তই মাথোঁঁ জী উঠাৰ পথ দেখুৱাই দে এবাৰলৈ৷ ”
“কুণ্ডলিনী”! “কুণ্ডলিনী”! “কুণ্ডলিনী”! …”

পৰী পাৰবীন( মোৰ বাবে মাইনা বা)ৰ “কুণ্ডলিনী” পঢ়ি শেষ কৰিলোঁ৷ এগৰাকী নাৰীৰ জীৱন-গাথাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা কাহিনীটোত ভিন্ন-ৰসৰ সংমিশ্ৰণ ঘটিছে৷ যৌৱনৰ আলি-দোমোজাৰ অস্থিৰ অৱস্থাৰ পৰা আৰম্ভ কৰি নায়িকাৰ সুদৃঢ় জীৱনৰ খোজটোলৈকে যি সাৱলীল বৰ্ণনা লেখিকাই দিছে তাক কোনেও নুই কৰিব নোৱাৰে৷ “……লগাৰিথিমৰ মান পাহৰি যায় তাই৷ কি আছিল লগ টু দ্য বেচ ই (log to the base)ৰ মান? জালিৱানবাগৰ হত্যাকাণ্ড নে পঞ্চম পৰিকল্পনাৰ লক্ষ্য? কিয়েইবা’ তাইৰ দৃষ্টি আঁতৰাব পাৰে সিপাৰৰ খিৰিকীখনৰ পৰা? ”(পৃষ্ঠা নং-১০)-এই শাৰীকেইটাত প্ৰকাশ পাইছে নায়িকাৰ প্ৰেম কিম্বা আকৰ্ষণ৷ কোনো এক নিৰ্দিষ্ট সংজ্ঞাৰে সেই সম্বন্ধক সামৰিব খোজা নাই লেখিকাই৷ ঠায়ে-ঠায়ে ব্যৱহৃত ব্যঞ্জনাবোৰে উপন্যাসখনক আন এটা মাত্ৰা প্ৰদান কৰিছে৷ উন্মোচনৰ সময়তে এজনে কৈছিল, ”পাৰবীনৰ কলমে কথা কয়৷ ” সঁচাকৈ, উপন্যাসখন পঢ়ি থকাৰ পৰত মোৰ এনে লাগিছিল যেন মই এখন দীঘলীয়া চিনেমা চাই আছিলোঁ! স্কুলত পঢ়িছিলোঁ, ”ভাল কিতাপ এখন পঢ়ি থাকিলে, লিখকৰ লগত আলাপ কৰি থকা যেন ভাব হয়৷ (পুথি অধয়ন, সত্যনাথ বৰা)৷ ” “কুণ্ডলিনী”য়েও সেই সোৱাদটো দিয়াত সফল হৈছে৷ বহু সময়তটো ঘটনাটোৰ মাজত মই নিজেই নিজক আৱিষ্কাৰ কৰিছোঁ! যেন সেই সময়ত ময়ো এটা চৰিত্ৰহে! চৰিত্ৰবোৰৰ কথা ওলাইছে যেতিয়া এটা কথা ক’বই লাগিব, উপন্যাসখনত চৰিত্ৰবোৰৰ প্ৰক্ষেপনৰ কলাই মোক বাৰুকৈ চুই গ’ল৷ প্ৰথম পৃষ্ঠাতেই নায়িকা ঈশানীৰ লগতে যিজন ল’ৰাৰ কথা উনুকিওৱা হ’ল, কাহিনীৰ প্ৰায় শেষ সময়তহে তেওঁৰ পৰিচয় সকলোৰে আগত ব্যক্ত কৰিছে৷

উপন্যাসৰ মূল নায়িকা ঈশানীক লেখিকাই নাৰী শক্তিৰ প্ৰতিনিধি হিচাপে প্ৰক্ষেপ কৰিছে৷ পুৰুষপ্ৰধান সমাজখনত পদে-পদে লাঞ্ছিত হ’ব লগা হোৱা নাৰীৰ বিপৰীতে নিজেই নিজৰ বাট মুকলি কৰি তথা সফলতাৰ শীৰ্ষত আৰোহণ কৰি ঈশানীয়ে নাৰী শক্তিৰ উমান দিছে৷ সমাজত চলি থকা অন্যায়-ব্যভিচাৰৰ বিপক্ষে যিটো ৰূপত ঈশানীয়ে থিয় দিলে, সেয়া নিশ্চিতভাবে প্ৰশংসাৰ যোগ্য৷ “মা দুৰ্গাৰ অন্য নাম কুণ্ডলিনী”(পৃষ্ঠা নং-৭১)৷ যিদৰে মহিষমৰ্দিনীয়ে অপশক্তিক নাশ কৰিছিল, ঈশানীয়েও সেইটো কৰিব খুজিছিল৷ সফলো হ’ল৷ এসময়ত আৱেগ-বিবেকৰ যুঁজত ভাগি পৰি তাই নিজৰ ডিগ্ৰীৰ মাৰ্কশ্বিতখনো ফালি পেলাইছিল যদিও উচিত সময়ত নিজকে সংযত কৰি সৰ্ব-ভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত সফলতাও লাভ কৰিব পাৰিছিল৷ এই সময়খিনিত তাইৰ একমাত্ৰ মূলধন আছিল আত্মবিশ্বাস আৰু গভীৰ ইচ্ছা শক্তি৷ সাংঘাতিক ধনাত্মক চিন্তাৰ আঁকৰ ঈশানী৷ “জীৱনৰ মদিৰাত এটোপাল হেঁপাহৰ নিচা যোগ কৰি, ছাইৰঙী বিষাদবোৰ বিয়োগ কৰি, সাধনাবোৰ পূৰণ কৰি আৰু ফেনাল বিষবোৰ হৰণ কৰি যি বাটচ’ৰা সাজি লৈছে বুকুৰ পৰা মগজুলৈ, সেই বাটচ’ৰাতে তাইৰ অন্তিম লক্ষ্যই তাইলৈ ৰৈ আছে৷ ”(পৃষ্ঠা নং-১৫৯)-কথাখিনিতে এই ধাৰণা জলজল-পটপটকৈ ওলাই পৰিছে৷

“নাৰীয়েই নাৰীৰ শত্ৰু”-আপ্ত বাক্যশাৰীক “কুণ্ডলিনী”য়ে পুনৰবাৰ প্ৰমাণ কৰি দিলে৷ কেৱল মাত্ৰ ঈৰ্ষাৰ বাবেই বিশ্বাসক ভৰিৰে গচকি-মোহাৰি পেলোৱাৰ কথাও ইয়াত উল্লেখ আছে৷ ক্ৰমাগতভাবে সপ্তদৰ্শী, সমুদ্ৰ, অন্বেষা, সাহিত্য দুৱৰা, গুৰুজী, অবিনাশ, ৰাজীৱ ইত্যাদি চৰিত্ৰই উপন্যাসখনত ভূমুকি মাৰিলে৷ ওপৰে ওপৰে চাবলৈ গ’লে এই চৰিত্ৰবোৰ ঈশানীৰ এই দুৰ্গম যাত্ৰাৰ পৰিপূৰক যেন লাগিলেও, প্ৰত্যেকটো চৰিত্ৰৰে সুকীয়া অৱদান উপন্যাসখনত বিদ্যমান৷ সমুদ্ৰৰ আইতাকক কিছু সময়ৰ বাবেই উপস্থাপন কৰা হ’ল যদিও মৰম লাগি যাবলৈ সেইখিনিয়েই যথেষ্ট আছিল৷ প্ৰত্যেকৰে একো-একোটা নিজস্ব কাহিনী লেখিকাই অন্তৰ্ভুক্ত কৰিছে, যিটোৱে মূল কাহিনীটোক গতিশীলতা প্ৰদান কৰাত সহায় কৰিছে৷ ইয়াতেই লেখিকাৰ কলমৰ চাতুৰ্যতা সুন্দৰকৈ প্ৰকাশ পাইছে৷ তদুপৰি কাহিনীৰ যোগাত্মক পৰিসমাপ্তিয়ে উপন্যাসখনৰ ৰূপত জেউতি চৰাইছে৷ এক কথাত এখন সৰ্বাঙ্গসুন্দৰ উপন্যাস৷

স্বগতোক্তিঃ কিতাপখন পঢ়াৰ সময়ত বা এই লেখাটো লিখাৰ সময় মই লেখিকাৰ ভায়েক হিচাপে নহয়, এজন সাধাৰণ পাঠক হিচাপেহে নিজক ৰাখিছোঁ৷ কথাবোৰ ক’ৰবাত মিলি গৈছে৷ সেই যে চাৰি বছৰৰ বাবে ঘৰৰ পৰা আঁতৰত থকা, পৰীক্ষাৰ সময়ত পঢ়া-টেবুলৰ বাদে আন কথাবোৰে চুব নোৱাৰাকৈ নিজকে একাকী কৰি ৰখা কথাটো তথা ঔম জপ কৰি লাভ কৰা প্ৰশান্তিখিনি…মুঠতে কিতাপখনত নিচা আছে৷
সমূহ চৰিত্ৰৰ ভিতৰত সমুদ্ৰৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগিল৷ আন সকলো চৰিত্ৰৰে ভিন্ন ভিন্ন ৰূপ লেখিকাই প্ৰকাশ কৰিছে যদিও সমুদ্ৰ অটল হৈ থকাত মোৰ বেছি ভাল লাগিল৷ বিশেষকৈ বন্ধুত্ব, প্ৰেম সকলো দিশতে থকা দায়িত্ববোধখিনি সম্পূৰ্ণৰূপে পালন কৰাত সি সফল হৈছে৷ ইফালে ঈশানী! কি প্ৰবল ইচ্ছা-শক্তি! জীৱনৰ প্ৰতি থকা তাইৰ মতাদৰ্শই মন মুহিলে৷

তথাপিও ক’ম, আৰম্ভণিৰ শান্ত-সমাহিত ৰূপত গৈ থকা কাহিনীটোৱে শেষৰফালে হঠাৎ কিছু ত্বড়িৎ গতি লোৱা মোৰ পৰিলক্ষিত হ’ল৷ তাৰ মাজতো কিন্তু ঘটনাটোৰ সোৱাদ একেই থাকিল৷ ইমান সুন্দৰ কথাবোৰ সন্নিবিষ্ট হৈ থকা উপন্যাসখনত দুই-এক সৰু-সৰু ভুল বানানো মোৰ চকুত পৰিল৷ এই অনিচ্ছাকৃত ভুলবোৰলৈ লেখিকাই আগলৈ গুৰুত্ব দিব বুলি আশা কৰিলোঁ৷

লেখিকাৰ এই যাত্ৰাৰ শেষ নহওক কাহানিও৷ কলমটোৰ দায়িত্ব আৰু বাঢ়িল৷ এনে বহুকেইখন কুণ্ডলিনীৰ বাবে আমি ৰৈ থাকিম৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments