পৰুৱা (মৃণাল কুমাৰ বৰা)

পুৱা ৪.২৫ : সাৰ পালোঁ  ।  মোৰ টোপনি কমি আহিছে  ।  ৪ ঘণ্টাই সম্পূৰ্ণকৈ শুব নোৱাৰা হৈ আহিছোঁ লাহে লাহে ।  আজি তিনি ঘণ্টা মাত্র ।  ওলাই গ’লোঁ বাটলৈ বুলি মুখ-হাত কেইটা ধুই  ।  প্ৰাতঃকৰ্মখিনি ঘুৰি আহিহে কৰিব লাগিব  ।  আজিও লগ পামনে বাৰু চাৰিআলিৰ সেই আঁহতজোপাৰ তলত সদায় শুই থকা মানসিক বিকাৰগ্ৰস্ত মানুহটোক, বা তাৰ কাষতে আনকি কেতিয়াবা তাৰ লগত একেখন কাপোৰৰ তলতে শুই থকা ফপৰা কুকুৰটোক, বা নাতিনীয়েকৰ লগত খোজ কাঢ়িবলৈ অহা খাটনিয়াৰক ?

পুৱা ৫.৩০ : ওলাই আহি বাটত খোজ দিয়ালৈ প্ৰায় এঘণ্টা লাগিল মোৰ  ।  মই দুৰ্বল হৈ পৰিছোঁ বোধহয় দিনে দিনে ।  এৰা কিমাননো টানিব আৰু বুঢ়া শৰীৰটোৱে ।  ৭৬ বছৰ কঢ়িয়ালে আৰু ।  ইতিমধ্যেই মই ভাৰতীয় মানুহৰ গড় আয়ুসতকৈ বেছি বছৰ জীয়াই ল’লোঁৱেই  ।  সেই হিচাপত মই কাকো একো অভিযোগ দিব নালাগে আচলতে ।

বতৰটো গোমা ।  খাটনিয়াৰ নাই অহা আজি ।  বোধহয় বতৰটোৰ কাৰণেই ।  আনদিনা এইটো সময়ত বেলিটো ৰঙচুৱা হৈ উঠি আহে, কিন্তু আজি যেন বেলেগ ।  চাৰিওপিনে কলা, গোমা পৰিবেশ ।  খাটনিয়াৰে বোধহয় ঘৰৰ চোঁতালতে পাইচাৰি কৰিছে ।  নাতিনীয়েকে বোধহয় জেদ ধৰি কৈছে, “ককা, বলা না ওলাই যাওঁ । ” খাটনিয়াৰে নিশ্চয় তাইক ক’লা হৈ অহা আকাশখন দেখুৱাই ভয় খুৱাইছে ধুমুহা-বৰষুণ আহিব বুলি ।  কি ভাবি আছোঁ ৰাতিপুৱাতে মই ।  এনেয়ে নকয় বুঢ়া বয়সত মানুহৰ চিন্তাৰ লাগ-বান্ধ নাথাকে বুলি ।

পুৱা ৬.০৫: ভালেমান বাট আহিলোঁ থৰক-বৰক খোজকেইটাৰেই ।  গছ-গছনিবোৰ কমি গ’ল আজিকালি ৰাস্তাৰ দুয়ো কাষে ।  আমি সৰু থাকোঁতে বা ১৫-২০ বছৰ আগলৈকে এনেকুৱা নাছিল কিন্তু ।  সেউজীয়া আছিল মোৰ চহৰখন, চহৰ নহয় তেতিয়াৰ গাঁওখন ।  গাঁও গুচি মোৰ ঠাইখন কেতিয়া যে চহৰ হ’লহি সেয়া মই গমেই নাপালোঁ ।

পুৱা ৬.২০: চাৰিআলি পালোঁহি ।  ক’ত গ’ল আকৌ এইডাল ? চিন্তা লাগি আহিল মোৰ ।  তাৰ কথাৰ লাগ-বান্ধ নাই, পিন্ধাৰ লাগ-বান্ধ নাই ।  মোতকৈও বেয়া অৱস্থা তাৰ ।  সদায় মোৰ চিন্তা লাগি থাকে সি ৰাতি কেতিয়াবা ভুলতে সেই গছজোপাৰ তলত নুশুই আলিবাটৰ মাজতে বাগৰি থাকে যদি ।  আজিও সি সেইটোকে কৰা নাইতো ? শুই থাকোঁতেই যদি তাৰ গাৰ ওপৰেদি পাৰ হৈ যায় পাহাৰৰপৰা অবৈধ কাঠ কঢ়িয়াই অনা ট্ৰাক এখন ।  ইফালে-সিফালে চালোঁ ।  একো চকুত নপৰিল ।  নিমাওমাও পৰিবেশ ।  কুকুৰটোকো দেখা নাপালোঁ মই ।  আশা কৰিলোঁ মনে মনে সিহঁতে চাগৈ বৰষুণৰপৰা ৰক্ষা পাবৰ কাৰণে কোনোবা অস্থায়ী দোকানৰ চালিৰ তলত বা আন কোনো তেনেকুৱা ঠাইত আশ্ৰয় লৈছে ।  কিন্তু মনটো গধুৰ হৈ থাকিল মোৰ ।

পুৱা ৬.৪০: অমৃত হোটেলৰ ওচৰ পালোঁহি ।  এইটো সময়তে গুৱাহাটীৰপৰা অহা নৈশ বাছবোৰ আহি ৰয়হি এইখিনিত ।  আজি নাই বাছ ।  মানুহ-দুনুহো নাইচোন কোনো ।  বাছ কেইখন পাৰ হৈ গ’ল নেকি আজি সোনকালে ? নে কিবা অসম বন্ধ আছিল নেকি আজি ? নে বাটত কোনো এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱা নাইতো ? ধেৎতেৰি ।  মোৰ মনলৈ বেয়া চিন্তাবোৰ বৰ সোনকালে আহিবলৈ লৈছে ।  ঘৰ গৈ পায়েই বাবা ৰামদেৱৰ প্ৰাণায়াম দুটামান কৰি মনটো স্থিৰ কৰিব লাগিব ।

পুৱা ৬.৫৫: যাওঁগৈ আৰু ।  বতৰটো আৰু গোমা হৈ আহিছে ।  মানুহবোৰ বৰ এলেহুৱা হ’ল দেই আজিকালি ।  এই সাত বাজিবৰ হ’ল, তথাপিও এখনো দোকান খোলা নাই ।  ৰাস্তাটোতো এটাও মানুহ দৰৱত দিবলৈকো পাবলৈ নাই ।  বোলো বৰষুণ এজাক দিলে বুলিয়েই তহঁতি দিনটো কি ঘৰতে সোমাই কটাই দিবি নেকি! আমি কিমান বৰষুণৰ মাজতে হাল বাইছিলোঁ, মাছ ধৰিছিলোঁ, ৰবাব টেঙাৰে ফুটবল খেলিছিলোঁ ।  বৰ কিবাকিবিখন হ’বলৈ লৈছে কথাবিলাক ।

পুৱা ৭.১৫: বৰষুণ পৰিছে এটোপাল-দুটোপালকৈ ।  বৰ ডাঙৰ টোপাল দেই ।  ইমান ডাঙৰ টোপাল মই আজিহে প্ৰথম দেখিছোঁ ।  এটা টোপাল গাত পৰোঁতে অলপ দুখেই পালোঁ মই ।  ময়ো অলপ কোবাকুবিকৈ যোৱাই ভাল হ’ব ।  পিছে দেহাই নাটানে নহয় আকৌ বেগাই খোজ দিবলৈ ।  এহ !  ইমানদূৰ খোজকাঢ়ি গুছি আহিব নালাগিছিল মই ।  এতিয়া পা মজাটো ।

পুৱা ৭.২০: চাৰিআলিত এতিয়াও কোনো নাই ।  মই মোৰ প্ৰকাণ্ড ঘৰটোত অকলেই থাকোঁ যদিও আজি ৰাতিপুৱা ওলাই আহি মোৰ নিজকে বহুত অকলশৰীয়া অনুভৱ হ’বলৈ ধৰিছে ।  খাটনিয়াৰক লগ নাপালোঁ, তেওঁৰ নাতিনীয়েকজনীক লগ নাপালোঁ, চাৰিআলিৰ গছজোপাৰ তলৰ মানুহটোও নাই, কুকুৰটো নাই, বাছত অহা মানুহবোৰ নাই, বাছখনো নাই, দোকানীবিলাকো অহা নাই ।  কিবা এটা দুখে মোক হেঁচি ধৰিলে ।

পুৱা ৭.৪০: বৰষুণ পৰিয়েই আছে ।  ধূলিৰে আৱৰি থকা গোটেই চহৰখনৰপৰা আজি মাটিৰ সুবাস ভাঁহি আহিছে ।  সুবাসটো মোৰ ভাল লাগিছে বুলি ক’মনে বেয়া লাগিছে বুলি ক’ম মই থিৰাং কৰিব পৰা নাই ।  বোধহয় এৰি দিয়াই ভাল হ’ব সেই বিষয়টোত এতিয়া চিন্তা কৰিবলৈ ।

পুৱা ৭.৫৫: ঘৰ পাওঁ পাওঁ ।  বৰাৰ ঘৰৰ মানুহো উঠা নাই দেখোন কোনো ।  সাধাৰণতে এইটো সময়ত বৰানীয়ে কেতিয়া চোঁতাল সাৰি থাকে বা কেতিয়াবা বৰাই গোহালিটোৰ ওচৰত গৰুকেইটাক খেৰ-দানা দিয়াৰ কামত লাগি থাকে ।  আজি নাই কোনো ।  শইকীয়াও দেখোন নাই আজি বাৰাণ্ডাত ।  এইখিনি সময়ত তেওঁ ৰাতিপুৱাই হ’কাৰটোৱে দি যোৱা তিনিখনমান বাতৰি-কাকত মেলি লয় পঢ়িবৰ কাৰণে ।

পুৱা ৮.০৫: ঘৰ সোমালোঁ ।  এই প্ৰকাণ্ড ঘৰটোত অকলে থাকোঁ মই ।  প্ৰিয়তমা পত্নীৰ মৃত্যু হোৱা ছয় বছৰেই হ’ল ।  ল’ৰাটো অষ্ট্ৰেলিয়ালৈ পঢ়িবলৈ যোৱাৰ পাছত দুবাৰেই যি ঘৰলৈ আহিল, তাৰ পাছত অহা নাই ।  এবাৰ সি বিয়া পতাৰ পাছত, এবাৰ মাকৰ মৃত্যুৰ পাছত ।  লাহে লাহে পাহৰিবলৈয়ে লৈছোঁ আৰু মোৰো যে ল’ৰা এটা আছিল ।  সিও চাগৈ পাহৰোঁ বুলিও পাহৰিব পৰা নাই মোৰ সম্পত্তিখিনিৰ কাৰণেই ।  উপায় নাই ।  আকৌ সেইবোৰ কথা ভাবি আছোঁ মই ।  এইবোৰ কথা ভাবিলে মনটো বেয়া লাগি আহে ।  নাভাবোঁ আৰু ।

৮.১৫: হাত-ভৰি কেইটা ধুই ভিতৰলৈ সোমালোঁ ।  ভাত ৰান্ধিবলৈ আৰু সৰু-সুৰা ইটো-সিটো কৰিবলৈ ল’ৰা এটা ৰাখিছোঁ মই ।  ক’ত বা গ’ল সি ।  কেতিয়াবা ৰাতি ৰঙাপানী অলপ খাই ৰাতিপুৱা দেৰিলৈকে শোৱাৰ অভ্যাস এটা আছে বাৰু তাৰ ।  চাহ একাপ খাওঁ বুলি চচপেনটো ষ্ট’ভটোত নিজেই উঠাই দিলোঁ ।  চেনী খোৱাও বাদ দিছোঁ আজিকালি মই ।

৮.৩০: চাহকাপ খাই মনটো অলপ সতেজ লাগিছে ।  বতৰটো গোমাই হৈ থাকিব নেকি বাৰু ? তিনিমহলীয়া ঘৰটোৰ খিৰিকীবিলাক খোলোঁতেই মোৰ বহুত সময় যায় ।  ৫৪ খন খিৰিকী খোলাটো ধেমালিৰ কথা নহয় মোৰ বয়সৰ মানুহ এজনৰ বাবে ।  উপায় নাই ।  এই কামটো নকৰিলে যেন মোৰ পত্নীয়ে বেয়া পাব তেনেকুৱা বোধ হয় ।  সেয়ে কামটো মই কষ্টকৰ হ’লেও কৰোঁ ।

৯.১৫: তৃতীয় মহলাৰ অন্তিমখন খিৰিকী খুলি দিলোঁ মই ।  এজাক বতাহে কোবাই গ’ল মোক ।  বতাহজাকৰ লগত পুনৰ মাটিৰ সুবাস ।  ইমান ওপৰলৈকে আহিছে গোন্ধটো ।  ভাগৰে আৱৰি ধৰিলে মোক ।  অলপ তাতে থিয় হৈ ৰৈ দিলোঁ বাহিৰলৈ চাই ।  চৰাই-চিৰিকটিবোৰেও যেন বতৰটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে ।  এটাও চৰাই-চিৰিকটি চকুত নপৰিল মোৰ ।

৯.৩০: নামি আহিলোঁ ।  কানু এতিয়াও নাই ।  ক’ত গলনো এইটো ।  নিজেই ৰান্ধিব লাগিব যেন পাইছোঁ ভাতকেইটা ।  বাতৰি-কাকত খন চাওঁ বুলি দেখোঁ সেইখনো নাই দেখোন ।  মুঠতে বৰ অস্বস্তিকৰ দিন এটা আজিৰ দিনটো ।  একোৱেই ভাল লগা নাই পুৱাৰে পৰা ।  সকলো পিনে মাথোঁ বেমেজালিকে দেখা পাইছোঁ ।

৯.৪০: চাউল কেইটামান দাইল অলপমানৰ লগত ধুই উঠাই দিলোঁ ।  এনেকৈয়ে খাব লাগিব আজি ।  গাখীৰ একাপ খাওঁ মই এইটো সময়ত ।  গুৱালটোও নাই অহা আজি ।  চকীখনতে বহি অলপ আৰাম কৰোঁ বুলি লওঁতেই টোপনিয়ে মোক হেঁচি ধৰিলে ।

১০.০০: টোপনিটো ভাগি গ’ল প্ৰেছাৰ কুকাৰটোৰ হুইচেলৰ শব্দত ।  খপজপকৈ উঠি গ’লোঁ ষ্ট’ভটো বন্ধ কৰিবলৈ ।  পানী এগিলাচ খাই ল’লোঁ ।

১০.১৫: ভাত কেইটা গৰমে গৰমে খাই লোৱা যাওঁক ।  তাৰ পাছত অলপ শুই ল’ম ।  ময়ো বতৰৰ লগত সহাৱস্থান কৰিবলৈ চেষ্টা কৰাই ভাল হ’ব বেলেগ মানুহবোৰৰ দৰে ।  কাপোৰৰ তলত সোমাই ।

১০.৩০: বাচনকেইটা কানুৱে ধুব আহি ।  মই বিছনাতহে উঠোঁগৈ আৰু ।  মোৰ লগৰ বয়সৰ কেইবাজনেও কয় টোপনি নাহে হেনো তেওঁলোকৰ ভালদৰে ।  মোৰ পিছে সেইটো অসুবিধা হোৱা নাই এতিয়ালৈকে ।  টোপনি ভাল মোৰ ।  টোপনি আহিল মোৰ ।

২.৪০: বহুত সময় শুলোঁ ।  উঠি আহিলোঁ ।  কানু এতিয়াও নাহিল ।  বাচনকেইটা তেনেকৈয়ে পৰি আছে ।  বতৰটো একেই আছে ।  গোমা ।  বৰষুণ; এটোপ-দুটোপকৈ ।  ডাঙৰ ডাঙৰ টোপাল ।  চাহ একাপ খাই ল’লোঁ আকৌ ।  কিতাপ এখনকে পঢ়া যাওঁক ।  ব্যস্ত থাকিব পাৰিম অন্ততঃ গধূলিলৈকে ।  ইয়াৰুইঙ্গমখনকে উলিয়াই ল’লোঁ ।  আগতে তিনিবাৰমান পঢ়া কিতাপখনকে আকৌ পঢ়িম ।  কিতাপ কেইখনমানো কিনিব লাগিব এইকেইদিনতে ।  কিতাপৰ পৃথিৱীত ডুব গ’লোঁ ।

৪.৪০: অলপ ওলাই যাওঁ আকৌ ।  পাচলি অলপকে কিনি আনোগৈ ।

৪.৪৫: কি কাৰবাৰ ।  কোনো নাই এতিয়াও ৰাস্তাত ।  শূন্য চাৰিওফালে ।  যিটো দিশতেই চকু গৈছে সকলোপিনে মাত্র শান্তি আৰু নিস্তব্ধতা ।  এটাও জনপ্ৰাণী দেখিবলৈ নাই কেনিও ।  মানুহ বাদেই গৰু-ছাগলী, কুকুৰ-মেকুৰী, চৰাই একো নাই ।  মোৰ ভয় লাগিবলৈ ধৰিলে ।  কিহৰ ভয় মই বুজি পোৱা নাই ।  অলপ কোবাকুবিকৈ কাষৰ ঘৰটোলৈ সোমাই গ’লোঁ ।  দুৱাৰখন জপাই থোৱা আছে মাত্র ।  দৰজাখনত টোকৰ মাৰি সঁহাৰি নোপোৱাত সোমাই গ’লোঁ ভিতৰলৈ ।  কোনো নাই ।  ওলাই আহিলোঁ ।  কাষৰ ঘৰটোতো গৈ একেই পৰিবেশ ।  কোনো নাই ।  মই সেই ঠাণ্ডা বতৰটোতো ঘামিবলৈ ধৰিলোঁ ।

৬.০০: আন্ধাৰ হোৱাই নাই যে এতিয়ালৈকে ।  এইটো সময়ত আন্ধাৰ হ’ব লাগে ।  তাতে আজি বতৰটোও ডাৱৰীয়া আছিল ।  কিন্তু ই কি ।  মই হঠাৎ মন কৰিলোঁ যে বতৰটো যেন অথনি ৰাতিপুৱা দেখাৰপৰা একো সলনিয়েই হোৱা নাই ।  স্থিৰ হৈ গৈছে যেন সময় ।  মই দৈনিক বজাৰখনৰ পিনে খোজ ল’লোঁ ।  তাতো একেই অৱস্থা ।  কোনো নাই, খালী গোটেইখন ।

৬.৩০: মই চহৰখনৰ মাজমজিয়াৰ আনদিনাৰ ব্যস্ত আলিবাটটোত বহি পৰিলোঁ ।  নি:সংগতাৰ সংগী এই বৃদ্ধক এক অচিনাকি নিঃসংগতাই গ্ৰাস কৰি আহিবলৈ ধৰিলে ।  মই কিয় ? মাথোঁ মই কিয় ।  এই প্ৰশ্নটোৱে মোক ভিতৰৰপৰা চেপি-খুন্দি আহিছে ।

উপসংহাৰ:

মোৰ ওঁঠত এটা হাঁহি বিয়পি পৰিল ।  ইমান আনন্দ তথা সুখ মই জীৱনত কেতিয়াও পোৱা নাই ।  আমৰলি পৰুৱাটো মোৰ সোঁভৰিখনেৰে ওপৰলৈ বগাই আহিছে ।

 

বি. দ্ৰঃ পৰীক্ষামূলকভাৱে লিখা লিখনি এইটো ।  গল্প বুলি ক’বলৈ ভাল পাম মই এইটোক ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments