পৰেশ বৰুৱা ককাইদেউ শুনিবনে আমাৰ মনৰ বতৰা ? (অগ্নিভ দত্ত)

Paresh_Barua_TV_grab_360_36

পৰেশ বৰুৱা ককাইদেউ শুনিবনে আমাৰ মনৰ বতৰা ? – অগ্নিভ দত্ত

পৰেশ ককাইদেউ,

পোনতে আপোনালৈ সংগ্ৰামী অভিনন্দন আৰু শুভেচ্ছা যাচিলোঁ। আশাকৰো আপোনাৰ কুশল মংগল ।চাঁওতে চাঁওতে আৰু এটা বছৰ প্ৰায় শেষেই হ’লহি । এই সুযোগতে আপোনালৈ আগন্ত্তক নৱবৰ্ষৰ শুভেচ্ছাও আগতীয়াকৈ জ্ঞাপন কৰিলোঁ ।
এই খিনিতে আপোনাক এটা কথা কৈ থওঁ। ককাইদেউ বুলি সম্বোধন ধৰাৰ কাৰণে বেয়া নাপায় যেন । ব্যক্তিগত ভাৱে আপোনাৰ লগত মোৰ একো চা-চিনাকি নাই, যদিও লৰালি কালৰ পৰা আপোনাৰ নাম শুনি শুনি হয়তো কিবা বৰ আপোন আপোন লাগে আৰু সেই কাৰণেই আপোনাক ককাইদেউ বুলি সম্বোধন কৰিলোঁ ।
ককাইদেউ, আজি এই চিঠি খন আপোনালৈ লিখাৰ উদ্দ্যেশ্য কেবাটাও। আজি বহুবছৰ ধৰি মনৰ ভিতৰতে লাগি থকা খুদুৱনি কিছমানৰ কাৰণেহে এই পত্ৰ আপোনালৈ লিখিলোঁ। কিবা বুজি পোৱা নোপোৱা দিনতে হয়তো আপোনাৰ তথা আপোনাৰ সংগঠনৰ নাম প্ৰথম বাৰৰ বাবে শুনিছিলোঁ । অন্যহাতে আমাৰ ঘৰ খনৰ লগত লেনিন, মাৰ্ক্স, মাও, গুৱেভাৰাৰ চিনাকী মোৰ জন্ম লগ্নৰে পৰা । সৰুতেই এই সকলৰ কথা সাধু কথাৰ নিচিনাকৈ শুনাৰ সৌভাগ্য হৈছিল । এনেকুৱা  এটা সন্ধিক্ষণতে আপোনালোকৰ সংগঠনৰ জন্ম তথা উত্থানৰ কাহিনী শুনি, হয়তো সেইসময়ত আপোনালোকৰ মাজত একো একোজন লেনিন, মাৰ্ক্স, মাও, গুৱেভাৰাক কল্পনা কৰিবলৈ ধৰিলোঁ । সমাজবাদ- সাম্যবাদ সেইবোৰ ভালদৰে বুজিব পৰা হোৱা নাছিলোঁ আৰু বৰ এটা যত্নও কৰা নাছিলোঁ ;  যদিও মনে মনে কল্পনা কৰিবলৈ ধৰিছিলোঁ- এদিন গোটেই দেশখন হয়তো সলনি হৈ যাব, সকলোৰে বাবে স্কুল হ’ব,ঘৰ এটা হ’ব, কোনেও পেটৰ ভোকত থাকিব নালাগিব ! আৰু হয়তো ধৰি লৈছিলোঁ আপোনালোকৰো কিজানি কিবা তেনেকুৱাই সপোন হ’ব; নহলেনো ইমানবোৰ ডেকা এনেকৈ ওলাই যায় নে জীৱনৰ সকলো এৰি থৈ ! কিন্ত্ত সেই সপোন দেখোঁ আজিও কেৱল সপোন হৈয়ে থাকিল । আজিও মোৰ বোধগম্য ন’হল কিনো ধৰণৰ সমাজবাদৰ কথা কয় আপোনালোকে । কেনেকুৱানো সমাজ এখন পাম আমি তাৰ কাল্পনিক হলেও ৰূপ এটা কেতিয়া কেনেকৈনো দেখিম, তাৰো কোনো উত্তৰ আজিও আপোনালোকে নিদিলে আমাৰ দৰে সহস্ৰজনক ।আৰু যে কেতিয়াবা দিব পাৰিব তাৰো একো এটা আশা আজিলৈ নাই দেখা ।

ককাইদেউ, আপোনাৰ তথা আপোনাৰ সংগঠনৰ সদস্যই আমাৰ অসম তথা অসমবাসী ৰাইজলৈ যি সামাজিক অথবা সাংস্কৃতিক বৰঙনি যোগালে তাক নুই কৰাৰ ধৃষ্টতা আপোনাৰ ঘোৰ শতৰুৱেও কৰিব নোৱাৰে । মই অৱশ্যে সেইবোৰৰ ভাল বেয়াৰ বিচাৰ কৰিব নেযাওঁ । আগতে শুনিছিলো আপোনালোকৰ এখিনিয়ে ড্ৰয়িং ৰুমত বহিয়েই বোলে আধা -আধি বিপ্লৱ শেষেই কৰিছিল ।আজিকালি হেনো ড্ৰয়িং ৰুম বিপ্লৱ বাদ দিলে, কিন্ত্ত তাৰ ঠাইত এটা বেলেগ বিপ্লৱত হাত দিলে; হয়তো সেইয়া আন এক বিপ্লৱ- চিণ্ডিকেট বিপ্লৱ । নহলেনো সংগঠনৰ পৰা ওলাই আহিয়েই ইমান গজগজীয়াকৈ চিণ্ডিকেটৰ কামবোৰ ইমান নিয়াৰিকৈ কৰিব পাৰেনে ? অসমৰ মানুহে তথা আমিবোৰেনো ক’ত কয়লা চিণ্ডিকেট ,আলু -কচুৰ চিণ্ডিকেট, মাছ চিণ্ডিকেট,- এইবোৰ শুনিছিলো, এইবোৰ বাদেই দিয়ক, চিণ্ডিকেট নামটো শুনাই আমাৰ দৰে মানুহৰ মনতেই নাই ! কিন্ত্ত কালক্ৰমত এইবোৰ শব্দ আমাৰ সমাজৰ অলংকাৰ হৈ পৰিলগৈ । ক’ম কথানে এইবোৰ, তাৰবাবে আপোনাৰ সংগঠনক ধন্যবাদ দিলে বেয়া নিশ্চয় নেপাব আপুনি ? আপোনাৰ সংগঠন হোৱাৰ আগতে কেইজন অসমীয়াই ব্যৱসায় কৰিব জানিছিল ? কিন্ত্ত আজি চাওক কিমান অসমীয়াই ব্যৱসায় বাণিজ্য কৰি অসমখনক আগুৱাই লৈ গৈছে । সঁচা অৰ্থত এইটোৰ কাৰণে মই ব্যক্তিগতভাৱে আপোনাক আৰু আপোনাৰ সংগঠনক ধন্যবাদ দিম ।

ককাইদেউ এটা কথা জানেনে, মোৰদৰে বহুতৰে হয়তো শৈশৱত আপোনালোকৰ কিছুমানৰ কিছু বীৰত্বৰ কাহিনীয়ে হয়তো আমাৰ দৰে হাজাৰজনক আপোনালোকৰ ঘোৰ সমৰ্থক কৰি তুলিছিল। আপোনালোকক ওচৰৰ পৰা নেদেখিলেও আপোনালোকক একো একোজন বীৰৰ ৰুপত কল্পনা কৰিব ধৰিলোঁ । আপোনালোকৰ বিষয়ে পেপাৰে-পত্ৰই ওলালে তাক গোগ্ৰাসে পঢ়িবলৈ ধৰা হ’লো । কিবা যেন আশা দেখিবলৈ ধৰিলোঁ আপোনালোকৰ মাজত । আপোনালোকৰ কোনোবা আহত বা নিহত হোৱাৰ বাতৰি পঢ়িলে বা শুনিলে অন্তৰখন কিবা কৰি নিয়া হ’ল । বিশ্বাস কৰে নে নাই নেজানো উদিপ্ত হাজৰিকা, কবিৰঞ্জনৰ মৃত্যুৰ খবৰ পোৱাৰ দিনা মনে মনে গোটেই ৰাতি কান্দিছিলোঁ । কিবা আপোনজনক হেৰুৱাৰ দৰে । আপোনালোকৰ কোনোবা গ্ৰেপ্তাৰ হোৱাৰ বা আত্মসমৰ্পন হোৱা জনৰ ফটো দিলে পেপাৰত তণ্ণ তণ্ণকৈ চাইছিলোঁ, হয়তো তেঁওলোকৰ মাজত একো একোজন চে গুৱেভাৰা , কাষ্ট্ৰোক বিচাৰিছিলোঁ । কিন্ত্ত লাহে লাহে মোহ ভংগ হ’ল ।আমাৰ দৰে হাজাৰজনে হয়তো আপোনালোকক কল্পনা কৰিছিলোঁ- যুদ্ধ ক্ষেত্ৰত যুঁজি থকা আটিল অথচ ভগ্ন দেহৰ কিছুমান দৃঢ় অৱয়ব । কিন্ত্ত আপোনালোকৰ নেতা, পালি নেতাৰ নোদোকা নিপোটল দেহাত ব্ৰেণ্ডেদ কপোৰ পিন্ধি বিলাসী গাড়ীৰ পৰা নামি টিভিৰ পৰ্দাত ভাষণ দিয়া বা স্বচক্ষে ধৃত বা তথাকথিত আত্মসমৰ্পন কৰা অৱস্থাত দেখিলোঁ; তাৰ পাছত বিশ্বাস কৰক মই আৰু কেতিয়াও আপোনালোকৰ মাজত গুৱেভাৰা বা কাষ্ট্ৰোক বিচৰাৰ ধৃষ্টতা কৰা নাই (ব্ৰেণ্ডেদ কাপোৰ কানি আপোনালোকেও পিন্ধক ,বিলাসী গাড়ীত আপোনালোকো উঠক, তাত আপত্তি নাই কিন্ত্ত সেইয়া যদি ডেকা তেজৰ বিনিময়ত হয় কষ্ট পাঁও মনত ) । এই খিনিটো কেৱল দৈহিক অৱয়বৰ কথাহে কলো, মানসিক দৃঢ়তাৰ মাপকাঠিৰ কথাটো নোকোৱাই ভাল । আপোনাৰ সতীৰ্থ তথা সংগঠনৰ বাঘা বাঘা নেতা সকল যেতিয়া আৰামী জীৱনৰ পৰা দুদিনমান শত্ৰুৰ শিবিৰত বন্দী হব লগা হ’লেই শত্ৰুৰ ভৰিত পৰি হাবু-দুবু খাব লগা হোৱা অৱস্থা দেখোঁ, সঁচাই কৈছো খঙ অপমানতকৈও দুখ লাগে সেইসকল মাতৃ, ভগ্নী, ভাতৃ, পুত্ৰ ,জী লৈ যিয়ে নিজৰ আপোনজনক চিৰদিনলৈ উচৰ্গা কৰি দিলে দেশৰ বাবে ।

আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনটো আপোনালোকৰ কম অৱদান নে ? বিহু আদি সংস্কৃতি আপোনালোকে দিয়া ৰক্ষণাবেক্ষণৰ কাৰণেই জীয়াই আছে বুলিয়েই আপোনালোকে ভাৱে নিশ্চয়। সেইবোৰটো বাদেই আপোনালোকে কমসোপা নতুন নতুন সংস্কৃতিৰও জন্ম দিয়া নাই জানো ? পইচা তোলা তথা সহজে ধন ঘটা সংস্কৃতি, মাফিয়া তথা কমিছন খোৱা সংস্কৃতি,বন্দুক সংস্কৃতি আৰু বা ক’ত ?

এই খিনি কোৱাৰ বাবে মোক যদি আপুনি শাসক গোষ্ঠীৰ সুৰত কোৱা বুলি কয় বা বিপ্লৱ বুজি নোপোৱা অবুজ মানুহ বুলি কয় তেতিয়া মোৰ একো উপায়ো নাই আৰু কৰিব লগাও নাই বুইছে ককাইদেউ; কাৰণ, আমিবোৰ একেবাৰে সাধাৰণ মানুহ, আমাৰ মগজে টান টান কথা বুজাত অপাৰগ । ককাইদেউ আজি কেইদিনমানৰ আগতে ভাৰতৰ প্ৰধান মন্ত্ৰী আঁহোতে আপোনাৰ ধমকিতহে আচলতে বহুত দিনৰ মুৰত আপোনালৈ মনত পৰিল বুইছে, ককাইদেউ ।ইতিমধ্যে আপোনাৰ কথা লিখা মেলাও হৈছে, কোনোবাই খবৰদাৰো কৰি দিছে আপোনাক, আপুনিও তাত কিবা এটা কৈছে গতিকে সেইবোৰ চলিয়েই থাকিব যেন তেনেকুৱাই লাগে । আচলতে কি জানে? আপোনালোকৰ আৰু ৰাষ্ট্ৰৰ কথাবোৰত বিশেষ পাৰ্থক্য একো নাই ।আপুনি হয়তো গপ গপাই উঠিব ৰাষ্ট্ৰৰ লগত একাকাৰ কেনেকৈ হ’ব আপোনালোক বুলি? ধেমাজি কাণ্ড্ৰৰ কথা নক’লোৱেই বাৰু। আজি কেইদিনমানৰ আগতে আপুনি কোনোবা এখন পেপাৰত (মনজিৎ বৰাক দিছিল নেকি?) এটা সাক্ষাৎকাৰত ক’লে বোলে পৰাগ দাসৰ হত্যা কাণ্ড্ৰ বোলে আপোনালোকে তদন্ত কৰি আছে, আজি সোতৰ বছৰ পাছতো ।আৰু হয়তো বহুতো ওলাব এনেকুৱা কথা, এইবোৰৰ হাজাৰটা যুক্তিৰে হয়তো তাক খণ্ডাবলৈও আপোনালোক এতিয়া পাকৈত হৈ পৰিছে। কিন্ত্ত আমাৰ দৰে সাধাৰণ মানুহৰ কাৰণে হৈ পৰিছে সেইবোৰ একো একোখন ভেকোঁভাওনা।

এইবোৰ বাদ দিও এটা কথা কওঁ, ককাইদেউ! আজিৰ দিনটোত মোৰ আৰু আপোনাৰ মাজত আদৰ্শগত ভাবে একো মিল নাই যদিও আজিও আপোনালৈ অলপ হ’লেও শ্ৰদ্ধা আছে বিভিন্ন কাৰণত। এই সুযোগতে আপোনাক এটা অনুৰোধ কৰোঁ। আপুনি আপোনাৰ স্ংগঠনটোত আন একো কৰিব নোৱাৰিলেও জন্ম দিয়ক এক কৰ্ম্ম সংস্কৃতিৰ যিটো আপোনাৰ স্ংগঠনৰ চালিকা শক্তি হওক । কিমান দিন আৰু বহিৰাগত ব্যৱসায়ী, বহু-জাতিক কোম্পানিৰ পা-পইচাৰে স্ংগঠন চলাব ? আৰু আপুনি আপোনাৰ স্ংগঠনত এনেকুৱা যোদ্ধা তৈয়াৰ কৰক, যাতে তেওঁলোক জীৱন যুদ্ধত হাৰি কিবা কাৰণত স্ংগঠনৰ পৰা ওলাই আহিলেও কয়লা বেপাৰৰ দালালি বা মাছৰ বেপাৰৰ ছিণ্ডিকেট কৰিবহি নেলাগে, দকা-হকা দি জীৱন নিৰ্বাহ কৰিব লগা নহয় । অসম নামৰ ভৌগালিক সীমা টুকুৰাত জন্ম দিয়ক এক নতুন বিপ্লৱৰ, এক নতুন সংস্কৃতিৰ– কৰ্ম্ম সংস্কৃতিৰ । আৰু পাৰে যদি চান্দা সংস্কৃতি, মাফিয়া সংস্কৃতি,বন্ধ সংস্কৃতি আদিৰ বিপক্ষে এক জেহাদ ঘোষণা কৰক । হয়তো সেইটো কৰিব পাৰিলেহে অসমীয়া জাতিটোৰ কিবা ভাল হব । আপুনি জনা বুজা মানুহ, গতিকে কথাবিলাক বুজি পাব বুলি ধৰি ল’লো।

পুনৰ শুভেচ্ছাৰে
আপোনাৰ
এজন ভাইটি

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পোলক
3 years ago

মই জাম অপোনা লগত