পৰোপকাৰিতা, লাগেজ ইত্যাদি (-শান্তনু চাংমাই)

পৰোপকাৰিতা, লাগেজ ইত্যাদি

শান্তনু চাংমাই

 

 

 

বিশেষ কাৰণত ঘপকৈ গুৱাহাটীৰ পৰা দিল্লীলৈ আহিব লগা হ’ল। ইণ্ডিগ’ৰ এখন বিমানত আসন সংৰক্ষণ কৰি আহিবলৈ ওলালোঁ। আগতে লাগেজত বিশ কেজিলৈকে বস্তু কঢ়িয়াব পাৰি, তাৰ বাবে অতিৰিক্ত মাচুলৰ প্ৰয়োজন নাই। তেনেকৈয়ে চিন্তা কৰি নোজোখাকৈ আনুমানিক 20 কেজিৰ বেগ আৰু হাতৰ বেগ এটা লৈ বিমানবন্দৰ পালোঁহি। তাতহে অলপ পয়মাল লাগিল।

আজিকালি হেনো পোন্ধৰ কেজিলৈকে হে ওজন বিনামূলীয়া, অতিৰিক্ত হ’লে 250 টকা প্ৰতি কেজিকৈ দিব লাগে। অতিৰিক্ত ওজন হৈছিল আঠ কেজি, দিব লাগে 2000 টকা। ভাল বিপদ। কাউন্টাৰত থকা আইদেউজনীও কোনোপধ্যেই বুজা-পৰা কৰিবলৈ ৰাজী নহয় (আগতে তিনি চাৰি কেজি এক্সট্ৰা হ’লেও তেওঁলোকে বিশেষ একো তানানানা নকৰাকৈ আহিবলৈ দিছিল)। এইবাৰ নামানেই। কৰো কি? 2000 টকা ঘপহকৈ দি দিবলৈও গা বেজবেজাই গৈছে। আঠ কেজি ওজন কমাবলগীয়াকৈ অলাগতিয়াল বস্তুও নাই নেমুকেইটাৰ বাহিৰে।

চিন্তা কৰি আছো। এজন কৰ্মচাৰীৰ লগত কথা পাতিলোঁ। তেওঁ মোক এটা “ধাচু” আইডিয়া দিলে। আপোনালোকৰো কামত আহিব পাৰে বাবে শ্বেয়াৰ কৰিছোঁ।

বৰশীত টোপ লগাই মাছলৈ ৰৈ থকাৰ লেখীয়াকৈ দিল্লীৰ চেক-ইন কাউন্টাৰৰ ওচৰতে বোন্দা পৰ দি থাকিলোঁ। মানুহ আহি আছে, কাৰো লাগেজ কম নেদেখিয়েই দেখোন। অৱশেষত এজন যুৱক ফোঁ-ফোঁৱাই আহিল, তেওঁৰ হাতত এটা পাতল বেগ মাথোন। কাউন্টাৰলৈ গৈ থাকোঁতে নো কেনেকৈ মাত দি দিওঁ? কিন্তু কাউন্টাৰত দুই মিনিট কথা পাতি তেও উভতি স্কেনিং মেচিনৰ ফালে ধাৱমান হ’ল; মানে তেওঁ নিজৰ বেগতো স্কেন কৰোৱাবলৈ পাহৰি গৈছিল। বল্লে বল্লে। গৈ তেওঁক লগ ধৰি মোৰ সমস্যাখিনি বুজালোঁ আৰু সহায় অকণ কৰি দিবলৈ ক’লো; তেও অলপ ভাবি মান্তি হ’ল। পাচ মিনিটৰ পিছত সেই একেটা কাউন্টাৰলৈকে ডেকাজন আৰু মই গ’লো; মোৰ এটা বেগ তেওঁ নিজৰ নামত দিল্লীলৈকে লৈ যাব। কাউন্টাৰৰ আইদেউৱে তেওঁক সুধিলে- “এইটো আপোনাৰ বেগ নে এওঁৰ বেগ?”

মই ক’লো- “আমি নলে গলে লগা বন্ধু, আপুনি আপোনাৰ 15-15 কেজিৰ নিয়ম অনুসাৰেই বুক কৰক”।

বাচ, কাম সিজিল, দুইহাজাৰ টকাও বাচিল। বন্ধুক চাহ একাপ খাবলৈ অনুৰোধ কৰিলোঁ, নাখালে। তেখেতৰ ফোন নং ল’লো, ধন্যবাদ যাচিলোঁ।

বিমান উৰিল, দিল্লী আহি পালেহি। নমাৰ পিছত ডেকাই ফো-ফোৱাই এক্সিট গেটেদি প্ৰস্থান কৰিলে। মানে আৰু অতিৰিক্ত “থেংক ইউ” ল’বলৈ তেওঁ ইচ্ছুক নহয়। সেই মুহূৰ্তত তেওঁক চিনেমাৰ হিৰো হিৰো লাগি গ’ল। অচিনাকি মানুহ এজনক সহায় কৰি তেও কোনো প্ৰাপ্যৰ আশা নকৰাকৈ নাইকিয়া হৈ গ’ল লাখ লাখ মানুহৰ ভিৰৰ মাজত। তেওঁ বৰপেটাৰ অৰূপ কুমাৰ দাস আছিল। তেওঁলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু সন্মান সদায়েই থাকিব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক