পৰ্বতাৰোহণৰ আলমেৰে কিছু কথা – জুলিমা ডেকা

পাহাৰ আৰু পৰ্বত বগোৱা সমস্ত প্ৰক্ৰিয়াটো হ’ল পৰ্বতাৰোহণ। পৰ্বতাৰোহণ দুঃসাহসিক ক্ৰীড়াৰ এক অন্যতম বিভাগ। পৰ্বতাৰোহণে মানুহৰ নিভৃত কোণত লুকাই থকা অদম্য সাহস আৰু দুঃসাহসিকতাক প্ৰতিনিধিত্ব কৰে। পৰ্বতাৰোহণ মানুহৰ বাবে হৈ পৰে এক সাংঘাতিক নিচা, যি নিচাত পৰি মানুহে নিজৰ জীৱনকো তুচ্ছ কৰি নিজক প্ৰতিষ্ঠিত কৰিছে দুৰ্গম্য তুষাৰাবৃত পৰ্বতৰ শিখৰত। পৰ্বতাৰোহণ হৃদয়ৰ গভীৰতম প্ৰেম, যাৰ প্ৰেমত পৰি মানুহে কৰে অসাধ্য সাধন। যাৰ প্ৰেমে অহৰহ হাত বাউলী মাতি থাকে পৰ্বতৰ হিমশিখৰলৈ। ভালপোৱাৰ কি যে আৱাহনী সংগীত এই পৰ্বতাৰোহণ, যাৰ বাবে পৰ্বতাৰোহীসকলে পৰিয়াল, আত্মীয় স্বজ্জন এৰি বাৰে বাৰে ঢাপলি মেলিবলগা হয় হিমশিখৰলৈ। এই প্ৰেম আৰু নিচাৰ বাবেই মেলৰি, চাৰ এডমাণ্ড হিলাৰীয়ে নিজৰ দেশ পৰিয়াল আত্মীয়ক এৰি আহি বাৰে বাৰে পাইছিলহি হিমালয়ৰ বুকু। দুঃসাধ্য, দুৰ্গম বুলি জানিও বাৰে বাৰে হিমালয়ক জয় কৰাৰ প্ৰচেষ্টাত নিজকে নিমজ্জিত কৰিছিল। অতীজৰে পৰা পৰ্বতাৰোহণৰ প্ৰচেষ্টা চলি আহি আছে। তথ্য মতে ১৭৫৭ চনৰ পৰাই আৰম্ভ হৈছে পৰ্বতাৰোহণৰ খোজ। কিন্তু পৰ্বতাৰোহণ দুঃসাহসিক ক্ৰীড়া ৰূপে প্ৰতিষ্ঠিত হৈছিল আমেৰিকাত। ১৮৫৪ চনত ইংৰাজ পৰ্বতাৰোহী চাৰ আলফ্ৰেড উইলচে পৰ্বতাৰোহণক কলাত্মক দুঃসাহসিক ক্ৰীড়াৰূপে পৰিগণিত কৰে। ইয়াৰ পৰাই আৰম্ভ হৈছিল পৰ্বতাৰোহণৰ সোণালী সময়বোৰ। পৰ্বতাৰোহণৰ প্ৰথমটো ক্লাৱ ‘দ্যা এলপাইন ক্লাব’ গঠন হয় ১৮৫৭ চনত।
ক্ৰমান্বয়ে পৰ্বতাৰোহণ শৈলী, ব্যৱহাৰ্য্য সামগ্ৰী ইত্যাদিবোৰ আধুনিক হ’বলৈ ধৰিলে। পৰ্বতাৰোহণৰ প্ৰতি মানুহৰ ব্যাকুলতা বাঢ়ি গৈ থাকিল।

পৰ্বত আৰোহণ কৰিবলৈ যোৱাৰ আগত উপযুক্ত, বিজ্ঞানসন্মত প্ৰশিক্ষণৰ আৱশ্যক হয়। পৰ্বত আৰোহণ কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত প্ৰাথমিক প্ৰশিক্ষণৰ অতিকে প্ৰয়োজন। কাৰণ পৰ্বত আৰোহণ অভিযানত থাকে পদে পদে বিপদ, প্ৰাকৃতিক বাধা আৰু মৃত্যুৰ ভয়। সেই বিপদ বাধাবোৰ নেওচি পৰ্বতৰ শিখৰ আৰোহণ কৰিবলৈ উপযুক্ত প্ৰশিক্ষণ অবিহনে সম্ভৱ নহয়। পৰ্বতাৰোহণত বিভিন্ন ধৰণৰ কাৰ্যকলাপ সামৰি লোৱা হয়। শৈলাৰোহণ, অৱৰোহণ, তুষাৰাবৃত্ত পৰ্বত আৰোহণ, পৰ্বতৰ খৰস্ৰোতা নদী পাৰ হোৱাৰ কৌশল, উদ্ধাৰকাৰ্য, পৰ্বতত জীয়াই থকাৰ কৌশল, প্ৰাথমিক চিকিৎসা, ঔষধৰ ব্যৱহাৰ আৰু প্ৰয়োগ, হাইকিং, নৈশ কেম্পিং আদি বিভিন্ন কাৰ্যকলাপৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় যিবিলাকৰ জ্ঞানৰ অবিহনে এজন পৰ্বতাৰোহী পৰ্বত বগাবলৈ কেতিয়াও সক্ষম নহয়। যিকোনো দুঃসাহসিক ক্ৰীড়া বা দুঃসাহসিক কাৰ্য কৰিবলৈ যোৱাৰ আগত মানুহগৰাকী শাৰীৰিক তথা মানসিক ভাৱে প্ৰস্তুত হ’বই লাগিব। পৰ্বতাৰোহণৰ প্ৰশিক্ষণে দুৰ্বল মনৰ মানুহ এগৰাকীকো কৰি তোলে অদম্য সাহসী, জগাই তোলে মৃত্যু ভয় জিকিব পৰা বাসনা। জীৱনৰ যি কোনো কঠিন পৰিস্থিতিৰ লগত মুখামুখি হ’ব পৰাকৈ সাহসী কৰি তোলে এই দুঃসাহসিক ক্ৰীড়াই। বিপদত ধৈৰ্য্য, বিনম্ৰতা, দয়াশীলতা, উদাৰতা, কষ্টসহিষ্ণুতা আদিৰ পাঠ শিকায়।

জীৱন যুদ্ধ কেনেকৈ কৰিব লাগে এই সকলোবোৰ পৰ্বতাৰোহণে শিকায়। যেতিয়া পাহাৰ বগোৱা আৰম্ভ কৰা হয় লাহে লাহে আমনি লাগিব ধৰে। কিন্তু পথ যিমানেই কষ্টকৰ বা আমনিদায়ক নহওঁক কিয়, গৈ থাকিলেহে লক্ষ্যস্থান পোৱা যায়। কেতিয়াও সেই যাত্ৰা মাজভাগতে এৰিব পৰা নাযায়, কাৰণ মাজভাগতে এৰিলে সফলতাৰ সীমা চুব নোৱাৰি। প্ৰত্যাহ্বান কঠোৰ হলেও সেয়া হাৰ মনাতো পৰ্বতাৰোহীৰ ধৰ্ম নহয়। সেইবাবেই পৰ্বতাৰোহণ নিজেই এক প্ৰত্যাহ্বান। ধৈৰ্য্যই হল সফলতাৰ চাবি। পৰ্বতাৰোহণে ভয়ক জয় কৰিবলৈ শিকায়। প্ৰকৃতিক ভাল পাবলৈ শিকায়, নিজকে কেনেকৈ শান্তিত ৰাখিব পাৰি সেইয়াও শিক্ষা দিয়ে। যদি তুমি কিবা বিচৰা তাৰ বাবে যুঁজিবলৈ শিকিব লাগিব আৰু পাহাৰে সেই কথাই আমাক শিক্ষা দিয়ে। সুস্থিৰ হৈ থাকি কেনেকৈ প্ৰতিযোগিতা জিকিব পাৰি সেই শিক্ষা দিয়ে পৰ্বতাৰোহণে।

পৰ্বতাৰোহণে জীৱনটো কেনেকৈ পৰিপাটিহৈ নিয়মানুৱৰ্তিতাৰে কটাব পাৰি সেই শিক্ষা দিয়ে। প্ৰকৃতি প্ৰদত্ত বা মানৱ সৃষ্ট যি কোনো সমস্যা, জীৱনৰ সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি তাক মোকাবিলা কৰিবলৈ অদম্য সাহসী আৰু ধৈৰ্য্যবান কৰি তোলে।

অসমৰ এগৰাকী বিশিষ্ট পৰ্বতাৰোহী তথা সংবাদজগতৰ বৰেণ্য ব্যক্তি প্ৰনয় বৰদলৈৰ মতে পৰ্বতাৰোহণ এনে এক ক্ৰীড়া যাৰ দ্বাৰা এজন ব্যক্তিৰ চৰিত্ৰ গঠন হব পাৰে। মৃত্যুৰ ভয়, পদে পদে আসন্ন বিপদ জানিও কিয় পৰ্বতাৰোহণ কৰে, কি পায় পৰ্বতাৰোহণ কৰি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে বিখ্যাত পৰ্বতাৰোহী তথা পৰ্বতাৰোহণ ৰ বাটকটীয়া মেলৰিয়ে কৈছিল, “Because it is there।” পৰ্বতখন তাত আছে বাবেই মানুহে পৰ্বতলৈ ঢাপলি মেলে। পৰ্বতাৰোহণত কি পায় বুলি সোধা প্ৰশ্নৰ উত্তৰ একে আশাৰে দিবলৈ কঠিন। কাৰণ যিয়ে পাহাৰ পৰ্বত বগাবলৈ যায় আচলতে তেওঁহে উপলব্ধি কৰিব পাৰে বা বুজি পায় পাহাৰ বগোৱাৰ কি সাংঘাতিক মাদকতা। পৰ্বতৰ শিখৰত গৈ তলৰ পৃথিৱীখন চোৱাৰ মাদকতা সম্পূৰ্ণ বেলেগ। সেই মাদকতা একমাত্ৰ এজন পৰ্বতাৰোহী বা পাহাৰ পৰ্বত বগাই ভাল পোৱাজনেহে উপলব্ধি কৰিব পাৰে। যিজনে জানি বুজিও বিভিন্ন ভয়ংকৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰে তেওঁহে বুজিব পাৰে পৰ্বতাৰোহণ কিয় কৰা হয়। প্ৰণয় বৰদলৈয়ে লগতে কয় যে ১৯৫৩ চনৰ ২৯ মে’ত যেতিয়া এডমাণ্ড হিলাৰী আৰু টেনজিং নৰগেই পৃথিৱীৰ উচ্চতম শৃংগ প্ৰথমবাৰৰ বাবে সফলতাৰে আৰোহণ কৰিলে, তেতিয়াৰ পৰাই ভাৰতবৰ্ষত পৰ্বতাৰোহণে জনপ্ৰিয়তা লাভ কৰিলে। তেতিয়াৰ পৰাই লাহে লাহে সমগ্ৰ ভাৰতৰ লগতে অসমতো ই এক জনপ্ৰিয় ক্ৰীড়া ৰূপে প্ৰতিষ্ঠিত হবলৈ ধৰিলে। ৰোহিনী কুমাৰ ভূঞা অসমত পৰ্বতাৰোহণ ক্ৰীড়াৰ অন্যতম বাটকটীয়া। পৰৱৰ্তী পৰ্যায়ত অসমৰ আৰু বিভিন্ন পৰ্বতাৰোহীয়ে অসমৰ দুঃসাহসিক ক্ৰীড়া জগতখনক আগবঢ়াই লৈ যায়। নৱ প্ৰজন্মই পৰ্বতাৰোহণৰ পাঠ শিকিব লাগে। কাৰণ পাহাৰে মানুহৰ চৰিত্ৰ গঢ়ে, পাহাৰে দিয়া চেলেঞ্জক বা প্ৰত্যাহ্বানক গ্ৰহণ কৰিবলৈ লাগিব অসীম ধৈৰ্য্য, সাহস, আত্মবিশ্বাস, নেতৃত্ব দিব পৰা গুণ আদি সকলোবোৰ থাকিব লাগিব। এই সকলোবোৰ গুণ আয়ত্ব কৰা বা চৰিত্ৰ গঠন কৰাত পৰ্বতাৰোহণে সহায় কৰে। এই চৰিত্ৰ গঠনৰ পাঠ পাহাৰ বা পৰ্বতাৰোহণৰ পৰা পায়। পৰ্বতাৰোহণৰ পৰা পোৱা এই শিক্ষা আৰু অভিজ্ঞতাই জীৱনৰ ৰূঢ় ৱাস্তৱৰ মুখামুখি হব পৰাকৈ নিজক প্ৰতিষ্ঠিত কৰায়।

আনহাতে অসমৰ পৰ্বতাৰোহণৰ আন এগৰাকী অন্যতম বাটকটীয়া তথা জ্যেষ্ঠ পৰ্বতাৰোহী ৰাজেন্দ্ৰ প্ৰসাদ গৌতমে পৰ্বতাৰোহণ আৰু যুৱ প্ৰজন্ম সম্পৰ্কে কয়, “পৰ্বতাৰোহণ, আমাৰ অনুভৱৰে মানৱ সম্পদ গঢ়াৰ বাবে সৰ্ব্বোত্তম মাধ্যম, লগতে মানৱ চৰিত্ৰ গঠনতো পৰ্বতাৰোহণৰ তুলনা নাই। এই ক্ৰীড়াৰ লগত জড়িত সকলৰ ব্যক্তিত্ব, আত্মবিশ্বাস, সহনশীলতা, সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা, কৰ্ত্তব্যনিষ্ঠা, পৰিৱেশ সচেতনতা আৰু গুৰুজন/জেষ্ঠ আৰোহী, প্ৰশিক্ষকৰ প্ৰতি আনুগত্য কেৱল পৰ্বতাৰোহণৰ পৰাই আয়ত্ত কৰিবলৈ সক্ষম হয়। পৰিৱেশ সচেতনতা সন্দৰ্ভত বৰ্তমান সমাজত যি স্বচ্ছ ভাৰত অভিযান আন্দোলন চলিছে, সেইয়া পৰ্বতাৰোহণৰ লগত জড়িত সকলে যোৱা সত্তৰ দশকতেই আৰম্ভ কৰিছিল আৰু আজিৰ তাৰিখলৈ বাস্তৱসন্মত ভাবে কৰি আছে। বাস্তৱ ঘটনা এটা উল্লেখ কৰাটো প্ৰাসঙ্গিক হ’ব বুলি ভাবিছো।

পৰ্বতাৰোহণৰ নতুন প্ৰশিক্ষাৰ্থী এজন সম্বন্ধীয় বয়োজ্যেষ্ঠ ৰ ঘৰলৈ গৈছিল। সম্বন্ধীয় জেঠাইয়েকে মৰমতে লগত থকা লজেঞ্চ এটা খাবলৈ দিলে। প্ৰশিক্ষাৰ্থী জনে লজেঞ্চৰ কাগজৰ বাকলি এৰুৱাই বাকলিটো নিজৰ প’কেটত ভৰাই থোৱাত জেঠাইয়েকে কথাটো সোধাত উত্তৰত কোৱা হ’ল যে ই পৰিৱেশ নষ্ট কৰিব। আমাৰ প্ৰশিক্ষণ কালত ভাৰতৰ প্ৰসিদ্ধ প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহত কোৱা হৈছিল যে কোনোৱে যদি যথাৰ্থতে নিজক চিনিবলৈ বা নিজৰ সামৰ্থ জানিব বিচাৰে তেন্তে পৰ্বতাৰোহণ অনুশীলন কৰিবলৈ পঠাব লাগে। প্ৰবল আত্ম বিশ্বাস দৃঢ় যোগাত্মক ব্যক্তিত্ব অবিহনে পৰ্বতাৰোহণ অসম্ভৱ। সেয়েহে এগৰাকী সফল আৰোহী সদস্যৰ বাবে নিয়মিত ব্যায়াম শৰীৰ চৰ্চা আৰু মানসিক উৎকৰ্ষৰ বাবে প্ৰাণায়ম আৰু যোগভ্যাস অতি প্ৰয়োজন। এই ক্ষেত্ৰত আমাৰ অনুভৱ ইংৰাজী বৰ্ণমালাৰ আখৰ বোৰেৰে বুজাব বিচাৰা হ’ল। ভাবি চাবচোন।

A – Attitude, B – Brotherhood, C – Confidence, D – Determination, E – Energetic,
F – Friendship, G- Generous, H – Heroic, I – Integrity, J – Judgement, K – Kindness,
L – Labourers, M – Musical, N – Nationalist, O – Opt, P – Passionate, Q – Quick,
R- Regular, S – Supportive, T – Tough, U – Understanding, V – Victorious, W – Wisdom, X – Xplorer, Y – Youthful, Z – Zealous

এজন যুৱকৰ চৰিত্ৰত ওপৰত উল্লেখ কৰা ইংৰাজী বৰ্ণমালাৰ ২৬টা আক্ষৰিক চৰিত্ৰ কেৱল পৰ্বতাৰোহণ ক্ৰীড়াৰ লগত জড়িত জনৰ ক্ষেত্ৰতহে সম্ভৱ। আমাৰ দৃঢ় বিশ্বাস।

পৰ্বতাৰোহণ ৰ প্ৰশিক্ষণ অসমত গ্ৰহণ কৰাৰ বাবে এখন প্ৰতিষ্ঠান গঢ় লৈ উঠিছে যদিও এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু পৰ্বতাৰোহণৰ প্ৰাৰম্ভিক শিক্ষা অসমত বহুত বছৰ আগৰে পৰাই দি অহা হৈছে। ৰক ক্লাইম্বিং, জাংগল ট্ৰেকিং, নাইট কেম্পিং, ৰিভাৰ ক্ৰছিং ৰ লগতে পৰ্বতাৰোহণত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ সঁজুলিৰ জ্ঞান দিয়া হয় আৰু স্বাস্থ্য অধ্যয়নো কৰোৱা হয় অসমত থকা বিভিন্ন পৰ্বতাৰোহণ সংস্থাৰ জৰিয়তে। সময়ে সময়ে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰাও স্থানীয় ভাৱে পৰ্বতাৰোহণৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হয়। অসমত প্ৰথম পৰ্বতাৰোহণ ক্লাব বা সংস্থাৰ জন্ম দিয়ে অসমৰ পৰ্বতাৰোহণ ক্ষেত্ৰৰ বাটকটীয়া ৰোহিনী কুমাৰ ভূঞাদেৱে। অসমৰ প্ৰথম পৰ্বতাৰোহণ সংস্থাটো হল অসম পৰ্বতাৰোহণ সংস্থা। তাৰ পিছত লাহে লাহে অসমত আৰু বহুত পৰ্বতাৰোহণ সংস্থা বা ক্লাৱ গঠন হয়। এক্সপ্লোৰাচ, পেঙ্গুইন, আচাম এডভেঞ্চাৰ ফাউণ্ডেচন, আপাৰ আচাম মাউণ্টেইনেৰিং এচ’ছিয়েচন, কাৰ্বিআংলং মাউণ্টেনেৰিং এচ’ছিয়েচন, নৰ্থ ইষ্ট এডভেঞ্চাৰ ফাউণ্ডেচন, শিখৰ, ৰক এণ্ড স্প’ৰ্টচ ক্লাইম্বিং এচোছিয়েচন, শিখৰ এডভেঞ্চাৰ ক্লাৱ, গ্লোৱেল এডভেঞ্চাৰ এচ’চিয়েচন আদি। ১৯৭৪ চনৰপৰাই অসমত পৰ্বতাৰোহণৰ পৰিবেশ অব্যাহত থকাৰ মাজতে ২০১৪ চনত অসমৰ অভিজ্ঞ পৰ্বতাৰোহী তৰুণ শইকীয়া আৰু মনীষ ডেকাই এভাৰেষ্ট আৰোহণ কৰাৰ পিছত অসমৰ পৰ্বতাৰোহণৰ ক্ষেত্ৰখনত এটা নতুন জাগৰণৰ সৃষ্টি হৈছে। যাৰ ফলশ্ৰুতিত অসম চৰকাৰৰ উদ্যোগত নতুনকৈ স্থাপন হৈছে এখন পৰ্বতাৰোহণ তথা দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰৰ বাবে এখন প্ৰতিষ্ঠান ‘Assam Mountaineering and Adventure Institute’; কিন্তু বিভিন্ন কাৰণত ই এতিয়ালৈ পূৰ্ণাঙ্গ ৰূপ পোৱা নাই। আনহাতে, ভাৰতবৰ্ষত পৰ্বতাৰোহণৰ বিভিন্ন পাঠ যেনে Basic Mountaineering course আৰু Advance Mountaineering course, Method of Instruction আদি কৰিবৰ বাবে কেইবাটাও প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান আছে। য’ত আগ্ৰহী সকলে এই প্ৰশিক্ষণ সমূহ গ্ৰহণ কৰিব পাৰে। ভাৰতবৰ্ষৰ কেইখনমান উল্লেখযোগ্য পৰ্বতাৰোহণ প্ৰশিক্ষণ কেন্দ্ৰ হ’ল—-

National Institute of Mountaineering and Allied Sports (NIMAS, Arunachal Pradesh)
Himalayan Mountaineering Institute, (Darjeeling, West Bengal)
Nehru Institute Of Mountaineering, (NIM, Uttarakhand)
Atal Bihari Vajpayee Institute of Mountaineering and Allied Sports, (ABVIMAS, Manali, Himachal Pradesh)
Jawahar Institute of Mountaineering and Winter Sports (JIM & WS), Pahalgam, Jammu and Kashmir
SONAM GYATSO MOUNTAINEERING INSTITUTE, Gangtok, Sikkim.

বিশেষকৈ চিকিম, উত্তৰাখণ্ড আৰু কাশ্মীৰক পৰ্বতাৰোহণৰ লগতে অন্যান্য দুঃসাহসিক ক্ৰীড়াৰ অন্যতম জনপ্ৰিয় ঠাই হিচাপে চিহ্নিত হৈছে। ৰাজ্য চৰকাৰে লাভ কৰিছে দেশী বিদেশী দুঃসাহসিক পৰ্বতাৰোহী আৰু তেওঁলোকৰপৰা গ্ৰহণ কৰা ৰাজহে ৰাজ্যৰ ভঁৰাল টনকিয়াল কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলটো দুঃসাহসিক পৰ্যটন ক্ষেত্ৰখনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে অসমক তথা উত্তৰ পূৰ্বাঞ্চলক অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰে অৱহেলাৰ দৃষ্টিৰে চাই থকা বাবেই দুঃসাহসিক পৰ্যটন ক্ষেত্ৰখন বহুত পিছপৰি আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments