ফটোৱে কথা কয়, অলেখ কথা…হাজাৰ কথা – গীতিকা শইকীয়া

তলৰ ফটোখন বিশ্ববিখ্যাত ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে ১৯৯৩ চনৰ মাৰ্চ মাহৰ কোনোবা এদিন দক্ষিণ চুদানৰ অয়োদ নামৰ ঠাইত ৰাষ্ট্ৰসংঘই স্থাপন কৰা সাহায্য শিবিৰলৈ সাহায্যৰ সংগ্ৰহৰ বাবে যাবলৈ চেষ্টা কৰি থকা সময়ত লোৱা শিশু এটিৰ ফটো। ফটোখনৰ বিশেষত্ব এয়ে যে সামান্য দূৰত্বতে ৰৈ থকা শগুণটোক প্ৰায় প্ৰাণহীন শিশুটিক খাবলৈ খাপ পিতি থকা বুলি অনুমান কৰা হৈছিল।


কাৰ্টাৰৰ এই ফটোখন “নিউয়ৰ্ক টাইম্চ”ত প্ৰকাশ পাই আৰু সেইবছৰৰেই ১৯৯৩ চনৰ বিশ্ববিখ্যাত “পুলিটজাৰ” পুৰস্কাৰেৰে সন্মানীত কৰা হয়। কিন্তু “নিউয়ৰ্ক টাইম্চ”ত প্ৰকাশ পোৱাৰ সময়ৰে পৰা ফটোখনক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বজুৰি মানৱতাবাদীসকলৰ মাজত তুমূল বিতৰ্কৰ সূচনা হয়। কাৰ্টাৰে ফটো উঠোৱাতকৈ শিশুটিক বচোৱাৰহে চেষ্টা কৰাটো এক নৈতিক দায়িত্ব আছিল বুলি কাৰ্টাৰক কেৱল সংবাদৰ লোভত বলীয়া, বিতৰ্কৰ পিচত দৌৰা এজন নিকৃষ্ট মনৰ ফটো সাংবাদিক বুলি উপলুঙা কৰা হৈছিল। শিশুটিক শগুণটোৰ ভক্ষণৰ পৰা বচাবলৈ কিয় কোনো চেষ্টা কৰা হোৱা নাছিল বুলি বিশ্বজুৰি এই সমালোচনা তীব্ৰতৰ হ’বলৈ ধৰিছিল। ফটোখনৰ সমালোচনা কৰাসকলে এইবুলি অভিযোগ কৰিছিল যে কাৰ্টাৰে মানৱীয়তাৰ পৰিচয় দিব নোৱাৰিলে। তেওঁলোকৰ মতে প্ৰকৃততে কাৰ্টাৰে ফটো তুলিবলৈ চেষ্টা কৰাতকৈ তেওঁৰ কেমেৰাটো থৈ শিশুটিক সহায় কৰিবলৈহে আগবাঢ়ি যাব লাগিছিল।
“নিউয়ৰ্ক টাইম্চ”ত প্ৰকাশ পোৱাৰ পিছৰে পৰা হোৱা হাজাৰ হাজাৰ ফোন তথা চিঠি আদিৰে পঢ়ুৱৈয়ে শিশুটিৰ কি হ’ল বুলি সুধি থকাৰ বাবে কাকতখনৰ ইতিহাসত কেতিয়াও নোহোৱা এটি পদক্ষেপ লোৱা হৈছিল। সম্পাদকীয়ৰ বিশেষ পৃষ্ঠাত তেওঁলোকে ফটোগ্ৰাফাৰৰ সূত্ৰৰ উদ্ধৃতি দি শগুণটোক শিশুটিৰ ওচৰৰ পৰা খেদি পঠিওৱা হৈছিল বুলি উল্লেখ কৰিছিল। অৱশ্যে শিশুটিয়ে শেষত শিবিৰ পাবলৈ সক্ষম হ’ল নে নাই সেইবিষয়ত তেওঁলোক নিশ্চিত নহয় বুলিও লিখা হৈছিল।
কাৰ্টাৰৰ লগতে থকা আন কেইবাজনো ফটোগ্ৰাফাৰে মন্তব্য কৰিছিল যে তেওঁলোকে শিলগুটি আদি দলিয়াই শগুণটো খেদিবলৈ চেষ্টা কৰিছিল। কিন্তু ফটোগ্ৰাফাৰ বন্ধুসকলৰ এই স্পষ্টীকৰণ দিয়ালৈ ইতিমধ্যে বহু দেৰি হৈ গৈছিল। লগতে তেওঁলোকৰ এই স্পষ্টীকৰণে কাৰ্টাৰক মানসিক সন্তুষ্টি দিব পৰা নাছিল। বৰঞ্চ আত্মগ্লানিত দহি গৈছিল কেভিন কাৰ্টাৰ ক্ষণে ক্ষণে।
যি পৰিস্থিতিতেই নহওক কিয় শিশুটিক কিবা প্ৰকাৰে দাঙি ধৰি সাহায্য শিবিৰলৈ নিওৱাৰ ব্যৱস্থা কৰিব নোৱাৰাৰ অনুসূচনাই দহিছিল কেভিন কাৰ্টাৰক। এই অনুসূচনা ইমান তীব্ৰতৰ হৈ পৰিছিল যে বিশ্ববিশ্ৰুত পুলিটজাৰ পুৰস্কাৰৰ সন্মানেও তেওঁক আনন্দিত কৰিব পৰা নাছিল। কঠোৰ সমালোচনাৰ ফলত আত্মগ্লানিত ভুগী ১৯৯৪ চনত কাৰ্টাৰে আত্মহত্যা কৰে।
ফটোগ্ৰাফীৰেই বিশ্ববিশ্ৰুত হৈ যোৱা কেভিন কাৰ্টাৰে এই ফটোখন তুলি পোৱা যন্ত্ৰণাৰ বাবেই অকালতে আত্মহত্যা কৰিছিল। আত্মহত্যাৰ পথক কেতিয়াও প্ৰশংসাৰ মাপকাঠিত জোখা সম্ভৱ নহয়। কিন্তু কেভিন কাৰ্টাৰে আত্মহত্যাৰ আগতে এই নিজক শেষ কৰি দিয়াৰ যি স্বীকাৰুক্তি লিখি থৈ গৈছিল সেইয়া জানিব পাৰি এটাই কথাই অনুভৱ কৰিব পাৰি যে কাৰ্টাৰ মানুহৰ প্ৰতি, আনৰ প্ৰতি দায়বদ্ধ আছিল বাবেই তেওঁ এজন বিশ্ববিখ্যাত ফটো সাংবাদিক হ’ব পাৰিছিল।
ফটোগ্ৰাফীৰ পুথিগত দিশৰ পৰা মানুহৰ দৃষ্টিভংগীয়ে কিমান পৰিধিলৈকে ভাৱি লৈ সেই দৃশ্যক কেমেৰাত বন্দী কৰিব পাৰে তাৰ এক উৎকৃষ্ট উদাহৰণ এই ফটোখন। ফটোখনৰ বাওঁদিশৰ সামান্য ওপৰৰ ফালে এটা শগুণ আৰু সোঁদিশৰ তলৰ ফালে এটি ভোকাতুৰ শিশু আছে। প্ৰথম কথা, সেই শুকান, জৰ্জৰ দূৰ্ভিক্ষপীড়িত অঞ্চলত শগুণটো আৰু শিশুটি প্ৰধান বিষয় হিচাবে আছে। দৰাচলতে নাতি দূৰৈত এক বিশেষ অৱস্থানত ফটোখন উঠাবৰ বাবে অপেক্ষা কৰি থকা ফটোগ্ৰাফাৰো এই ফটোখনৰ এক বিশেষত্ব। কাৰণ অনাহাৰে থকা শিশুটিয়ে (এটি কন্যা শিশু বুলি ঠাৱৰ কৰা হৈছে) ভালকৈ থিয় হৈ খোজ কাঢ়ি যাব পৰাৰ শক্তিকনো নাই। অথচ পিতৃ-মাতৃ তথা পৰিয়ালৰ কোনো লগত নাই। অৱশ্যে পিছত ৰাষ্ট্ৰসংঘৰ সেই সাহায্য শিবিৰৰ পৰা পোৱা তথ্যমতে শিশুটিৰ পিতৃ-মাতৃ, ককাই-ভাই, বাই-ভনী সকলোৱেই আছিল। কিন্তু ভোকৰ যাতনাই হয়তো তেজৰ সম্পৰ্কক ম্লান কৰি দিছিল। সকলোৱে নিজৰ পেটৰ ভোক হ্ৰাস কৰাৰ দৌৰত নামি পৰিছিল। খুদকন পেটত নপৰালৈকে পিতৃ-মাতৃ, সন্তান আদিৰ খবৰ লোৱাৰ সামান্য মানসিকতাৰো যেন অভাৱ হৈ পৰিছিল সেই দুৰ্ভিক্ষত জৰ্জৰিত মানুহৰ মাজত! সেইয়াই আছিল সেইসময়ৰ চুডানৰ পৰিস্থিতি।
সেই দুৰ্ভিক্ষত হয়তো শগুণ তথা চৰাই-চিৰিকতি, জীৱ-জন্তু কাৰোৰে বাবেও খুদকন এটাও নাছিল। সেয়েহে জীৱন্ত হৈ থকা অথচ শগুণটোৰ বাবে মৃতদেহ সদৃশ শিশুটিক খাদ্য বুলি শগুনটোৱে ঠাৱৰ কৰা কথাটোও উলাই কৰিব নোৱাৰি। তেনেস্থলত ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে প্ৰায় দুঘণ্টাতকৈয়ো বেছি সময় একেখন ঠাইতে বহি থাকি ফটোখনৰ বিষয়বস্তু অৰ্থাত শিশুটি তথা শগুণটোৰ আহাৰৰ বাবে অপেক্ষা কৰি থকাৰ সেই সামগ্ৰিক ধাৰণাটোক কিমান কষ্টেৰে সম্পূৰ্ণ স্বাভাৱিকভাৱে তুলি ধৰিবলৈ সক্ষম হৈছিল সেইটোৱেই ফটোখনক বিশেষত্ব প্ৰদান কৰিছে। ফটোখনৰ বিষয়বস্তুত থকা সহজতা তথা অনাৱৰিত হৈ পৰা অৰ্থই প্ৰকৃততে চুডানৰ সেইসময়ৰ পৰিস্থিতিৰ এক ব্যাপক ধাৰণা দিবলৈ সক্ষম হৈছে। সেই ধাৰণাত ফুটি উঠিছে অনাহাৰত দিন কটোৱা এখন দেশৰ সৰ্বহাৰাৰ হাঁহাকাৰ। ভোকৰ হাঁহাকাৰ, কাপোৰৰ হাঁহাকাৰ। হয়তো বসতিৰো হাঁহাকাৰ। অৰ্থাত এই এখন ফটোৰ জৰিয়তেই ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে সেই সময়ৰ সমগ্ৰ চুডান দেশখনৰ এক আৰ্থ-সামাজিক অৱস্থাক দেখুৱাবলৈ সক্ষম হৈছে। এনেদৰেই কেভিন কাৰ্টাৰে যি উদ্দশ্যেত সেই ফটোখন তুলিবলৈ আগ্ৰহী হৈছিল সেই আগ্ৰহক সম্পূৰ্ণভাৱে সফল কৰি তুলিছে।
প্ৰকৃততে সেইয়া আছিল আহাৰৰ বাবে অন্বেষণ। সেই অন্বেষণ কেৱল মানৱৰ নহয়, সেই অন্বেষণ জীৱ-জন্তু, চৰাই-চিৰিকতি সকলোৰে থাকে। আহাৰৰ বাবে সেই চিৰন্তন অন্বেষণতে ব্যস্ত এই ধৰাৰ এখন ঠাইত অনাহাৰে থাকি থিয় হ’বলৈও সক্ষম নোহোৱা এটি শিশুৱে চুচৰি-বাগৰি হ’লেও আহাৰ বিচাৰি যাবলৈ চেষ্টা কৰিছে। আনহাতে দুৰ্বল শিশুটিৰ তুলনাত শক্তিশালী যেন লগা শগুণটোৱেও আহাৰৰ অন্বেষণতে গৈ ইতিমধ্যে মৰাশ যেন লগা শৰীৰ এটিক নিজৰ আহাৰ কৰিবৰ বাবে খাপ পিতি ৰৈ আছে। ভোকৰ অন্বেষণৰ এনে এক সাদৃশ্য অথচ হৃদয় বিদাৰি যোৱা দৃশ্য আৰু কিবা থাকিব পাৰে বুলি মনে নধৰে। কাৰণ সাধাৰণ যেন লগা এনে বহুতো মুহূৰ্তই হয়তো আমাৰ চকুৰে দেখি থাকে। কিন্তু কেভিন কাৰ্টাৰে সেই সহজাত দৃশ্যৰ মাজতে আসাধাৰণ কিবা এটাৰ অন্বেষণত তেনেদৰে ফটোখন তুলিবলৈ ভাৱি পালে বাবেই ফটোখনৰ মহত্ব থাকি গ’ল।
উল্লেখযোগ্য যে কাৰ্টাৰৰ লগত ৰাষ্ট্ৰ্সংঘৰ সাহায্য শিবিৰৰ দলটোত বিশ্বৰ বহুকেইখন কাকত-আলোচনী, তথা ব্যক্তিগতভাৱে বিখ্যাত ফটো সাংবাদিকো আছিল। তেওঁলোকেও প্ৰতিদিনে সাহায্য শিবিৰত চুডানৰ মানুহক খাদ্য বিলোৱা, কাপোৰ আদি দিয়া কামবোৰক লৈ ফটো উঠাইছিল। কিন্তু কাৰ্টাৰৰ এই সূক্ষ্ম দৃষ্টিভংগীয়েই এই ফটোখনক বিশ্বস্তৰৰ মৰ্যাদা দিবলৈ সক্ষম হ’ল।
এই ফটোখনক লৈ হোৱা বিশ্বজুৰি বিতৰ্কৰ বিষয়তো কিছু কোৱাৰ প্ৰয়োজন আছে। কাৰণ ফটোখনৰ জৰিয়তে ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে যদিও চুডানত মানুহৰ ওপৰত হৈ থকা অৱৰ্ণনীয় অত্যাচাৰৰ বিৱৰণ দিয়াৰ চেষ্টা কৰিছিল তথাপিও ফটোখনত থকা দুৰ্বল শিশুটিৰ বাবেই প্ৰকৃততে ফটোখনে বিতৰ্কিত ৰূপ লৈছিল। কাৰণ শিশুৰ যিকোনো ধৰণৰ ফটোক লৈ মানুহৰ মনবোৰ সহজতে স্পৰ্শকাঁতৰ হৈ পৰে। যেতিয়াই মানুহে শিশুৰ ফটো দেখে অথবা কোনোবা শিশুক দেখে তেতিয়া মানুহে প্ৰথমে নিজৰ সন্তানৰ কথা মনত পেলাই অথবা তেওঁলোকে দেখা-জনা কোনো শিশুৰ সৰলতাৰে ভৰা ছবি মনলৈ আহে। শিশুৰ চকুৰ অনিবৰ্চনীয় স্বৰ্গীয় সৰলতাত প্ৰায় সকলো মানুহেই মন্ত্ৰমুগ্ধ হৈ পৰে। কাৰণ ডাঙৰ হৈ অহাৰ আগলৈকে শিশুৰ চকু-মুখত জীৱনৰ কষ্টকৰ পৰিস্থিতিৰ কাৰকবোৰে দেখা নিদিয়ে। তেনেক্ষেত্ৰত কোনোবা এটি শিশু বহুতো কষ্ট-দুখৰ মাজত থকাৰ ফটো দেখিলে যিকোনো মানুহৰে হৃদয়ত বিষ অনুভূত হয় অথবা হ’ব পাৰে। কিন্তু তাৰ বিপৰীতে সেই একেই দুখ-কষ্টৰ মাজত কোনোবা প্ৰাপ্তবয়স্কৰ ফটো দেখিলে হয়তো তেনেকৈ হৃদয়ত তোলপাৰ নকৰিবও পাৰে। সেয়েহে থৰক-বৰক হৈ পৰা চুডানীজ শিশুটিক ফটোখনত দেখিয়েই সকলো মানুহৰে হৃদয়-মগজু জোঁকাৰি যোৱাটো নিশ্চিত আছিল। শিশুটিৰ সেই নিশকতীয়া হাতদুটা আৰু বুকুৰ কামিহাঁড় ওলোৱা দেহাটিৰ পৰা এই কথাটো খুউব স্পষ্টকৈয়ে বুজা গৈছিল যে শিশুটি বহুদিন অনাহাৰত থকাৰ লগতে নিজৰ সেই ক্ষুদ্ৰ শৰীৰটো কঢ়িয়াই নিব পৰাকৈও শৰীৰত শক্তি নাছিল।
আনহাতে ফটোখনত সকলোতকৈ চকুত পৰা কথাটো আছিল অলপ কাষৰতে ৰৈ থকা শগুণটো! শগুণটোৰ উপস্থিতিয়ে ফটোখন চোৱা মানুহৰ মনলৈ তৎমুহুৰ্ততেই এটা ভাৱেই মনলৈ আনে যে শিশুটিৰ অতি শীঘ্ৰেই মৃত্যু ঘটিব পাৰে। ইমান কাষতে এটা জন্তুৱে শিশুটিক খাদ্য হিচাবে গ্ৰহণ কৰাৰ সম্ভাৱনীয়তাই ফটোখন চোৱা মানুহৰ মন-মগজুক হয়তো শিহঁৰিত কৰি তুলিছিল। কেৱল এইকাৰণতেই ফটোখনৰ অৰ্থক লৈ সকলোৰে হৃদয়ত তোলপাৰ লগাবলৈ যথেষ্ট আছিল যে শিশুটিয়ে মৃত্যুৰ এনে এক দুৱাৰদলিত ৰৈ আছে যত সেই মৃত্যু কঢ়িয়াই অনা মৃত্যদাতা মাথোঁ দুখোজমানৰ দূৰত্বতে উপস্থিত হৈ আছে। সেইবাবেই ফটোখন নিউয়ৰ্ক টাইম্চত প্ৰকাশ পোৱাৰ লগে লগেই সমগ্ৰ বিশ্ব জুৰি তোলপাৰ লাগি যোৱাৰো প্ৰধান কাৰণ এয়াই আছিল।
শিশুটি মৃত্যুমুখত পৰা প্ৰায় নিশ্চিত আছিল, সেয়ে শিশুটিক সহায় কৰাটোহে সকলোতকৈ গুৰুত্বপূৰ্ণ কাম আছিল, অথচ কোনো ধৰণৰ সহায় নকৰাকৈ কেৱল ফটো উঠোৱাকে গুৰুত্ব দিলে বুলি মানুহে ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰৰ তীব্ৰ সমালোচনা কৰিছিল।
প্ৰকৃততে ফটোখন কোনো এক সময়ৰ এখন ৰেখাচিত্ৰ বুলি ক’লেও ভুল নহ’ব, আৰু সেয়ে ফটোখন উঠোৱাৰ সেই দিনটোত আৰু কি কি ঘটিল সেইবিষয়ে তেনে কোনো খবৰ পোৱা হোৱা নাছিল। বিশেষভাৱে গুৰুত্বপূৰ্ণ কথাটো আছিল সাংবাদিক তথা ৰাষ্ট্ৰসংঘৰ শিবিৰৰ সকলো কৰ্মকৰ্তা, বিষয়াসকলক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছিল যে তেওঁলোকে যাতে কোনো কাৰণতে চুডানীজসকলক স্পৰ্শ নকৰে। কাৰণ আশ্ৰয়প্ৰাৰ্থী মানুহবোৰে বিভিন্ন্ সোঁচৰা ৰোগ কঢ়িয়াই লৈ ফুৰিছিল।
সেইসময়ত তাত উপস্থিত থকা বহুকেইজন সাংবাদিক, ফটো সাংবাদিকে কৈছিল যে ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে সেই ফটোখন তুলি থকাৰ সময়ত কাৰ্টাৰৰ পিছফালে খাদ্যবস্তু ল’বলৈ শাৰী পাতি থকা মানুহৰ মাজত দুৰ্ভগীয়া শিশুটিৰ মাতৃয়েও শাৰী পাতি আছিল। তেওঁলোকৰ মতে খাদ্যৰ বাবে তেনেদৰে শিবিৰলৈ আহি থকা শিশুটিয়েই একমাত্ৰ নহয়, আৰু বহুতো শিশু, বৃদ্ধ আদিয়েও অনাহাৰে থাকি খোজ কাঢ়িব নোৱাৰি তেনেদৰে আহি আছিল। তেনে বহু ঠাইতে খাদ্যৰ অভাৱত অনাহাৰে থকা শগুণৰ জাকেও খাপ পিতি থকা দেখা গৈছিল। তাৰে ভিতৰত এটা শগুণ আগবাঢ়ি আহি অকলে আহি থকা যেন লগা শিশুটিৰ ওচৰত খাপ পিতি আছিল। সেয়ে এটা শগুণক খেদিলেও জাকটোক খেদাটো সম্ভৱ নাছিল। অৰ্থাত শিশুটিক কিবাকে আঁতৰাই আনি সুৰক্ষিত স্থানত থ’লেও একেধৰণেৰে চুঁচৰি-বাগৰি আহি থকা বাকীবোৰৰ সকলোকে অনাটো সম্ভৱপৰ নাছিল।
যুদ্ধবিষয়ক ফটো সাংবাদিক (War Photo Journalist) হিচাবে কেভিন কাৰ্টাৰৰ সেইয়া এনে এক পেছা যিটোত সেই বিশেষ সময়কনত যি ঘটি আছে তাক অকনো বিৰাম নকৰাকৈ স্পষ্টৰূপত তুলি ধৰাটোহে মুখ্য উদ্দেশ্য আছিল। সেয়ে সেই পৰিস্থিতিৰ এই সকলোবোৰ সম্ভাৱনীয়তাক অগ্ৰাহ্য কৰি ফটো তুলি সেই পৰিস্থিতিৰ বৰ্ণনা দিবলৈ চেষ্টা কৰা কাৰ্টাৰৰ প্ৰচেষ্টাক সেই ঠাইত নথকাসকলে সমালোচনা কৰাৰ অধিকাৰ নাই বুলিও সেইসময়ত কাৰ্টাৰৰ লগত থকা বহুকেইজন সাংবাদিকে অভিমত প্ৰকাশ কৰিছিল। কিন্তু সহকৰ্মীসকলৰ এই সকলোধৰণৰ অভিমতেও কাৰ্টাৰক সুখী কৰিব পৰা নাছিল। পুলিটজাৰ প্ৰাইজ লাভ কৰাৰ মাত্ৰ তিনিমাহৰ পিছতেই কেভিন কাৰ্টাৰে আত্মহত্যা কৰিছিল।
আবেগক হৃদয়ত আৱদ্ধ কৰি ৰাখি মানুহৰ দূৰ্দশাৰ বিৱৰণৰ ফটোৰে প্ৰকাশ কৰিবলৈ কেভিন কাৰ্টাৰ আৰু অন্যান্য ফটো সাংবাদিকসকলে এনেদৰেই লিখি শেষ কৰিব নোৱাৰা যন্ত্ৰণাৰ মুখামুখি হৈয়েই নিজৰ পেছাগত দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। বিশ্ববাসীয়ে এটা শগুণৰ খাদ্যৰ বাবে খাপ পিতি এটি জীৱন্ত শিশুৰ ওচৰত ৰৈ থকাৰ এই দৃশ্যৰ অভ্যন্তৰৰ কথাখিনি নজনাকৈ অথবা জানিবলৈ চেষ্টা নকৰাকৈয়ে ফটোগ্ৰাফাৰ কাৰ্টাৰক সমালোচনা কৰিছিল। তেওঁৰ আত্মহত্যাৰ পিছত এই কথাটো স্পষ্ট হৈ পৰিছিল যে কাৰ্টাৰে মানুহৰ এই দুৰ্দশাক সহজভাৱে ল’ব পৰা নাছিল কাহানিও। জীৱনৰ সেই ভয়াবহ, কদৰ্য ৰূপক প্ৰত্যক্ষ কৰি কৰিয়েই কাৰ্টাৰে মানুহক ফটোৰ জৰিয়তে সেইবোৰ খবৰ হিচাবে দিয়াৰ আঁৰত নিজৰ হৃদয়ত বন্দী কৰি গৈছিল বেদনাৰ প্ৰলেপ। কাৰণ ইতিমধ্যে গৃহযুদ্ধৰ সময়ত কৰা ফটো সাংবাদিকতাৰ সময়ত নিজৰ মাজতে মাৰা-মাৰি, কটাকটি কৰাৰ সেই ভয়ংকৰ ঘটনাবোৰৰ দিনপঞ্জীবোৰ তেওঁৰ কেমেৰাৰ লগতে হৃদয়তো হয়তো বন্দী কৰি গৈছিল অপাৰ যন্ত্ৰণাৰ। দুখবোৰে কাৰ্টাৰক ভাৰাক্ৰান্ত কৰি গৈছিল। অতিষ্ঠ হৈ পৰিছিল জীৱনৰ জিয়া কাহিনীবোৰ দেখি দেখি! সেয়ে নিজকে শেষ কৰি দিয়াটোৱেই হয়তো সেই হৃদয়ত কঢ়িয়াই ফুৰা যন্ত্ৰণাৰ অৱসান বুলি ভাৱিছিল। তাৰ ফলত যিকোনো বিষয় অথবা ঘটনা এটাক সূক্ষ্মাতুসূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ দিশত পৰিপক্ক এজন প্ৰচুৰ সম্ভাৱনাময় ফটো সাংবাদিকক সেই শগুণ-শিশুৰ ফটোখনৰ পাৰ্শ্বক্ৰিয়াৰূপেই বিশ্ববাসীয়ে হেৰুৱাই পেলালে।
কেভিন কাৰ্টাৰে শৈশৱ-কৈশোৰ তথা যৌৱন পাৰ কৰিছিল দক্ষিণ আফ্ৰিকাৰ জাতিবিদ্বেষ অথবা বৰ্ণবৈষম্যৰ সময়ছোৱাত। তেওঁ সেইসময়ত দক্ষিণ আফ্ৰিকাত কেৱল বগাসকলৰ দ্বাৰা কলাবৰণৰ (আজিকালি নিগ্ৰো বুলি কোৱা নিষেধ) লোকসকলক নিঃশেষ কৰাৰ মানৱ সভ্যতাৰ সেই চূড়ান্ত তথা নিকৃষ্ট প্ৰচেষ্টাৰ লগতে কলাবৰণৰ সকলৰ নিজৰ গোষ্ঠীবোৰৰ, বিশেষকৈ জুলু আৰু আন ফৈদবোৰৰ মাজত হোৱা সংঘৰ্ষ আদিৰ ওপৰতো ফটোৰে তথ্য সংগ্ৰহ কৰিবৰ বাবেই ফটো সাংবাদিকতাৰ পেছা লৈছিল। আন কেইবাজনো সাহসিক ফটো সাংবাদিকৰ লগত কাৰ্টাৰে দক্ষিণ আফ্ৰিকাৰ সেই বৰ্ণবৈষম্যৰ প্ৰকৃত সত্যখিনি বিশ্বক জনাবলৈ আগবাঢ়ি আহিছিল। দক্ষিণ আফ্ৰিকাৰ এখন বাতৰি কাকতে সেই সত্য অন্বেষণকাৰী ফটো সাংবাদিকৰ দলটোক বেং বেং ক্লাৱ(Bang-Bang Club) নাম দিছিল। সেইসময়ত সেই দলটোৰ ফটো সাংবাদিকসকলে দেশখনৰ কোনো অঞ্চলত তেনে কোনো ভয়ংকৰ সংঘৰ্ষ হ’লে তাৰ বিষয়ে বিশ্বক জনাবলৈ যেতিয়া যাব ওলাইছিল তেতিয়া এই বেং বেং নামটো উল্লেখ কৰি ইজনে সিজনক জনাই দিছিল যে ক’ৰবাত সংঘৰ্ষৰ ফটো তুলিবলৈ যাব লাগে।
সঁচা কথা ক’বলৈ গ’লে কেভিন কাৰ্টাৰ আৰু তেওঁৰ এই বেং বেং ক্লাৱৰ ফটো সাংবাদিকসকলে নিজৰ পেছাৰ খাতিৰত মাত্ৰ কেইবছৰমানৰ ভিতৰতে মানুহৰ জীৱনক নিঃশেষ কৰিবলৈ পতা হত্যা যজ্ঞবোৰ প্ৰত্যক্ষ কৰিছিল। সেইয়া চুৰিকাঘাত, বন্দুকৰ গুলীৰ পৰা মুখৰ ভিতৰত তেল ভৰাই জীৱন্তে জ্বলাই দিয়ালৈকে মানৱ ইতিহাসৰ বিভৎসতম মৃত্যু যজ্ঞৰ তেওঁলোক প্ৰত্যক্ষদৰ্শী হ’বলৈ বাধ্য হৈছিল।
উল্লেখযোগ্য যে কাৰ্টাৰে চুডানৰ গৃহযুদ্ধৰ সময়ত ফটো সাংবাদিক হিচাবে ৰাষ্ট্ৰসংঘৰ সাহায্য শিবিৰৰ লগত গৈ সেই শিশুটি আৰু শগুণৰ ফটোখন তোলাৰ আগতে কেইবাদিনো চুডানৰ বিভিন্ন গাঁও পৰিদৰ্শন কৰি অনাহাৰে থকা গাঁওবাসীক লগ পাইছিল। প্ৰায়েই এই ফটো সাংবাদিকসকলক ফটো উঠোৱাত বাধাপ্ৰদান কৰা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত বিভিন্ন গোষ্ঠীৰ চুডানীজ সৈন্যৰ মুখামুখিও হৈছিল।
কেভিন কাৰ্টাৰ আৰু আন যুদ্ধ বিষয়ক ফটো সাংবাদিকসকলে কিদৰে দিনৰ পিছত দিন ধৰি এনেদৰে মানুহৰ জীৱনৰ এই ভয়ংকৰ মুহূৰ্তবোৰক ধৰি ৰাখি আমাক দেখুৱাবলৈ সংঘৰ্ষ কৰে সেইয়া আমি কল্পনাও কৰিব নোৱাৰোঁ। পেছাৰ খাতিৰত জীৱনৰ সত্য দেখুৱাবলৈ প্ৰয়াস কৰা এই ফটো সাংবাদিকসকলৰ ওপৰত এই ঘটনাবোৰে, সেই ঘটনাবোৰক বাধা দিব নোৱাৰাৰ দুখে যথেষ্ট বেছি প্ৰভাৱ পেলায়। কাৰ্টাৰৰ ক্ষেত্ৰত সেই প্ৰভাৱ বহুত বেছি হৈ পৰিছিল। হয়তো সেই হতাশা, সেই গধুৰ বোজা বব নোৱাৰা হৈ পৰিছিল। অনুসূচনাত দগ্ধ হৈ কাৰ্টাৰে ড্ৰাগ্ছৰ আশ্ৰয় লৈছিল। কাৰ্টাৰৰ বান্ধৱী তথা আন এগৰাকী প্ৰথিতযশা যুদ্ধ সাংবাদিক জুডিথ মেটৱফক কাৰ্টাৰে প্ৰায়েই কৈছিল সংঘৰ্ষৰ মাজত সকলো হেৰুওৱা মানুহবোৰ অথবা মৃতদেহ হৈ পৰাবোৰক কোনো ধৰণৰ সহায় কৰিব নোৱাৰাৰ বাবে হোৱা অনুসূচনাৰ কথা। হয়তো সেয়াই আৰম্ভণি আছিল কেভিন কাৰ্টাৰৰ আত্মগ্লানিৰ। এক বিষন্নতাৰ আৱেশে কাৰ্টাৰক আঁৱৰি ধৰিছিল। কাৰ্টাৰৰ আন এজন সহকৰ্মী তথা বন্ধু ৰিডৱান বেলেই কৈছিল, চুডানলৈ যোৱাৰ আগতেই মানুহৰ জীৱনৰ এনে ভয়ংকৰ পৰিণতি দেখি দেখি ইতিমধ্যেই কাৰ্টাৰ মানসিকভাৱ ভাঙি পৰিছিল। বহু পৰিমাণে মৌন হৈ পৰিছিল কাৰ্টাৰ।
চুডানৰ পৰা উভতি আহি, ইতিমধ্যেই পুলিটজাৰ প্ৰাইজেৰে সন্মানীত হোৱাৰ পিছত এদিন কাৰ্টাৰৰ এক সাক্ষাৎকাৰ লোৱা হৈছিল। সেইদিনাই তেওঁৰ প্ৰিয় বন্ধু কেন অষ্টাৰব্ৰুক তথা বেং বেং ক্লাৱৰ আন কিছু সদস্যই এঠাইত ৰিপোৰ্টিং কৰিবলৈ যাওঁতে কেনক আততায়ীয়ে গুলিয়াই হত্যা কৰে। ইতিমধ্যেই অনুসূচনাৰে দগ্ধ হৈ থকা কাৰ্টাৰে এই ঘটনাটোৰ বাবেও নিজকে দোষী সাব্যস্ত কৰে। কাৰ্টাৰৰ মতে সেইদিনা প্ৰিয় বন্ধু কেনৰ পৰিৱৰ্তে তেওঁৰহে মৃত্যু হোৱা উচিত আছিল। কিন্তু পুলিটজাৰ প্ৰাইজ পোৱা বাবে তেওঁৰ সাক্ষাৎকাৰ লৈ থকা বাবে কাৰ্টাৰৰ অবিহনেই কেন তথা বেং বেং ক্লাৱৰ সাংবাদিকসকল ৰিপোৰ্টিং কৰিবলৈ গৈছিল।
পুলিটজাৰ প্ৰাইজেৰে সন্মানীত হোৱাৰ পিছত বিশ্বৰ বিভিন্ন কাকত-আলোচনী আদিৰ পৰা কাৰ্টাৰলৈ অহা প্ৰস্তাৱবোৰৰো প্ৰভাৱ পৰিছিল। কাৰণ সকলোকে কেৱল দুৰ্দশাৰ ফটো লাগে, জীৱনক ভয়ংকৰভাৱে শেষ কৰাৰ ফটোৰে কাকত-আলোচনীবোৰে চাঞ্চল্যকৰ বাতৰি দিয়াৰ প্ৰতিযোগিতাত নামে। এইদৰেই পুলিটজাৰ প্ৰাইজৰ জনপ্ৰিয়তাই কাৰ্টাৰৰ মানসিক স্থিতিক আৰু দুৰ্বলহে কৰি তুলিছিল। আত্মহত্যাৰ ঠিক এসপ্তাহৰ আগতে বিশ্ববিখ্যাত “টাইম” বাৰ্তালোচনীৰ হৈ কাৰ্টাৰে মুজাম্বিকলৈ গৈছিল। মুজাম্বিকত সেইসময়ত চলি থকা সংঘৰ্ষৰ ফটো তোলা মুঠ ষোল্লটা ৰীলৰ সেই ফটোবোৰে হয়তো কাৰ্টাৰক মানসিকভাৱে বাৰুকৈয়ে ক্ষত-বিক্ষত কৰিছিল। আচৰিতকৈ কাৰ্টাৰে সেই আটাইবোৰ ফটো ৰীল ফ্লাইটতে এৰি থৈ আহিছিল। অৱশ্যে আজিলৈকে সেই ৰীলবোৰ বিচাৰি পোৱাও নগ’ল। নিজকে নিঃশেষ কৰি দিয়াৰ পৰিকল্পনা হয়তো তেতিয়াই কাৰ্টাৰে কৰি পেলাইছিল। এনেদৰেই কাৰ্টাৰে কঢ়িয়াই লৈ ফুৰিছিল বিশ্বৰ বিভিন্ন কোণত হৈ থকা ভয়ংকৰ জীৱনৰ বাস্তৱ ৰূপক কেমেৰাৰে বন্দী কৰিবলৈ লওঁতে পোৱা মানসিক বেদনাক।
দৰাচলতে এই ফটোখনে কোনো নান্দনিক বিষয়ক লৈ কোনো উদযাপনৰ বাৰ্তা দিয়া নাছিল। এটি মৰোঁ মৰোঁ হৈ থকা শিশু, মৃতদেহ বুলি খাবলৈ ৰৈ থকা এটা শগুণ, সেয়াই মূল কথা আছিল ফটোখনৰ। সেইসময়ৰ চুডানৰ দুৰ্ভিক্ষৰ বিষম পৰিস্থিতিৰ বাৰ্তাৰে কেভিন কাৰ্টাৰে তেওঁৰ কেমেৰাৰে দেখুওৱা দক্ষতাৰ বাবে ফটোখন বিশ্ব সমাদৃত হৈছিল। সেই সমাদৰৰ লগতে অপাৰ জনপ্ৰিয়তা তথা তাৰ লগতে আহিবলগীয়া মান, যশ, ধন-টকা-পইচা ইত্যাদিৰে এজন ফটোগ্ৰাফাৰৰ প্ৰচুৰ সম্ভাৱনাময় ভৱিষ্যত কঢ়িয়াই আনিছিল।
১৯৯৪ চনৰ ২৩ মে’ তাৰিখে, সেই স্মৰণীয় ফটোখন তোলাৰ ঠিক ১৪ মাহৰ পিছত কেভিন কাৰ্টাৰে কলম্বিয়া বিশ্ববিদ্যালয়ৰ লৌ মেম’ৰিয়েল লাইব্ৰেৰীৰ বিশ্ববিখ্যান মঞ্চত থিয় হৈ শ্ৰেষ্ঠ ফটোগ্ৰাফীৰ পুলিটজাৰ পুৰস্কাৰ গ্ৰহণ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ ফটো সাংবাদিকজন সেইদিনা কিছুসময়ৰ বাবে হ’লেও আনন্দত উৎফুল্লিত হৈ পৰি কৈছিল,- “মই সেইদিনা হয়তো কোনেও আশা কৰিব নোৱাৰা হাততালি, আদৰ পাইছিলোঁ।“
কাৰ্টাৰে জোহান্সবাৰ্গত থকা তেওঁৰ পিতৃ-মাতৃলৈ আনন্দতে লিখিছিল,-“মই তোমালোকক মোৰ এই ট্ৰ’ফিটো কেতিয়া দেখুৱাব পাৰোঁ তালৈকে বাট চাই আছোঁ। এয়া সবাতোকৈ মুল্যবান সম্পদ আৰু মোৰ কামৰ ওপৰত সবাতোকৈ শ্ৰেষ্ট সন্মান।“
কাৰ্টাৰক নিউয়ৰ্কৰ সবাতোকৈ আভিজাত্যশীল স্থানত থাকিবলৈ দিয়া হৈছিল। ওচৰ-পাঁজৰৰ আভিজাত্যশীল ৰেষ্টুৰেণ্টবোৰত খাবলৈ অহা বহু গণ্যমান্য ব্যক্তিয়ে তেওঁৰ পৰা অ’ট’গ্ৰাফ ল’বলৈ আহিছিল। বিভিন্ন ফটো আলোচনীৰ সম্পাদকসকলে কলা ৰঙৰ জিন্স, টিচাৰ্ট, হাতত জনগোষ্ঠীয় ব্ৰেচলেট আৰু এখন কাণত ডায়মণ্ডৰ ফুলি পিন্ধা যুদ্ধৰ বিধস্ততাক প্ৰত্যক্ষ কৰা কৰুণ চকুৰ কাৰ্টাৰক লগ পাবলৈ শাৰী পাতিছিল, কাৰ্টাৰৰ পৰা জানিব বিচাৰিছিল বৰ্ণ-বৈষম্যৰে থকা-সৰকা হোৱা দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি নেলচন মাণ্ডেলাৰ কাৰ্যকালত তেনে কোনো বৈষম্য হৈছে নেকি জানিবলৈ! কাৰণ সেই মাহতেই নেলচন মাণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
পুলিটজাৰ প্ৰাইজ গ্ৰহণ কৰাৰ পিছতেই বিশ্বৰ প্ৰায় ২০০ৰো অধিক ফটো সাংবাদিকক প্ৰতিনিধিত্ব কৰা ছিগমা নামৰ এজেন্সিটোৱে কেভিন কাৰ্টাৰক চুক্তিবদ্ধ কৰিছিল। কিন্তু এই সকলো নাম, যশেও কেভিন কাৰ্টাৰৰ অনুসূচনা হ্ৰাস কৰিব পৰা নাছিল। মাত্ৰ তিনিমাহৰ পিছতেই কাৰ্টাৰে সেই জীৱন শেষ কৰাৰ পদক্ষেপ ল’বলৈ বাধ্য হৈছিল। লিখি থৈ গৈছিল এক কৰুণ স্বীকাৰুক্তি,-“মই সঁচাকৈয়ে বহুত দুখিত। জীৱনৰ দুৰ্দশাই আনি দিয়া দুখে মোৰ জীৱনৰ সফলতাৰ সুখক এটা বিন্দুত নাইকিয়া কৰি পেলাইছে।“
প্ৰশ্ন হয় যে কেমেৰাত বন্দী কৰি তোলা মূহুৰ্তৰে হাজাৰ হাজাৰ মানুহক প্ৰভাৱিত কৰা মানুহজনে সফলতাৰ চূড়ান্ত বিন্দুত অৱগাহন কৰি উঠিয়েই কিদৰে নিজক শেষ কৰি দিব পাৰে বুলি!
কাৰ্টাৰৰ এই দুখজনক অকাল মৃত্যুৰ খবৰ জানিব পাৰি বিশ্বৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা মৃত্যুসম্বন্ধীয় টোকাবোৰত সকলোৱে অভিব্যক্তি প্ৰকাশ কৰিছিল যে যশস্যাই জৰিয়তে মনলৈ আনি দিয়া অনুসূচনাৰ শাওপাতৰ বোজা কাৰ্টাৰে কঢ়িয়াব নোৱাৰা হৈ পৰিছিল। কাৰ্টাৰৰ ব্যক্তিত্বত আৰ্তজনৰ প্ৰতি সহমৰ্মিতাৰ প্ৰকাশ আছিল। সেয়েহে নিপিড়ীতজনৰ ফটো লোৱাৰ বাবদ পোৱা যশস্যাই হয়তো তেওঁক সুখী কৰিব পৰা নাছিল। কিন্তু পেছাৰ খাতিৰত সকলোতকৈ আগতে সংঘৰ্ষৰ স্থলীত উপস্থিত হোৱা, নিজৰ ফটোখন ভাল নহ’লে সাবৰ্জনীনভাৱে গ্ৰাহ্য নোহোৱা আদি মানসিকতাৰ দৌৰত নামি যোৱাৰ পিছতো সততে দেখা জীৱনৰ কৰুণ সত্যই কাৰ্টাৰক বাৰে বাৰে ব্যথিত কৰি গৈছিল। সেয়েহে ড্ৰাগ্ছৰ আশ্ৰয়ত সেইবোৰ পাহৰি থকাৰ কুচকাৱাজ কৰি গৈছিল কাৰ্টাৰে। যদি কাৰ্টাৰৰ জীৱনৰ এই উত্থান তথা জীৱন শেষ কৰি দিয়া কাহিনীৰ পৰা কিবা বুজিবলগীয়া শিকনি আছে সেইটো হৈছে দৰাচলতে জীৱনৰ কৰুণ পৰিণতিত নায়কোচিত দিশ থাকিব লাগিব বুলি কোনো কথাই নাথাকে।
কাৰ্টাৰে আত্মহত্যাৰ আগমূহুৰ্তত লিখি থৈ যোৱা টোকাটোৰ শেষৰ বাক্যশাৰীয়ে সঁচাকৈয়ে ইয়াকে প্ৰতীয়মান কৰে,-“সকলোবোৰ মই বিচৰামতেই মোৰ ওচৰত পাইছিলোঁ, কিন্তু মই মই হৈ থকাৰ দিশত এইবোৰে বাধাৰ প্ৰাচীৰ হৈ থকা যেন অনুভৱ হৈছিল।“
এই ফটোখন চালে সেয়ে বাৰে বাৰে অনুভৱ হয় যে ফটোৱে কথা কয়, অলেখ কথা, হাজাৰ কথা। কাৰ্টাৰৰ এই ফটোখনে চুডানৰ দুৰ্ভিক্ষৰ কৰুণ ৰুপটোক বিশ্বৰ আগত জলজল-পটপটকৈ দেখুৱাই থৈ গ’ল। এনেদৰেই কেভিন কাৰ্টাৰে মানুহৰ বিবেকক জোঁকাৰি যাব পৰা এই ফটোখনেৰে সমগ্ৰ বিশ্বক আলোড়িত কৰি থৈ গ’ল।

  ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments