ফটো (জাহ্নু ভৰদ্বাজ)


মোৰ পঢ়া মেজৰ সন্মুখৰ দেৱালত বন্ধাই থৈছো মোৰ দেউতাৰ ফটো এখন৷যোৱাবাৰ বন্ধত ঘৰলৈ যাওঁতে পুৰণি ফটো এলবামৰ মাজত পাইছিলো ফটো খন৷ কিছু সম্পাদনা কৰি ফটোখন ডাঙৰকৈ উলিয়াই আনিছো ষ্টুডিঅ’ৰ পৰা৷ ক’লা ফ্ৰেম এটাৰে বন্ধোৱা ফটোখনত বৰ ভাল লাগিছে দেউতাক৷ফটোৰ লগত মোৰ অতি আচৰিত ধৰণৰ সম্পৰ্ক আছে৷বিশেষকৈ দেউতাৰ ফটোবোৰৰ লগত৷সেয়ে এইখন ঘৰত বিচাৰি পাই মই বন্ধাই থৈছোহি ইয়াত৷মই প্ৰথম বিদ্যালয়লৈ যোৱাৰ দিনা মায়ে শোৱাকোঠাৰ বাকচটোৰ পৰা ফটো এখন উলিয়াই কৈছিল- ‘এয়া তোৰ দেউতাৰ৷আজি সেৱা কৰি যা৷’ দেউতা নামৰ অস্তিত্ব যে মোৰ জীৱনতো আছে, সিদিনাহে মই প্ৰথম বাৰৰ বাবে অনুভৱ কৰিছিলো৷ ফটো খনলৈ চাই চাই মই হাত যোৰ কৰি প্ৰণাম কৰিছিলো৷চলচলীয়া চকুযুৰিৰ আঁৰতো মাৰ সুন্দৰ হাঁহিটো যেন মই দেখা পাইছিলো৷ কিবা এক অসম্ভৱ ভাল লগা ভাৱনা এটাই দিনটোলৈ মোক উৎফুল্ল কৰি ৰাখিছিল৷
দেউতা আমাৰ ওচৰত নাই৷সৰুৰেপৰাই দেখিছিলো, মায়ে সদায় গধূলি চাকি বন্তি জ্বলাই উঠি নিজৰ শোৱা কোঠাত সোমায় কিছু সময়ৰ বাবে৷সেইখিনি সময় মাৰ একান্তই নিজৰ আছিল৷মই বা দাদা কোনো সেইখিনি সময়ত মাৰ ওচৰলৈ নগৈছিলো৷কিছু সময় কোঠাটোৰ ভিতৰত থাকি মায়ে চাদৰৰ আচলেৰে চকুদুটা মোহাৰি সদায় ওলাই আহিছিল আৰু চিধা পাকঘৰলৈ গৈ গাখীৰ- চিৰাৰে জলপান যতনাইছিল আমাৰ বাবে৷সদায় নিৰৱেই জলপান খাইছিলো আমি তিনিও৷এদিন গধূলি মই মায়ে গম নোপোৱাকৈ জুমি চাইছিলো মায়েনো সদায় সেইখিনি সময় কোঠাটোত অকলে কি কৰে বুলি৷দেউতাৰ ফটো এখন হাতত লৈ মায়ে তন্ময় হৈ চাই আছিল, এটা টু শব্দও কৰা নাছিল মায়ে৷পৃথিৱীৰ সমস্ত কান্দোনে যেন ভীৰ কৰিছিল মোৰ আশে- পাশে৷কিয় জানো কিবা এটি বুজা নুবুজাৰ ভাৱেৰে মই সিদিনা নিৰৱে ৰৈছিলো৷কিন্তু আচৰিত লাগিছিল- আমাক দেউতাৰ বিষয়ে কাহানিও একো নোকোৱা মায়ে কিয় তেনেদৰে ফটো খনলৈ চাই ৰৈছিল৷মোৰ মনত থকাৰে পৰা মায়ে আমাৰ আগত এটা শব্দও কোৱা নাছিল দেউতাৰ বিষয়ে৷আমি কৌতুহলো প্ৰকাশ কৰা নাছিলো কোনোদিন৷আমাৰ অভ্যস্ত জীৱন যাত্ৰাত দেউতাৰ অস্তিত্ব বা অভাৱ অনুভৱ হ’বলৈ মায়ে দিয়া নাছিল কাহানিও৷সিদিনাৰ পাছত মই কাহানিও যত্ন কৰা নাছিলো তেনেকৈ চোৱাৰ৷দাদায়ো ডাঙৰ হোৱাৰ লগে লগে মাৰ নিচিনাই ৰহস্যময় হৈ উঠিছিল৷সৰুৰ দৰে মোৰ লগতে সিও আব্দাৰ ধৰা নাছিল দেউতাক আনি দিব লাগে বুলি৷অৱশ্যে লাহে লাহে ময়ো মাক আমনি নকৰা হৈছিলো দেউতাৰ কথা সুধি৷ দেউতাৰ কথা ওলালেই চলচলীয়া হৈ পৰা মাৰ চকুযুৰি মই লক্ষ্য কৰিবলৈ লৈছিলো৷সৰু আছিলো যদিও মাৰ চকুপানী দেখি ভাল পোৱা নাছিলো আৰু সেয়ে তেনে কাম কৰাৰ পৰা লাহে লাহে নিজকে বিৰত ৰাখিবলৈ লৈছিলো৷
তেনেকুৱা সময়তে এদিন মায়ে আমাৰ আগত কৈছিল যে পিছদিনা আমাক, মানে দাদা আৰু মোক লৈ মা ফটো এখন তুলিবলৈ যাব৷আমাৰ সৰুপেটাৰ বজাৰখনৰ পছিমৰ কোণটোত থকা অপৰ্ণা ষ্টুডিঅ’ৰ মালিক আবিৰ মাৰ ছাত্ৰ, গতিকে আমি নিশ্চিত আছিলো যে আবিৰ দাৰ ষ্টুডিঅ’তে গৈ আমি ফটো উঠিমগৈ৷চাৰিদিনৰ পিছত আবিৰ দাই ফটোখনৰ চাৰিটা কপি দি গৈছিলহি আমাৰ ঘৰত৷মায়ে চলচলীয়া চকু মোহাৰি আবিৰ দাক চাহ- পানী যাচিছিল৷এখন ফটো বন্ধাই দিবলৈ বুলি আবিৰ দাকে পুনৰ দি পঠাইছিল মায়ে৷পিছদিনা বন্ধোৱা ফটোখন দি গৈছিলহি আবিৰ দাই৷একেথৰে কিছুপৰ ফটোখনলৈ চাই মাই সেইখন আমাৰ বহা কোঠাৰ আলমাৰীটোত বাহিৰৰপৰা ভালদৰে দেখা পোৱাকৈ থৈছিল৷আমি বৰ ভাল পাইছিলো ফটোখন চাই৷মাই চকী এখনত বহি মোক লৈ আছিল আৰু কাষতে দাদা থিয় হৈ৷সেয়া মই দ্বিতীয় শ্ৰেণীত পঢ়াৰ সময়ৰে কথা৷এদিন সন্ধিয়া সময়ত মই আৰু দাদা ওচৰৰ বুবুলহঁতৰ ঘৰলৈ গৈছিলো, বুবুলৰ জন্মদিনৰ খানা খাবলৈ মাতিছিল৷তাৰ পৰা উভতি আহি ঘৰত সোমাই দেখিছিলো অচিনাকি মানুহ এজনৰ লগত মায়ে কথা পাতি আছিল৷মানুহজনে আমাক কাষলৈ মাতি নি হাত ফুৰাই ফুৰাই মৰম কৰিছিল, ভালদৰে পঢ়িবলৈ কৈছিল৷মায়ে আমাক ভৈৰৱ খুৰা বুলি তেওঁৰ লগত চিনাকি কৰাই দিছিল ৷খুৰাৰ লগত কিছুপৰ কথা পাতি দাদা ভিতৰলৈ গৈছিল৷ভৈৰৱ খুৰাৰ কোলাত মই বহি তেওঁক সুধিছিলো তেওঁ কোন হয় বুলি৷তেওঁ কৈছিল যে তেওঁ দেউতাৰ লগৰ৷কিছুপৰ পিছত মায়ে সেই আমাৰ ফটোখনৰ এটা কপি ভৈৰৱ খুৰাক দিছিল৷বুজা নুবুজাৰ মাজত থৰলাগি থকা মোক অলপ মৰম কৰি ভৈৰৱ খুৰা সিদিনা গুচি গৈছিল৷সুধো নুসুধোকৈ মই মাক সুধিব নোৱাৰিলো কিয় ফটোকপি ভৈৰৱ খুৰাক দিছিল৷মাৰ চলচলীয়া চকু দুটা দেখি মই সেই বিষয়ে কাহানিও একো নুসুধিলো৷
দাদাই উচ্চতৰ মাধ্যমিকৰ পাছত পুনেৰ ফাৰ্গুচন কলেজত নাম লগাইছিল৷ লাহে লাহে ময়ো ডাঙৰ হৈ আহিছিলো৷ভালদৰেই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিলো মই৷অসমৰ ভিতৰত তৃতীয় স্থান পাইছিলো৷মোৰ ৰিজাল্ট দিয়াৰ দিনাখন দোভাগ ৰাতি দৰজাত কাৰোবাৰ টোকৰ শুনি মই দৰজা খুলি দিছিলো৷মোৰ সন্মুখত চিনাকি চিনাকি লগা মুখেৰে মানুহ এজন৷মোৰ পিছে পিছে উঠি অহা মাৰ চলচলীয়া চকুযুৰিলৈ চায়েই মই বুজি পাইছিলো মানুহজন মোৰ দেউতা আছিল৷চুলি অলপ পকাৰ বাদে মই প্ৰথম স্কুললৈ যোৱা দিনাখন মায়ে সেৱা কৰিবলৈ উলিয়াই ফটোখনত দেখাৰ দৰে সাইলাখ একে আছিল তেওঁ৷ ৷দেউতা সেইদিনা অহাৰ সময় আৰু ঢিলা চোলাটোৱে ঢাকি ৰাখিলেওঁ চকামকাকৈ দেখা বেল্টত বান্ধি ৰখা পিষ্টলটোৱে মোক সকলো বুজাই দিছিল যে মোৰ দেউতা প্ৰকৃততে কি আছিল৷একো সোধা নাছিলো মই দেউতাক৷তেওঁহে মোক বহু কথা সুধিছিল৷মই মাথো তেওঁক চাই লৈছিলো হেপাঁহ পলুৱায়৷মা আৰু দেউতা উভয়ে কৈছিল মোক পুৰণি দিনবোৰৰ কথা৷আচলতে তেওঁলোকে নিজেই ভাল লগা সুখৰ মুহূৰ্তবোৰ ৰোমন্থন কৰিছিল, মই আছিলো নিমিত্ত মাত্ৰ৷মা আৰু দেউতাই তেনেদৰে বহি কথা পাতি থাকোতেই মই ৰিজাল্ট ভাল কৰাৰ বাবে সেইদিনাখনেই জেঠায়ে উপহাৰ স্বৰূপে দিয়া অত্যাধুনিক কেমেৰাটোৰে তেওঁলোকৰ ফটো এখন তুলিছিলো৷পুৱতি নিশা যাবলৈ ওলাইছিল দেউতা৷পুনৰ মাৰ সেই চলচলীয়া চকুযুৰি দেখি মোৰ মনটো কেনেবা লাগি গৈছিল৷মায়ে ভৰি চুই সেৱা কৰিছিল দেউতাক৷দেউতাই উচুপি উচুপিয়ে আঁকোৱালি লৈছিল মাক৷সেই মুহূৰ্তটোও মই বন্দী কৰিছিলো মোৰ নতুন কেমেৰাটোৰে৷অলপ সময়ৰ পাছত দেউতাই মোলৈ চাইছিল৷মোৰ মুৰত পিহি পিহি দেউতাই পুনৰ ভালদৰে পঢ়িবলৈ কৈছিল৷হাতত পিন্ধি থকা ৰুদ্ৰাক্ষৰ মালাডাল মোক পিন্ধাই দিছিল দেউতাই৷মোৰ চকুপানী মচি দি দেউতাই কপালত চুমা এটি খাইছিল মোৰ৷তাৰ পাছত তেওঁ পিছফালৰ দৰজাৰে ওলাই আন্ধাৰৰ মাজত বিলীন হৈ গৈছিল৷
তাৰ কিছুসময়ৰ পাছতে গিৰিপ গিৰিপ খোজেৰে চৌদিশ কপাই আহিছিল ৰাক্ষসৰ জাকটো৷বুকু কঁপাই তুলিছিল সেই জোতাৰ ছন্দময় কৰ্কশ শব্দই৷মোৰ ৰিজাল্টৰ বাবে সেইদিনাখন দিনত অভিনন্দন জনাবলৈ অহা মানুহৰ অভাৱ নাছিল৷কিন্তু ৰাতি সেই ৰাক্ষস গালৰ মাজৰ পৰা আমাক বচাবলৈ কোনো আগবাঢ়ি নাহিল৷গোটেই ঘৰটো তচনছ কৰি চোৱাৰ পিছতো একো নাপাই মোক গালি গালাজ আৰু চৰ ভুকু দুটামান মাৰিয়ে সিহঁত যাবলৈ লৈছিল৷এনেতে সিহঁতৰ মাজৰে এটাৰ চকু পৰিছিল বহা কোঠাতে বিছনাৰ ওপৰত থোৱা মোৰ কেমেৰাটোত৷অলপ আগতে তোলা দেউতাৰ সৈতে মাৰ ফটো দুখন দেখা পোৱাৰ পিছত সিহঁত পুনৰ জপিয়াই পৰিছিল আমাৰ ওপৰত৷চাৰিটা জলফাই ৰঙী শিয়ালে মোক অহৰহ চৰ লাঠ মাৰিয়ো একো উলিয়াব নোৱাৰাত অৱশেষত মাক উলিয়াই আনিছিল৷দূৰৰ পৰা অসহায় ভাৱে জুমি থকা এগাঁও মানুহৰ উচুপনি বোৰক তীব্ৰ কৰি, আৰু লেবেজান হৈ পৰা মোক এৰি সিহঁতে মাৰ কাপোৰবোৰ আজুৰি আজুৰি ফালিছিল৷সেই কাপোৰবোৰেৰেই সিহঁতে মাৰ মুখত সোপা দিছিল৷ মোৰ বাবে সেই সময় হৈ পৰিছিল মৃত্যু সদৃশ৷জলফাই ৰঙী শিয়াল কেইটা যোৱাৰ বহুসময়ৰ পাছত গাঁৱৰে জেঠাই দুজনী মানে মাক কিবা কিবি কাপোৰেৰে ঢাকি ভিতৰৰ কোঠালৈ লৈ গৈছিল৷মোৰ কান্দোনবোৰে তেতিয়ালৈ গেঙনিৰ ৰূপ ধাৰণ কৰিছিল৷লেবেজান হৈ পৰি থকা মোক উঠাবলৈ আহিবলৈ কোনেও সাহস কৰা নাছিল৷ওৰে ৰাতি মই তাতেই পৰি ৰৈছিলো৷তিনিদিনৰ পাছত আমাৰ বাৰীৰ আমজোপাৰ ফেৰেঙণি এটাত ওলমি আছিল মাৰ দেহটো৷মোৰ মনত দৃশ্যটো স্থায়ী হৈ ৰৈছিল, ঠিক ফটো এখনৰ দৰে৷
কিছুদিনৰ পাছত মই চিঠি এখন পাইছিলো৷দেউতাৰ চিঠি৷সকলো কথা শুনিও প্ৰকাশ্যে একো কৰিব নোৱাৰাৰ দুখত বিধ্বস্ত মানুহজন চিঠি খনৰ মাজেৰেই জিলিকি উঠিছিল৷মই কান্দিছিলো সেইদিনা বহুপৰ৷অৱশ্যে কিছুদিনৰ পিছত দেউতাৰ আন এখন চিঠি আহিছিল, সেই শিয়াল কেইটাৰ কেম্পটো বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ পৰিকল্পনাৰ কথা লিখিছিল দেউতাই৷চিঠিখনৰ লগতে মা আৰু দেউতাৰ বিয়াৰ ফটো এখন পঠাইছিল দেউতাই৷মই চাই ৰৈছিলো ফটোখন বহুপৰ, তাৰ পাছত কান্দিছিলো মই হুৰাওৰাৱে৷সঁচাকৈয়ে কিছুদিনৰ পাছতে এটা বৃহৎ বিস্ফোৰণত কেম্পটোৰ আটাইবোৰ জোৱান মৰাৰ খবৰ মই কাকতত পাইছিলো৷স্বস্তি পাইছিলো নে দুখ পাইছিলো মই ক’ব পৰা নাছিলো, কিন্তু মই পুনৰ কান্দিছিলো সিদিনা৷দাদাৰ কথামতেই মই কটন কলেজত নাম লগোৱাৰ সিদ্ধান্ত লৈছিলো৷হোস্টেলত সোমাইছিলো মই৷ইয়ালৈ অহাৰ পাছত মই কিছু মুকলি হৈ পৰিছিলো৷কিন্তু ফটোৰ লগত মই সহজ হ’ব পৰা নাছিলো৷আমাৰ হোস্টেলৰ আদৰণি সভাত আমাক হোস্টেলখনৰে ফটো এখন ডাঙৰকৈ বন্ধাই উপহাৰ দিছিল৷ঘামি জামি কোনোমতে অধীক্ষকৰ হাতৰপৰা উপহাৰটো লৈছিলো যদিও খুলি চাব পৰা নাছিলো মই৷ফটোৰ প্ৰতি ভয় লাগিছিল মোৰ, এতিয়াও লাগে৷প্ৰথম অৱস্থাত পৰাপক্ষত ফটো উঠা বা চোৱাৰ পৰা মই নিজকে বিৰত ৰাখিছিলো ৷নোৱাৰিছিলো মই, অস্বাভাৱিক ভয় আৰু সংকোচত মই মূক হৈ পৰিছিলো৷ তেনেকুৱা সময়বোৰতে মই মাৰ কথা ভাৱিছিলো৷ অৱধাৰিত ভাৱে দেউতাৰ কথাও৷সেই পুৱতি নিশা ওলাই যোৱাৰ আগমুহূৰ্তৰ দেউতাৰ চকুৰ সেই দীপ্তিয়ে এতিয়াও মোক প্ৰেৰণা দিয়ে৷আৰু মাৰ কথাবোৰ! মায়ে কৈছিল প্ৰায়ে: “কাপুৰুষেহে ভয় কৰে; পুৰুষে ভয়ক জয় কৰে৷” সেয়ে মই দেউতাৰ ফটোখন বন্ধাই ৰাখিছো ইয়াত৷মাৰ বাবে পৃথিৱীৰ আটাইতকৈ বীৰ পুৰুষজনৰ ফটোখনেৰেই মই সেই ভয় জয় কৰিব খোজো৷আৰু এতিয়া মই পাৰিছো, লাহে লাহে৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক