ফাকুৱাৰ ফোঁট : দিগন্ত কুমাৰ ভট্টাচাৰ্য

বিকি সৰুৰে পৰাই অঘাইটং। বি.এ পাছ কৰাৰ পিছতো তাৰ দুষ্টামিবোৰ সৰু ল’ৰাৰ দৰেই। ফাকুৱা, দেৱালী আদি আহিলে সিহঁতৰ চুবুৰীৰ সকলোৱে ভয় খায় বিকিৰ কাৰণে। কি বা উৎপাত কৰে ঠিক নাই। দেৱালীত সকলোৰে ঘৰত মনে মনে টাইমাৰ বোম লগাই থোৱাটো তাৰ এটা অভ্যাস। ফাকুৱাতো সি অনা ৰঙবোৰ সদায় বেলেগ ধৰণৰ, দুই-তিনিদিনলৈ নাযায়। ফাকুৱাত সেয়ে তাক দেখিলে সকলোৱে দূৰতে পলায়।

যোৱাবছৰৰ ফাকুৱাৰ কথা। ধুনীয়া বগা ছাৰ্ট পিন্ধি সি ৰাতিপুৱা ঘৰৰ পৰা ওলাল। হাতত সৰু বটল এটা। চুবু্ৰীৰ মানুহবোৰে তাক দেখি আচৰিত। ভাবিলে তাৰ আকৌ হঠাতে কি হ’ল, হাতত ৰং নাই, পানী নাই। পিন্ধনতো একেবাৰে নতুন ছাৰ্ট!

‘এইবাৰ ফাকু-চাকু নেখেলোঁ। আপোনালোকে চিন্তা নকৰিব, অকল ফোঁট এটি এটি দিম সকলোকে’। – এঘৰত গৈ ক’লে সি।
‘পিছে এয়া কলা ৰঙ হে আনিছ যে?’
‘কিমান আৰু বাহিৰৰ পৰা ৰঙীণ হ’ম, বৰদেউতা! সকলোতে হিংসা-অশান্তি। এইবাৰ সেয়ে কলা ৰঙৰ ফোঁটেৰে প্ৰতিবাদেই কৰিছোঁ আৰু।’

বিকিয়ে সৰু পেইন্ট ব্ৰাছ এডালেৰে অলপ বহল আৰু দীঘলীয়াকৈ ফোঁট এটি দিলে বৰদেউতাকৰ কপালত।
‘পিছে ব্ৰাছেৰে দিছ যে?’
‘নক’ব বৰদেউতা, ছোৱালীবোৰে ফাকু দিয়াৰ ‘বাহানা’তে গাল-মুখ চুবলৈ যোৱা বুলি ভাবিব পাৰে যে সেইবাবেই…’

বিকিৰ কামক সকলোৱে শলাগিলে। চুবু্ৰীৰ প্ৰায় পঞ্চাশ ঘৰৰ প্ৰতিজনকে কলা দীঘল ফোঁট দিলে সি। ফাকুৱাৰ দিনা ঘৰৰ দৰ্জা বন্ধ কৰি সোমাই থকা বোৱাৰী-গাভৰুবোৰেও বিকিৰ ফোঁট ল’বলৈ লৰি আহিল।

দুপৰীয়া পানী-চাবোনেৰে ধুৱাৰ পিছতো ফোঁটটি সকলোৰে কপালতে থাকিল। মানুহে ভাবিলে বিকিৰ ফোঁট যেতিয়া অলপতো ‘জোৰদাৰ’ হ’বই। এদিন গ’ল। নাই, ফোঁটটোৰ ৰঙৰ অলপো সলনি হোৱা নাই। দুদিন গ’ল। কিছুমান নেমু চেপি লগালে, কিছুমানে কেৰাচিন; কিন্তু ফোঁটটো যোৱাৰ কোনো লক্ষণ নেদেখিলে কোনেও। পিছৰ সপ্তাহত আকৌ চুবুৰীৰ বৰুৱাৰ জীয়েকৰ বিয়া। তাইৰ কপালতো দীঘলীয়া আহল-বহল এটি কলা ফোঁট। শেষত তৃতীয় দিনা, বৰুৱাৰ জীয়েকৰ লগত চুবুৰীৰ ছোৱালী জাকটো বিকিৰ ঘৰ পালেগৈ কলা ৰঙটোৰ বিষয়ে জানিবলৈ।

বিকিৰ সৰু ভায়েকে ক’লে লাহেকৈ – ‘যোৱাবাৰ দাদা পাৰ্টি এটাৰ লগত আছিল যে, এছেম্বলী ইলেকছনৰ দিনা হেনো কিবা ডিউটি কৰিছিল। ভোটাৰৰ আঙুলিত দিবলৈ অনা চিঞাহীৰ বটল এটা লৈ আহিল মনে মনে। সেই ইলেক্ট’ৰেল ইংকত আৰু কিবা এবিধ মিহলাই অলপ বেছি গাঢ় কৰি তোমালোকৰ কপালত দিছে সি। এমাহ মানলৈ ৰং নোযোৱাটো খাটাং!!’

খঙত অগ্নিশৰ্মা হৈ সকলোৱে বিকিক বিচাৰিলে। বিকি হেনো ফাকুৱাৰ দিনাই ‘দাদৰ এক্সপ্ৰেছ’ত উঠি মুম্বাইলৈ আহিছে সম্পৰ্কীয় দাদাক এজনৰ ওচৰলৈ, তিনি-চাৰিমাহ মান পিছতহে উভতিব।

এতিয়াও সেই চুবুৰীটোক আন ঠাইৰ মানুহে ‘ফোঁট লোৱা চুবুৰী’ বুলিয়ে জানে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments