ফাগুনত লিগাং চাবলৈ, ঘূণাসুঁতিলৈ – কবিতা ডেকা


লখিমপুৰত মোৰ চাকৰিকাল ক্ষণস্থায়ী৷ স্মৃতিৰ মেটমৰা নহ’লেও অলপ গধূৰ টোপোলা এটাকেই বুকুত বান্ধি লৈ আহিলো৷ বহু কাম মানুহে ইচ্ছা কৰিও কৰিব নোৱাৰে, কিন্তু কিছুমান হাবিয়াস অনায়াসে পূৰণ হৈ যায়৷ মই লখিমপুৰলৈ যোৱাৰ পৰাই কিছু ভিতৰুৱা অঞ্চল আৰু সেই অঞ্চলৰ মোৰ বিভাগৰ কাম কাজৰ বুজ লোৱাৰ চেষ্টা কৰি আছিলো৷ পুনৰাই কোৱা ভাল হ’ব যে মই চেষ্টাহে কৰি আছিলো৷ তাৰেই বোধহয় ফলশ্ৰুতি আজিৰ ডায়েৰীৰ এইখিলা পাত…….

সোৱণশিৰি, স্বৰ্ণ নদী! তিব্বতৰ উত্তৰ ঢালৰ ৫ কিঃমিঃ উচ্চতাৰ পৰা ওলোৱা লকংচু নদীখনেই হৈছে সোৱণশিৰিৰ উৎস৷ তিব্বতৰ পৰা ওলোৱা নদীখন অৰুণাচলৰ মাজেৰে আহি গেৰুকামুখৰ নামনিত লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমাৰে বৈ গৈছে৷ চাউলধোৱা ঘাটৰ পৰা কিছুদূৰ আহিয়েই নদীখন দুটা শাখাত বিভক্ত হৈ সৃষ্টি কৰিছে ঘূণাসুঁতিৰ৷ আজি মোৰ লক্ষ্যস্থান ঘূণাসুঁতি৷ ঘূণাসুঁতি নামটোৰ সতে স্কুলীয়া দিনৰে চিনাকি৷ প্ৰেমৰ কথা বুজা নুবুজা দিনতেই ৰজনীকান্ত বৰদলৈৰ ঐতিহাসিক উপন্যাস ’মিৰি জীয়ৰী’ পঢ়ি শিহৰিত হৈছিলো৷ কি ভয়ংকৰ পৰিণতি প্ৰেমৰ! কিন্তু জীৱন্ত হৈ আছিল অমৰ প্ৰেমৰ কৰুণ গাথাঁ! মনৰ কোণত বাহ সাজি বহি আছিল জংকি পানৈৰ কথা, ঘূণাসুঁতিৰ কথা! পিছৰ সময় চোৱাত জুবিনৰ কণ্ঠত আচিন আয়াং … শুনি শুনি ময়ো মন মেলিছিলোঁ ঘূণাসুঁতিৰ পাৰত বহি জংকি পানৈৰ কথা শুনিবলৈ! এতিয়া সেই সপোন দিঠক হোৱাৰ সময়….

৪ মাৰ্চ, ২০১৯, ঘূণাসুঁতি অঞ্চলৰ তনুচুক আৰু ডম্বুকিয়াল গাঁৱৰ ৰাইজৰ মাজৰ মতানৈক্যই মোক লৈ গ’ল ঘূণাসুঁতিলৈ! CRCC বুবুল দত্তৰ সৈতে কথা বতৰা হৈ গৈছিল ইতিমধ্যে৷ তেওঁ মোৰ পথ প্ৰদৰ্শক সেইদিনাৰ বাবে৷ সেই নিৰ্দিষ্ট দিনটোৰ দুদিনমান আগৰে পৰা বতৰ গোমা আছিল৷ বতৰৰ বাবেই চাগে মনটোও গোমা হৈ আছিল৷ সহকৰ্মী বৰফুকনে কৈছিল, “বতৰ বেয়া হ’লে ৰিস্ক নলব বাইদেউ৷ বাট পথ বেয়া৷ বাইকৰ বাহিৰে অন্য গত্যন্তৰ নাই৷”

আগদিনাৰ জঠৰতা আঁতৰাই, ৪ মাৰ্চৰ দিনা কিছু দেৰিকৈয়ে শোৱাপাটি এৰিলো৷ বতৰ বৰ ভাল নহয়৷ আঠ বজাত হঠাৎ সিদ্ধান্ত ললো, মই আজি যামেই! লগে লগেই বুবুল দত্তক যোগাযোগ কৰিলো৷ তেওঁ দহ বজাত মোক লৈ যোৱাৰ কথা৷ তেওঁ ক’লে, “বাইদেউ আজি বতৰটোও বেয়া, ঠাণ্ডা পাব আপুনি!” মই ভাবিলো মোৰ হাতত সময় কম, গতিকে ঠাণ্ডাক মূৰত উঠাই ললে নচলিব! মই সময়তকৈ ৫ মিনিট দেৰিকৈ যাত্ৰা আৰম্ভ কৰিলো৷ সময় তেতিয়া ১০ বাজি ৫ মিনিট!

লখিমপুৰ চহৰৰ পৰা ডি কে পথেৰে প্ৰায় ১৫ কিলোমিটাৰ গ’লে পোৱা যায় বালিভেটা ঘাট৷ ডি কে পথৰ পৰা ফাটি গৈ হিন্দু গাওঁ, মাহহ’ৰা, ঘাৰমৰা সত্ৰ পাৰহৈ পালোগৈ বালিভেটা ঘাট৷ এইচোৱা বাট মোৰ বাবে প্ৰত্যাহ্বান৷ কঁকালৰ বিষে তবধ মানিলে৷ পথ প্ৰদৰ্শক বুবুলে কৈ গৈছে বহুত কথা, ঠাইখনৰ কথা, মানুহবোৰৰ কথা, লগতে মোৰ অজস্ৰ প্ৰশ্নৰ উত্তৰ৷ তেওঁ কোৱা কিছু কথা কাণত পৰিছে, কিছু কথা বতাহত উৰিছে৷ মই বাইকত মোৰ ভাৰসাম্য ৰক্ষাত মনোযোগ দিছো আৰু লগতে জংকি পানৈৰ অমৰ প্ৰেমৰ সোঁৱৰণিৰ মাজত বুৰ গৈছো৷ কোনো এপাকত বাইকৰ পৰা আধা ফুট ওপৰলৈ গৈ পুনৰ সঠিক ঠাইতে পৰিছোহি৷ নিচান এবাৰো ব্যৰ্থ হোৱা নাই! মোৰ কঁকালৰ বিষটো? হঠাৎ যেন কৰবাৰ পৰা ভাঁহি আহি মোৰ কাণত পৰিল জংকিৰ সেই প্ৰাণময় মাত, “পানেই ন্ দুখ পা-তনে?” নাই নাই, মই কঁকালক পাত্তা দিয়া নাই! অৱশেষত ঘাট পালোগৈ৷ ঘাটৈ আছে৷ এজন পাহোৱাল ডেকা৷ কথা বতৰা অমায়িক৷ বুবুলে কথা পাতিলে৷ আমি দুয়োজন ভটভটিত৷ প্ৰথমবাৰ উঠিছোঁ, সেয়ে কিছু ভয়ো লাগিছে৷ কিন্তু অপৰিহাৰ্য্য চেল্ফিখন উঠিবলৈ পাহৰা নাই দুয়ো! মই নিজৰ কাষত থাকিও বাৰে বাৰে হেৰাই গৈছো কৰবাত! সোৱণশিৰিৰ নিৰ্মল পানীৰ ধাৰত গুৰি বঠা ধৰি গাই থকা জংকিৰ সেই মাত মোৰ কাণত পৰিছে …..

বাৰে নৈৰ নিৰেমল পানী ঐ কনেঙ্ ঐ
বাৰে নৈৰ নিৰেমল পানী
তাতোকৈ নিৰেমল সৰুটি কনেঙ্ ঐ
যেন চৰিয়াৰ পানী –

কুমৰোক চুডুঙ্!
স্বাগতম জনাইছো!

পাৰ পালোগৈ, সিপাৰ! ফাগুন মাহ, গছ গছনিত ন কুঁহি মেলিছে৷ সকলোৱে যেন বসন্তক স্বাগতম জনাইছে৷ এইবাৰ যিহেৰে বাট বুলিলো সেয়া যেন বাট নহয়! মাহতলী, সৰিয়হতলীৰ মাজে মাজে গৈ থাকিলো৷ বকিয়াত নৰা পেলাই চাইকেল, মটৰ চাইকেল যোৱাৰ সুবিধা কৰি লোৱা হৈছে৷ ভাবিছো, এনে ভিতৰুৱা ঠাইলৈ কাম কৰিবলৈ অহা জনে নিশ্চয় আনতকৈ কিছু বেছি সুবিধা পোৱা উচিত! নহ’লে এনেকুৱা অঞ্চলৰ উন্নতি সুদূৰ পৰাহত!
সৰিয়হতলীত মৰণা মাৰিছে৷ গেদ বোৰ জ্বলাই দিয়াত এটা ধোঁৱাময় পৰিবেশ৷ ধূসৰ হৈ পৰিছে সকলো, এই অঞ্চলৰ মানুহখিনিৰ ভবিষ্যতৰ দৰে! বতৰে আমনি কৰিবলৈ ল’লে৷ মই বাৰে বাৰে বুবুলক সুধিছোঁ, “আৰু কিমান দূৰ আছে পাবলৈ?” টোপ টোপ বৰষুণ সৰিছে… এয়া কাৰ চকুপানী? জংকিৰ, পানৈৰ, ডালিমীৰ নে ঘূণাসুঁতিৰ দৰে পিছপৰা ঠাইবোৰৰ উপেক্ষিত মানুহখিনিৰ? মোৰ মনটো সপোন আৰু বাস্তৱৰ ঘূণাসুঁতিৰ মাজত দুলিবলৈ ধৰিলে! আমি সকলোৱে জানো বাস্তৱ সদায় কঠিন! জংকি পানৈৰ শেষ পৰিণতি এতিয়া মোৰ বাবে সহজে বোধগম্য৷ আমিবোৰ কিছুদূৰ আগুৱাই আহিলো, কিন্তু এনেকুৱা ঠাইৰ মানুহবোৰ?

ইতিমধ্যে গাঁৱত প্ৰবেশ কৰিলোঁ৷ দুই এঠাইত মানুহৰ জুম৷ গাৱলৈ অফিচাৰ আহিছে৷ তনুচুক প্ৰাথমিক বিদ্যালয়ত ৰাইজ গোট খাইছে৷ তেওঁলোকৰ মৰমৰ ’ৰিবিগাচেং’খন উপহাৰ হিচাবে লওতে মনটো সেমেকিছে৷ তেওঁলোকে বহত আশা কৰে আমাৰ পৰা৷ আমি অসহায়৷ তেওঁলোকৰ মনৰ কথা শুনিছো৷ যুগুত অযুগুত অনেক কথা কৈছে! আমি শুনিছো৷ অৱশেষত সিদ্ধান্তত উপনীত হবলৈ চেষ্টা কৰিছো৷ কিছুমান কথা সহজ হলেও আমিয়েই জানি বুজি জটিল কৰো! তাৰ মাজতে এজনে সুধিলে, “বাইদেউ ছাই মদ খায়নে?” মই কোৱাৰ আগতেই এজনে ক’লে, “বাইদেউৰ ভাগটো আপুনিয়ে খাব৷” মোৰ কিন্তু কথাখিনি পচন্দ নহল, যদিও তেওঁ ধেমালিতে কৈছিল৷ মই ক’লো, “কিয় খাব লাগে বেছিকৈ? এইবোৰেইতো আপোনালোকক পিছুৱাই লৈ গৈ আছে৷” আমাৰ ভিতৰুৱা অঞ্চলবোৰত পৰম্পৰাৰ নামতেই হওক বা আন কাৰণতেই হওক ৰাগীয়াল দ্ৰব্য ব্যৱহাৰৰ সমস্যাটো দিনে দিনে কমক চাৰি বাঢ়িছে৷ তেওঁলোকৰ মাজৰে যি দুই এজনে জানে যে এইটো এটা ডাঙৰ সমস্যা, তেওঁলোকে কিন্তু এই পৰিবেশটো বৰ্তি থাকিলেই ভাল পায়৷ লাভ যে তেওঁলোকৰে হয়! মই ভাষণ আৰু উপদেশ দিয়াৰ পৰা সদায় নিজক বাৰণ কৰি ৰাখো৷ তথাপিও ক’লো, “আপোনালোকে নিজকে সলনি কৰক! আমি আগুৱাই যাবলৈ হ’লে নিজেই বাট কাটিব লাগিব!” মই জানো উপদেশ দিয়াতো কিমান সহজ!

সময় এক বাজো বাজো৷ দুপৰীয়াৰ আহাৰৰ সময়৷ তেওঁলোকৰ মৰম আৰু আতিথ্যক মই নেওচা দিব নোৱাৰো৷ খুপি খুপি চাংঘৰত উঠিলো৷ সকলো জনগোষ্ঠীৰে সুবিধা, পৰিবেশ আৰু পৰিস্থিতি সাপেক্ষে নিজস্ব পৰম্পৰা গঢ়ি উঠে৷ মিচিং জনগোষ্ঠীৰ চাংঘৰবোৰো তাৰেই নিদৰ্শন৷ নদী কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলে আটোমটোকাৰিকৈ বনোৱা চাংঘৰবোৰৰ আমেজ সুকীয়া৷ পাঁচ তৰপীয়া জাপেৰে সজা চাংঘৰটোৰ মাজতে ম’ৰাম (চৌকা)৷ তাৰ ওপৰত দুখন চাঙ..পৰাপ আৰু ৰাব্বেন৷ সেই দুখন সাঁচতীয়া বস্তুৰে ভৰি আছে৷ গাঁৱৰ মুখিয়ালৰ ঘৰতে সকলো আয়োজন হৈছে৷ আলহী সোধাৰ প্ৰথম পৰ্ব, ডাঙৰকৈ এবাতি ৰঙা পানী আৰু প্লেটত ভজা মাংস৷ পেয়ৰ সৈতে বিস্কুট, কেক, মিঠাই নহ’লে মই পানীটুপি খাবলৈ ভাল নাপাওঁ৷ আজি ব্যতিক্ৰম! মনে মনে ভাবিছো গৃহস্থই যি দিছে সেয়াই ভাল৷ ইতিমধ্যে যোৱা চাৰি মাহত লাল চাহ এটুপি কামৰ মাজে মাজে গলাধকৰণ কৰাৰ মৃদু অভ্যাস এটা গঢ়ি উঠিছেই৷ আজি তাতে ঠাণ্ডা ভাবটো লাগিয়েই আছে৷ গতিকে বাতিটো দেখি মনটো ভাল লাগি গ’ল৷ ৷ হেন সময়তে এজনে ক’লে, “বাইদেউ আমাৰ মিচিঙৰ ঘৰত চাই মদ এটুপি প্ৰথমে খোৱাৰ নিয়ম৷”

জানেনে, ভাগ্যে ৰঙা পানীটোপা চাহ বুলি পি দিয়া নাছিলোঁ, ঢোকা ঢোকে! মই মনে মনে নেদেখা জনক প্ৰণাম এটা জনালো৷ তেৰাকেই চিন্তি বহি থাকিলো৷ মই এনে পানীয় গ্ৰহণ কৰিবলৈ অপাৰগ যদিও এচামুচ পি দিম বুলি ক’লো৷ এজনে লগে লগে ক’লে “ইয়াত নাখাৱ যদি লৈ যাবি ঘৰলৈ৷” বুবুলৰ এই ভাগি ধৰাৰ অভ্যাস আছে নে নাই নাজানো, তথাপি ক’লো, “তুমি নাখাবা, মই কিন্তু তোমাৰ বাইকত উঠি আকৌ লখিমপুৰ পাবগৈ লাগিব হাড় কেইডাল নভঙাকৈ!” ৰঙা চাউলৰ মোটা ভাত, ভালকৈ নিসিজাকৈ শুকান জলকীয়া সৰহকৈ দি তেল মৰা ডাইল আৰু মূৰ্গী মাংসৰ আঞ্জাখনেৰে সেই সাজ ভাত বৰ তৃপ্তিৰে খালোঁ৷ মানুহে কয় ভোকেই ভাতৰ আঞ্জা৷ মই সংযোগ কৰি দিওঁ, মৰমেই তাৰ সোৱাদ! জীৱনত প্ৰথমবাৰৰ বাবে একে বহাতে তিনিটা কাম কৰিলো৷ খোৱাৰ আগতে হাত ধুলো, ভাত খালো আৰু তাতেই বহি খাই উঠি হাত ধুই দিলো৷ ( মই এলেহুৱা মানুহ হোৱাৰ বাবেই বাবে কিন্তু পদ্ধতিটো বৰ ভাল পালো৷)

খোৱা বোৱা পৰ্ব শেষ হোৱাৰ আগে আগে আহি ওলাল ঘৰৰ গিৰিহঁতনী৷ তেওঁ গমেই নাপায় নিজৰ ঘৰত চলা আয়োজনৰ কথা৷ তেওঁ সুখৰ নে দুখৰ নাজানো, কিন্তু ৰাগীত মাতাল৷ কোনোবা এজনে চিনাকী কৰি দিলে৷ তেওঁ ভঙা ভঙা কথাকেইটামান ক’লে, “কি ক’বি আমি ল’ৰা জন্ম দিলোঁ আৰু হৈ গ’ল!” তেওঁৰ সৰল স্বীকাৰোক্তি, “আমি এইবোৰ খাই থাকিলে চব পাহৰি যাওঁ৷ তোকো পাহৰি যাম!” মনটো গধুৰ লাগিছে, তেওঁলোকে মোক পাহৰি যাব বুলি নহয়, তেওঁলোকে যে নিজকে পাহৰি আছে, পাহৰি আছে তেওঁলোকৰ সমস্যাবোৰ, সেইবাবেহে!
তললৈ নামি আহিলো৷ তলত জংকি পানৈৰ উত্তৰ সুৰী এজাক ৰঙীন ডেকা গাভৰু৷ ডাঙৰ ডাঙৰ সপোনৰ পৰা আঁতৰত থকা এজাক চঞ্চল যৌৱন! তেওঁলোকৰ মন ঐনিতম গাই এপাক নচাৰ৷ ময়োতো গৈছোৱেই লিগাং চাবলৈ! নাচ গান আৰম্ভ হ’ল৷ ডেকা বুঢ়া সকলোৱে নাচিলে এপাক৷ মোৰ দৃষ্টিয়ে পিটপিটাই বিচাৰি ফুৰিছে জংকি পানৈক বিচাৰি! হঠাতে জংকিয়ে যেন অভিমানৰ সুৰত কৈ উঠিল, “মই বুজিলোঁ পানেই! তই মোক ভাল নাপাৱ৷ নহলেনো আজিৰ নাচত তই মাজে মাজে কুমুদৰ ফালে কেলেই বাৰে বাৰে চাইছিলি? প্ৰেয়সী পানৈৰ বুকুত হাঁহাকাৰ…. “এ আয়! তই কি কথাবিলাক কৱচোন!”

এইদৰেই কিছু সময় পাৰ হ’ল৷ মোৰ আৰু বুবুলৰ চকু তেতিয়া হাতৰ ঘড়ীত৷ সময়ে কাকো অনুমতি নিদিয়ে কতো অনন্ত কাল ৰৈ থকাৰ…. আমাৰ বিদায় লোৱাৰ সময় হ’ল৷ বুবুল গৈয়ে থাকিব সেই ঠাইলৈ৷ তেওঁৰ অনুভৱ সেয়ে মোতকৈ সুকীয়া৷ মই জানো এয়া হয়তো মোৰ শেষ দেখা এইখিনি মানুহৰ সতে! তথাপিও ভাবিছো…. আকৌ আকৌ নম্ ৰেক্সুৱেকং!

(মই লখিমপুৰ এৰাৰ প্ৰস্তুতি প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ইতিমধ্যে! তেওঁলোকৰ সৈতে অফিচিয়েল সম্পৰ্ক শেষ হৈ যাব, কিন্তু মই তেওঁলোকক কথা দি আহিছো, তেওঁলোকৰ সমস্যাটো অন্য ঠাইত থাকি হ’লেও উৰ্দ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰাখি সমাধা কৰিম৷ )

আমি যোৱা বাটে উভতি আহিলোঁ৷ এতিয়া তেওঁলোকৰ মনত অলপ সাহস আৰু মোৰ মনত কিছু সংশয়!

আকৌ ক’ৰবাৰ পৰা যেন ভাঁহি আহিছে বিননি…

“নকৰিবি বয়ে ঐ
নাকান্দিবি চেনেঙ ঐ
মনলৈ যে নানিবি শোক
ইপুৰি যে এৰি ঐ
পামেগৈ যে ৰেগাম ঐ
দুঃখৰে পৰিব ওৰ৷ “

মই নাজানো সঁচাকৈ পৰিবনে দুখৰ ওৰ!
নাজানো কেতিয়া তেওঁলোকে পোহৰ দেখিব!
মথো মনতে ভাবিছোঁ, ঘূণাসুঁতি কেতিয়াও নাপাহৰো তোক!

ঘূণাসুঁতি,
নম্ অডিল’চেন্ মিটপাঙচুমাঙ্!
★★

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments