ফাগুনৰ আলাপ ( কিশোৰ তালুকদাৰ )

Kishore K Talukdar

ওখ শিমলুজোপাই আকাশ জ্বলাব খুজিছে
দগ্ধ মাটিত মানুহ, মন, মঙহ দহিছে

হেৰৌ উতনুৱা ফাগুন!
কেনেকৈনো নাহিবি বোলো তোক

আহিছ’ যেতিয়া আহ
বিষাদৰ বিহবোৰ উৰুৱাই লৈ যা
মাথোঁ ল’ৰামতীয়া খৰধৰ কৰি
কণমানিহঁতৰ বুকুত দি নাযাবি
জীৱন শুকোৱা কাহ

তই দেখোন জান’ই
সিহঁতেই আমাৰ জীয়াই থকাৰ হেঁপাহ!

আহিছ’ যেতিয়া আহ
পিৰালিতে বহি চাহ-পানী এবাটিকে খা

কি বেজাৰত জঁই পৰিছে পলাশ,
শুচি-অশুচি অপইতা ধৰম ভাঙি
যাচোন যা
মদাৰকে এবাৰ সুধি-পুছি চা!

আহিছ’ যেতিয়া আহ
হাঁচতিত আনিছনে বসন্তৰ বা?
কণমানিহঁতৰ হাতত দি যাবি
উমলিবলৈ
ভালপোৱাৰ ফাকুৱা!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments