ফাগুন আহি আছে (-সত্যজিৎ কুমাৰ কাকতি)

 

শীতৰ সেমেকা পুৱাৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰি যায়।চৌপাশ আৱৰি ধৰা গোমোঠা

কুঁৱলীৰ আৱৰণ ,নিয়ৰসৰা নিশাৰ লগতে নিৰ্জন নিৰৱ দুপৰবোৰে ক্ৰমশঃ বিদায় লয়

প্ৰকৃতিৰ বাধ্যবাধকতাৰ নিয়তিৰ পয়োভৰত।

তেতিয়া নাথাকে সোণোৱালী আঘোণৰ ধাননি,নাথাকে পুহৰ তুষাৰময় শীতলতা ,নাথাকে

ভোগৰ পেট পূৰোৱা মাঘ।

তেতিয়া চৌপাশত উকমুকায় সেই চিৰপ্ৰত্যাশিত ফাগুন।

ফাগুনতেই নাচি নাচি আহে হেঁপাহৰ বসন্ত। ফাগুনেই প্ৰকৃতিক সজাই তোলে

চতুষ্পাশ অপূৰ্ব সৌন্দৰ্য্যৰ আৱেশত।

এই ফাগুনতেই ডুব যায় কতজন অঁকৰা কবিৰ অনাবিল অনুভৱ। পথাৰত থিয় হৈ থকা

বিস্তীৰ্ণ নৰানিবোৰ ফাগুনৰ আঁচল উৰুওৱা বতাহৰ মলয়াত হাউলি ৰয়।

ৰিৱ-ৰিৱ মলয়া পছোৱাই কঢ়িয়াই আনে ঠিকনাবিহীন সৰাপাতৰ খিলা খিলা পাতবোৰ।

পাতসৰা লঠঙা গছবোৰে দুবাহু প্ৰসাৰি থিয় দি ৰয়,কিবা হেৰুওৱাৰ বেদনাত নতুবা

কিবা নতুনকৈ পোৱাৰ ভাৱনাত।

এফালে ফাগুনৰ আঁচল উৰুওৱা বতাহ আনফালে ফাগুনৰ প্ৰেমিক কবিয়ে বতাহৰ

ছন্দোলিত লহৰত শব্দৰ মালা গাঁঠি বাক্যৰ টুকুৰা টুকুৰা খণ্ডত কবিতা সাজি

গায়—

মোকতো পোৱাই চিনি,মই যে ফাগুন।

অঁকৰা কবিৰ স’তে চুপতি মৰাৰ বাবে

মোৰতো বহুত বদনাম।

চাদৰৰ আঁচলেৰে নিচান উৰুওৱা আৰু

ধূলিৰে দুচকু ঢাকি

অচিনাকী বান্ধৱীৰ প্ৰথম দেখাৰ মূহূৰ্তটো

খেলিমেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস…..

(কবি-নৱকান্ত বৰুৱা।)

হঠাতে মেঘৰ চপৰাই আকাশ ঢাকি সৰুওৱা বৰষুণৰ কিনকিনীয়া জাকে জীপাল কৰে

চৌপাশ নতুবা এটা স্বতঃস্ফূৰ্ত ৰ’দে কোমল ৰহণ সানি আদিগন্ত নীলাভ কৰে

আকাশ।–এইয়াই ফাগুনৰ অভ্যাস।

উতলা নে উৰুঙা ফাগুনে পলাশ, মদাৰ ,শিমলুক ৰঙা বেশত সজায়।এই ৰঙা তেজৰ নহয়

,এই ৰঙ সৌন্দৰ্য্যৰহে। লঠঙা গছবোৰেও আকুলে বসন্তৰ কোলাত ওমলি ন সেউজৰ সাজ

পিন্ধে। আচলতে ফাগুন মানেই যে ৰং।এফালে প্ৰকৃতিৰ সপোন যেন লগা অতুলনীয়

,আবেশিত তথা বৈচিত্ৰময় আলোকিত ফাগুনৰ ৰহস্যময় নাচনি আনফালে ৰঙৰ উৎসৱ

ফাকুৱাত মানৱ মনৰো ৰঙীন সপোন হৃদয়ৰ কোঁহে কোঁহে পাহি মেলি নাচে।-এইয়াই

চাগে ফাগুন!

এটি নিজান দুপৰত পছোৱাৰ আগমনত পথাৰৰ বিস্তীৰ্ণ নৰাণি নতুবা দূৰণিৰ পাহাৰৰ

বননিত জুইয়ে জ্বলি-জ্বলি স্বভাৱ হেৰুৱায়।

এনে ফাগুনৰ কাণ্ড-কাৰখানাত হৃদয়খনেও সৰু ল’ৰাৰ দৰে উমলি-জামলি কাষ চাপে

ফাগুনৰ কাষলৈ।

এক আবতৰীয়া বতৰে বহাগীজনী অহাৰ উমান বাৰুকৈয়ে দিয়ে আৰু এইবাবেই হয়তো

বিহুগানতো ফাগুনে গীতিকাৰক আমনি কৰে ,মলয়াই সুৰকাৰক সুৰ নিগৰাই দিয়ে,

নীলা নীলা আকাশে কণ্ঠ দি পলকতে বৈ আহে ক’ৰবাৰ পৰা উগুল থুগুল লগোৱা গান-

“ফাগুনী মলয়াই ঐ

দেহা-মন উৰুৱাই ঐ …..”

ফাগুন প্ৰকৃতিৰ হে, পিছে এনে লাগে যেন ফাগুন আহে হৃদয়ৰ বাবে। যেন হৃদয়ৰ

নিভৃততম কোণৰ পৰা বাধা নামানি ওলাই আহিছে এই ফাগুন।এই ফাগুনতেই মোৰ মনে

বাৰে বাৰে কয় —

অ’ ফাগুনৰ ফাগুনীজনী

তইচোন জানই

ময়েইচোন তোৰ আজন্ম প্ৰেমিক।

নালাগেচোন মোক বলিয়া কৰিব

তোৰ অস্তিত্ববিহীন মায়াৰ সত্তা ঢালি।।

ফাগুন চিৰপ্ৰত্যাশিতভাবেই আকৌ আহিব।দেহ-মন ৰোমাঞ্চিত কৰি যোৱা প্ৰতিজাক পছোৱাই আপোনাৰ-মোৰ বাবে লৈ আহিব অনাবিল প্ৰশান্তি আৰু নষ্টালজিয়াৰ কিছু মহানুভৱ॥

সত্যজিৎ কুমাৰ কাকতি

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

ফাগুনৰ সুন্দৰক মনোমোহাকৈ প্ৰকাশ হৈছে।