ফাগুন ( দীপ্তি দেউৰী বৰা )

Dipti Deuri

যি উন্মাদনাৰে তই কঢ়িয়াই আনিছিলি প্ৰিয়জনৰ কথা
চুলিৰ সেওঁতা ফালি তেওঁ কেতিয়াবাই লগত লৈ গ’ল ৰঙাবেলি৷
এতিয়া মোক হাতত ধৰি কোনেও দেখুৱাব নোৱাৰে সৰিয়হৰ সৰি পৰা হালধীয়া
তই কঢ়িয়াও ৰঙা ….
পলাশ কিম্বা শিমলু যিয়েই নহওক
ফাগুন তোৰ বাবেই মই পলৰীয়া৷
তোৰ বতাহে এতিয়া নকঁপায় মোৰ প্ৰেমিক মন
চেৰেকা পানীৰে মই পখালোঁ যৌৱন
চিঙি থোৱা তেজপাতৰ বৰণ কেতিয়াবাই ল’লোঁ
ফাগুনীয় যন্ত্ৰণালৈ মই বুটলিব খোজা নাই কণা শিমলু
মেঠনীয়া বুকুত কঢ়িয়াই ফুৰিছোঁ পোনাকেইটা মানুহ কৰাৰ হাবিয়াস
জীৱনৰ স’তে সন্ধিপত্ৰত স্বাক্ষৰ কৰিলোঁ কেতিয়াবাই
চকুত লৈ ফুৰিছোঁ উদৰ পুৰাই খোৱাৰ হেঁপাহ৷
তই আহিলে মই হাবিলৈ যাওঁ বুটলিবলৈ গছৰ শুকান ডাল
পাহৰিলোঁ মই হৃদয় বিনিময় হ’লে কিমান দিনলৈ নোখোৱাকৈ থাকিব পাৰি ভাত৷

ফাগুন, তই চকুত অঞ্জন লোৱাব নোৱাৰিবি মোক
তই গুচাব নোৱাৰ মোৰ পেটৰ ভোক
গছৰ ডালত তই ফুলালি ৰঙা
পানী চাঙেৰীত ঢৌ খেলালি
পচতুলী গাভৰুৰ মন ভুলালি

আৰু
মই তিনিটা ধাপত জ্বলাব খুজিছোঁ জুই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments