ফাগুন যেতিয়া কণমানি আছিল -কণক চন্দ্ৰ ৰায়

ফাগুন যেতিয়া কণমানি আছিল

ডিঙডিঙা গছৰ খলপাৰে সজা চকৰিত
ঘূৰি ঘূৰি ধেমেলীয়া দৌৰ দিছিল
বাঁহনি তলৰ বাটটোৱেদি হাফ পেডেল মাৰি মাৰি
কেতিয়াবা চাইকেল চলাইছিল ফাগুনে
চকাৰ গাত আঁৰি দিয়া বাঁহৰ ঢকুৱাত ঠেকা খাই খাই
সেই চাইকেল হৈ পৰিছিল মটৰ চাইকেল

কুঁজিয়া পাৰৰ বালিত তলভৰি সৰা
পকা বগৰীৰ দৰে গোন্ধাইছিল ফাগুন
আমাৰ সৰু সৰু আঙুলিৰে
কন্দোলা ভৰাই আমি বুটলি আনিছিলো ফাগুনক
আইয়ে বাঁহেৰে সজা বাৰীৰ চাং এখনত
শুকাবলৈ মেলি দিছিল ফাগুনক

ওখ ডালবোৰত ফুলি থকা
ৰঙা শিমলুবোৰৰ দৰে
শুকাই শুকাই ৰঙা পৰিছিল ফাগুন

বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিছিল ফাগুনে
আৰু আমি বৰষুণ অহাৰ আগে আগে
চপাই আনিছিলো ফাগুনক

ফাগুন তেতিয়া কণমানি আছিল কাৰণে
আমাক ক’ব পৰা নাছিল
লঠঙা ডালত ৰঙাকৈ কাতৰ হোৱা
শিমলু ফুলবোৰৰ দৰে
বুকুত বাঢ়ি অহা অপাৰ তৃষ্ণাৰ কথা

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বিৰাজ কুমাৰ সাউদ।
4 years ago

ফাগুন যেতিয়া কণমানি আছিল, কবিতাটোত ফাগুনৰ এটি সুন্দৰ বৰ্ণনাৰ লগতে কবিয়ে ফাগুন মাহৰ ল’ৰালিৰ ধেমালিবোৰ ডাঙি ধৰাত যথেষ্ট সফল হৈছে। কবিতাটো পঢ়ি ভাল লাগিল।

কনক চন্দ্ৰ ৰায়

অশেষ ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে।