ফাট মেলা বসুমতী পাতালে লুকাওঁ- পাৰ্থ প্ৰতিম শৰ্মা

মাঘৰ মাহ৷ তেতিয়া গুৱাহাটীত বিয়াৰ বতৰ৷ মই কামাখ্যাগেটত ভাড়াঘৰত থাকোঁ৷ নিজে বনাই খাবলৈ টান পাওঁ৷ তাতেই ইমান ঠাণ্ডা, পানী চুবলৈয়েই ভয় লাগে৷

বেৰসংগী(Wallmate)জনে এদিন খবৰ লৈ আহিল- ভূতনাথত বিয়া এখন আছে৷

আজি আৰু কোনো চিন্তা নাই৷ ৰাতিৰ সাঁজৰ ব্যৱস্থা হৈ গ’ল৷ দুয়ো বিয়া খাবলৈ যোৱাটো থিৰাং কৰিলোঁ৷

আমি আচলতে কামাখ্যাগেটৰ বিয়াসমূহত নিমন্ত্ৰণ অবিহনে নাযাওঁ, কোনোবা চিনাকি ওলাই যাব পাৰে৷ কিন্তু ভূতনাথ বা শান্তিপুৰ আদিত আমাক চিনি পোৱা মানুহ অলপ কম, সেয়েহে ভূতনাথ বা শান্তিপুৰৰ বিয়াসমূহত অনিমন্ত্ৰিতভাৱে যাবলৈ বৰ ভয় নালাগে৷

গতিকে ভবামতেই গধূলি ৭ মান বজাত সাজি-কাচি বিয়া-ঘৰ পালোঁ৷

দুয়ো হাঁহি-হাঁহি বিয়াঘৰলৈ সোমাই গ’লো৷ আমাৰ মুখমণ্ডলত এনে ভাৱ যেন আমি গৃহস্থৰ বহু পুৰণি চিনাকি৷ শাৰী-শাৰীকৈ পাৰি থৈ দিয়া চকীবোৰৰ একেবাৰে চুকৰ চকী দখল কৰিলোঁ-যাতে ঘপহকৈ কাৰো চকুত নপৰোঁ৷

আদহীয়া মানুহ এজনে আমালৈ অলপ প্ৰশ্নবোধক চাৱনিৰে চোৱাত আমি চিন্তাত পৰিলোঁ৷ কিন্তু ইমান সহজতে হাৰ মনা মানুহ আমি নাছিলোঁ৷ লগৰজনে মৰসাহ কৰি আদহীয়া মানুহজনক মাতেই লগালে-


“বৰদেউতা ভালে আছে? দাদা, মানে আমাৰ দৰা ক’ত? (আমি এইমাত্ৰ দৰাজনক ভিতৰত সোমাই যোৱা দেখিছোঁ৷ )

“অহ: তাক এইমাত্ৰ ইয়াতেই দেখিছিলোঁ৷ ভিতৰলৈ গ’ল নেকি? তোমালোকে খোৱা-বোৱা কৰিলা নে নাই?”

“নাই বৰদেউতা, আহি পাইছো মাত্ৰ৷”

“আহা আহা প্ৰথমে খাই লোৱা৷”

“বাৰু”৷

মানুহজনৰ পিছে পিছে গৈ থাকিলোঁ৷ তেওঁ আমাক খোৱা-বোৱাৰ ব্যৱস্থা কৰা ঠাইলৈ লৈ গ’ল৷ শাৰী-শাৰীকৈ সজাই থোৱা খাদ্যবোৰৰ এবিধ-এবিধকৈ লৈ কাঁহী ভৰ্তি কৰিলোঁ৷

মনে মনে ভাবিলোঁ-একেবাৰতে যিমান পাৰি লৈ লওঁ৷ বাৰে বাৰে খাদ্য আনিবলৈ যাবলৈ ভয় তথা লাজ৷

খাদ্যৰে ভৰা কাঁহীখন লৈ একোণত গৈ থিয় দিলোঁ৷ যিমান পাৰি মানুহৰ চকুত নপৰাকৈ থকাটোৱেই উত্তম৷

দুয়োজনে কোনোফালে নোচোৱাকৈ তলমূৰ কৰি খাই আছোঁ৷

আহিল নহয় ভিডিঅ’ ৰেকৰ্ডিং কৰা মানুহজন৷

চকু ছাট্ মাৰি ধৰা পোহৰেৰে তেওঁ আমাৰ ৰেকৰ্ডিং কৰিছে৷

আমি মনে মনে ভাবি আছোঁ- য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়৷ এই মানুহজনে ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ আমাকহে পালেনে?

উফ: ইমান দেৰিলৈ কিহৰ ৰেকৰ্ডিং কৰিব লগা হ’লনো?

আমাৰ কাঁহীতেই চাগে আটাইতকৈ বেছি খোৱাবস্তু৷ ইফালে ভিডিঅ’ ৰেকৰ্ডিং কৰা দেখি আমাৰ খোৱাৰ দ্ৰুতি(Speed) কমি যাব ধৰিলে৷

পিছে আমিও কম পানীৰ মাছ নহয়৷

মই ভিডিঅ’ ৰেকৰ্ডিং কৰা মানুহজনৰ কাষলৈ গৈ লাহেকৈ ক’লো-


“আমি গৃহস্থৰ মানুহবোৰক ইমান ৰেকৰ্ডিং নকৰিলেও হ’ব৷ আলহীবোৰক কৰক”৷

“হ’ব দাদা”৷

লগে লগে ৰেকৰ্ডিং কৰা মানুহজন আঁতৰি গ’ল৷

মই বিজয়ী হাঁহি মাৰি কাঁহীৰ পৰা মাংস এটুকুৰা মুখলৈ নিছোঁ মাত্ৰ, তেনেতে মানুহ এজনে কৈ উঠিল-


“আৰে পাৰ্থ, তুমি৷ মই তোমাক নিজেই মাতিম বুলি ভাবিছিলোঁ৷ পিছে ব্যস্ততাৰ মাজত পাহৰি থাকিলোঁ৷ দৰা মোৰ ভতিজা বুজিছা৷ সিয়েই মাতিলে চাগে৷ ভালেই কৰিছে৷ তুমি আকৌ তাৰ চিনাকি বুলি নাজানো মই৷ লগ পাইছা নে তাক? ৰ’বা মই মাতি দিওঁ…….”

মানুহজন মই টিউচন কৰা ল’ৰাজনৰ দেউতাক৷

তেওঁ দৰাজনক মাতিব ধৰিলে-


“অই ৰূপম এইফালে আহছোন৷”

দৰাজনে ইজন-সিজনকৈ মাত লগাই লাহে লাহে আমাৰ ফালে আহি আছে…

মই মনে মনে ভাবিছোঁ- পলাওঁ কেনেকৈ?

সিদিনা ভালকৈয়ে বুজিলোঁ- ফাট মেলা বসুমতী পাতালে লুকাওঁ মানে কি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments