ফান্দ (উৎপলা কৌৰ)

নতুন ঠাইডোখৰলৈ তাৰ বদলি হৈ অহা বেছি দিন হোৱা নাই। এম বি এ কৰিয়েই বহুজাতিক কোম্পানীটোৰ জিলাখনৰ মূল অফিচটোৰ মুৰব্বী হিচাপে কিছুদিন আগতে এই অফিচটোত সি যোগদান কৰিছেহি। নতুন ঠাই, কোম্পানীয়ে ঘৰভাড়া দিব যদিও ঘৰটো বিচাৰি লোৱাটো নিজৰ কাম। হওঁতে তাৰ অফিচতে কাম কৰা, বৰ্ত্তমান বন্ধুসদৃশ হৈ পৰা দুই এজনে আধা ভাড়াৰ বিনিময়ত নিজৰ ভাড়াঘৰ, মানে সিহঁতৰ ভাষাত ৰূমত থাকিবলৈ প্ৰস্তাৱ নিদিয়া নহয়। কিন্তু সি যাৰে তাৰে লগত থাকিব নোৱাৰে। থকা ঠাইকণ নিজাকৈ আৰু নিজৰমতে বিছাৰে । বুজন হোৱাৰে পৰা নিজৰ কোঠাত নিজাকৈ এখন পৃথিৱী সৃষ্টি কৰি সেই পৃথিৱীত নিজৰ মতে থাকি ডাঙৰ হোৱা ল’ৰা সি। সেয়ে কিছুদিন হোটেলৰ ৰূমত কটাই অৱশেষত দুকোঠালীয়া ভাৰাঘৰ এটা বিচাৰি লবলৈ সক্ষম হ’ল সি। পাৰ্টহাউচ, কাষৰ পাৰ্টত মালিকৰ পৰিয়াল থাকে। দুমহলীয়া ঘৰটোৰ তলৰ মহলাত দুটা পৰিয়াল থাকে । সেইটো মহলা সমানে দুভাগত ভগোৱা। অফিচৰ কোৱাৰ্টাৰবোৰৰ দৰে একে ডিজাইনৰ।

দ্বিতীয়মহলাত মালিকৰ পৰিয়াল থাকে। সেইটো মহলাৰ মালিক থকা অংশটো ডাঙৰ । কাষৰ দুটা কোঠা, এটা  সংলগ্ন বাথৰুমৰ সৈতে পাৰ্টহাউচটো তাৰ। তথাপি অৱশ্যে তাৰ অকণো অসুবিধা হোৱা নাই। কাৰণ তাৰ বেয়া স্বভাৱ মানে মদ-ভাং খোৱা অথবা লগৰ ল’ৰা আনি হুলস্থূলকৈ আড্ডা মৰাৰ অভ্যাস নাই। অফিচৰ পৰা আহি কম ভলিউমত গান শুনি শুনিয়েই সি ভাত-আঞ্জা ৰান্ধে। ঘৰ সাৰে, কাপোৰ ধুৱে। গোটেইখিনি কাম কৰি সি শুই সি পুৱা পলমকৈ উঠে। চাহ-ব্ৰেড বাটাৰ আদিৰে নিয়াৰিকৈ ব্ৰেকফাষ্ট খাই সি অফিচলৈ যায় । দুপৰীয়াৰ ভাত অফিচতে খায়।

মালিকৰ তিনিজনী ছোৱালী। অৱসৰপ্ৰাপ্ত মানুহজনে ঘৰৰ ভাৰা আৰু পেঞ্চনৰ পইছাৰে চলি আছে। মাজে মাজে সি ছোৱালীকেইজনীক দেখা পায়। প্ৰথমে সৌজন্যমূলক হাঁহি এটাৰ আদান-প্ৰদান হৈছিল। আজিকালি কোনোবাজনীয়ে মাত দিয়ে- “দাদা আহিলে” বা “দাদা অফিচলৈ যায় নেকি? ” বুলি। সিও সৰুজনী আৰু মাজুজনীক, “আজি কলেজ নাই?” অথবা “ভাত খালা?” আদি ভদ্ৰতাসূচক কথা এষাৰি সোধে।

লাহে লাহে দিনবোৰ পাৰ হৈ যায়। ইতিমধ্যে তাৰ মালিকৰ পৰিয়ালটোৰ লগত অলপ ধেমালি-ধুমুলা কৰিব পৰা সম্পৰ্ক এটা হৈছেগৈ। অফিচৰ পৰা সোনকালে অহাৰ দিনা মালিকৰ ঘৰতে তাৰ লুচি-ভাজি অথবা চাউমিন চাহ খোৱা হয়। কেতিয়াবা দেওবাৰে দুপৰীয়া পেট পেলাই বিছনাত পৰি গান শুনি  থকা অৱস্থাত তাৰ দুৱাৰত মৃদু টোকৰ পৰে। খপ-জপকৈ ছাৰ্ট  বা স্পৰ্টিং এটা সোমোৱাই সি দুৱাৰখন মেলি দিয়ে। মালিকনী অথবা তেওঁলোকৰ কোনোবা এজনী ছোৱালীয়ে প্লেট এখনৰ ওপৰত মাংস এবাতি আন এখন প্লেটেৰে ঢাকি টেবুলতে থৈ যায়। বেছিভাগ দিনতে ডাঙৰজনী ছোৱালীয়ে আনি দিয়ে। তাই কথা-বতৰা কমকৈ কয়। তাইক কলেজলৈ যোৱা সি দেখা নাই, বাকী দুজনীৰ দৰে চকুত পৰাও নহয় তাই। সেয়ে ঘৰুৱা কামেই বেছিকৈ কৰে কিজানি । তাতকৈ বেছি জানিবলৈ তাৰ কোনোদিনে আগ্ৰহো হোৱা নাই।

কিন্তু এনেকৈ খোৱাবস্তু দিয়া কথাটোত সি লাজ পায়। তাৰ নিজৰ বাই-ভনী নাই। দুজন ল’ৰাৰ সি ডাঙৰ। মাকক সৰুৰে পৰা কামত সহায় কৰি দিয়াৰ অভ্যাস আছে । ল’ৰা বুলি ঘৰত সকলো বহি থাকি মাকৰ দ্বাৰা সকলো কাম কৰোৱাৰ নিয়ম নাই সিহঁতৰ। সেয়ে ভাত-আঞ্জা ৰান্ধিবলৈ এলাহ নকৰে সি।

আজিকালি এনেকুৱা হৈছেগৈ যে সপ্তাহৰ তিনিদিনমান তাৰ লগত চাহ খাবলৈ গধূলি সময়ত মালিক ৰৈ থাকে। তেওঁৰ ল’ৰা নাই, তাকেই নিজৰ ল’ৰা যেন লাগে হেনো! আপত্তি নৰজে যেতিয়া সি আপত্তি কৰাও বাদ দিলে। তাতকৈ মাজে মাজে মাছ-মাংস আনি সি মালিকনী বাইদেউক দিয়ে। তেওঁলোকে ৰান্ধে, সি ফ্ৰেছ হোৱাৰ পাছত মালিকৰ লগত টিভি চাই, কথাৰ মহলা মাৰি ভাত খাই নিজৰ কোঠাত শুবলৈ যায়। কেতিয়াবা সৰু আৰু মাজুজনীও সিহঁতৰ লগতে বহি হাঁহি ধেমালি কৰে। ক্ৰিকেট খেল চাই, টক শ্ব’ চাই অথবা কেৰম খেলে। কোনোবা দিনা সিহঁতৰ কোনোবাজনী সি অফিচলৈ যাওঁতে তাৰ বাইকতে কলেজলৈকে যায়। কলেজখন তাৰ ভাড়াঘৰ আৰু অফিচৰ মাজৰ ৰাস্তাতে পৰে। মাজতে মালিকৰ ডায়েৰীয়া হৈ হস্পিতেলত ভৰ্তি হ’বলগীয়া হওঁতে সি হস্পিতেলত দুৰাতি পৰ দিছিল। সমন্ধবোৰ লাহে লাহে এটা পৰিয়ালৰ মানুহৰ দৰে হৈ পৰিল!

☆    ☆

এই ঠাইখনত তাৰ দুবছৰ হ’ল। তাৰ পুনৰ বদলি গুৱাহাটীলৈ হৈছে। তাৰ মাক-দেউতাক আৰু ভায়েকৰ বৰ ফুৰ্তি। নিজৰ ঘৰৰ পৰা চাকৰি কৰিব পাৰিব। আৰু এসপ্তাহ আছেগৈ। লাহে লাহে মনটোক সাজু কৰিছে। আচলতে এখন ঠাইত থকাৰ পাছত ঠাইখনলৈ মোহ এটা সোমায়। মালিকৰ ঘৰৰ মানুহখিনিৰ লগতে তাৰো মনটো গধূৰ। সময় আৰু সান্নিধ্যই সকলোকে হয়তো এনেদৰে আপোন কৰি পেলায় ।

দহদিনৰ ভিতৰত গুৱাহাটীৰ অফিচত জইন কৰিব লাগে। তাৰ কাপোৰ-কানিবোৰ প্ৰায় সামৰা প্ৰায়হৈছেগৈ, ফাৰ্নিচাৰবোৰ মালিকৰেই, গতিকে বিশেষ চিন্তা নাই। সদায় ব্যৱহাৰ হোৱা দুই এক সামগ্ৰী  যেনে টুথব্ৰাছডাল, পেষ্ট’টো, টাৱেলখন ইত্যাদি সামৰিবলৈ বাকী।

অলস দুপৰীয়াটোত সি পেট পেলাই বিছনাতে পৰি আছিল। কেইবাদিনো একেৰাহে বৰষুণ দিয়াৰ পাছত বাহিৰত চোকা ৰ’দ দিছে। এই গৰমত কলৈকো যাবলৈ মন নাই। এনেতে দুৱাৰত টোকৰটো পৰিল। দুৱাৰখন সি খুলি দিলে, মুখত লাজুকী হাঁহিৰে ডাঙৰজনী ছোৱালী-হাতত আঞ্জাৰ বাতি এটা। একো নোকোৱাকৈ তাই টেবুলখনত বাতিটো থ’লে।  সিওঁ দুৱাৰৰ কাষৰ পৰা আতৰি আহি তাই ওলাই যোৱালৈ বাট চাই ৰ’ল।

খটক!!!

চিনাকি শব্দটোত সি চক খাই দুৱাৰখনলৈ উভটি চালে। তাৰ দুৱাৰখন বন্ধ কৰিলে ‘এল দ্ৰপ” হুকটোৰ তলৰ অংশটোৱে দুৱাৰৰ প্লাই বোৰ্ডখনত খুন্দা খাই শব্দ এটা হয়।  তাৰমানে তাই ভিতৰত থাকোঁতেই বাহিৰৰ পৰা দুৱাৰখন কোনোবাই বন্ধ কৰি দিলে। সি বাৰে বাৰে খুলিবলৈ চেষ্টা কৰিও নোৱাৰি নিশ্চিত হ’ল যে দুৱাৰখন কোনোবাই বাহিৰৰ পৰা হুক লগাই দিছে৷ ঘটনাৰ আকস্মিকতাত সি হতভম্ব হোৱাৰ বিপৰীতে তাইৰ নিৰ্লিপ্ত মুখখনত সামান্য ভয়ভাৱে দোলা দি যোৱা সি মন কৰিলে। ভিতৰৰ পৰা ঢকিয়াইও কোনেও দুৱাৰ খুলি নিদিয়াত পোন্ধৰ-বিছমিনিট দুয়ো কোঠাটোত সোমাই থকাৰ পাছত তাৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন বিপদৰ সংকেত দিলে।  লগে লগে ছোৱালীজনীৰ পৰা নিৰাপদ দূৰত অৱস্থান কৰি সি খিৰীকিৰ পৰ্দাবোৰ ডাঙি সংলগ্ন বাথৰুমটোত সোমাল। তাৰ পৰা তাৰ বন্ধু এজনলৈ ফোন কৰিলে।

আধাঘন্টাৰ পাছত কোঠাৰ মূল দুৱাৰখন খোল খালে। মালিকৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ মানুহৰ মাতো সি শুনিবলৈ পাইছে। কোনোবাই বাথৰুমৰ দুৱাৰত ঢকিয়াইছে, সি খুলি দিয়া নাই। বাথৰূমৰ সৰু খিৰিকীখনেৰে সি বাহিৰলৈ চাই আছে । ঘৰখনত কি হৈছে বাহিৰৰ ৰাস্তাৰে যোৱা মানুহৰ অজ্ঞাত।

এসময়ত তাৰ বন্ধুজনৰ মাতটো বাহিৰত শুনাত সি দুৱাৰ খুলি ওলাই আহিল। বাহিৰত উত্তেজিত মালিক। মালিকনী আৰু ডাঙৰ জীয়েকে কান্দি আছে। ওচৰ-চুবুৰীয়াৰ খঙাল মুখ। হুলস্থূলৰ সাৰাংশ হ’ল, ইমানদিনে সি হেনো ডাঙৰ ছোৱালীজনীৰ লগত “লীলা-খেলা” কৰি আছিল। আজিও দুয়োটাই দুৱাৰ মাৰি কোঠাত সোমাই আছিল। এনেকৈ ছোৱালীজনী “বৰবাদ” কৰি গুচি যাবলৈ ওলাইছে। গতিকে ৰাইজে উচিত বিচাৰ কৰিব লাগে।

বহু তৰ্ক-বিতৰ্কৰ পাছত পুলিচ বন্ধুজনৰ সহযোগত, কেচ-মামলা হ’লে যে সৰু দুজনীৰো বিয়া বাৰুত অসুবিধা হ’ব আদি কথা বুজাই সি তাৰ বেডিং-পত্ৰ লৈ সুকলমে সেইখন ঘৰৰ পৰা ওলাই আহিল।

আচলতে তেনেকুৱা হ’ব পাৰে বুলি তাৰ বন্ধুজন , স্থানীয় থানাৰ অ’চিজনে তাক এদিন  কৈছিল । মাজে মাজে ঠাইখনত তেনেকুৱা ঘটনা ঘটি থাকে। ডেকা , যোগ্য ল’ৰাক ইমানদিনে গতি নলগা আবিয়ৈ ছোৱালী জাপি দি ৰাইজ গোটাই বিয়া পাতি দিয়ে, মাংসৰ বাতি দিয়াৰ কথা কওঁতেই অ’চিজনে তাক অশ্লীল ইংগিত দি জোকাইছিল।

☆    ☆

সেইবোৰ কেইবাবছৰৰ আগৰ কথা । আজিকালি বন্ধুজনৰ কৰ্মস্থান অন্য এঠাইত। গুৱাহাটীলৈ আহিলে তাৰ ঘৰতে দুয়োজনে বহে, আড্ডা দিয়ে। বন্ধুপত্নী আৰু তাৰ পত্নীৰ মাজতো বন্ধুত্ব গঢ়ি উঠিছে। তাক জোকাবলৈ বন্ধুজনে প্ৰায়েই তাৰ পত্নীৰ আগত সেই মালিকৰ ঘৰখনৰ কথা উলিয়ায়, কেৱল সেই ঘটনাটো বাদ দি যায়। পিছে পেটত অকণমান সোমৰস পৰিলে বন্ধুৰ জিভা পিছল খাওঁ খাওঁ কৰি থাকে। সেই সময়ত তাৰ চুলিৰ আগত জীৱটো থাকে, কাৰণ ধেমালিতে মালিকৰ জীয়েকহঁতৰ কথা কৈ সি তাৰ সেইসময়ৰ প্ৰেমিকা, বৰ্ত্তমানৰ পত্নীক এসময়ত কম জ্বলাই থোৱা নাই!

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক