ফিল’বাৰীৰ দুখ -পাৰিজাত বৰুৱা

(শিল্পী, কবি কিৰণজ্যোতিৰ মৃত্যুত শ্ৰদ্ধাৰ্ঘ নিবেদিলোঁ)

বতাহজাক গধুৰ হৈ বলিছে
নামনিৰ পৰা ফিল’বাৰীলৈ
থৰলগা বৰষুণত জুৰুলি জুপুৰি কৈ তিতিছে
এজাক ৰং লগা মানুহ
কিৰণ ৰঙৰ জ্যোতিত কেনেকৈ লাগিল
ইমানবোৰ ক’লা ৰং!!
শুনিছানে গছ পাতৰ টুপুৰ টুপুৰ উচুপনি
দেখিছানে লুইতখন থমকি ৰোৱা
কালিলৈকে হৃদয়ত গুঞ্জৰি থকা মৰমবোৰ
অন্তহীন হেঁপাহবোৰ আজি নিমাত নিতাল
কিৰণ তুলিকাৰে মূৰ্তমান হৈছিল
সেই যে আজলী হিয়াৰ পাখিলাহি সপোন
এতিয়া স্তব্ধ হ’ল ডেও দিয়া নাচোন
দুটি এমাডিমাৰ আলফুল খিলখিল
খিক্ খিক্ হাঁহিবোৰ
কাৰ বুকুত শুইছে
খবৰ লৈছানে কিৰণ?
কোন হিংসুকীৰ জতুগৃহত
কাললৈ নিশ্চুপ কেঁচা কলিজাৰ গান
এয়া হিয়াশেল নে পাশুপাত
যি কামুৰি খাই কেঁচা কলিজাৰ দুই অলিন্দ
শুই থাকিলেও তুমি
হেঙুল হাইতালৰ লাগিছে ৰং
তোমাৰ সৃষ্টিৰ প্ৰতিপল অনুপল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments