ফিৰফিৰকৈ বতাহত উৰা চুলিকোছা – হিৰন্ময়ী গগৈ কোঁৱৰ

 

ভালেমান দিনৰ আগতেই নীলিৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পাইছিলোঁ৷ তাইৰ প্ৰ’ফাইল ফটোখনত
মেলি থোৱা চুলিখিনি ফিৰফিৰকৈ উৰি আছিল, সেয়ে পোনতে তাইক মই চিনিবই নোৱাৰিছিলো
আৰু চায়েই থৈ দিছিলো৷ এনেকুৱা বহু ৰিকুৱেষ্ট পৰি আছিল৷ তাতে যিকোনো ৰিকুৱেষ্ট
এচেপ্ট কৰিবলৈ ভয়ো লগা হৈছিল আৰু তাইৰ নামটোও অচিনাকি আছিল৷ অৱশ্যে বাৰে বাৰে
তাইৰ আকৰ্ষণীয় প্ৰফাইল ফটোখন সন্মুখলৈ আহি থকাত এদিন মই তাইৰ প্ৰফাইলটো খুলি
চাই আচৰিত হৈছিলো৷ কেকোঁৰা চুলিৰ চিনাকি নীলিজনীক সেইদিনা মই নতুনকৈ আৱিষ্কাৰ
কৰিছিলোঁ৷

উচুপি উচুপি হোষ্টেল এৰাৰ দিনা আহিবলগীয়া দিনবোৰ বৰ অসহনীয় হব বুলি ভাবিছিলো
আৰু হৈছিলো৷ কিমানযে কি স্মৃতি হবলৈ ওলাইছিল! পিছে সেই অসহনীয়তাৰ জ্বালা তেনেই
সাময়িক আছিল, হোৱাটোৱে স্বাভাৱিক, ই যে সময়ৰ দাবী৷ সময়ৰ আহ্বানত আমাৰ
যাত্ৰাপথে সূঁতি সলাইছিল, কেতিয়াও পাহৰিব নোৱাৰিম বুলি ভবা অলেখ কথা স্মৃতিৰ
বোকোচাত উঠি বহু দূৰলৈ গুছি গৈছিল৷ সেই স্মৃতিয়ে মাজে মাজে এচাটি মলয়া বতাহৰ
দৰে হিয়া জুৰ পেলাইছিল, নীলিও তেনে এচাটি মলয়া বতাহৰ দৰেই হৈ পৰিছিল৷

চ’ছিয়েল মিডিয়াৰ সংস্পৰ্শলৈ অহাৰ পাছত অতীত খুঁচৰাৰ অজুহাতবোৰ সঘন হ’বলৈ ধৰিলে,
প্ৰায়বিলাক বন্ধু-বান্ধৱী আকৌ ওচৰ চাপি আহিছিল, নাছিল মাথোঁ নীলি৷ নীলিক
বিচাৰি আছিলো, বন্ধু- বান্ধৱীবোৰক তাইৰ খবৰ সুধি থাকিছিলো, শেষত তাইৰ ফেচবুক
একাউণ্ট নাই বুলিয়ে আমি ধৰি ললোঁ৷ অৱশ্যে তাইৰ দৰে মডাৰ্ণ, আপটু-ডেট, ষ্টাইলিছ
ছোৱালী এজনীৰ ফেচবুক একাউণ্ট নথকাটো কিবা নোহোৱা-নোপজা কথাৰ দৰে লাগিছিল৷ তাইৰ
অনুপস্থিতিয়ে আমাক হতাশ কৰিছিল৷ আমি পুৰণি বন্ধু-বান্ধৱীবিলাকে মাজে মাজে
পাতো, এই বাৰু ক’ত চুকৰ ভেকুলী হৈ সোমাই আছে!

নীলি আৰু মই একে ডিপাৰ্টমেণ্টৰে আছিলো আৰু একেটা হোষ্টেলতে আছিলো৷ গতিকে সঘনাই
আমাৰ মাজত কথা-বতৰা হৈছিল আৰু আমি ইজনীয়ে সিজনীৰ সুখ দুখৰ বতৰাবোৰ ভগাই লবলৈ
ভাল পাইছিলো৷ অৱশ্যে আমাৰ অনেক অমিল আৰু অলপ মিল আছিল৷ তাইৰ আৰু মোৰ সম্পৰ্ক
কিবা চৰু ছাই আৰু মাখনৰ দৰে৷ এই কথা কলে তাইৰ খং উঠিছিল আৰু কেতিয়াবা মাত-
বোলো বন্ধ কৰি দিছিল৷ পিছে ডিপাৰ্টমেণ্ট একে হোৱাৰ বাবে নানা কাৰণত মাতিবলগীয়া
হৈছিলেই৷

আমাৰ বন্ধুত্বক বহুতে সন্দেহৰ চকুৰে চাইছিল, এই কথাটোৱে মোৰ মনত হীনমন্যতাৰ
জন্ম দিছিল, হয়তো ঈৰ্ষাৰো! তাই এজনী সপ্ৰতিভ ধুনীয়া চোকা ছোৱালী আছিল৷ সকলো
সময়তে ডালিমগুটীয়া হাঁহিটো বিয়পাই সুখী হৈ থাকিব জানিছিল৷ তাইৰ এটাই
অসন্তুষ্টি আছিল, সেইটো আছিল তাইৰ কেকোঁৰা চুলিখিনি! চুলিখিনি বতাহত ফিৰফিৰকৈ
উৰুৱাব নোৱাৰাৰ দুখ, জঁট লগাৰ দুখ, চিনেমাৰ নায়িকাৰ দৰে গালত কেইডাল মান পেলাই
লব নোৱাৰাৰ দুখ, চুলিকোচাৰ সৈতে খেলিব নোপোৱাৰ দুখ আদি নানা দুখে তাইক ব্যথিত
কৰিছিল! মোৰ দীঘল চিধা চুলিখিনিতে তাই সেইখিনি দুখ পাতলাইছিল৷ তেতিয়া চুলি
ষ্ট্ৰেইট কৰাৰ আজিকালিৰ দৰে সুবিধা থকা হলে তাই নকৰাকৈ নাথাকিলহেঁতেন৷ মই চুলি
বান্ধি থাকিলেও তাই বেয়া পায়, মোৰ ক্লিপটোকে লুকুৱাই থয়৷

কথাবোৰে একোখনকৈ ছবিৰ দৰে মোৰ চকুৰ আগত লুকাভাকু কৰিবলৈ ধৰিলে৷

মই তাইৰ প্ৰফাইলটো ভালকৈ চালো৷ তাই এনেয়ো ধুনীয়াই, মেলা চুলিখিনেৰে আৰু
ধুনীয়াজনী লাগিছে, মাখন ৰংটো আগতকৈও মোলায়েম হৈছে, মুখত তাহানিৰ হাঁহিটোৱেই!
তাইৰ গোটেই প্ৰফাইলটো অকল ফটোৰেই ভৰি আছে৷ ধুনীয়া ধুনীয়া ঠাইত তাইৰ স্বামীৰ
সৈতে তোলা ঢেৰ ধুনীয়া ধুনীয়া ফটো৷ হনীমুন কৰিয়েই আছে যেন পাইছো ইহঁতে৷ সংসাৰ
বঢ়োৱাই নাই চাগৈ, পূৰা এনজয় কৰিছে! আমাৰহে আৰু ভাতৰ চৰুৰ লগতেই হনীমুন আৰু
এতিয়া! শোক এটাই মোৰ বুকু ভাঙো যেন কৰিলে৷

তাইৰ আগৰ কেঁকোৰা লিংলিঙিয়া চুলিখিনিৰ ঠাইত ধুনীয়া একোচা মেলি থোৱা ষ্ট্ৰেইট্
চুলি৷ তাই বিছৰা ধৰণেই বতাহত ফিৰফিৰকৈ উৰা! মই জানিছিলোৱেই তাই চুলি ষ্ট্ৰেইট্
কৰিবই৷ ইমান ধুনীয়া লাগিছে চুলিখিনি! মোৰ এতিয়াৰ চুলিখিনি দেখিলে তাইৰ হাঁহিহে
উঠিব চাগৈ৷ মূৰটো খেপিয়াই চালো, সৰি সৰি নাইকিয়াই হ’ল!

অভিমানত নে দুখত নে ঈৰ্ষাত নাজানো মই তাইৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট এচেপ্ট নকৰিলো৷
নকৰিলে কি হ’ল! মই তাইৰ প্ৰফাইলটো মাজে মাজে (চুৰ কৰি কৰি! ) চাই থাকো৷ মাজে
মাজে অপৰাধবোধতো ভোগো! বহুদিন তাই ফটো আপলোড কৰা নাছিল৷ মেচেঞ্জাৰলৈ যাওঁ, আকৌ
ওলাই আহোঁ৷ বহুদিন তাইক অনলাইনো দেখা নাছিলোঁ৷

আজিকালি তাইৰ প্ৰফাইল খুঁচৰাটো কিবা অভ্যাসৰ দৰেই হৈ পৰিল৷ বহুদিন তাইৰ একো
বেলেগ আপডেটো নাই৷ তাইৰ ধুনীয়া ফটোবোৰকে চাই আকৌ থৈ দিওঁ৷ তাইৰ ফটোবোৰত শ শ
লাইক আৰু ধুনীয়া ধুনীয়া কমেণ্ট৷ কলেজতো তাই খুব জনপ্ৰিয় আছিল৷ পঢ়া শুনাতটো
আগৰণুৱা আছিলেই আৰু তাই খুব সুন্দৰ অভিনয় কৰিছিল৷ দুটা বছৰ তাই কলেজৰ শ্ৰেষ্ঠ
অভিনেত্ৰী আছিল৷

তাই মাত্ৰ দুটামান কমেণ্টৰ ৰিপ্লাইহে দিয়া দেখিলো! মোৰ উৎসুকতা বাঢ়িল৷ অৱশেষত
মেচেজ এটাকে দি থলো তাইক৷ ফ্ৰেন্দ ৰিকুৱেষ্ট এচেপ্ট নকৰাকৈয়ে থাকিল৷

ভালেমানদিনৰ পাছত টুং কৈ তাইৰ মেচেজ এটা সোমাল৷ মই উল্লসিত হৈ পৰিলো৷ মোৰ
অভিমান, দুখ, ঈৰ্ষা কৰ্পূৰৰ দৰে উৰি গৈছিল৷
“অই, মোৰ ৰিকুৱেষ্ট এচেপ্ট কৰ৷
********** এইটো মোৰ নম্বৰ
তোৰ নম্বৰ দে৷ “
দেৰি নকৰিলো৷ এইজনী আকৌ হেৰাই যাব!
নম্বৰ দিলো৷

স্মৃতিৰ বোকোচাত উঠি গুচি যোৱা ছবিবোৰ ঘূৰি ঘূৰি আহিল৷
টেলিফোনিক আড্ডা জমি উঠিল৷
ঘৰ-সংসাৰৰ পৰা আৰম্ভ কৰি হোষ্টেলৰ দিনলৈকে ওভতনি যাত্ৰা মাজে মাজে চলি থাকিল৷

কিছুদিনৰ পাছত তাই এদিন কলে যে সিহঁতে কিছুদিনৰ বাবে মুম্বাইলৈ যাব৷ (মনতে
ভাবিলো সৌদিনা গৈ আহিছহে, আকৌ যাবৰ হলেইনে! ) লৰা ছোৱালী এতিয়ালৈকে নাই
সিহঁতৰ, চিন্তাও কৰা নাই চাগৈ!
“ গিৰিয়েৰৰ ভাল চাকৰি হনীমুনকে কৰি থাক! “
ভাবিলো মনে মনে৷ ভবা কথাবোৰ থাউকতে কৈ নিদিয়াটোৱে কেতিয়াবা সকাহ দিয়ে৷
শুভকামনা জনালো তাইক, কেই নম্বৰ হনীমুন বুলি জোকালো, ফটো পঠিয়াবি আৰু মোলৈ
কিবা এটা আনিবি বুলি আব্দাৰো কৰিলো৷

দুদিনৰ পাছতেই সিহঁত মুম্বাই পালেগৈ৷ বিশাল নীলা সাগৰখন, ধুনীয়া ধুনীয়া
স্মাৰকৰপৰা সিহঁত থকা বিলাসী হোটেলৰ ফুলদানিটোলৈকে বহুত ফটো তাই মোলৈ পঠিয়াই
থাকিল৷ বতাহত উৰি থকা তাইৰ ষ্ট্ৰেইট কৰা চুলিকোচো, ডালিমগুটীয়া হাঁহিটো আৰু
সুদৰ্শন স্বামীৰ সৈতে তোলা ফটোবোৰ চাই মুগ্ধ হলেও ঈৰ্ষা নহৈছিল বুলি একে আষাৰে
কব নোৱাৰোঁ৷

দহদিনমান মুম্বাইত থাকি সিহঁত উভতি আহিল৷ ফেচবুকত ফটো এসোপা আপলোড কৰিলে৷ লগে
লগে লাইক কমেণ্টৰ বৰষুণ পৰিবলৈ ধৰিলে৷ বাঃ এক্টিভ নোহোৱাকৈও ইমান লাইক-
কমেণ্ট! দুটামান উত্তৰ দি তাই আকৌ নিতাল মাৰিলে৷ ইমান স্পৰ্ধানে তাইৰ!

এদিন তাই মোক সিহঁতৰ ঘৰলৈ মাতিলে৷ মনে মনে এই কথা ভাবিয়েই আছিলো৷ কিন্তু
ভালেখিনি দূৰ বাবে চিন্তা কৰিবলগীয়া হ’ল৷ তাই মোক কলে যে মোৰ বাবে চাৰপ্ৰাইজ
আছে সোনকালে আহিবি৷ বুজিলো তাই মুম্বাইৰ পৰা মোলৈ কিবা এটা আনিছে৷
এদিন বন্ধৰ দিন এটাত আমাৰ পৰিয়ালটো সিহঁতৰ কোৱাৰ্টাৰ পালোগৈ৷ বিচাৰি উলিওৱাত
বিশেষ অসুবিধা নহ’ল৷ তাইৰ স্বামীয়ে ফোনতে সকলোখিনি ধুনীয়াকৈ বুজাই দিছিল৷
নম্বৰটো চাই লৈ সিহঁতৰ কোৱাৰ্টাৰৰ কলিং বেল টিপিলোগৈ৷ ছোৱালী এজনীয়ে দুৱাৰ
খুলি আমাক ভিতৰলৈ মাতিলে৷ কাম কৰা ছোৱালী যেন লাগিল!

মাখনৰঙী মুখখনত ডালিমগুটীয়া হাঁহিটো বিয়পাই নীলি ওলাই আহিল৷ তাইৰ পিন্ধনত পাতল
নীলা ৰঙৰ চুৰিদাৰ এযোৰ, অকণো মেদ জমা হবলৈ দিয়া নাই শৰীৰত৷ প্ৰথমবাৰৰ বাবে
ষ্ট্ৰেইট কৰা চুলিকোচাৰে নীলিক স্বচক্ষে দেখি অলপ আচহুৱা যেন লাগিল৷ দুয়োজনীয়ে
ইজনীয়ে সিজনীক সাৱটি ধৰিলো৷ চকুৰ কোণত ক’ব নোৱাৰাকৈয়ে চকুলোৱে ভিৰ কৰিলে৷
নীলি আমাৰ লগতে বহিল৷ কথা-বতৰা পাতিলোঁ যদিও কলেজৰ নীলিজনী মোৰ চকুৰ আগত
অগাদেৱা কৰিবলৈ লাগিল৷ কাম কৰা ছোৱালীজনীয়ে আমাক চাহ দিলে৷ বুজিলোঁ তাই কাম কৰা
মানুহৰ ওপৰতে সকলো এৰি দিছে৷ সেইকাৰণে ইমান ধুনীয়া হৈ আছে৷ তাই অৱশ্যে আজি
গাটো ভাল নাই বুলিও কলে, অলপ দুৰ্বল যেনো লাগিছিল! তথাপিও ধুনীয়া লাগিছিল
তাইক৷

কাম কৰা ছোৱালীজনীক ভিতৰত ভাতৰ যোগাৰ কৰি থকাৰ উমান পালো৷ দুবাৰমান নীলি উঠি
গৈ দিহা দি আহিল৷ আমাৰ যে আলহীৰ লগত এনেকৈ বহি কথা পাতি থকাৰ কল্পনাই কৰিব
নোৱাৰো৷ বৰ ভাগ্যৱতী নীলিজনী!

আমি কথা পাতি থাকোতেই নীলিৰ স্বামী কামৰ পৰা আহিল৷ তেওঁ দেৰি হোৱাৰ বাবে দুখ
প্ৰকাশ কৰিলে, কিবা অসুবিধা হ’ল নেকি খবৰ ললে৷ কাপোৰ কানি সলাই তেৱোঁ আমাৰ লগত
বহিল৷ ছোৱালীজনীক কাৰ্টুন লগাই দিলে৷ আমনি লাগিছিল তাইৰ, বৰ ভাল পালে৷ নীলিয়ে
মোক ভিতৰলৈ মাতিলে৷ ঘৰখন বৰ ধুনীয়াকৈ ৰাখিছে তাই, সিহঁতৰ ৰূমটোও৷ তাইৰ বিছনাতে
বহিলোগৈ৷ সন্মুখৰ বেৰত সিহঁত দুয়োটাৰে এখন ধুনীয়া হাঁহিমুখীয়া ফটো৷ সংসাৰ
বঢ়োৱাৰ কথা তাইক আজি কব লাগিব, মনতে ভাবিলোঁ৷
ফোনত কথা পাতিয়েই থাকিছিলো যদিও আজিও বহু কথা ওলাল৷
তাইৰ চুলিখিনি হেঁপাহ পলুৱাই চুই চালো৷ বৰ কোমল৷
“ তোৰ আশা পূৰণ হ’ল দেই!“
“হাণ্ড্ৰেদ পাৰচেণ্ট“ তাইৰ চকু মুখ উজলি উঠিল৷
তাই মোক পেকেট এটা দি কলে “খুলি চাচোন!“
কি থাকিব পাৰে অনুমান কৰিলো৷
“ইমান দামী ঘড়ীটো কিয় আনিলি!“ মোৰ মুখৰ পৰা ওলায়ে গ’ল৷
“তোৰ চখ আছিল যে?“
সঁচাকৈয়ে হাতঘড়ী মই বৰ ভাল পাওঁ৷ ধুনীয়া ঘড়ী দেখিলে কিনি পেলাওঁ৷
“তই পাহৰা নাই? “ চকুপানী ওলাই আহিল মোৰ৷
ঘড়ীটো সাৱটি ললোঁ৷

তোৰো চখটো পূৰণ হ’ল দেই৷ আজিকালি যে ইমান সুবিধা! তাতে কোৱাৰ্টাৰত থাকিলেতো
কথাই নাই! এতিয়া তই যেতিয়াই মন যায় তেতিয়াই ফিৰফিৰিয়া চুলিকোচা বতাহত উৰুৱাই
থাকিব পাৰিবি৷

হাঁহি পেলালে তাই৷
ময়ো হাঁহিলোঁ৷

ফিৰফিৰিয়া চুলিখিনিত হাত বুলাই বুলাই তাই এপাকত চুলিখিনি এৰুৱায়েই পেলালে৷
হতভম্ব হলো মই!
“চা ভগৱানে কেনেকৈ মোৰ চখ পূৰা কৰিলে! “
তাইৰ টকলা মূৰটো দেখি মোৰ বুকুত হাতুৰীৰ কোব এটা পৰিল৷ মই ভবাটো নহলেই হয়!
হাতুৰীৰ আৰু এটা কোব মাৰি তাই লাহেকৈ কৈ উঠিল
“তই ভবাটোৱেই!“
“এইবাবেই সঘনাই হনীমুনলৈ গৈ থাকো!“ হাঁহিলে তাই৷ হাঁহিটো এটা আৰ্তনাদ হৈ মোক
ভেদি গ’ল৷
হাতুৰীৰ কেইবাটাও কোবে মোক চূৰ্ণ কৰি পেলালে৷
তাইক সাৱটি মই ফেঁকুৰি ফেঁকুৰি কান্দি পেলালোঁ৷
ডালিমগুটীয়া হাঁহিটো মাৰি তাই মোক সান্ত্বনা দিলে৷
মোৰ ভাষা হেৰাইছিল৷ তাইৰ হাঁহিটো ৰৈ ৰৈ বৈ থকা এচাটি শুকান বতাহৰ দৰে বুকুৰ
গভীৰত কৰুণকৈ ৰুৰুৱাই আছিল৷
বিছনাত পৰি থকা ফিৰফিৰিয়া চুলিৰ উইগটোৱেও যেন মোক উপহাস কৰি হাঁহি উঠিল৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক