ফুচকি লুচুৰ কথাৰে– বিজয়লক্ষ্মী বৰা

কিছুদিনৰ পৰা মই আমাৰ পোহনীয়া মেকুৰী জনীৰ গতিবিধি লক্ষ্য কৰি আছোঁ। আমাৰ গাঁৱৰ গাতে লাগি থকা নবিল পথাৰত পোন প্ৰথম বাৰৰ বাবে ৰঙালী বিহুৰ ফাংচন পতাৰ বছৰতেই তাইৰ জন্ম হৈছিল। সিদিনা খুউব বৰষুণ দিছিল। সেয়ে প্ৰথমে বৰষা বুলিয়েই নামকৰণ কৰিলো কিন্তু পাছত আকৌ ভাবিলো মেকুৰীৰ নামো কোনোবাই বৰষা দিয়েনে। ভাবি গুণি শেষত দিলোঁগৈ- ‘ফুচকি লুচু। ‘ মেকুৰী, কুকুৰ বা অন্যান্য পোহনীয়া জীৱ-জন্তুৰ নাম ৰাখিব জনাটোও কিন্তু একপ্ৰকাৰৰ কলা বুলিবই পাৰি।
মেকুৰী মোৰ সৰুৰে পৰাই প্ৰিয়। ডাঙৰ হোৱাৰ পাছতো মেকুৰী কোচত লোৱা, মেকুৰীৰ লগত খেলা স্বভাৱটো নগ’ল। অনবৰতে মেকুৰীৰ লগত খেলি থকা বাবেই মোৰ দাদাই ফুচকিৰ মাকক বজাৰ কৰা বেগ এটাত সুমুৱাই দূৰৈত নি এৰি থৈ আহিছিল। ফুচকি লুচুৰ মাকে কিন্তু ঘৰৰ পৰা ইমান আঁতৰত এৰি থৈ অহাৰ পাছতো ৰাতিটোৰ ভিতৰতেই ঘৰ আহি পাইছিলহি। অৱশ্যে ফুচকি লুচুৰ জন্মৰ কিছু দিনৰ পাছতেই তাই ঢুকাল।
ফুচকি লুচু এতিয়া গাভৰু। দেখাতো বৰ ধুনীয়া গোটেইজনী। মেউ-মেউ কৈ আহি মূৰটো গাত ঘঁহাই যিহে চাৰ্কাচ দেখুৱাব আপুনিও তাইৰ প্ৰেমত পৰাটো খাটাং। তাইৰ এটা বিশেষত্ব আছে। তাইক ধৰিব খুজিলে পলাই যায় আৰু অলপমান তাইক পাত্তা নিদিয়া যেন কৰিলেই নিজেই ওচৰলৈ আহি যিহে ভংগীমা দেখুৱাব যেন মোৰ বাদে তাইৰ আৰু কোনোৱেই নাই। খোৱামেলাতো তাইৰ ৰুচি সুকীয়া। বিকাজী ভূজিয়া আৰু মুড়ি মিহলাই দিলে তাই খাই ভাল পায়। মাজে মাজে ভাতৰ সৈতে মঙহ সানি দিলে তাইক আৰু কোনে পায়। মই শুৱা বিছনাৰ কাষৰ চকী এখনতেই তাই শোৱে। কথা হ’ল তাই মুঠতে সাংঘাতিক শৃংখলাবদ্ধ জীৱন এটা জীয়াই আছিল।
খেলিমেলিটো লগা দুদিন মান হৈছে ৰ’ব। মই মানে সিদিনা বাৰাণ্ডাতে বহি মোবাইলটো পিটিকি আছিলো। বাৰাণ্ডাৰ এটা মূৰে আমাৰে ফুচকি লুচু বাগৰি আছে আৰু আনটো মূৰে বগাকৈ ধুনীয়া বোন্দা এটা আহি জুমি আছে আমাৰ ফুচকিক। ফুচকিয়ে তাক দেখি ভিতৰলৈ সোমাই গ’ল। মোৰ নেটফ্লিক্সত এখন চিনেমা শেষ হৈ গ’ল বোন্দাটো নাযায় হে নাযায়। তাৰ যে ফুচকিক ডেটিঙলৈ নিয়াৰ মন মই বুজিলো।
ফুচকিৰ অভিভাৱক হিচাপে খবৰ কৰিলো বোন্দাটো আমাৰ সীমাৰ পথাৰখনৰ গাতে লাগি থকা পোণা মামাহঁতৰ।
ঘটনাটোৰ পাছতেই মন কৰিলো ফুচকিয়ে বিকাজী ভূজিয়া নোখোৱা হৈছে, প্ৰায় আমন জিমনকৈ থাকে। মই নিশ্চিত হ’লো ফুচকি তাৰ প্ৰেমত পৰিছে কিন্তু তাই এতিয়া সংসাৰ কৰিব বিচৰা নাই, ৰং-ৰহইচ কৰিব বিচৰা নাই। একমাত্ৰ তাইৰ গৰাকী – মোৰ বাবে। মই অকলশৰীয়া হৈ যাওঁ বুলিয়েই…হয়তো!
এতিয়া কথা হ’ল ময়ো অনতিপলমে মোৰ বিয়াখনৰ কথা চিন্তা কৰিবই লাগিব। ময়ো সাংসাৰিক মোৰ মেকুৰীও সাংসাৰিক। কেনে মজা….।
পিছে ভাবি আছো শহুৰৰ ঘৰলৈ গ’লে তাইক মই লৈ যাম। তাত বা তাই মন পছন্দৰ প্ৰেমিক এজন পাব নে নাই! এহ: ইমান চিন্তা কেলেই কৰিছোনো!
তাইৰ স্থানীয় প্ৰেমিক পোণা মামাহঁতৰ বোন্দাটোকে লৈ যাম। সিহঁতৰ এখন সুখৰ সংসাৰ হ’ব। নে কি কয়..! ?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments