ফুচুৰি কথা – জিজু ,জুথি,বেব ইত্যাদি ( অৰিন্দম তালুকদাৰ )

বৰ দুখ লাগে ঐ, মোৰ লগৰ অমিতাভটোক তাৰ মৰমৰ খুলশালীয়েক বাৰবিয়ে ‘হাই জিজু! মাই হেন্ডচাম ঝিজু…. ইউ আৰ চ’ খিউট! বুলিকৈ একপ্ৰকাৰ যেতিয়া কোচতেই উঠিব খোজে তেতিয়া মোৰ বুকুখন একেবাৰে বিষাই যায় বুইছেনে৷ হাফ পেন্ট-চোলা পিন্ধি টেডি বিয়েৰ এটা কোচত লৈ ফুৰিলেও বাৰবী জনীয়ে বয়সেৰে কুৰি গৰকিছে! একেবাৰে চিনেমাৰ একট্ৰেছৰ লেখীয়া কথা বতৰা চাল চলন৷

মোৰ নো এনে জুই লগা কপাল হ’ব লাগেনে ঔ! হাফ পেন্ট, স্কাৰ্ট পিন্ধা নেলাগে মেখেলা চাদৰ পিন্ধা এজনীও নাই! হেন্ডচাম খিউট বাৰু নক’লেইবা অন্তত: মৰমৰ মাত এষাৰ দিব পৰাকৈও এজনীও নাই৷ মানে মৰমৰ খুলশালী এজনী নাই৷ অমিতাভে কয় – ‘খুলশালীৰ জিজুলৈ মৰমবোৰ বৰ বেথা লগা অ’ বন্ধু… গৰমৰ দিনত ঠান্ডা পানী এগিলাছ দি ‘মাই জিজু ইজ চ কুউল… ” বুলি যেতিয়া কয় নহয়, মোৰ ঠান্ডা পানী গিলাছো পেপছি, মিৰিণ্ডা যেন লাগে বুইছা বন্ধু! নাই মোৰ ভাইগত এজনীও নাই! যি বা আছে জেশাহু হে তেওঁলোক… আগত ওলালে তলমুৰ কৈ থাকিব লাগে। অমিতাভৰ ভাষাত এতিয়া দুখ কৰি লাভ নাই। টেন্ডাৰ পেলাওতেই চাই-চিতি ল’ব লাগিছিল! অ’ বহু কথাই চোৱা নহল! অৱশ্যে মোৰ খুলশালী থকা হ’লে কেতিয়াও জিঝু বুলি মাতিব নিদিলোঁহেতেন! চিনেমাত দেখুৱালে বুলিয়েই ভিনদেউ, ভিনিহীদেউ, ভিনিৰ লেখীয়া সম্বোধনবোৰ থাকোতে ভিনদেউ হলগৈ ঝিজু! নোৱাৰি দেই৷ দেউতা হ’লগৈ পপ্, দেদ্! মা হলগৈ মম, বঙহৰদেউ হলগৈ বেবো, হনি! আৰু কত কি! এই জিজু শব্দটোৰ ব্যুৎপত্তি বিচাৰি মই বেচ হাবাথুৰি খাইছিলোঁ৷ ইতিহাসৰ ছাত্ৰ হিচাপে মই জিজু শব্দটোৰ জিজিয়া কৰৰ লগত কিবা সম্বন্ধ থাকিব পাৰে বুলি ভাবি মোগল ইতিহাসখন আৰু এবাৰ লুটিয়াই চাইছিলোঁ৷ পিছত কথাটো গম পাই শ্ৰীমতীয়ে খুক খুকাই হাহিঁ হাহিঁ সেই হিন্দী চিনেমাখনলৈ মনত পেলাই দিলে যিখন চিনেমাৰ পিচৰে পৰা আমাৰ অসমৰ ভিনদেউ বিলাক উত্তৰ ভাৰতৰ জিজাজী বা জিঝু হৈ গল৷ সেইখন চিনেমাতেই বিয়া পাতিবলৈ অহা দৰাৰ জোতা লুকুৱা এবিধ খেলো দেখুউৱা হৈছিল৷ তাৰ পিছৰে পৰা আমাৰ দৰা বোৰেও ছোৱালী আনিব গ’লে জুথি লুকুৱা খেলত অংশ লৈ পইছা ভৰিব লগা হৈ আহিছে৷ সৌ সিদিনা হাৰমতিৰ ধুনুকণে খেৰবাৰীলৈ ছোৱালী আনিবলৈ গৈছিল! সিহঁতৰ গাৱঁত সেই নাওঁৰ নিচিনা জোঙা আগটোৰ জুথি কাৰোৱেই নাই৷ সি তাৰ গাঁৱৰে নাটক চাটক কৰি মেডিয়াৰ মানুহৰ লগত গা ঘেলাই ফুৰা কুমাৰ শিৱমৰ ফিটা চিগা কোলহাপুৰীচেন্ডেল যোৰকে ধাৰলৈ লৈ পিন্ধি গৈছিল! জোতা লুকুৱা খেলত হ’ল নহয় ঘৰ্মঘন্ট খন৷ জোতা খেলত ভাগ লোৱা কইনাঘৰীয়া ল’ৰাকেইটাই বলিয়াপানী অকণ সৰহকৈ গিলিছিল! সেয়ে সিহঁতে দৰাৰ চেন্ডেলযোৰ লুকুৱাবলৈ নি একেবাৰে সুৰক্ষিতকৈ পুখুৰীৰ তলতেই থৈ আহিল৷ বেচেৰা ধুনুকণে খেলত হাৰি পইছা ভৰিলেই, আহোতে থোলোক কাইটিৰ চেফটিপিন মৰা হাৱাই চেন্ডেলযোৰ পিন্ধি আহি কোনোমতে ঘৰ পালেহি৷ ঘৰলৈ আহি সি আকৌ কুমাৰ শিৱমক নতুন এযোৰ চেন্ডেল কিনি দিব লগা হল৷ ইয়াৰ অন্যাথাই কুমাৰ শিৱমে প্ৰেছ মিট এখন দি চকু চৰহা লাইভ ইত্যাদিৰ আগত এই বৃহৎ খৰম কেলেংকাৰীৰ তথ্য ৰাজহুৱা কৰিম বুলি তাক তীব্ৰ ভাবুকি প্ৰদান কৰিছিল৷ এই কান্ডৰ পিচত সি ছোৱালী অনা পাৰ্টি দিবৰ দিনাখন পিন্ধিব লগা পাইজামা পাঞ্জাবীৰ সতে ডিঙিত সাপৰ লেখীয়াকৈ মেৰিয়াই ল’ম বুলি গাঁৱৰে বিউটিশ্ৰীৰ পৰা ধাৰলৈ অনা মেজেন্টা ৰংৰ সৰু সৰু টিলিঙা লগোৱা চুৰণী খন ব্যৱহাৰ নকৰাকৈয়ে বিউটিশ্ৰীক ঘুৰাই দিছিল! “হেৰা কি ভাবি আছা? কালি বাইদেউ হতঁৰ এনিভাৰ্চেৰি আছিল নহয়,জিজুয়ে জানা বাইদেউক কি ধুনীয়া কাপোৰ এযোৰ দিছে নহয়! তোমাৰ যদি এইবিলাক অলপো চেন্স থাকিলহেতেঁন! মোৰ যে কাপোৰেই নাই জানা!” আকৌ জিজু! “আকৌ কাপোৰেই নাই” এই বাক্যটি শুনি জিজু,ভিনিহি এইবোৰ মনৰ পৰা ওলাই গল৷ মোৰ ইনকাম টেক্সৰ অংকটোলৈহে আকৌ এবাৰ মনত পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments