ফুটপাথত খোৱাৰ মজা (হিমাংক কাকতি)

ব্যস্ত চহৰ৷ ‌মানুহবোৰ আহিছে, গৈছে৷ নিজৰ নিজৰ কামখিনি শেষ কৰাতোৱেই সকলোৰে একমাত্ৰ উদ্দেশ্য৷ ‌তাৰ মাজতে কোনোৱে অকণমান ৰৈছে, “চাহ একাপ খাব লাগিছিল, ক’ত খোৱা যায়৷ ‌“ নিসন্দেহে ফুটপাথত৷ ‌
ব্যস্ত ফুটপাথৰ কাষতে এখন টেবুল, এটা ষ্টোভ, অন্যান্য লাগতীয়াল সামগ্ৰীৰ সৈতে দুজন মানুহ সিমানেই৷ ‌সৰু কিন্তুু দামী হোটেলৰ সৈতে ফেৰ মাৰিব পৰাকৈ যঠেষ্ট৷ ‌সেয়েহে হয়তু আপুনিও কেতিয়াবা ফুটপাথতে ৰৈ কিবা এটা খায়৷ ‌সন্ধিয়াৰ পৰত বন্ধুবৰ্গৰ সৈতে প্ৰাণ খোলা হাঁহিৰে চাহ আৰু আলু চপৰ আড্ডা জমায়৷ ‌ৰাতিপুৱা ফুলা লুচি কেইটা, সিজোৱা কণি ওঁহো নাখাওঁ বুলি কবই নোৱাৰি৷ ‌সোৱাদ যিয়েই নহওক লাগে খাই বেয়া পালো বুলি কবলৈ কিন্তুু সাহস নাই৷ ‌মন কৰিব ফুটপাথৰ দোকানবোৰৰ চাহকাপ কিন্তুু সদায়ে অতুলনীয়৷
‌এতিয়া সময় সলনি হৈছে৷ আগৰ পৰা চলি ফুটপাথৰ খাদ্যৰ তালিকাখনত চাওঁমিন, ম’ম’, এগৰোল নতুনকৈ সংযোজন হৈছে৷ ‌কিন্তুু বাকীবোৰ একেই আছে৷ ‌গৰমে গৰমে দিয়া বস্তুবোৰ মানুহে লৰালৰিকৈ খাইছে, জিভাখন পুৰিছে৷ ‌গিৰিয়েকে ষ্টোভত পাম্প মাৰিছে, ঘৈণীয়েকে গ্ৰাহকক সুধ পুছ কৰিছে৷ ‌খাবলৈ ইয়াত কেতিয়াও আপোনাৰ চামুচৰ প্ৰয়োজন নাই৷ ‌সাধাৰণভাৱে এখন প্লেট আৰু বাতৰি কাকতত যতনাই দিয়াতেই আপুনি সন্তুষ্ট৷ ‌এখন সৰু টেবুল মুকলি পৰিৱেশত যত এ চিৰ প্ৰয়োজন নাই, অকণমান মুকলি ঠাই, দুজন মানুহ কিন্তুু ব্যস্ততাৰ অন্ত নাই৷ ‌
প্ৰাসংগিক:
সেই অকণমান ঠাইকে তেওঁলোকে চফাকৈ ৰাখে৷ ‌কাষতে ডাষ্টবিন এটা ৰাখিবলৈ কেতিয়াও নাপাহৰে৷ ‌কাৰণ তেওঁলোকে জানে সেইখন তেওঁলোকৰ কৰ্মক্ষেত্ৰ, তেওঁলোকৰ জীৱন, তেওঁলোকৰ পৃথিৱী৷ ‌তাক যদি লেতেৰা হ’বলৈ দিয়ে তেওঁলোকৰ পেটৰ খবৰ কোনে লব৷ আনহাতে ‌তথাকথিত নামি হোটেলবোৰৰ আগফালে চাহাবী মেজাজ, পিছফালে দুৰ্গন্ধ৷ ‌কাৰণ তেওঁলোকৰ পৃথিৱীখন ডাঙৰ যঠেষ্ট৷ ‌

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments