ফুটপাথ (মিতালী বর্মন )

কাঞ্চনক পঠিয়াই এতিয়া তাৰ তাইলৈ চেৰেং চেৰেংকৈ মনত পৰি আছে বিয়া হোৱাৰ দুমাহেই নৌহওঁতেই নানা কামৰ অজুহাত দেখুৱাই আঁতৰি আহিছিল সি তাৰ মৰমৰ ঘৈণীয়েকজনীৰ ওচৰৰ পৰা নহলেনো খাবই বা পৰা, খুৱাবই বা কি ! কাঞ্চনেও বুজি পাইছিল বোধহয় সি বুজোৱা ধৰণেচহৰ ৱাপচ যানা জৰুৰী হ্যায়, ৰোজগাৰ কা চাৱাল হ্যায় না আগৰ কথা বেলেগ আছিল, এতিয়া তাৰ লগতে কাঞ্চনৰ কথাও সাঙোৰ খাই আছে প্রথমে সি খুব হেহোনেহো কৰি আছিল যদিও মাকবাপেকৰ ইচ্ছাত তাৰ অনিচ্ছা সত্বেও বিয়াত বহিবলৈ বাধ্য মাকবাপেকৰ এটাই ইচ্ছামৰনে চে পেহলে পোতাপোতিকো গোদমে খিলানা হ্যায় অউৰ খুব খেলনা হ্যায়

এমাহ পাচত খবৰ আহিল, তাৰ মাকবাপেকৰ ইচ্ছা পূৰণ হোৱাৰ পথত কাঞ্চনৰ খুব হেঁপাহ, তাইৰ প্রথম সন্তান চহৰৰআচপাতাল জন্ম হওঁক মৰমৰ মানুহজনীক ওচৰত পোৱাৰ এয়া উত্তম সুযোগ যদিও এজাক ধুমুহাহে যেন পাৰ হৈ তাৰ মগজুৰ ভিতৰেৰে কাঞ্চন আহিল আহিয়েই তাৰ ঘৰখন ঘৰ ঘৰ লগা কৰি তুলিলে মানুহজনীয়ে তর্জাৰ বেৰ দিয়া একোঠলীয়া ঘৰ প্রিয় পুৰুষৰ মৰমত তাইৰ একোঠলীয়া ঘৰতো হেঁপাহবোৰে পাৰ নধৰা হয় সিহে সুযোগ পালেই অন্যমনস্ক হৈ পৰে তাইক খুব মৰমত ৰাখিব বিচাৰে সি সিহঁতৰ চুবুৰীৰ তিৰোতাজাকে হেনো কাঞ্চনক কেইবাদিনো কৈছেকাঞ্চন অব তুম য়েহি ৰহনা তুমতো বহত নিখৰ গয়ী হো য়হা আনে কে বাদ অউৰ য়হাতো তুম অপনে মৰদ কা ভি খেয়াল ৰখ চকতী হো তাইৰ কথাত বুকু কঁপি উঠে তাৰ সঁচাকৈ যদি তাই ইয়াতে থাকিম বুলি কয় সদায়, কি !!

দিনবোৰ পাৰ হৈ যায় তাই কয়ইতনি জল্দি ৱক্ত বীত ৰহী হ্যায় তাৰহে দেখোন সময়বোৰ নাযায় নাযায় যেন লাগে তাইক সুখত ৰাখিবলৈ সি অকণো কার্পণ্য কৰা নাই ডাক্তৰৰ দৰৱপাতি আনি দিয়াৰ পৰা খোৱাবোৱালৈ সকলোতে চকু দি আছে সি মাজে মাজে দুয়ো ‘অম্বা চিনেমা’লৈয়ো যায় ঘৰলৈ আহি তাই নেদেখাকৈ সি তাৰ হিচাপনিকাচৰ জগতখনত ব্যস্ত হৈ যায় বহী এখনত সকলোবোৰ টুকি ৰাখে এবাৰদুবাৰ সাগৰৰ উচ্চতম ঢৌটোৰ দৰে তাৰ ডিঙিলৈ কিবা এটা উজাই আহে অথচ নিজৰ মানুহজনীক মুখ ফুটাই একো পৰা নাই সি জানোচা তাই দুঃখ পায় !! জানোচা সিহঁতৰ সন্তানটোৰ কিবা অপকাৰ হয় !! আগতে তাৰ মাকখুৰীয়েকহঁতে কোৱা শুনিছিল যে গাভাৰী মানুহৰ বাবে মানসিক চাপ ভাল নহয় তাই সদায় ফুর্ত্তিত থাকক, অন্ততঃ সিহঁতৰ সন্তানটোৰ বাবে একো নোকোৱাটোকেই ঠিক কৰে সি কাঞ্চনৰ দৰে ইমান মৰমীয়াল মানুহ এজনীক জীৱন সংগিনী হিচাপে পাই সি সঁচাকৈয়ে সুখী সিদিনা যে চিনেমা চাই অহাৰ পাচত নিশাৰ মহানগৰীত ফুটপাথটোত শাৰী পাতি শুই থকা মানুহবোৰ তাই দেখিছিল, কিমান যে দৰদ তাইৰ সিহঁতলৈবেচাৰে বেঘৰ তাইক যে সি কৈছিলকোয়ী বাত নেহী, ইতনা বড়া খুলা আচমান, ইতনী বড়ী ধৰতী হ্যায়, তো ৱো লোগ কেইচে বেঘৰ হুৱে পেন্দোৱাকৈ চাই তাই কৈছিলআপকা মজাক কৰনে কা আদত কব যায়েগা !” তাই যে তাৰ কথা অকণো বুজিয়েই পোৱা নাছিল উভতি আহি সেই নিশা তাই তাক সাৱতি ধৰি তাৰ বুকুৰ মাজতে কুচিমুচি শুই আছিল যেন তাৰ বুকুতেই তাই বিচাৰি সেই মুকলি আকাশ আৰু বিশাল পৃথিৱী তাৰ টোপনি অহা নাছিল এজাক ধুমুহা পাৰ হৈ যায় তাৰ মগজুৰে জোৰকৈ সি চকুহাল মুদি দিয়ে

ঘৰৰ পৰা খবৰ আহিছে, কাঞ্চনৰ ‘গোদ ভৰাই’ কৰাৰ সময় হৈছে একেবাৰে সঠিক সময় হিচাব কৰি উলিয়ায় সি সি যাব নোৱাৰিব অজুহাত আকৌ একেটাইৰোজগাৰ কা চাৱাল হ্যায় কাঞ্চনক নিবলৈ তাইৰ ভায়েক আহিল চকুৰ পানী, নাকৰ পানী একাকাৰ কৰি নৈশ বাচত কাঞ্চন লগৈ এতিয়া কাঞ্চন অবিহনে তাৰ খুব উকা উকা লাগিছে তাই যোৱাৰ পাচতেই ঘৰৰ চাবিকাঠি সি মন্নু ভাইকচমজাইদিলে

একো কামতে তাৰ মন নবহিল দুখভাগৰত লেবেজান হৈ সি শোৱাৰ যোজা কৰিলে আকৌ এচাটি ধুমুহা পাৰ হৈ তাৰ মগজুৰ ভিতৰেৰে এয়া কি দেখিছে সি, তাৰ সন্মুখত মন্নু ভাইৰ লগত তাৰ হিচাব লিখা বহীটো হাততলৈ কাঞ্চন আৰু তাইৰ ভায়েক মাফ কৰনা ভাই, ভাৱী তুমচে মিলনে কী জিদ কৰ ৰহী থী”— মন্নু ভাইৰ কথাষাৰে যেন একেলগে তাৰ বাক্শ্রৱণ আৰু দর্শনেন্দ্রীয় বিকল কৰি পেলালে হিচাবৰ বহীটো কাঞ্চনৰ হাতত !! তাৰমানে তাই সকলোবোৰ গম পালে এখন চাদৰ পাৰি মুকলি আকাশ আৰু বিশাল পৃথিৱীৰ আশ্রয় লোৱা সহস্রজনৰ মাজত তাক দেখিম বুলিতো তাই কেতিয়াও ভৱা নাছিল কিজানি ! সকলোবোৰ গম পালে তাই ঘৈণীয়েকক সুখত ৰাখিম বুলিয়েইতো এইকেইদিনৰ বাবে সি মন্নু ভাইৰ ঘৰটো দিনে এশ টকা হাৰত ভাড়ালৈ লৈছিল কিমানযে মিছলীয়া বুলি ভাৱিছে কিজানি তাক ! হঠাৎ যেন তাৰ দুচকুত ডিচেম্বৰ মাহৰ দিল্লীৰ ডাঠ কুঁৱলিৰ ছানি পৰি কুঁৱলিৰ ফাঁকে ফাঁকে সি দেখিলে তাইৰ মুহূর্তে মুহূর্তে বৰণ সলাই থকা সেই কাঞ্চনবৰণীয়া মুখত দুচকুৰ বিস্ফোৰণৰ জ্বালামুখী আদ্বাটতে যে কাঞ্চনহঁত যোৱা বাচখন নচলাহৈ থাকিল

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments