ফুলেশ্বৰীৰ বিয়া (পৰাগ কুমাৰ দাস)

আজি স্কুলৰ পৰা আহোতে বৰিহাটৰ লখিমী কেবিনত চাহ খাবলৈ সোমালো৷ বৰফি আৰু চাহ খালো৷ লগত বন্ধু ধৰ্ম৷ তাৰ টেণ্ট হাউচ আছে৷ তাক আমাৰ ফুলেশ্বৰীৰ বিয়াৰ কথা কলো৷ তাক কলো যে যিমান পাৰি কমত বিয়াখন পাৰ কৰি দিব লাগে৷ সি হ’ব বুলি কলে৷ বিয়াৰ কথা ঘৰত একোৱেই আলোচনা কৰিব নোৱাৰো৷ শ্ৰীমতীয়ে যেনেকৈহে জকজকাই উঠে৷ আজি পাচ বছৰে এই জকজকনিয়েই শুনি আহিছো৷ নিজৰ ভনীয়েক দুজনীৰ বেলিকা কিন্তু চাকৰি কৰা ভিনিহিয়েক বুলি ভালকৈয়ে সৰকাইছে৷ ঘৰৰ আন মানুহৰ নামত কিবা খৰচ কৰিলেই জাঙুৰ খাই উঠে শ্ৰীমতীয়ে৷ এনেকুৱা কাৰণতেই ঘৰৰ আন মানুহবোৰে মোক একো খোজা বাদ দিছে৷ ভাইটিয়েও পঢ়াৰ সমান্তৰালকৈ টিউচনন কৰা কৰিছে৷ ঘৰৰ অইন মানুহ কেইটাই ঘৰত অশান্তি নহওক বুলিয়েই শ্ৰীমতীৰ একো কথাত মাত নিদিয়ে৷ কিন্তু কালিৰ ঘটনাটোৱে মোক যথেষ্ট আমনি কৰি আছে৷ কালি ঘৰত মা দেউতা ভাইটি মই বিয়াৰ খৰচৰ কথা আলোচনা কৰি আছো এনেতে শ্ৰীমতীয়ে আহি যিখন নাটক কৰিলে মই সঁচাই আঘাত পাইছো৷ দেউতা আৰু ভাইটিৰ চকু চলচলীয়া হৈ উঠিছিল৷ আমাৰ মাইনা মানে মোৰ তিনি বছৰীয়া ছোৱালীজনীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে হেনো মই ফুলেশ্বৰীৰ বিয়াত সহায় কৰিব নোৱাৰো৷ আচলতে শ্ৰীমতীৰ মতে মই বিয়াত একো সহায়ে কৰিব নালাগে৷ নিজৰ ভনীয়েক দুগৰাকীৰ বিয়াত এইজনী মানুহেই কেনেকৈ মোৰ পৰা ফাৰ্ণিচাৰ আৰু গহনা আদায় কৰি লৈছিল৷ মই বৰ কষ্ট পাইছো৷ আমাৰ ঘৰৰ মানুহ কেইটা বৰ ঠাণ্ডা মগজুৰ সেই বাবেই কিজানি শ্ৰীমতীয়ে সীমাৰ বাহিৰত গৈ আচৰণ কৰে৷ এই মানুহকেইটাৰ সৰ্বস্ব ত্যাগৰ বিনিময়ত মই আজি এইখিনিৰ মানুহ হৈছো৷ নিজৰ পচন্দত বিয়া পাতি কাৰো আগত নিজৰ কথাবোৰ কবও নোৱাৰো৷ পঢ়াত ভাল আছিলো বাবে ঘৰখনৰ সকলোৰে ত্যাগৰ বিনিময়ত মই আজি মানুহ হৈছো৷ আজি দুটা কথাই মোক ইমান আঘাত দিলে যে জীৱনত এই আঘাতৰ পৰা মুক্ত নহ’ম৷ একো এটা শব্দ বিনিময় নকৰাকৈ যেতিয়া মায়ে নিজৰ গহনাখিনি ভাইটিৰ হাতত তুলি দিছিল মই চাই থাকিব নোৱাৰিলো৷ দ্বিতীয় কথাটো হ’ল শ্ৰীমতীয়ে যেতিয়া ফুলেশ্বৰীয়ে শুনাকৈ ক’লে, “কালেৰী এটাক ইমান ভালকে কিয়া দিবা লাগে আৰু যদি কাণেদি শুনলাহৈ ঘৰৰ মাটি বিকবা লগিলহৈ“৷ প্ৰচণ্ড চৰ এটা সোধাই দিম বুলিও ৰৈ গৈছিলো কিয়নো আমাৰ তেনেকৈ মানুহ শাসন কৰাৰ অভ্যাস নাই৷ কথাষাৰ গমপাই মাই আৰু ফুলে খুব কান্দিছিল৷ আমাৰ ফুলে মানে ফুলেশ্বৰীয়ে সৰুৰ পৰাই অলপ কমকৈ শুনে৷ বহু চিকিৎসা কৰিও ভাল কৰিব নোৱাৰিলো৷ ছোৱালী মানুহ কাৰণে ভালকৈ শুনা যন্ত্ৰটো লবলৈও তাই লাজ কৰে৷ দেখাত কিন্তু তাই জাকত জিলিকা৷ শিক্ষাও তাইৰ ভালেই, অসমীয়াত স্নাতকোত্তৰ যিটো বৌৱেকৰ শিক্ষাতকৈ বেছি৷ তেনে এজনী ছোৱালীকেই মানুহে ঠাট্টা কৰে “কালেৰী“বুলি৷ কিছুমানেতো তাইৰ আগতেই কয়“এই কালেৰী একো নুশুনে দে চব কবা পাৰি এইৰ আগত“৷ পিছত প্ৰায় ভাগেই ফুলে কালেৰী বুলি কয় আমাৰ কথা ক’ব লগা হ’লে৷ আনে কোৱাতো আমি সিমান গুৰুত্ব নিদিও কিন্তু শ্ৰীমতীয়ে কাণেৰে নুশুনা কথাটো এনেকৈ উল্লেখ কৰা কাৰণে বৰ আঘাত পালো৷ বেছি দুখ লাগিল ফুলেশ্বৰীক কন্দোৱা বাবে৷ কেইদিন থাকিব তাই আমাৰ ঘৰত এইদিন কেইটাও তাইৰ শান্তিত নোযোৱা হৈছে একমাত্ৰ বৌৱেকৰ বাবে৷ আজি ফুলেশ্বৰীৰ বিয়া মনটো ভাল লাগিছে যদিও ফুলে এই ঘৰখন সদায়ৰ বাবে এৰি যাব৷ আৰু ভাল লাগিছে উপযুক্ত পাত্ৰৰ হাতত পৰা বাবে৷ সকলো জানিয়েও ল’ৰা জনে বিয়া পতা বাবে আনন্দ লাগিছে৷ কিন্তু এটা কথাই আজিও পিছ এৰা নাই৷ গাঁৱৰ আয়তী সকলে দুপৰীয়া ভাত খাই মুখ ধুবলৈ গৈ যি ক’লে হাঁহিম নে কান্দিম লাগিল৷ সিহঁতে কৈছিল “আজি ফুলে কালেৰীক বৰথগ দেখছি“৷ মই ৰান্ধনীৰ খবৰ লবলৈ গৈ এই কথাষাৰ শুনি খং নকৰি ৰভাৰ তললৈ আহি ফুলেক চালো সচাই কইনাৰ সাজত ফুলেশ্বৰীক অপূৰ্ব লাগিছে৷ আজি আৰু দুখ নকৰো কোনোবাই যদি কয়, “আজি ফুলে কালেৰীৰ বিয়া“৷

গল্পটোৰ মাজে মাজে দক্ষিণ কামৰূপীয়া কথা ব্যৱহাৰ কৰা হৈছে৷ আমাৰ বৰিহাট মিৰ্জা ছয়গাও পলাশবাৰী আদি অঞ্চলত এনেকৈ আমি কথা কওঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments