ফুলৰে মেলাতে (প্ৰাঞ্জল শৰ্মা বশিষ্ঠ)

আটোম-টোকাৰিকৈ ৰখা এটা সৰু ঘৰ৷ সন্মুখত এখন ফুলনি৷
তাত বিধে বিধে ফুল৷ ফুলবোৰৰ পৰা মন মতলীয়া কৰা সুৰভি ভাহি আহে৷
কত মানুহে এনেকৈ সপোন দেখে! কিন্তু কিমানৰনো এনে সপোন বাস্তৱ হয় ?
এনে সপোন ময়ো দেখোঁ৷ মই জানো— মোৰ সপোন ফলিয়াব৷ মই মোটামুটিভাৱে ভাল চাকৰি এটাকে পালোঁ৷ পদোন্নতিৰ সম্ভাৱনা আছে৷ তেতিয়া বিষয়া হ’মগৈ৷ গতিকে এদিনাখন মোৰো নিজাকৈ ঘৰ-বাৰী হ’ব৷ তেতিয়া ফুলনি এখন নপতাকৈ থাকিমনে ?
কিন্তু সপোনৰ এই অন্বেষণে মোক যে বাৰুকৈ শিকাব, বুজাব, সেইকথা মই কেতিয়াবা ভাবিছিলোঁনে বাৰু?
মই ভাৰাঘৰত থাকোঁ৷ দুটা কোঠা৷ সোঁকাষৰ কোঠাটোৰ সন্মুখৰ অংশটো ছান কাঢ়ি বাৰাণ্ডাখনে থিত লৈছে৷ বাৰাণ্ডাত বহি সন্মুখৰ ৰাস্তাটোৰ মানুহ-দুনুহ চাবলৈ ভাল৷ গাত বতাহো লাগে৷ বৰ ভাল লাগে৷
বাৰাণ্ডাখনত বহি থাকোঁতে মানুহৰ বাহিৰেও আৰু কত বস্তুই মন টানি নিয়ে! তৰা ভৰা আকাশ, জোনাক, বহু দূৰৈৰ পৰা ভাহি অহা ফুলৰ সুৰভি, জিলিৰ মাত, আৰু কত কি! এইবোৰকে বুকুত লৈ বহি থাকোঁ৷ তেনেকৈ বহি থাকোঁতে দূৰণিৰ আপোন গাওঁখনলৈ মনটো প্ৰায়ে উৰি যায়৷ গাওঁখনৰ আলি-পদূলি, ঘৰ-দুৱাৰ, সকলো চকুৰ আগত ভাহি উঠে৷ মাই তুলসীতলত চাকি দিয়া পৰত ইয়াৰ পৰাই সেৱা এটা কৰোঁ৷ দেউতাই মুকলি আকাশৰ তলত নলীয়া দৈৰ ঢাৰি পাৰি বহি ৰেডিঅ’ত কৃষিজগত শুনাৰ পৰত ময়ো ৰেডিঅ’টো হাতত তুলি লওঁ৷ কেতিয়াবা ঘৰলৈ গুচি যাবলৈকে মন যায়৷
এনেকৈ বহোঁতে বহোঁতে বাৰাণ্ডাখনলৈ মোৰ মায়া উপজিল৷ পুৱা বাতৰিকাকতখন বাৰাণ্ডাতে পঢ়োঁ৷ বন্ধৰ দিনত আবেলি বাৰাণ্ডাতে কিতাপ এখন মেলি লওঁ৷ ভাৰাঘৰৰ মালিকৰ সৰু ছোৱালীজনীৰ লগত তাতে বহি লুডু খেলোঁ৷
এই মায়াৰ কাৰণেই নেকি, ভাৰাঘৰৰ বাৰাণ্ডা— এই ভাবটো আঁতৰিল৷ বাৰাণ্ডাখন সজোৱাৰ কথা মনলৈ আহিল৷ বজাৰৰ পৰা কেইটামান টাব লৈ আহিলোঁ৷ তাত ফুলগছৰ পুলি ৰুলোঁ৷ বাৰাণ্ডাখনে এনেদৰে মোক সপোনৰ সৰু ঘৰটোৰ সহজ, সৰু সংস্কৰণ এটা দেখিবলৈ সুবিধা কৰি দিলে৷ মোৰতো সন্মুখৰ মাটিখিনিতো ফুলগছৰ পুলি ৰুই দিবৰ মন গৈছিল৷ পিছে কেনেকৈ দিওঁ ? ভাৰাঘৰৰ মালিকে তাত বেঙেনাৰ খেতি কৰিছে৷ সেয়ে বাৰাণ্ডাখনতে নানাবিধ ফুল ফুলাবলৈ যত্ন কৰিলোঁ৷ হয়, মোৰ এই বয়সটো ফুল ফুলোৱাৰেই বয়স৷ সকলো মানুহে ফুলৰ কথা ভাবিবলৈ এৰি এদিন বেঙেনাৰ কথা ভাবিব লগাত পৰে৷ মোৰ তেনে দিন নাহক— ভগৱানক ইয়াকে খাটিলোঁ৷
পুৱা-গধূলি ফুলগছকেইজোপাত পানী দিয়া, কেতিয়াবা গুৰিৰ মাটিখিনি খুচৰি দিয়া— এইবোৰ কাম আগ্ৰহেৰে কৰিলোঁ৷ গছকেইজোপা ঠন ধৰি উঠিল৷ বৰ আনন্দ পালোঁ৷
প্ৰথমবাৰৰ বাবে ফুলগছকেইজোপাৰ প্ৰশংসা কৰিলে— স্নিগ্ধাই৷
মোৰ জীৱনত নাটকীয়ভাৱে প্ৰৱেশ কৰিছিল তাই৷ এদিন বৰষুণ দিছিল৷ হঠাতে আহিছিল বৰষুণজাক৷ মুষলধাৰে৷ মোৰ বাৰাণ্ডাত তাই আশ্ৰয় লৈছিলহি৷ অকলে৷ মই তাইক ভিতৰলৈ মাতিব খুজিছিলোঁ৷ কিন্তু মোৰ সংকোচ হ’ল৷ মই সেই সহৃদয়তা দেখুৱাব নোৱাৰিলোঁ৷ তথাপি গা-মূৰ মচিবলৈ গামোচা এখন দিলোঁ৷ এবাৰ বৰষুণজাক অলপ কমিল৷ তাই যাবলৈ ওলাল৷ মই তাইক ছাতি এটা দিলোঁ৷ কৃতজ্ঞতা যাচি তাই গ’লগৈ৷
ছোৱালীজনী চকুৰ চিনাকি আছিল৷ পুৱা চাৰে-আঠমান বজাত সৰু ল’ৰা এটাক স্কুললৈ লৈ যায়৷ অলপ সময়ৰ পাছত ঘূৰি আহে৷ সিদিনা ওভতনি বাটতে বৰষুণে পাইছিল৷
পিছদিনা পুৱা ছাতিটো ঘূৰাই দিবলৈ আহোঁতে তাই ফুলগছকেইজোপাৰ প্ৰশংসা কৰিলে৷ যতনকৈ তোলা গছকেইজোপাই তাইক আগদিনাই মুগ্ধ কৰিছিল৷
ছোৱালীজনীৰ লগত বাৰাণ্ডাতে কথা পাতিলোঁ৷ নাম-ধাম জানিলোঁ৷ কথা পাতি ভাল লাগিল৷ ভদ্ৰ৷ অমায়িক৷ ৰসবোধ আছে৷ বাৰাণ্ডাখনক মই মনে মনে ধন্যবাদ দিলোঁ৷ বাৰাণ্ডাই কিমানক আমাৰ ওচৰলৈ মাতি আনে!
তাৰ পাছতো তাই বাটেৰে গৈছে৷ দুই-এদিন বজাৰত, বাছ-ষ্টপতো লগ পাইছোঁ৷ কথা-বতৰা হৈছোঁ৷ দুয়ো হাঁহিছোঁ৷
এদিন হঠাতে মোৰ বাৰাণ্ডালৈ আহি, দুৱাৰত টুকুৰিয়াই মাতি তাই মোক সুধিলে,— ‘মোক এপাহ ফুল দিবনে ? এই গোলাপজোপা যেতিয়া ফুলিব, প্ৰথম কলিটো মোক দিবনে ?’
মই দিয়াৰ প্ৰতিশ্ৰুতি দিলোঁ৷ তাই গ’লগৈ৷ পাছতহে ভাবিলোঁ— তাই বাৰু কিয় তেনেকৈ কলে ? তাই বাৰু মোক কিবা ইংগিতহে দি গ’ল নেকি? ‘মোক এপাহ ফুল দিবনে?’ — গাভৰু ছোৱালী এজনীয়ে ডেকা ল’ৰা এজনক এনেকৈ সুধিলে তাৰ পৰা এটা গুৰুত্বপূৰ্ণ অৰ্থ উলিয়াব পাৰি৷ তাতে তাই গোলাপৰ কলি খুজিছে! ৰঙা গোলাপৰ! তেনে কিবা কথাই বুজাব খুজিছে নেকি তাই ? হ’ব পাৰে৷ কথাটো মোৰ বেয়া নালাগিল৷ স্নিগ্ধা দেখিবলৈ ধুনীয়া৷ তাইৰ এটা ব্যক্তিত্বও আছে৷ কথাখিনি কওঁতে তাইৰ মুখখন ৰঙা পৰি গোলাপ এপাহৰ দৰেই হৈ উঠিছিল৷ ফুলৰ মুখত ফুল!
স্নিগ্ধাৰ মুখখনে মোক কামৰ ফাঁকে-ফাঁকে আমনি কৰিবলৈ ল’লে৷ লাহে লাহে মই অনুভৱ কৰিলোঁ— মোৰ মনৰ হেঁপাহ নামৰ ডালটোৱে এটা কলি মেলিছে৷ এই যেন মেল খাব! মই সুখী হৈ উঠিলোঁ৷ লাহে লাহে মোৰ মনৰ মাজত নানা বৰণৰ, নানা সুৰভিৰ অলেখ ফুল ফুলি উঠিল৷ সুন্দৰে যেন কেৱল ফুলাৰেই মন্ত্ৰ মাতিবলৈ ল’লে! মই সুখী আৰু সন্তুষ্ট হৈ উঠিলোঁ৷ মোৰ টাবত ফুল ফুলা নাছিল সঁচা, কিন্তু মনৰ মাজত ফুলি উঠা সেই ৰাশি ৰাশি ফুল, পখীৰ কুজনৰ দৰে নৈ:শব্দতো সশব্দ তাইৰ মাত, তাইৰ ফুলৰ দৰে মেল খাই উঠা হাঁহিটো— এইবোৰে মোৰ মনৰ মাজত দোলা দিবলৈ ল’লে৷ মই সুখী, সন্তুষ্ট আৰু সম্পূৰ্ণ হৈ উঠিলোঁ৷
এদিন পুৱা গে’টৰ ওচৰলৈ আহি স্নিগ্ধাই মোক সুধিলে,— ‘কি হ’ল ? ফুল ফুলা নাই এতিয়াও ? নুফুলিব নেকি ?’
বুকুৰ মাজৰ ফুলবোৰৰ কথা তাইক কেনেকৈ কওঁ ? মই টাবকেইটালৈ এনেয়ে এবাৰ চালোঁ৷ গোলাপজোপা ফুলাৰ ওপৰতে মোৰ সমস্তখিনি নিৰ্ভৰ কৰিছে৷ ‘ফুলিব ফুলিব! কিয় নুফুলিব ?’— মোৰ বুকু ফাটি ওলাল৷ মই চাগৈ নিজকে অভয় দিলোঁ৷
এদিন দেখিলোঁ— কণমানি কলি এটাই গোলাপজোপাৰ পাতৰ মাজেৰে ভুমুকি মাৰিছে৷ উশাহ বন্ধ হৈ মই যেন মৰি যাম! কথাটো স্নিগ্ধাক তেতিয়াই নক’বলৈ স্থিৰ কৰিলোঁ৷ কলিটোৱে পাহি মেলক, তেতিয়া তাইক মাতি আনি দেখুৱাম৷ তাই আচৰিত হৈ যাব৷ এই কল্পনাই মোৰ মন-মগজু ভৰাই ৰাখিলে৷ তাৰ পাছত মোৰ মনত কি যে উদ্বিগ্নতা, সেইকথা বাৰু কেনেকৈ কওঁ ?
অৱশেষত আকাংক্ষিত দিনটো আহিল৷ মই অস্থিৰ হৈ পৰিছিলোঁ৷ চাৰে-আঠ কেতিয়া বাজিব ? আজি তাই নাহে যদি ?
তাই স্কুললৈ যাওঁতে নহয়, স্কুলৰ পৰা অকলে ঘূৰি আহোঁতে মই মাত দিলোঁ,— ‘স্নিগ্ধা, এইফালে আহিবানে বাৰু ?’
তাই আহিল আৰু বলিয়াৰ দৰে হ’ল৷ মই ফুলপাহ ছিঙিব খুজিলোঁ৷ কিন্তু মোক আচৰিত কৰি দি তাই চিয়ঁৰি উঠিল,— ‘কি কৰে ? কি কৰে ?’
মই বিবুদ্ধিত পৰিলোঁ৷ নিছিঙাকৈ ফুলপাহ তাইক কেনেকৈ দিওঁ ?
‘এতিয়া নালাগে৷ মই আবেলি আহিম দিয়ক৷ তেতিয়া ছিঙি দিব৷’
কিয় ? আবেলিহে কিয় ? এতিয়া কিয় নহয় ? মই মূঢ়ৰ দৰে ভেবা লাগি চাই ৰ’লোঁ৷
ফুলৰ মুখত আকৌ ফুল ফুলি উঠিল৷ ক’লে,— ‘আপুনি নাজানে৷ মোক গোলাপৰ সতেজ কলি এটা লাগে৷ এতিয়াই ছিঙিলে কলিটো লেৰেলি নাযাব জানো ? তেওঁ আবেলিহে আহিব!’
(পূৰ্বে প্ৰকাশিত৷ ৰচনা কাল: ২০০৩)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বাবা
4 years ago

সুন্দৰ । বহু বহু ভাল লাগিল ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক