ফুলৱন্তীৰ লাজ (শ্ৰীমন্ত বৰদলৈ)


ফুলৱন্তীৰ গাৰ বিষটো যোৱাই নাই।এতিয়াও দুই-তিনিটা মানুহে পাইচাৰি কৰিআছে।চাৰিবছৰীয়া জীয়েক ক’ত আছে তাই নেজানে।তাই ককাকৰ লগত নে আইতাকৰ লগত একোকথা তাই নেজানে ।
“চাল্লা হাৰামজাদাটোৱে পোৱালী পেটত দি ভাল মানুহ হৈ দেখুৱাইছে” তাই নিজক নিজে কৈ ভুৰভুৰাই আছে।
ফুলৱন্তীৰ বাপেক আৰু মাক দুয়োটাই বুঢ়া হৈছে। তাতে মাকৰ কাম-কাজবোৰৰ ধৰণ-কৰণ দেখি তাইক সকলোৱে ইতিমধ্যে পাগলী বুলি মাতে আৰু চাৰি বছৰীয়া তগৰে দিনৰ দিনটো এৰাল চিঙা গৰুৰ দৰে অ’ত-ত’ত ঘূৰি ফুৰে।
“ঐ ফুলৱন্তী, ঘৰত আছ’নে?”
মাত শুনি তাই উঠো নুঠোকৈ বিচনাৰ পৰা উঠিল।বিচনা মানে ভঙা বাঁহৰ খুটাৰেবন্ধা কাঠৰ তক্তা দুখন আৰু ঘৰ বুলিবলৈ হালি পৰা বেৰেৰে আগুৰি ৰখা ওপৰত আকাশৰ তৰা গণিব পৰা এখন বৰ্গক্ষেত্র।
তাই ব্লাউজটো আৰু গাৰ চাদৰখন ঠিক কৰি ল’লে।
“ফুলৱন্তী, শুইছিলিয়ে নেকি? ভাত খালি? জীয়েৰ ক’ত?” তাই দুৱাৰখন খুলিবলৈহে পালে এটাৰ পিছত এটা প্রশ্ন সুধিবলৈ ধৰিলে আগন্তুকে।
“কি লাগে ক?” ফুলৱন্তীয়ে মানুহটোক সুধিলে।
আন্ধাৰত মুখখন ধৰিব পৰা নাছিল যদিও লেম্পৰ পোহৰত তাই এতিয়া চিনি পালে মানুহটোক। তাই তাৰ হাতত ধৰি ঘৰৰ ভিতৰ পালেহি।
“হাৰামজাদাটোকো লাগে নেকি? তহঁত মতাবোৰৰ ভোক নমৰে নেকি?”
সি তাইৰ হাতত টকা দহটা গুজি দিলে। কোঠাৰ লেম্পটো নুমাই গ’ল। বুঢ়ামাক-বাপেকে নাতিনীয়েকৰ সৈতে ঘৰৰ পিৰালিত বহি থাকিল। ভিতৰৰ পৰা ভাঁহি অহাশব্দবোৰ আৰু ৰাতি ভাঁহি অহা জিলিৰ মাতবোৰ আন্ধাৰত বিলীন হৈ পৰিল।
তগৰে আইতাকক ক’লে, ”মোৰ ভোক লাগিছে। মাক ভাত দিবলে কছোন।“ আইতাকে তাইক এক ধমকদি ক’লে, “মাৰে ভাত হ’লে মাতিব নহয়।“ আইতাকৰ ধমক খাই তগৰ কুছিমুছি খাইমাটিত বহি পৰিল।

ফুলৱন্তীৰ বাপেকে গাড়ী চলায় আৰু মাকে মানুহৰ ঘৰত কাম-কাজ কৰি সংসাৰখন পোহপাল দিছিল। মাকজনী এসময়ত মানসিক ভাবে বিকাৰগ্রস্তহৈ পৰিছিল। চাওঁতে চাওঁতে মাকৰ লগত ঘূৰি ঘূৰি তাই কুমাৰী হৈছিল আৰু এদিন মাকৰ কাঁহী-বাটি ধোৱা, কাপোৰ ধোৱা আদি কামত তাই সহায় কৰিব পৰা হৈছিল।জধলা-মধলা আৰু সদায় মলিয়ন কাপোৰ পিন্ধা মাকৰ কথা সকলোৰে মুখত হৈছিলগৈ ‘জুটুলি’ আৰু ফুলৱন্তী নাম হৈছিল ‘জুটুলি পাগলীৰ জীয়েক’। সিহঁতৰঅভাৱ-অনাটনৰে ভৰা ঘৰখনত ভূঁতৰ ওপৰত দানহ পৰাদি বাপেকৰ বাৰমাহত তেৰটা বেমাৰ হৈছিল আৰু এদিন তেওঁ কাম-বন কৰিব নোৱাৰা হৈ পৰিল।
মাকে হাজিৰা কৰা ঘৰৰ পৰা খুজি অনা ভাত-দাইলকেইটালৈ ঘৰৰ আটাইকেইটা প্রাণী ৰৈ থাকে। পেটৰ ভোকটোৱে সিহঁতৰ খুলি-খুলি খায়।

সন্ধিয়া হোৱাৰ লগে-লগে ফুলৱন্তীৰ বাপেকে হাড়িয়া খাবলৈ আৰম্ভ কৰে। মাকৰ কামকৰি পোৱা পইছাকেইটা ৰূপান্তৰিত হয় হাড়িয়ালৈ।এটাৰ পাছত এটাকৈ মানুহবোৰ গোট খায় আৰু সিহঁতৰ ঘৰটো পৰিণত হয় মদৰ ভাটীলৈ। হাড়িয়াৰ নিচাত মাতাল হয় প্রতিটো গধুলি। হিতাহিত-জ্ঞানশূণ্য হৈ পৰে মানুহবোৰ।
উদ্ভ্রান্ত, উতপ্ত মুহূৰ্তবোৰ পৰিৱৰ্তিত হয় অশালিন গালি-গালাজ আৰু মাৰ-পিটলৈ। কোনে কাক মাৰে, কোনে কাক গালি দিয়ে তাৰ কোনো নিৰ্দ্দিষ্ট গতি আৰু সমীকৰণ নাথাকে। ফুলৱন্তীহয় সেইখন উত্তেজিত নাটকৰ অভিনেত্রী আৰু মাক বাহিৰৰ আন্ধাৰৰ মুক স্থায়ীদৰ্শক।

ফুলৱন্তীৰ গাটো কিবা-কিবি লাগি আছিল। আগতে কাহিনিও উপলব্ধি নকৰাএক অচিনাকী অনুভৱ। মাহেকীয়া নোহোৱা হোৱাত ওঁঠৰ বছৰীয়া শৰীৰটোলৈ তাই দোধোৰ-মোধোৰত পৰিছে। একো কৰিবলৈ মন নাযায়, মূৰ ঘূৰাই থাকে অনবৰতে আৰু কালিৰপৰা তাই ঘেটেককৈ মৰা উগাৰৰ সৈতে বমি কৰিছে। মানসিকভাবে বিকাৰগ্রস্ত মাকে ফুলৱন্তীৰ এই পৰিবৰ্তনবোৰ মাথো ৰ’ লাগি চাই থাকে। ফুলৱন্তীয়ে ভাবি নাপায়তাই কাক সুধিব তাইৰ কি হৈছে।

তাইৰ শৰীৰৰ পৰা পেটটো প্রতিদিনে তিহ তিহকৈ আগলৈ ওলাই পৰিছে। পেটৰ ভিতৰত কিবা এটা লৰচৰ কৰা তাই আজিকালি অনুভৱ কৰে।তাই গম পাইছে তাইৰ পেটত থিতাপি লোৱা জীৱনটোৰ কথা। কাক ক’ব তাই কথাবোৰ? মাকবহি থাকে প্রস্তৰৰ মূৰ্তিৰ দৰে ঘৰৰ এচুকত আৰু হাড়িয়াৰ নিচাত মাতাল বাপেকেএকো গম নাপায় পৃথিৱীত কি চলি আছে।
“তই পেলাই দে তাক। জহৰাটো লৈ কি কৰিবি?”
মানুহৰ মুখৰ পৰা ওলাই অহা অশ্রাব্য মাতত ফুলৱন্তীৰ বাবে হৈ পৰে প্রতিটো সন্ধিয়া অসহনীয়; ঘৰলৈ অহা ৰাতিৰ মদাহী মানুহবোৰে কিৰিলিয়াই ৰাতিটো আৰু বিকটকৰি তোলে।
“তই পেটত পোৱালী দি ক’ত পলাই ফুৰিছ’? বাপেৰ বুলি মানুহে গমপাব বুলি ভয় খাইছ’? লাজ-চৰম লাগিছে? কাপোৰকানি খুলিবৰ সময়ত লাজ লগানাছিল? শুবৰ সময়ত লাজ লগা নাছিল তোৰ? এতিয়া কৈছ’ মোৰ পেটৰ পোৱালী পেলাই দিবলাগে মই। তহঁতি মানুহ নহয়, তহঁত ৰাক্ষস।“ ফুলৱন্তীয়ে তাইৰ পেটত জীৱৰ বীজসিঁচি দিয়া মানুহটোক ক’বলৈ ধৰিলে।
“ মই তোৰ ঘৰলৈ যাম। তোৰ মাৰ বাপেৰকতোৰ সকলো কথা ক’ম। মদ খাই কোন কোন মাইকীৰ লগত শোৱ’, কাক কাক মোৰ নিচিনা অৱস্থাত পেলাইছ’, সকলো ক’ম। দিনত ভাল মানুহ হৈ দেখুৱাবি আৰু ৰাতি জানোৱাৰৰ ৰূপ ল’বি।“
মানুহটো আতঁৰি গৈছিল ফুলৱন্তীৰ ওচৰৰ পৰা।
তাৰ পিছৰ দিনবোৰ, মাহবোৰ, বছৰবোৰ আছিল একেই গতানুগতিক।ফুলৱন্তী মাক হৈছিল। কেচুঁৱাটো বুকুত সাৱটি তাই অধিকাৰ বিচাৰি গৈছিল। মানুহে ‘জুটুলি পাগলীৰ জীয়েক’কগালি-শপনি পাৰি পদূলী মুখৰ পৰা তাইক খেদি পঠিয়াইছিল।মাইকী মানুহবোৰে জীয়েকহঁতক ফুলৱন্তীৰ বিষয়ে কৈ তাইৰ পৰা আঁতৰত থাকিবলৈ কৈছিল। ৰাতি-সন্ধিয়া মতা মানুহবোৰৰ কামুক চকুবোৰৰ সংখ্যা দিনকদিনে বাঢ়িব ধৰিছিল ধ্ৰুৱকীয়ভাবে।

মদাহী বাপেকৰ মদ খোৱাৰ মাত্রা বাঢ়ি বেমাৰ হৈ মৰোঁ মৰোঁ অৱস্থা হৈছিল। মাক পাগলীৰ দৰে অ’ত-ত’ত ঘূৰি ফুৰিছিল। ফুলৱন্তীৰ জীয়েক তগৰ গছৰ পুলিৰ দৰে লহপহকৈ দিনে দিনে ডাঙৰ হ’ব ধৰিছিল। ঘৰত পেটৰ ভোক বাঢ়ি গৈছিল আৰু ফুলৱন্তীয়ে সেই ভোক মাৰিবলৈ নিজক আগবঢ়াই দিছিল মতা মানুহৰ শৰীৰৰ ভোক নিবৃত্তিৰ বাবে প্রতিটো মাতাল সন্ধিয়া। ফুলৱন্তীক দেখিলে মাইকী মানুহবোৰে থুৱাই, মতা মানুহবোৰে চোৰৰ দৰে চাই আৰু ৰাতি হ’লে শৰীৰৰ ভোক মাৰিবলৈ তাইৰ ঘৰৰ সন্মুখত পৰুৱাৰ দৰে লানি পাতে আৰু দিনৰ পোহৰত আকৌ ভাল মানুহ হৈ যায়।
ফুলৱন্তীৰ সময়বোৰ তেনেকৈয়ে পাৰ হৈ যায়। তাই কাৰ কাৰ খবৰ ৰাখিব? বেমাৰী বাপেকৰ? পাগলী মাকৰ? নে লহপহকৈ বাঢ়ি অহা তগৰৰ? নিতৌ সন্ধিয়া নামি অহাৰ লগেলগে আৰম্ভ হয় তাইৰ নৰকযাত্রা। অসহনীয় হ’লেও তাই সহি যায় সকলোবোৰ একমাত্র জীয়েকৰ কথা ভাবি।
মানুহবোৰে ফুলৱন্তীৰ ঘৰৰ চোতাল ঘেৰি ধৰিছে। “ঐ, পুলিচ আহিছে। আতঁৰি দে।“ তাৰে এজন মানুহে চিঞৰি ক’লে।
“নিজৰ গাত জুই লগাই ফুলৱন্তী মৰিল।“
মানুহবোৰে কোৱা-কুই কৰি আছে। কোনোবাই ফুলৱন্তীক চৰিত্রহীন বুলিছে, কোনোবাই সহানুভূতি জনাইছে; দহৰ মুখত দহটা কথা।
“ভালেই হ’ল। এটা বেমাৰ গাঁৱৰ পৰা নাইকীয়া হ’ল।“ এগৰাকী আদহীয়া মহিলাই আন এগৰাকীক উদ্দেশ্য কৰি ক’লে।
ফুলৱন্তীৰ যে লাজ আছিল, আত্মাভিমান আছিল, এই কথা কিন্তু কোনেও নক’লে। তাই মৰিবলগীয়া আছিল বাবেই মৰিল, এটা আপদ আঁতৰিল।
ফুলৱন্তীহঁতৰ ঘৰৰ পিৰালিত বুঢ়া বাপেক আৰু পাগলী মাক শিল পৰা কপৌৰ দৰে বহিআছিল আৰু তগৰে ইমানবোৰ মানুহ দেখি কিবা নেদেখা বস্তু দেখা দি ৰ’ লাগি চাইআছিল। কাৰণ সিহঁতৰ ঘৰলৈ দিনতটো মানুহ নাহে, ৰাতিহে আহে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক