ফুল ফুলিছে বসন্তত : নীলাঞ্জনা মহন্ত

ফুল ফুলিছে বসন্তত
– নীলাঞ্জনা মহন্ত


“কোনে খুলিছিলি খিৰিকীখন?”
– আকৌ ভোগেশ্বৰীৰ চিঞৰ৷ উপায় নাই এইজনীৰ পৰা৷ কণ্ট্ৰল ৰুমৰ পৰা চাই আছিল গিৰিবালাই৷ লাহেকৈ সমুখৰ টাচ্চ স্ক্ৰীণখনৰ একোণত হাতেৰে বা-বুলাই তাই খিৰিকীখন বন্ধ কৰি দিলে৷ সেই খিৰিকীখনৰ কাষতে ভোগেশ্বৰীৰ বিচনাখন৷ তাইৰ বিচনাৰ কাষত এগালমান সৰু সৰু অক্সি-বনচাইৰ টাব৷ সেইমখা ভোগেশ্বৰীয়ে গুচাবলৈও নিদিয়ে, খিৰিকীখনো খোলা দেখিলে কেংকেঙাই উঠে৷ আচলতে তাই পোহা অক্সি-বনচাইবোৰে দৈনিক ইমান বেছি অক্সিজেন প্ৰস্তুত কৰে যে বায়ুৰ চেন্সৰটোৱে নিজে নিজে খিৰিকীখন খুলি দি অতিৰিক্ত অক্সিজেনবোৰ বাহিৰলৈ পঠাই দিয়ে৷ খঙেই উঠে গিৰিবালাহঁতৰ সেই অক্সি-পুলি, হাইড্ৰ-পুলি (হাইড্ৰজেন উৎপন্নকাৰক), কাৰ্ব-পুলি (কাৰ্বন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্নকাৰক গছৰ পুলি), জল-পুলি (পানী উৎপন্নকাৰক পুলি), হাঁহি-পুলি (ডিপ্ৰেছনত ভোগা ৰোগীৰ কাষত ৰাখিলে মন ভালে ৰখা গছ, নৰ্মেল মানুহক পেটৰ নাড়ী ডাল ডাল কৰা বাবে এইডাল গছ আকৌ প্ৰেছক্ৰিপচন নহ’লে ৰুব নোৱাৰে) নামৰ বিভিন্ন গছবোৰ কোনে জানো গৱেষণা কৰি উলিয়াইছিল! তেতিয়াৰ পৰাই এয়াৰ পিউৰিফায়াৰ নিৰ্মাণ কৰা কোম্পেনীবোৰো মৰা পৰিল৷ গিৰিৰ আইতাকৰে তেনেকুৱা এটা কোম্পেনী আছিল পিছত গিৰিৰ ককাকে অসম কৃষি বিশ্ববিদ্যালয়ত কাম কৰি থাকোঁতেই কৈছিল বিশ্ববিদ্যালয়ত তেওঁলোকে অক্সি-পুলিৰ ওপৰত গৱেষণা কৰি থকাৰ কথা৷ আৰু তেতিয়াই ষ্টকৰ মূল্য ক্ৰমাৎ হেৰুৱাই আইতাকৰ কোম্পেনীটোৱে কৰ্মচাৰীবোৰক লে-অফ কৰা আৰম্ভ কৰি দিছিল৷ আৰু শেহত আইতাক আৰু ককাকৰ বিবাহ-বিচ্ছেদো হৈছিল এইটো কাৰণতে৷ যি কি নহওক, চকুৰ আগত ককাক আইতাকহঁতৰ অশান্তিবোৰ দেখি দেখি গিৰিয়ে বিবাহ নামৰ আইনী কাৰবাৰটোত নোসোমোৱাৰ সিদ্ধান্ত কৰিলে৷ হ’লেও মন যায় এখনি সৰু সংসাৰৰ মাজেদি জীৱনটো কিছুদিন লৈ যাবলৈ৷ গতিকে তাই কাম কৰা চিকিৎসালয়-গৱেষণাগাৰখনৰে পৰা ত্ৰিশ বছৰৰ কাৰণে এটি কেঁচুৱা কিনি লৈ আহিল৷ পিছে ভোকোন্দিৰ সহযোগিতাৰ শলাগ নল’লে তাইৰ দোষ হ’ব৷ তেওঁ লগা মতেই ভাৰ্চুৱেলি যেনেকৈ প্ৰয়োজন হয় মনোমতী (তাইৰ কেঁচুৱাটিৰ নাম) ৰ ওচৰত আহি হাজিৰ হৈছেহি, সাধু কৈছে, খুৱাইও দিছে, ডায়েপাৰ সলাই দিছে ঠিক বাপেক এজনে যিমান কৰিব পাৰে৷ সেইটো চুক্তিৰ বাবে অৱশ্যে গিৰিবালাই কম প্ৰিমিয়াম দিব লগীয়া হোৱা নাই জাতীয় পিতৃবিকাশ নামৰ বেংকটোক৷ আজিকালি বহুতেই পিছে বিবাহৰ পৰিবৰ্তে এনে চুক্তিৰেই কাম চলাই দিয়ে৷
“পৰ্দাখন পেলাই দিবিনে ঐ গিৰিবালা মেডাম?” – এইবাৰ কোনে চিঞৰিলে? অ’ সেইটো হলিৰাম৷ তাৰ কোঠাত ৰ’দ পৰিছে৷ সি আকৌ অসমীয়া সাহিত্যৰ আলোচনী চাৰিকুৰিখনমানৰ মুখ্য সম্পাদক৷ বিশ্ব ভাষা-সাহিত্য প্ৰতিযোগিতাত দহ বছৰ আগৰ পৰা অসমীয়া ভাষা লেথেৰি নিছিগাকৈ চেম্পিয়ন হৈ আহিছে৷ ইংৰাজী ভাষাটোক অসমীয়াই তিনি বছৰ আগতে ইংৰাজসকলৰ পৰা কিনি লোৱাত ইংৰাজী বুলি এতিয়া আৰু কোনো ভাষা নাই৷ তেওঁলোকৰ সকলো শব্দ অসমীয়াত সেই আগৰ দিনত এক্সেল স্প্ৰেডশ্বিটত ‘মাল্টিপুল চেল মাৰ্জ’ কৰাৰ দৰে বিলীন হৈ গ’ল৷ ইংলেণ্ডত আনকি বহুতো দলং, গাঁও, মানুহৰ নামো ইত্যাদি অসমীয়া নামেৰেহে জনা যায় আজিকালি৷ ভোকোন্দি আচলতে জন্মসূত্ৰে ইংৰাজেই আছিল৷ ভেবেলিলতা নামৰ মেডিকেল চেণ্টাৰটোত এমাহ কটাই সি নিজৰ গাৰ ৰং খাটি অসমীয়া কৰাৰ লগতে জিভাখনো খাৰখোৱা কৰি ল’লে সৰুতেই৷ সেইটো এটা সমস্যাও নোহোৱা নহয়৷ কেতিয়াবা গিৰিবালাৰ লাগেই ভোকোন্দিয়ে তাইৰ মিৰিকা টেঙাৰ আচাৰ আৰু জুহালৰ ঔ-টেঙাৰ জোলখনৰ বাবেহে মনোমতীক চোৱাচিতা কৰিছেহিনেকি বাৰু, নহ’লে তাৰনো সম্পদৰ কিহৰ আকাল৷ মঙ্গল গ্ৰহৰ কনকলতাৰ দৰে গাঁৱতো বোলে তাৰ ফ্লেট আৰু পুখুৰী এটা আছে৷
হলিৰামৰ কাম বহুত৷ তাক বহুতে ভয়ো কৰে পেটে পেটে৷ ক’ত কিবা ৰিপ’ৰ্ট কৰি দিয়ে, হাত-দীঘল মানুহ৷ লাহেকৈ তাই পৰ্দাখনৰ ৰ’দৰ চেন্সৰটো শূন্যলৈ লৈ আহিলে৷ এতিয়া আৰু ৰ’দ নপৰে৷ বিল্ডিংটো দুঘণ্টাৰ পিছত এনেয়েও পশ্চিমফালে মুখ কৰিব অট’মেটিকেলি৷ তেতিয়া ৰ’দ অৱশ্যে এনেয়েও নপৰে হলিৰামৰ পিনে৷ আচৰিত লাগে ভাবিলে কেইবাশ বছৰ আগতে হেনো পৃথিবীত পেট্ৰলিয়াম বুলি কিবা এবিধ মানুহে গাঁত খান্দি খান্দি উলিয়াইছিল৷ সেইবোৰ ব্যৱহাৰ কৰি গাড়ী চলায়, ফেক্টৰী চলায় আৰু অনেক কাম কৰিছিল৷ ফলত পৃথিবীৰ বায়ুমণ্ডল প্ৰদূষিত হৈ পৰিছিল আৰু এদিন সেই পদাৰ্থবোৰৰ ভাণ্ডাৰো শেষ হৈ পৰিছিল৷ ফলত বিকল্প শক্তি হিচাপে সৌৰশক্তিকে মানুহে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ আনকি প্ৰচুৰ গৱেষণাৰ ফলস্বৰূপে বিশ্ববিখ্যাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিজ্ঞানী এদলে বেলিৰ প্ৰকোপ আগতকৈ কমিযোৱাৰ উমান পাই বুধ গ্ৰহতো সৌৰশক্তি সংগ্ৰহালয় এটা খুলিলেগৈ৷ তেতিয়াহে পৃথিবীৰ শান্তি৷ আগৰ দিনত শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ এটা আছিল বোলে শক্তিক এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰহে কৰিব পাৰি, সৃষ্টি কৰিব নোৱাৰি৷ কিন্তু তিতিমাই নামৰ ধেমাজিৰ ছোৱালী এজনীয়ে গৱেষণা কৰি পালে যে ই সম্ভৱ, মানে শক্তিৰ ভঁৰাল খোলাতো অসম্ভৱ কথা নহয়৷ তাই অৱশ্যে আইনষ্টাইন নামৰ হেজাৰ বছৰ পুৰণাদিনৰে এজন মহান বৈজ্ঞানিকৰ কিছুমান বিশেষ সূত্ৰৰ সঠিক প্ৰয়োগৰ কথা আগতীয়াকৈয়ে সদৰি কৰে৷ তাই যিটো প্ৰট’টাইপ উলিয়াইছিল সেইটো এতিয়াও ঢেকীয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়ত আৰক্ষণ কৰি থোৱা হৈছে৷
ভাবিলে আচৰিত লাগে৷ আজি গোটেই পৃথিবী প্ৰযুক্তিয়েই হওক বা সংস্কৃতিতেই হওক অসমীয়াৰ দখলত৷ কম্পিউটাৰবোৰ মানুহে আজিকালি আঙুলিৰ নখত ইনষ্টল কৰি লওঁতেও ডিফ’ল্ট ভাষা অসমীয়া বুলি দিব লাগে৷ গিৰিবালাহঁতৰ পূৰ্বপুৰুষৰ দিনত হেনো অসম নামৰ ঠাইখনৰ পৰা অহা মানুহক আনকি চুবুৰীয়া ৰাজ্যৰ লোকৰ দুই এজনেও মাজে মাজে জংগলী বুলি জোকাইছিল, অসমীয়া ভাষা আনকি বহুত অসমীয়াই অসমত থাকিও লাজতে নকৈছিলেই৷ সেই অসম আৰু অসমীয়া এতিয়া ক’ত পালেহি ভাবিবই নোৱাৰি, গোটেই পৃথিবী নিয়ন্ত্ৰণ কৰি আছে অসমীয়া সমাজেই৷ লেবেল লগোৱা এজাক খাৰ নোখোৱা অসমীয়াৰ মাজৰ পৰাই ওলাই অহা মুষ্টিমেয় কেইজনমান প্ৰকৃত অসমীয়াৰ অহোপুৰুষাৰ্থ কষ্টৰ ফল এয়া৷
ইপিনে লাখে লাখে চেটেলাইটবোৰে আকাশত ভীৰ কৰি আন্ধাৰ কৰা বাবে কুৰি বছৰ পুৰণা আমেৰিকা-বন্ধৰ জলন্ত সমস্যাটোৰো তেতিয়াহে স্থায়ী সমাধান হ’ল যেতিয়া সেই সোপাকে কম্প্ৰেছ কৰি নেপচুনত থকা ৰিচাইকুল বিনলৈ গুৱাহাটী আই আই টিৰ ‘পিয়লি ফুকন’ নামৰ যানখনে গৈ থৈ আহিলগৈ৷ গুৱাহাটী আই আই টিৰ পৰীক্ষামূলক নতুন মডেলৰ ৰাইনো মাৰ্কা যানবোৰৰ যোগেদি আজিকালি মহাকাশ ভ্ৰমণবোৰ বৰ সুলভ হৈছে৷ যোৱাবাৰ বৃহস্পতিৰ ৰামধেনু বৰনামঘৰত হোৱা সাহিত্য সভাৰ অধিৱেশনলৈ গোটেই ভাৰতখনেই বিনামূলীয়াকৈ গৈছিল৷ বৃহস্পতিত পোৱা পুঠী মাছৰ চৰচৰীখনৰ সোৱাদৰ কথা সকলোৰে মনত থাকি যাব জীবনলৈ৷ তাত পোৱা ঔটেঙাবোৰো একোটা ফুটবলটোৰ সমান আছিল৷ কাজিৰঙা অৰণ্যত পোৱা বেতগুটিবোৰতকৈ অলপহে সৰু৷
মনোমতীৰ মণিটৰটো ব্লিংক কৰিছে৷ ভাৰ্চুৱেলি গৈ তাই চাই আহিলগৈ৷ হাতৰ পৰা সৰু জাপি পুতলাটো পৰি যোৱাৰ কাৰণেই কেঁচুৱাটিয়ে মুখখন কান্দো কান্দো কৰিছিল৷ মনোমতীয়ে জাপি বুলিলেই বৰ ভাল পায়৷ বুৰঞ্জী প্ৰসিদ্ধ কোনো জনৈক গোস্বামীয়ে কৰিঅ’গ্ৰাফ কৰা জাপি নাচ এটা হোম থিয়েটাৰত উৰাই ঘূৰাই চলাই থাকিলেহে তাই সান্দহকণ খুৱাব পাৰে ফীডাৰ মেচিনটোৱে৷
হলিৰামৰ ওচৰত অসমৰ সমস্ত তথ্য ভাণ্ডাৰ আছে বুলিব পাৰি৷ তেওঁ অসম নামৰ ডাটাবেচটোৰো একমাত্ৰ মানবিক এডমিন৷ আৰু নিজৰ মগজুলৈ ডাটা ডাউনল’ড সদায়ে কৰে হেনো তেওঁ৷ গিৰিবালাৰ পূৰ্বপুৰুষ অসমীয়া বুলি জানে কাৰণে তাইক অলপ পাত্তা দিয়ে কেতিয়াবা, কথাবোৰ কয় মাজে মাজে যদিও মানুহটো বৰ মেজাজী৷ এদিন কনফাৰেন্স এখনত ভূপেন হাজৰিকাৰ গান গাই ৰবট কেইটামানকো পাগল কৰি দিছিল৷ তিনিটা ৰবটেতো হাজৰিকাদেৱৰ গোটেই গানবোৰ ততালিকে আপল’ড কৰিহে চিধা হৈ বহিছিল৷ এবাৰ জুবিনৰ ফুল ফুলিছে বসন্তত বুলি বিহু এটা গাই হলিৰামেটো ভাল কামোৰেই খালে৷ জুবিনৰ গোটেই জীৱনী, গীত পৰিবেশন, বিহুৰ ওপৰত বক্তৃতা দি ততেই নেপাইছিল৷ বিহুৰ কথা গোটেই বিশ্বই জানে হ’লেও সময়ৰ অভাৱত অনবৰতে গৱেষণা কৰি থকা মানুহ আৰু ৰবটবোৰে বিহুবলীয়া, বহাগ, গৰু বিহু, মাখিয়তী, কপৌফুল, জেতুকা আদি মানে কি আচল অৰ্থ নাজানিছিল ভালকৈ আগতে৷
হলিৰামৰ উদ্যোগতে এইবাৰ গৱেষণাগাৰটোত বিহুমেলাও হ’ব৷ ধাৰাষাৰ অনুশীলন চলি আছে৷ ৰবটবোৰক অৱশ্যে পৰিবেশনৰ অনুমতি দিয়া হোৱা নাই৷ সিহঁতক ভাৰ দিয়া হৈছে চাউণ্ড, ক্লীণ আপ, বেণ্ড, দ্ৰেছ যোগাৰ, পিঠা তৈয়াৰ, ঢেঁকী দিয়া আদি কামত৷ এইবাৰ সিদ্ধান্ত লোৱা হৈছে সম্পূৰ্ণ পুৰণিদিনৰ আৰ্হিৰে প্ৰকৃত বিহুহে পালন কৰা হ’ব৷ গতিকে বিশ্বৰ সকলো চিকিৎসালয়, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বেংক, গবেষণাকেন্দ্ৰলৈকে সহযোগিতাৰ বাবে জাননী দিয়া হৈ গৈছে৷ সকলোৰে উৎসাহ মন কৰিবলগীয়া৷ প্ৰতিযোগিতাৰ ভিতৰত একো বাদ পৰা নাই, খালি অসমীয়া মূলৰ হ’লেই হ’ল৷ কোৰাছ, জ্যোতিসংগীত, ৰাভাসংগীত, বিহুগীত, বনগীত, বৰগীত, লোকগীত, লোকনৃত্য, বড়োনৃত্য, ঐনিতম, হুঁচৰি, জেংবিহু, বোৱাৰীবিহু, ভূপেন্দ্ৰ সংগীত, দ্বৈতগীত, আবৃত্তি, অকণিৰ মেল, বাঁহী, পেপাঁ, সুতুলি, টকা, গগনা, ঢোল, মৃদং, তাল, বৰকাঁহ, নামকীৰ্তন ইত্যাদি কি কি যে নাই! খোৱাবস্তু তৈয়াৰ কৰা প্ৰতিযোগিতাৰ তালিকাখনৰ ভিতৰত পায়স-পিঠা-সান্দহ-মুড়ি -চিৰা-সুৰুম-আখৈ-লাড়ু-তিলপিঠা-গুঁড়/ লালী/ দৈৰে জলপান-মাহকৰাই-পঁইতাভাত-খৰিচা-আচাৰ-খাৰলি-পানীটেঙা-নৰসিংহ/ পদিনাৰ চাটনি-পিটিকা-কচুথোৰৰ আঞ্জা- উহ ৰাম ৰাম!! তালিকাখন মগজুত ডাউনল’ড কৰি লোৱাৰ পৰাই ৰাই জাই কৰি থকা হৈছে গাটো৷ গিৰিহঁতে আকৌ ফেচন শ্ব’ও কৰিব৷ শ্ৰীমতী নেঘেৰীখোপা, শ্ৰীমতী ঘিলাখোপা আদি সন্মান যাৰ ভাগ্যত মিলিব তেওঁলোকক বিনামূলীয়াকৈ এবছৰৰ বাবে হলিৰাম সম্পাদিত আলোচনীবোৰৰ অন্ততঃ এখনত প্ৰতিদিনেই হোমপেজটোৰ মডেল হিচাপে ৰখা হ’ব আৰু পৃথিবীৰ ‘অৰিজিনেল’ কেঁচাসোণেৰে বনোৱা অসমীয়া কেৰু, গামখাৰু, গেজেৰা আদি গহণাৰ চেট একোটা দিয়া হ’ব৷ সেইকেইটালৈহে সকলোৰে চকু৷ আজিকালি শনিগ্ৰহত পোৱা সোণ অলংকাৰত ব্যৱহাৰ হয় কাৰণে অলংকাৰৰ প্ৰতি মানুহৰ মোহেই কমি গ’ল৷ কাৰণ শনিগ্ৰহৰ অলংকাৰবোৰ অলপ ৰঙাচানেকীয়া৷ পিছে ভালকথা হ’ল কি এইবিধ সোণ শনিৰ পৰা আমদানি হোৱাৰ পিছৰে সোণৰ ব্যৱহাৰ বিয়া-বাৰুত যৌতুক আদিত নলগা হ’ল৷ গিৰিহঁতে হলিৰামৰ আলোচনীবোৰত স্কেন কৰি দেখিছে বা শুনিছে যে আগৰ দিনত হেনো ভাৰতবৰ্ষত যৌতুকৰ নামত খুব অপৰাধ সংঘটিত হৈছিল৷ আজিকালি অভিধানত সেই শব্দটো নাই ‘দেপ্ৰেকেটেড’ বুলি অধ্যায় এটাতহে আছেগৈ কিবাকে, কেৱল বুৰঞ্জী বিজ্ঞানীসকলৰ বাবে৷ বুৰঞ্জীক এবিধ বিজ্ঞান অৰ্থাৎ বুৰঞ্জী বিজ্ঞান বুলি অভিহিত কৰে ডেৰশবছৰ আগতে জয়মতী কলেজৰ অধ্যাপিকা এগৰাকীয়ে৷ তেতিয়াৰ পৰাই বিষয়টোৰ ওপৰত ৰবটবোৰেও গৱেষণা কৰিব পৰাকৈ বিভাগ এটা খুলি দিয়া জয়মতী কলেজেই আছিল প্ৰথম অনুষ্ঠান৷
আবেলি হ’ল৷ ভোগেশ্বৰী, হলিৰামহঁতৰ জগতখনৰ পৰা ওলাই আহিল গিৰিবালা৷ বিহুৰ কথা মনলৈ আহিবলৈ ধৰিলে৷ মূৰটো টিঙটিঙাইছে দেখোন৷ আদা দিয়া চাহ একাপ খাবলৈ মন গ’ল৷ চাহকাপ হাতত লৈ পিছফালৰ চোঁতালত বহিবলৈ গ’ল তাই৷ বৰ মন গ’ল তাইৰ পূৰ্বপুৰুষৰ দিনৰ কথা আৰু জানিবলৈ সিদিনা৷ আৰু অলপ তথ্য ডাউনল’ড কৰি গম পালে আগৰ দিনত মুঢ়া, পীৰা আৰু ঢাৰি পাৰিও বহিছিল মানুহে৷ থ্ৰিদি প্ৰিণ্টাৰটোত মুঢ়া এটা তৈয়াৰ কৰি অনালে৷ একেদৰে চাহকাপৰ বাবে বানবাটি এটাও যোগাৰ হ’ল৷ ঘৰটো পুনৰ পূবমুৱা কৰা কমাণ্ডটো দি পিছফালে যাতে ৰ’দ পৰে তাৰ ব্যৱস্থা কৰি ল’লে৷ তথ্যৰ লোভে তাইক খেদিছে৷ আৰু পুৰণিদিনৰ তথ্য লাগে তাইক৷ ভাবুক হৈ পৰিছে যেন তাই আজি৷ চাহকাপ হাতত লৈ মূঢ়াত বহিবলৈ পাইয়ো যেন সুখ পলোৱা নাই৷ আগৰ দিনত পূৰ্বপুৰুষসকলে আবেলি চাহৰ জুতি লওঁতে পতি-পত্নী দুয়ো নিৰলে চোঁতালত বহি সুখ দুখৰ কথাও পাতিছিল বোলে৷ কিবা এটা অভাৱ য়েন অনুভৱ হ’ল তাইৰ৷ মনোমতীক লৈয়ে তাইৰ জীৱন৷ মানৱ সেৱাত পৃথিবীৰ প্ৰতিজন লোকেই জীৱন উচৰ্গা কৰিছে কিন্তু তাইৰ দৰে আজিৰ দিনতো কোনোবাই মানসিকভাৱে পূৰ্বপুৰুষীয়া জীৱনটো হেৰুৱাৰ উপলব্ধি কৰিছেনে বাৰু? মনোমতীক তাই তুলি লৈছে আৰু তাইৰ জিনীয় প্ৰগ্ৰাম ইম্প্লিমেণ্ট ও কৰিছে তাইৰ দেহত৷ হয়তো মনোমতীয়েও এদিন তাইৰ দৰেই ভাবিব বা কথাবোৰ বিশ্লেষণ কৰি চাব৷ তাইৰ দৰেই অকলশৰীয়া অনুভব কৰিব৷ নাই মনোমতীক তাই অকলশৰীয়া হ’বলৈ দিব নোৱাৰে৷ মনোমতীৰ এতিয়াও বাপেক ভাৰ্চুৱেল হৈয়ে আছে৷ ইচ্ছা কৰিলে অৱশ্যে গিৰিবালাই কাৰোবাক বিয়া কৰি তাই আইনৰ চকুত স্থায়ী বাপেক এটা জীয়েকক উপহাৰ দিব পাৰে৷ কিন্তু তেতিয়া বাপেকৰ জিনীয় ক’ড টোৱো ইনষ্টল কৰিব লাগিব পাৰে মনোমতীৰ দেহত৷ উহ কি কি যে চিন্তা কৰি আছে আজি তাই!
ভোকোন্দিৰ মেচেজ আহিছে দেখোন৷ এইটোৱে তাইক মণিটৰ কৰি থকা হৈছে নেকি আজিকালি বৰকৈ, অফ আৱাৰতো? তাইতো বাপেকৰ প্ৰয়োজন কমাণ্ড টো দিয়া নাছিল৷ উপায় নেপাই তাই প্ৰত্যুত্তৰ দিলে, ‘কি খবৰ ভোকোন্দি?’ ‘ কি কৰি আছা গিৰি?’ ‘কি আৰু কৰিবা এনেই মাখি মাৰি আছো, ফেচবুক চাই আছো’ ‘হাঃ হাঃ হাঃ, তাৰমানে তুমি আকৌ পূৰ্বপুৰুষৰ পুৰাণ মেলি লৈছা মগজুটোত! ক’ৰ আদিম যুগৰ চচিয়েল নেটৱৰ্কিং ৱেবচাইট আৰু ক’ত হলিৰামৰ তথ্যভাণ্ডাৰ৷ মানুহ মাৰিবা তুমি দেই’ ‘তাতে কি হ’লনো? এনেকৈয়ে ভাল লাগে দেখোন কেতিয়াবা’ ভোকোন্দিক অলপ গহীন যেন দেখা গ’ল স্ক্ৰীণখনত৷ ‘এই গিৰি শুনাচোন, অফ আৱাৰ জানো, চুক্তিমতে এতিয়া আনকি কথাও পাতিবৰ দৰকাৰ নাই সেয়াও জানো, কিন্তু হলিৰামৰ বিহুমেলাৰ আয়োজনৰ কথা ওলোৱাৰ পৰাই মোৰো খুব বিহু বিহু লাগি আছে দেখোন হে৷ কেচটো কি বাৰু?’ ‘নাজানো জানা – হলিৰামে আমাক জয়মতী কলেজত এডমিছন দিয়াইহে এৰিব যেন পাইছো’ ‘হুমমম…’
‘ভোকোন্দি?’
‘কোৱা গিৰিবালা শইকীয়া’
এইবাৰ দুয়োটাই ঢেকঢেকাই হঁহাৰ পাল৷ নেহাঁহিবনো কিয়৷ কাৰণ পুৰণা দিনত মানুহৰ যেনেকৈ উপাধি একোটা আছিল ভোকোন্দিয়ে তেনেকৈয়ে তাইকো সম্বোধন কৰিছে৷ জাতিভেদ, ৰায়ত, আন্দোলন, কোটা ছিষ্টেম আদি উঠাই দিয়াৰ বাবে অসমৰ কোনো এজন মন্ত্ৰীয়ে বহু বছৰ আগতেই উপাধিবোৰ মচি পেলাবলৈ নিৰ্দেশ জাৰি কৰিছিল৷ তাৎক্ষণিকভাৱে গোটেই জাতিভেদ প্ৰথাই নোহোৱা হৈ গ’ল বছৰদিয়েকৰ ভিতৰতে অসমত৷ লগে লগে বিশ্ব আইনতো এটি দফা সংযোজন কৰা হ;ল উপাধি নিষেধ বুলি৷ মানুহ মানুহেই, এটাই জাতি৷ কাৰোবাৰ দুটা শব্দৰ নাম থাকিলেও দ্বিতীয় শব্দটো উপাধি বুলি ধৰা নাযায় আজিকালি, নিজৰ পৰিয়ালে মাতিব পৰা ঘৰুৱা নাম বুলিহে ধৰা হয়৷
‘চাহ খাবা নেকি?’ – হাঁহি ৰখাই গিৰিয়ে লাহেকৈ ক’লে৷
‘মনোমতীৰ কি খবৰ?’
‘শুই আছে তাই জাপিসোপাৰ মাজত সোমাই’
‘জানানে গিৰি, আজি ৰাতিপুৱা মই কপৌফুল এপাহ পালো মোৰ বাগিচাত, বিহু বুলিয়েই ফুলিছে কপৌ আৰু ভাটৌফুল দুজোপামান, কেতেকীজোপাও ধুনীয়া হৈছে৷ মোৰ ঘৰলৈ আহি চাই যাবানে এদিন বাগিচাখন’
গিৰিৰ আচৰিত লাগিল, ভোকোন্দি তাৰ মানে হাড়ে-হিমজুৱে গোটেই অসমীয়াটোৱেই হৈ পৰিছে৷ শেষৰ টো পৰীক্ষা বুলি আৰু এটা প্ৰশ্ন কৰিলে তাই-
‘আজি ৰাতিপুৱাৰ জলপান কি খালা’
‘সান্দহ আৰু সৰভোগৰ দৈ৷ বোকাখাটৰ পৰা পেৰা দুটামান আনি থোৱা আছে, বিশ্বাস কৰা একদম অৰিজিনেল, খোৱাবস্তুৰ কাৰণে কৃপণালি নকৰো মই আজিকালি’
‘….’
‘চাহ আৰু একাপ হ’ব নেকি? সদায় ভাৰ্চুৱেলি কিমাননো আহিম তোমালোকৰ ঘৰলৈ, পেৰা দুটা লৈ পুতুককৈ এপাক সঁচাই মাৰি আহোঁনে?’
গিৰিয়ে ৰ’ব নোৱাৰিলে৷ উঠি গ’ল তাই৷ ভোকোন্দি ইমান সলনি হ’ল বুলি ভবাই নাছিল তাই৷ বোধকৰো কামৰ হেঁচাত বা বুৰঞ্জীবিজ্ঞানৰ অধ্যয়নত ইমানেই ব্যস্ত আছিল সিহঁত সকলোৱে যে মগজুৰ বাহিৰেও অন্তৰ এখনিও যে আছে মানুহৰ ভিতৰত পাহৰিয়েই গৈছিল৷ বেবী মণিটৰটোত মনোমতীক এপাক চাই ভাবিলে তাই৷ মনোমতীয়ে হয়তো ভালেই পাব৷ শুই থকা নিষ্পাপ মুখৰ শিশুটিয়ে যেন তাইক বহুত কিবাকিবি জ্ঞান দিলে এইমাত্ৰ৷
‘ক’ত উঠি যোৱা গিৰি? বেয়া পালা নেকি? বেংকত হেৰেচমেণ্টৰ কেচ নিদিয়াতো? সঁচা কথাটো ক’ম ক’ম বুলিও কোৱা হোৱা নাছিল যোৱা দুসপ্তাহমানৰ পৰা ৷ আজি সুযোগ বুজি কৈ দিলোঁ আৰু’
‘নাই নাই কিয় বেয়া পাম৷ আচলতে মই সৰ্থেবাৰীৰ পৰা অনা বানবাটি দুটা পাকঘৰৰ পৰা লৈ আহিবলৈহে উঠি আহিছোঁ৷ তুমি পেৰা লৈ আহি যোৱা৷ ‘আকৌ জানমণি’ চিডিখনো লৈ আনিবা আছে যদি’ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments