ফুল (মূল বাংলা : শৰৎ কুমাৰ মুখোপাধ্যায়/ অনুবাদ : মনোহৰ দত্ত )

… মেদিনীপুৰত ফুলৰ খেতি হয়|
তাৰ পৰা গোলাপ, ৰজনীগন্ধা, বেলিফুল
ভৰ্তি ট্ৰাকেৰে কলকাতালৈ আহে
মালা গাঁথা হয়, তোৰা বনোৱা হয়,
পুষ্পাঞ্জলি দিবলৈ কামত আহে| কিন্তু সেই ফুল পণ্য| 

আনপিনে এখনি উদ্যানৰ কথা ভবা হওক|
মালীয়ে তাৰ পৰিচৰ্যা কৰে,
ডাল পাত কাটি সীমাৰ ভিতৰত ৰাখে,
যত্ন কৰে, ফুল ফুলায়| ঘৰ খনৰ শোভা বাঢ়ে|
তাৰ কাষতেই পৰিত্যাক্ত মাটি- কোনেও চোৱাচিতা নকৰে,
লতা গুল্মই আগুৰি জংঘল নিজে নিজেই জন্মে
ঋতু পাৰ হ’লে মৰহি যায়
গছৰ তলত সৰাপাত ভৰি পৰে
ফুলো ফুলে, কিন্তু তাৰ বাবে নেলাগে কোনো যত্ন |

কবিয়ে ক’লে, পৰিত্যক্ত মাটিখিনিতেই ফুলে আচল ফুল আচল কবিতা,
উদ্যানখন কৃত্ৰিম, আৰু
খেতিৰ কবিতাৰ ইজ্জত নাই|
আমি কওঁ, উদ্যানখন সুন্দৰ, সুসজ্জিত,
তাত কল্পনাৰ স্পৰ্শ আছে | নিৰ্বাচন আছে |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments