“কাব্য সাহিত্য বিশেষ” ফেচবুকৰ কবিতা: এক ব্যক্তিগত অনুভৱ (টুৱাৰাম দত্ত)

ব্যক্তিগতভাৱে কবিতাৰ গুণাগুণ বিচাৰ কৰিব পৰাকৈ বৌদ্ধিক দক্ষতা আমাৰ নাই। কাজেই আজিৰ আলোচনাৰ মতামতখিনি আমাৰ একান্তই ব্যক্তিগত অনুভৱ বুলি ধাৰণা কৰি ল’লে পঢ়ুৱৈ সমাজৰ বাবে কিছুমান কথা বিচাৰ কৰিবলৈ সুবিধা হ’ব। ফেচবুকত প্রকাশিত কবিতা বুলিলে মোৰ মনলৈ সাধাৰণতে দুটা প্ৰশ্নই ভুমুকি মাৰে। বৰ্তমান ফেচবুকত প্রকাশিত কবিতাবিলাক সামগ্রিকভাৱে অসমীয়া সাহিত্যৰ অংশ বুলি বিবেচনা কৰিব পৰা অৱস্থা এটা হৈছেগৈনে? কেৱল ছপা মাধ্যমত প্রকাশিত কবিতাই অসমীয়া কাব্যসাহিত্যক প্রতিনিধিত্ব কৰে নে ফেচবুকৰ কবিতাইয়ো ইয়াৰ সমঅংশীদাৰীত্ব দাৱী কৰিব পাৰে? এই প্ৰশ্ন দুটাৰ উত্তৰ নিশ্চয় আজি নহ’লেও এটা সময়ত সদাশয় পাঠক সকলেই বিচাৰ কৰি উলিয়াব।

এতিয়া আহোঁ ফেচবুকৰ কবিতাৰ কথালৈ। কবিতা সদায় কবিতাই। ছপা মাধ্যম বা ফেচবুকৰ কবিতা বুলি কবিতাৰ কোনো শ্রেণী বিভাজন থকা উচিত নহয়। ছপা মাধ্যমত প্রকাশিত সকলো কবিতাই উৎকৃষ্ট নহয়, অথবা ফেচবুকত প্রকাশিত কবিতাবোৰো নিকৃষ্ট নহয়। কিন্তু এইখিনি কথা অস্বীকাৰ নকৰাকৈও এটা কথা নিশ্চয় স্বীকাৰ কৰিব লাগিব যে ফেচবুক ঘাইকৈ বহু সংখ্যক কবিৰ বাবে কাব্যচৰ্চাৰ আখৰাথলীহে। অতীতত যিদৰে কবি হিচাপে পূৰ্ণতাপ্ৰাপ্তিৰ আগমূহূৰ্তত বহু কবিয়ে ৰচনা কৰা প্ৰথমাৱস্থাৰ বহু অপথ্য কবিতা নিজৰ বহীৰ পাততেই চিৰদিন আৱদ্ধ হৈ ৰৈ গৈছিল, আজি তেনে ধৰণৰ প্ৰথমাৱস্থাৰ অপৰিপক্ক কবিতা বোৰ সহজ মাধ্যমৰ অজুহাতত ফেচবুকত ভূমুকি মাৰেহি। কিয়নো ফেচবুকত কবিতা প্রকাশৰ বাবে কোনো সম্পাদনা সমিতিৰ অনুমোদনৰ প্রয়োজন নাই। গতিকে দুই এটা সুন্দৰ উৎকৃষ্ট কবিতাৰ লগে লগে যথেষ্ট সংখ্যক নিম্নমানৰ কবিতাইয়ো ফেচবুকৰ মজিয়াত ভিৰ কৰেহি।

ব্যক্তিগতভাৱে আমি এইদৰে কবিতাৰ চৰ্চাৰ প্ৰক্রিয়াটোত আনন্দ অনুভৱ কৰোঁ। কিয়নো মান যিয়েই নহওক কিয় কাব্যচৰ্চাৰ থলী এখন পোৱাটো আজিৰ প্রজন্মৰ বাবে সৌভাগ্যৰ কথা। তাত আমি সকলোৱে গঠনাত্মক দৃষ্টিভংগীৰে উৎসাহ জনোৱাটোহে সময়োচিত হ’ব। নতুনসকলক যোগ্যসকলে দিহা-পৰামৰ্শৰে আগুৱাই দিয়াটো এতিয়া সহজ হৈ পৰিছে। কাজেই ঋণাত্মক সমালোচনাৰ পৰিৱৰ্তে গঠনমূলক আলোচনা আদৰণীয়।

ইমানৰ পিছতো এষাৰ কথা প্ৰণিধানযোগ্য বুলি ভাবোঁ। আমাৰ বহুসংখ্যক ফেচবুকত প্রকাশিত কবিৰ অধ্যয়নৰ পৰিসীমা দুখলগাকৈ সীমিত যেন ধাৰণা হয়। গল্প, প্রৱন্ধ আদি লিখিবলৈ যিদৰে ব্যাপক অধ্যয়নৰ প্রয়োজন, সেইদৰে কবিতা লিখিবলৈও যথেষ্ট অধ্যয়নৰ প্রয়োজন। কেৱল তুমি, মই, ভালপোৱা আদি শব্দৰ প্রয়োগেৰেই কবিতা নহয়। প্রকাশভংগী, বিষয়বস্তু, শব্দচয়ন, প্রতীক, চিত্রকল্প আদিত দক্ষতা আৰ্জনৰ চেষ্টা চলাব লাগিব। আধুনিক কবিতা যিহেতু দেখাত ছন্দবিহীন (যদিও সেইবোৰ মুক্তক ছন্দত লিখা হয়) গতিকে কেইটামান শব্দ সজাই দিলেই সেয়া কবিতা হৈ নাযায়। কবিতা এটা ৰচনাৰো এক কলাকৌশল আছে। তাক আয়ত্ব কৰিব লাগিব।
ফেচবুকৰ কিছু সংখ্যক কবিতা পঢ়িলে এনে লাগে যেন বহুতে কবিতা লিখা কথাটো আটাইতকৈ সহজ বুলি এটা উপৰুৱা ধাৰণা কৰিহে কবিতা ৰচনাত হাত দিছে। কিন্তু আচল কথাটো তেনে নহয়। কবিতাৰ গভীৰতা আছে। তাক উপলদ্ধি কৰিব লাগিব। কবিতাৰ ৰসাস্বাদন কৰিবলৈ আৰু ভাল কবিতা লিখিবলৈ প্রচুৰ অধ্যয়ন কৰিব লাগিব।

শেষত, এটা কথা লক্ষ্য কৰি আনন্দ লাগে যে, ফেচবুকৰ জৰিয়তে কাব্যচৰ্চাৰ পাতনি মেলা ভালে কেইজনে ইতিমধ্যে ছপা মাধ্যমতো নিজকে প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। দুই-এজনৰ নিজাকৈ কাব্যপুথিও প্রকাশ হৈ ওলাইছে। আচলতে ফেচবুক এক মাধ্যম হে। নিজকে গভীৰ অধ্যয়ন আৰু অনুশীলনৰ জৰিয়তে প্ৰস্তুত কৰি এই মাধ্যমৰ সুবিধা ল’ব পৰাটোতহে আমাৰ সফলতা লুকাই আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments