ফে’চবুকৰ পিঠিত গাঁঠি দিলোঁ ইউনিক’ডৰ চিঠিখনি (মনজীৎ)

প্রতি

দুই নং ছাত্ৰাবাসৰ চুপাৰ চাৰ

বিষয় : কেইটিমান অকপট স্বীকাৰোক্তি তথা এধানি ক্ষমা প্ৰাৰ্থনা।

শ্ৰদ্ধাৰ চাৰ,

পোন প্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব । মৰম ল’ব, আর্শীবাদ দিব । এই মুহুৰ্তত যদি মই কোনে কৈছোঁ (?) ধৰণৰ ভাব এটাই আপোনাক আমনি দিছে । তেনেহ’লে তাক একাষৰীয়া কৰি থৈ দিয়ক । বিশেষ ভাবিব নালাগে । মই আন কোনো নহয় । উতলা যৌৱনৰ বা লাগি মতলীয়া হৈ এসময়ত অতিশয় উৎপাত দুষ্টালি বদমাচিৰে আপোনাৰ চুলি থিয় কৰি দি হাজাৰ বাৰ গালি খাই, দহ বাৰ বাৰকৈ লাষ্ট ৱার্ণিং পায়ো নিজকে অকণো সলনি নকৰাকৈ ৰখা, আন দহজনৰ দৰে ময়ো এজন মই আপোনাৰ ছাত্ৰাবাসৰেই প্ৰাক্তন আৱাসী । চাৰ হোষ্টেল এৰা আজি বহু বছৰেই হ’ল । আপোনাকো লগ নোপোৱাও বহু দিনেই হ’ল । পিছে মাজে মাজ উপলব্ধিৰ সীমনাত বহি এটাই ভাৱ আহে মনলৈ । পাকিস্থানৰ ৰাষ্ট্ৰপতিৰ বাবে তালিবান মুৰৰ কামোৰণি হৈ পৰা দি , সেই তিনিটা বছৰত আমি বোৰ আপোনাৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিলোঁ । আপোনাক জোকাই জ্বলাই বৰকৈ সোৱাদ লৈছিলোঁ । তাৰ বাবে এই মুহুৰ্তত অন্তৰেৰে অত্যন্ত দুখ প্রকাশ কৰিছোঁ ।

 

বচা বচা কেইটিমান অকপট স্বীকাৰোক্তি :

এক)

হয় চাৰ আপুনি ঠিকেই ধৰিছে আপোনাৰ বাথৰুমৰ পৰা যে প্রায়েই চাবোন, চেম্পু, চেভিং ক্রীম, ৰেজৰ, ব্লেড বাৰাণ্ডাৰ বাল্ব যে হেৰাই তাৰ আঁৰত আমাৰেই প্রত্যক্ষ হাত আছিল । আনকি ধুই শুকুৱাবলে মেলি থোৱা আপোনাৰ বাইদেউৰ নতুন শাড়ীখনৰ চুৰি কাৰ্য্যটোও আমাৰ দ্বাৰাই সংঘটিত । আচলতে নাটক চাটক আদি কৰিলে লাগি থাকিব পাৰে বুলি কৰা আমাৰে দূৰদৰ্শী চিন্তাৰেই ফচল সেইয়া ।

 

দুই)

নতুন ল’ৰা সোমালেই যে কেতিয়াবা মাজ নিশা, কেতিয়াবা পুঁৱতি নিশা লোহাৰ ৰডৰ থেলেং থালং শব্দৰ লগতে জুনিয়ৰৰ গালত চৰ মৰাৰ দৰে চেটেপ চাটাপ শব্দবোৰ শুনি আপুনি শোৱা পাতিৰ পৰা বেতঁ এডাললৈ দৌৰি আহিছিল । সেইয়া আচলতে কোনো ৰেগিঙৰ শব্দ নাছিল । মাজনিশা আপোনাৰ টোপনি ভাঙি ৰং চোৱাৰ হেঁপাহত আঁঠুৱাৰ ষ্টিক পকাত পেলাই আৰু বাটা চেণ্ডেলেৰে বাৰাণ্ডাৰ খুঁটাত জোৰ জোৰকৈ কোবাই কৰা শব্দহে আছিল । আপুনি যেনেকৈ আছে তেনেকৈ দৌৰি আহি কোন কোন বুলি চিঞৰি গোটেই খন ইফালে সিফালে চাই একো দেখা নাপাই, খঙত মুৰ খজুৱাই খজুৱাই ঘুৰি যোৱাৰ দৃশ্যই বৰ আমোদ দিছিল । সেয়ে আপুনি উভতি ঘৰ পোৱাৰ লগে লগে আকৌ থেলেং থালাং আৰু চেটেপ চাটাপ শব্দ কৰাইছিলোঁ ।

 

তিনি)

চাৰ আপোনাৰ সহকৰ্মী তথা চুবুৰীয়া বৰা চাৰৰ বাইদেৱে বৰ মৰমেৰে পোহা কুকুৰা কেইজনী আৰু হাঁহ কেইটাক সিহঁতৰ শোৱাপাটীৰেই পৰা অপহৰণ কৰা তথা সিহঁতৰ নৃশংস হত্যাৰ বাবে আমিয়েই একমাত্ৰ দায়ী । সিহঁতৰ লাচটো বাদেই হাড়কেইডালো পোৱা নগৈছিল । কিয়নো সেইবোৰ পিছদিনা পচন সাৰ হৈ মিলি গৈছিল লেট্ৰিনৰ টেংকিত । পাখিখিনি গার্লচ হোষ্টেলৰ পিছ ফালে পেলাইছিলোঁ যাতে কোনোধৰণৰ ক্লু পোৱা নাযায় । আমাৰ মাজত ইমান একতা আছিল আমি দুজনে মিলি অপহৰণ কৰিছিলোঁ যদিও হত্যাকাণ্ডৰ ভাগ আমি সকলোৱে সমানে ভগাই লৈছিলোঁ । তাত আমাক মুখ্য ৰান্ধনী দঁতুৱা বর্মণেও আদা নহৰু মা মচলাৰে পূর্ণসহযোগ আগবঢ়াইছিল ।

 

চাৰি)

আপোনাৰ পদুলিত যে মাজে মাজে পুৱা গোটেইখন প্রস্ৰাৱ প্ৰস্ৰাৱ গোন্ধাইছিল সেইয়া আচলতে এক বিশষ ধৰণৰ প্ৰতিযোগিতাৰ চাইড এফেক্ট । যিদিনাই নিশা ৰাইজৰ সেইবিধ জোখতকৈ অলপ বেছি হ’য় সেইদিনাই “কোনে কিমান জোৰত মূতি কচুপাত ফালিব পাৰ ” নামৰ প্ৰতিযোগিতা খনি অনুষ্ঠিত কৰা হয় । আৰু দুৰ্ভাগ্যৰ কথা যে তাৰ বাবে প্রতিবাৰেই আপোনাৰ গেটৰ কাষৰ ক’লা কচুগছ কেইজোপাকেই লক্ষ্য হিচাপে লোৱা হৈছিল । ফলশ্ৰুতিত এলকহল মিশ্ৰিত প্রস্ৰাৱৰ গোন্ধত পুৱাই পুৱাই আমোল মোল হৈছিল আপোনাৰ পদুলি ।

 

পাঁচ)

আপোনাৰ সহকৰ্মী শইকীয়া চাৰৰ জীয়েক পল্লবীক যে মাজতে বীৰাই পাইছিল বুলি ওলাইছিল ! সেয়াই আচলতে বীৰা চিৰা নাছিল । তাৰ আঁৰটো আছিল আমাৰেই প্রতিশোধৰ জুইত জ্বলি উঠা এটি জ্বলন্ত ষড়যন্ত্ৰ । কাৰণ ছাত্ৰাবাসৰ ৪ নম্বৰ ৰুমৰ ৱালত যাৰ নাম আজিও ৰাজা দাৰ গার্লফ্রেণ্ডে এৰি যোৱা লিপষ্টিকেৰে লিখি ৰখা আছে । যি মাথো এটি নাম নহয় তেওঁ এটি ইতিহাস । প্রেম বুলিলে যাৰ কথাই পোন চাতেই মনলৈ আহে । তেওঁ হৈছে আমাৰ আটাইৰে চিনাকি ৰমিঅ’ জুলিয়েটৰ অশা-মিছ ৰমিঅ’ শ্রীমান লালু দা । তেঁও এবাৰ ডাড়ি কাটোতে গালত বাহৰ পাতি থকা কেইটিমান নিৰীহ শালমন কাট খাইছিল । আৰ ৰমিঅ দাদাই সুবিধাতে শালমন কেইটাই নিজ প্রাণ ত্যাগ কৰি বুকুৰে নিগৰোৱা তেজেৰে প্রেম পত্র এখন লিখিয়েই পেলালে । পিছে মৰতী পল্লবীয়ে নিষ্ঠুৰ নিদাৰুণ ভাবে সেইখন ফালি লালু দাৰ মুখত মাৰি দিয়াত সেই প্রতিশোধৰ জুই কুৰা শান্ত কৰিবৰ বাবেই চলিছিল সেই ষড়যন্ত্ৰ । তাইৰ ঘৰৰ টিংত পুৱা গধূলি বা গভীৰ নিশা মনে মনে শিলগুটি দলিয়াইছিলোঁ । ৰাতি হ’লে ভেণ্টিলেটৰৰেদি কণীৰ চোকোৰা খেৰ নখ শুকান বন তাইৰ ৰুমত পেলাই দিছিলোঁ । খিৰিকীৰ কাষত বহি পঢ়ি থাকোঁতে ডাঠ কাগজেৰে বনোৱা ক’লা হাত ভৰাই ভয় খুৱাইছিলোঁ । বীৰাৰ চিৰা দৈ ওৰটো এইটোহে আছিল আচলতে ।

 

ছয়)

সেয়াতো সেইয়াই, কমাৰ্চৰ ওচৰৰ ফার্ণীচাৰ খন,চান্দমাৰী বাচ ষ্টপৰ কলিতা হোটেল , ইউ টার্ণৰ ডিলাইট বাৰ এই সকলোবোৰ ভঙাৰ সম্পূর্ণ দায়িত্ব আমি অকপটে স্বীকাৰ কৰিছোঁ । বেচেৰাহঁতৰ কোনো দোষ নাছিল গাত । খাই বৈ পইচা দিব নোৱাৰাৰে বাবে কিবা কিবি কোৱাত, চান্দমাৰীত আমাক কিবা ক’বলে কোন চাও হোষ্টেলত ফোনলগা বোলা ইগ’টো বেয়াকৈ হার্ট হোৱাৰ বাবেই হৈছিল সেই ধংস যজ্ঞ ।

 

সাত)

আৰু যে চাৰ সেই যে ইঞ্জিনিয়াৰিং মেকানিক্সৰ পৰীক্ষাৰ আগদিনা মাজৰাতি মোক আৰু গুটিক কলেজৰ ফালৰ পৰা আহি থাকোঁতে লগ পাইছিল । মই যে গুটিয়ে ৰাতি টোপনিত খোজ কাঢ়ি ইমান দূৰ পালেহি ওভোতাই নিবলে অহা বুলি কৈ শপত খাইছিলোঁ । চাৰ সেইয়া মিছা আছিল । আমি খবৰ পাইছিলোঁ পেপাৰ লিক হৈছে বুলি । সেয়ে কাকো নোকোৱাকৈ দৌৰা দৌৰিকে গৈছিলোঁ সুবিধাটো ল’ও বুলি । পেপাৰ পালো ৰাতিতে লাচিতে গড় বন্ধাদি উজাগৰী নিশা কটাই পুৱাৰ বাবে ১০০% সাজুও কৰিলোঁ । পিছে পৰীক্ষা হলত গৈ চকুহাল ওলাই পৰিল । একোৰে একো মিল নোপোৱাত চকুৰে জ্বলা কলা দেখিলো । ভাগ্য ভাল সেই চাবজেক্টত মোটামুটি ভালেই আছিলোঁ বাবে কোনোমতে শেষ ৰক্ষা কৰিব পাৰিলোঁ আৰু । সেইদিনাই শপত খালো এইবোৰৰ পাল্লাত নপৰোঁ কাহানিও বুলি।

 

আঠ)

মেডাম-মেফিৰ দিনা বৰা গাঁৱৰ পৰা অনা জীয়া নোদোকা গাহৰি দুটা বাহ দুডালত দুভাগে বান্ধি ওলোটাই সমদল উলিওৱাৰ দিনা ,আপোনাৰ কোৱাৰ্টাৰৰ সমুখত মৰিয়াই মৰিয়াই গু ওলাই যোৱাকৈ চিঞৰোৱাইছিলোঁ যে । সেয়া মেডাম-মেফিৰ কোনো লগত জড়িত নিয়ম নাছিল । বৰং সেয়া আছিল আপুনি হোষ্টেলৰ মেছত গাহৰি ৰান্ধিব তথা খাবলে নিদিয়াৰ গণতান্ত্ৰিক প্ৰতিবাদহে ।

 

ন)

অ আৰু এটা কথা মনত পৰিছে মোক কি ভাবি কি বিশ্বাসত এন্টি ৰেগিং কমিটিত ৰাখিছিল নাজানোঁ । মই কিন্তু আপোনাৰ বিশ্বাস এচিকুটমানো ৰাখিব নোৱাৰিলোঁ । কাৰণ মই ৰেগিং কৰাৰ ৰেংকিঙত সদায় ওপৰফালেই থাকিম চাগে । উদাহৰণ স্বৰুপে

ক/ মোৰ ১১৮ জনী পত্রবান্ধৱীৰ সতে ছমাহ মান জুৰি হোৱা ভাৱৰ আদান প্রদানত যিমান চিঠি মোৰ ফালৰ পৰা গৈছিল গোটেই কনট্ৰেক্টতো তিনিটা চিংৰাৰ বিনিময়ত হাতৰ আখৰ ভাল বাবে আক্ৰমণ দত্তই পাইছিল ।

খ/ ইফালে কবিতা ভাল পোৱা গুঞ্জনৰ আগত দিনটোত গড়ে তিনিটাকৈ স্বৰচিত কবিতা আবৃতি কৰিছিলোঁ ।

গ/ বেষ্ট চিংগাৰ পোৱা অভিনৱক মন গ’লেই মাতি আনি মই অ’ৰ ত’ৰ পৰা সুৰ চুৰ কৰি জোৰা টাপলি মৰি বকাসুৰ নৰকাসুৰত নতুনকে বনোৱা অৰিজিনেল গানবোৰ ৰাগ টানি টানি শুনাইছিলোঁ ।

ঘ/ কথা নাই বতৰা নাই যেতিয়াই তেতিয়াই পঢ়ি থকা জ্যোতিষৰ পঢ়া টেবুলৰ কাষত আৰু ৰুমৰ আগত গাইপতি একো ডলাকৈ জেওৰা খুটী দি , মুৰত নাৰিকলৰ টোকোৰা পিন্ধাই দুটা দুটা চাৰিটাকৈ গাঁওৰক্ষী বাহিনীৰ চিকিউৰিটী ৰাখিছিলোঁ । যাতে তাক পঢ়াত কোনেও আমনি দিব নোৱাৰে । অর্ডাৰ দিয়া আছিল কোনোবা আহিলেই সিহঁতে “ দি দি দি দি দি দি দি দি ধিচ ধিচ ধিচ ধিচ ধিচ ধিচ” বুলি পকাত বাগৰিলৈ গুলি চলাই দিয়ে ।

ঙ/ ইফালে ৰাতিৰ সাজৰ বাবে ডাইনিং হলত খোৱাৰ সময় হ’লেই মৰা বেলটো খুলি নি ষ্টৰৰুমত পেলাই দিছিলোঁ । তাৰ পৰিবৰ্তে ভাতৰ সময় হ’লে ছোৱালীৰ সতে চেনী খাই ভাল পোৱা কল্যাণক সি চেনী খোৱা ছোৱালী বোৰৰ নাম লৈ লৈ “মই আমুকক ভাল পাও” বুলি চিঞৰিবলে লগাই দিছিলোঁ । চর্ত আছিল একেজনী ছোৱালীৰ নাম সপ্তাহটোত ৰিপিট হ’ব নোৱাৰিব । আৰু ন বাজো বাজো হ’লেই সকলোৱে ডাইনিং হললৈ যাবৰ বাবে তাৰ চিঞৰলৈ অপেক্ষা কৰিছিল ।

চ/ আৰু যে কালিয়া কালি চৰণৰ লাহনে সেই যে শেষবাৰৰ বাবে গা কেতিয়া ধুইছিল মনত পেলাব নোৱাৰা ল’ৰাটো । সি এমাহৰ মুৰত যেতিয়া কাপোৰ যোৰ খোলে । পিন্ধোঁতে কি কালাৰ আছিল পাহৰি যোৱাৰ অপৰাধত সেই কাপোৰ বোৰ তাৰ নিজ হাতেৰেই জ্বলোৱাই হোষ্টেলৰ সকলো ম’হ খেদাইছিলোঁ । পিছে কি হ’ল জানো সি তাৰ পিছৰে পৰা ৰেগুলাৰ গা ধুবলে ল’লে দেখোন ।

 

শেষত এধানি ক্ষমা প্ৰাৰ্থনা :

অ চাৰ গার্লছ হোষ্টেলৰ ছোৱালী মখা আহিলে “ম’ৰা চৰাই পাখি পিন্ধি কাউৰীয়েও মাৰেহি ফিতাহি ” বুলি বাৰাণ্ডাত ৰৈ গোৱা সমবেত সংগীতকে ধৰি ওচৰৰ মানুহৰ কল কুঁহিয়াৰ চুৰি কৰা, বৰকৈ ফুটনি মাৰি থকা ৰহমান চাৰৰ কোৱাৰ্টাৰৰ আগফালে তেওঁৰ নাম্বাৰটো দি ‘টু লেট’ লিখি অহা লৈকে বহু কিবা কিবি বদমাচি কৰি আপোনাৰ ভালেখিনি বি পি আৰু চুগাৰ বঢ়ালোঁ । ভেচমল কেচকালা লগাবলে বাধ্য কৰালোঁ । তথাপিও আপুনি তাহানিও শ্ৰদ্ধাৰ আছিল আজিও শ্ৰদ্ধাৰ হৈ আছে আৰু আগলৈও শ্ৰদ্ধাৰেই হৈ থাকিব । আজি ইমান বছৰৰ পিছত কিয় জানো আপোনাক ক্ষমা খুজিব মন গ’ল । কিয় জানো ইমান বোৰ লটি ঘটিৰ পিছতো আপুনি সদায় চাবজেক্টৰ ভাইভাত হোষ্টেলৰ প্রতিজন ল’ৰাকে কৰা সহায় আৰু বিপদে আপদে পা পইচা দি কৰা উপকাৰৰ বাবে আপুনি সদায় আমাৰ শ্রদ্ধাৰ চুপাৰ চাৰেই হৈ থাকিব । আপুনি কোৱা প্রতিটো উপদেশ আজি আমাৰ বাৰুকৈয়ে কামত আহিছে । চাৰ জানো যে আপুনি সেই দুষ্টালি বোৰ একো ধৰি নাথাকে তথাপিও কও চাৰ সেইয়া আমাৰ উতনুৱা যৌৱনৰ নিৰ্দোষ ধেমালি বুলি ভাবি পাহৰি যায় যেন । অজানিতে কৰা আন যিকোনো ভুলৰ বাবে আজিও ক্ষমা পার্থী । ভগৱানে আপোনাক সুস্বাস্থ্য দিয়ক আৰু দীৰ্ঘায়ু কৰক । আমাৰ হোষ্টেলৰ বডী বিল্ডাৰ কেকাইক পাঞ্জাত হেৰুৱা দি সকলো আপদ বিপদক হেলাৰঙে হেৰুৱাই যাওক ।

 

শুভকামনাৰে

প্ৰান্তত…

আপোনাৰ ছাত্ৰাবাসৰ তাহানিৰ এজন চয়তান আবাসী

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক