ফেচবুকৰ বান্ধৱী —কমলেন্দ্ৰ শৰ্মা

১. এগৰাকী কলেজ শিক্ষয়িত্ৰী, সমসাময়িক বয়স। ফেচবুকত চিনাকি হোৱাৰ পাছত মেছেঞ্জাৰত মেছেজ আদান-প্ৰদান হ’ল। কথা আৰু চিন্তাধাৰাৰ মিল হোৱাৰ পাছত হোৱাটচএপত যোগাযোগ হ’ল আৰু ফোনো কৰিলে। এদিন তেখেতৰ স্বামীয়ে ফোন কৰিলে, ক’লে তেওঁলোকৰ ছোৱালীজনীক গুৱাহাটীৰ হোষ্টেলত ৰাখি পঢ়াব। মই হেনো স্থানীয় অভিভাৱক হ’ব লাগে। কিন্তু আমি এজনেও আজিলৈকে দেখাদেখি হোৱা নাই। আমি অচিন চিনাকি। বিশ্বাস, আন্তৰিকতা ,শ্ৰদ্ধা।

২. এগৰাকী গৃহিনী, দহবছৰীয়া ল’ৰা এজনৰ মাক। ফেচবুকৰ বান্ধৱী, মেছেজ কৰে। তেখেতে কলেজত থাকোতে গল্প কবিতা বহুত লিখিছিল। এতিয়া নিলিখে। মই সদায় তাগিদা দিওঁ লিখিবলৈ। একপ্ৰকাৰ ধমকি দিওঁ। তাৰ পাছত ভাল ভাল গল্প -কবিতা লিখিলে। তেওঁৰ মতে মোৰ জোৰতহে লিখাটো সম্ভৱ হ’ল। মাজে মাজে ফোন কৰে, গিৰিয়েকে এদিন ফোনত ক’লে -” এওঁৰ যে ইমান প্ৰতিভা আছে গমেই পোৱা নাছিলোঁ। আপুনিহে উলিয়াই আনিলে, নেৰিব দেই। তাগিদা দি থাকিব। ধন্যবাদ আপোনাক। আমাৰ ঘৰলৈ আহিব এদিন।” বিশ্বাস , শ্ৰদ্ধা , আন্তৰিকতা।

৩.এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মৰত বাইদেউ। মোৰ লিখনি পঢ়ে আৰু আপলোড কৰা ফটোবোৰ ভাল পায়। সদায় ৰাতিপুৱা সুপ্ৰভাত দিয়ে, পৰিয়ালৰ খবৰ লয়। দুদিনমান বাইদেউৰ মেছেজ নাই। ময়েই এদিন সুধিলোঁ। বাইদেৱে ক’লে যে, দিনটো ব্যস্ত থাকো, ৰাতি সময় পালে ফেচবুকত যাওঁ, মেছেনঞ্জাৰত যাবই নোৱাৰি। অনলাইন দেখিলেই অভদ্ৰ কিছুমানে যা তা মেছেজ দিয়ে, ‘কল’ কৰে, বৰ অশান্তি দিয়ে। সেয়ে মেছেঞ্জাৰ বাদ দিছোঁ। তোমাক ফোননম্বৰ দিম, ফোন কৰিবা। এতিয়া ফোন কৰি থাকে। আমি যে ফেছবুকৰ হে চিনাকি, ভাবেই নহয়। বিশ্বাস, আন্তৰিকতা মৰম।

৪. স্বামী-স্ত্ৰী দুয়োগৰাকী মোৰ ফেচবুকৰ বন্ধু। গুৱাহাটীৰ পৰা দূৰৈত ঘৰ। প্ৰথমে মেছেঞ্জাৰ, তাৰ পিছত হোৱাটচএপ, তাৰ পিছত ফোনত যোগাযোগ। যেন বহুদিনৰ চিনাকি। এদিন এটা সহায় বিচাৰিলে, বাইদেউৰ বহুত গেষ্ট্ৰীক। গুৱাহাটীৰ এগৰাকী ভাল ডাক্তৰৰ লগত যোগাযোগ কৰি দিব লাগে। দিছপুৰ হস্পিতালত গৈ এপইন্টমেন্ট লৈ দিলো। ডাক্তৰক দেখালে। তেতিয়া মই তেজপুৰত আছিলো কাৰনে লগ নাপালোঁ। মোৰ প্ৰতি কৃতজ্ঞ। অচিন চিনাকি, বিশ্বাস , আন্তৰিকতা।

… এনেকুৱা অভিজ্ঞতা নিশ্চয় বহুতৰে আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক