ফেচবুক… (-আফৰুজা আখতাৰ)

ফেচবুক…ফেচবুক…বাৰ্থ ডে পাৰ্টি, কিটি পাৰ্টি…য’তে যাওঁ ত’তে আজিকালি ফেচবুকৰহে কথা সকলোৰে মুখত ।অমুকীয়ে বোলে প্ৰ্তিদিনে প্ৰ’ফাইল পিকচাৰ চেঞ্জ কৰিছে,তমুকীয়ে বোলে মিনি স্কাৰ্ট পিন্ধি ফটো আপলোড কৰিছে,অমুকীৰ হেয়াৰ ষ্টাইলটো লেটেষ্ট লাগিছে,এজনীৰ টিপ্পনী-তমুকীৰ বোলে ফেচবুকত একাউণ্ট এ নাই,বৰ গাঁৱলীয়া পাই…ইত্যাদি ইত্যাদি টিপ্পনী শুনি ভিতৰি ভিতৰি বৰ লাজ পাওঁ।মোকেই কাট মৰা নাইতো। ময়োতো এতিয়ালৈকে ফেচবুকত একাউণ্ট খোলাই নাই(আচলতে আগৰে পৰা থকা কম্পিউটাৰ ভীতিগ্ৰস্ততাই মোক ফেচবুকৰ পৰা বিৰত ৰাখিছে ।কিবাহে চুম,ক’ৰবাতহে লাগিব লেঠা-তাৰ পিছত এওঁৰ বকনি)। কি যে এই ফেচবুক জ্বৰে লম্ভিলে মানুহবোৰক ! আগতে আমি মহিলাবিলাকে ‘গেট টুগেদাৰ’ বোৰত লগালগি হ’লে ৰূপালী পৰ্দাৰ নায়িকাৰ পৰা হিন্দী চিনেমাৰ জনপ্ৰিয় ছিৰিয়েলৰ ভাল লগা নায়িকাৰ সাজ সজ্জা, অলংকাৰ,হেয়াৰ ষ্টাইল আদিৰ কথা পাতিয়েই আড্ডা জমাইছিলোঁ । পিছে দেখিলো এতিয়া আমাৰ লগৰবোৰেই চোন জীৱন্ত নায়িকা হৈ পৰিছে ফেচবুকত । কিনো আছে এই ‘বুক’ খনৰ ফেচত… হিন্দী ছিৰিয়েলৰ ৰাগীতকৈও যাৰ তীব্ৰ ৰাগী । লগৰবোৰৰ টিপ্পনীৰ লগতে মোক এই বুকখন পঢ়িবলৈ লালায়িত কৰাত আৰু দুটা সংযোজন – ভাগিনী লিছা আৰু বান্ধৱী পৰীৰ দুটা ফোনকল ।ভাগিনী লিছাৰ খ্ং-মাহী,তুমি বৰ ব’ৰ দেই, এফ্.বি.ত একাউণ্ট এটা খুলিব পৰা নাই ,আউট ডেটেদ একদম ।বান্ধৱী পৰীৰ অভিযোগ- হেৰ’ তই ইমান গাঁৱলীয়া হৈ আছনে? এফ্.বি.ত একাউণ্ট এটা নাই । কলেজৰ পুৰণা গ্ৰুপ ফ’টো এখন আপলোড কৰিছোঁ । চবকে টেগ্ কৰিলোঁ, তইহে বাকী থাকিলি,ছেহঃ । বুজিলোঁ, আজিৰ দুনিয়াত যাৰ ফেচবুকত একাউণ্ট নাই…তাৰ মান নাই ।
ৰিকি-ৰিছা শুই যোৱাৰ পিছত এওঁৰ ওচৰত আব্দাৰ ধৰিলোঁ – হেৰা, মোক ফেচবুকত একাউণ্ট এটা খুলি দিয়ানা আজি । এওঁ ভেকাহি মাৰি উঠিল – হিন্দী ছিৰিয়েলে আমুৱালে হ’বলা । এতিয়া ফেচবুকৰ নিচা । কামৰ নামত তো কুটা এডাল ইফাল-সিফাল নকৰা । দিদি জনী নাথাকিলেতো ঘৰখন ঘৰ হৈ নাথাকিলেহেঁতেন । হ’ল আৰু.. এওঁৰ মুখখন চলিলে যেতিয়া চলিয়েই থাকিব আৰু । এই মতাচব । মৰমৰ মূল্য নুবুজে একদম । মগজটো গৰম হৈ গ’ল । ফেঁপেৰি পাতি ধৰি এখুন্দা লাগিম বুলি ভাৱিও মনৰ খ্ং মনতে দমন কৰিলোঁ । এওঁ কি বুজিব মোৰ কথা । ৰিকি-ৰিছা,এওঁ স্কুল-অফিচলৈ ওলাই যোৱাৰ পিছত কিমান আৰু শুই, টি.ভি চাই, ফোনত কথা পাতি সময় পাৰ কৰিম । পঢ়া-শুনাৰ চখ আগৰ পৰাই নাছিল । সৰস্বতীৰ আশীষ বৰকৈ নোপোৱা বাবে টানি-টুনি কিবাকৈ বি.এ টো পাছ কৰি বহুবছৰ আগতেই কিতাপক নমস্কাৰ জনাই থৈছোঁ । যৌথ পৰিয়ালৰ নুমলীয়া কন্যা বাবে সকলোৰে মৰমত আতোলতোলকৈ ডাঙৰ হোৱা বাবে কাম-কাজতো তেনেই ওস্তাদ হৈ থাকিলোঁ ।এনেয়েও দিদি জনীয়ে চব কাম কৰেই । ৰন্ধা-বঢ়াও কি কৰিম ! দুবাৰমান পৰম আগ্ৰ্হেৰে ৰান্ধি খুৱাবৰ চেষ্টা কৰি এওঁলোকৰ মুখৰ বিকৃত ৰূপ দেখি দুনাই সাহস নকৰিলোঁ । দিদিয়ে বনাই দিয়া ‘খানা’ ৰিকি-ৰিছা আৰু এওঁৰ বাবে পৰম পাথেয় বাবে পাকঘৰৰ ফালে মূৰ ঘ্মাবলৈ এৰিয়েই দিলোঁ । ৰিকি-ৰিছাকো একো কৰি দিবলগা নহয় ।বয়সতকৈ বেছি বুজন দুয়োটা । তাৰোপৰি মোতকৈ দেউতাকৰ লগতে এট্যাচ্চমেণ্ট বেছি বাবে মই একো কৰিবলগীয়া নহয়েই । গতিকে মোৰ হাতত সময়েই সময় ।
মোৰ এই দেধাৰ সময়বোৰ ফেচবুকৰ নামতে সমৰ্পণ কৰিবলৈ সংকল্প ল’লো ।নাই আৰু এই গাঁৱলীয়া, আউটডেটেদ উপনামবোৰ মোৰ নামৰ লগত বঢ়াই গৈ থাকিব নোৱাৰি । এওঁ খুলি নিদিলে মই কি খুলিব নোৱাৰিম !হুহ্ কি বুলি ভাৱে এই মতাচবে ।ছিৰিয়েলৰ সুন্দৰী নায়িকা, সুদৰ্শন নায়কৰ মায়াজাল ত্যাগি সাহস কৰি কম্পিউটাৰত নেট খুলিলোঁ ।লিছাৰ পৰা বুজি লৈ ফেচবুক একাউণ্ট টো খুলিব পাৰিলোঁ ।‘ডেট অৱ বাৰ্থ’ লিখি চনটো লিখিবলৈ গৈহে থমকি ৰ’লো ।বিয়াল্লিশ…বুকুখন হমহমাই গ’ল । হে ভগ্, বোৱঁতী নদীৰ দৰে কেনেকৈ যে পাৰ হৈছে সময় ।মিতালীৰ নম্বৰ ডায়েল কৰিলোঁ ।তাই ক’লে- টিউব লাইট (কথাবোৰ পতককৈ বুজি নাপাওঁ বাবে কলেজৰ বান্ধৱী বোৰে মৰমতে দিয়া উপনাম),থোড়ে তোৰ বয়সটো গম পাব ।জন্মৰ চনটো ‘হাইদ’ কৰি থ’বি ।হয়োতো, অপশ্যনবোৰ মনেই কৰা নাছিলোঁ । ২০-২৫ বছৰ আগেয়ে এৰা-এৰি হোৱা বন্ধু- বান্ধৱীবোৰ পালো ।মিতালী,পৰীহঁতৰ প্ৰ’ফাইলবোৰ চালো, ফটো চালো…ঋতুস্মিতাৰ চুটি ফ্ৰ্ক পিন্ধা ফটো,কলেজৰ শকত-আৱত মিতালীৰ চিনেমাৰ নায়িকাৰ দৰে চেহেৰা, কেঁকোৰাচুলিয়া মল্লিকাৰ মূৰত চিধা ফিৰফিৰিয়া চুলি…মাই গড্…ইহঁত এতিয়াও ইমান ইয়ং,ইমান ধুনীয়া হৈ আছে….আৰু মই? লাইফ চাইজ মিৰ’ৰত তন্ন তন্নকৈ নিৰীক্ষণ কৰিলোঁ নিজকে । ভগৱানৰ আশীষত কষ্ট নকৰাকৈয়ে মেদহীন শৰীৰ এটাৰ অধিকাৰী মই ।মুখখনো ঠিকেই আছে। মানুহে ধুনীয়া বুলিয়েই কয় । হেয়াৰ ষ্টাইলটোহে অলপ আউটডেটেদ ।কলেজৰ দিনৰ পৰাই এটাই ষ্টাইল ।পিছদিনাই পাৰ্লাৰ গৈ চুলিখিনি অলপ চুটি কৰি ষ্ট্ৰেইট কৰি ল’লো ।ৰিকি-ৰিছা আৰু এওঁক মোৰ নতুন ৰূপটোত বৰ সুখী হোৱা যেন নালাগিল ।ৰিছাই থেনথেনালে- মোক আগৰ মা জনী লাগে । ঠাচকৈ চৰ এটা মাৰি দিবৰ মন গ’ল ।হুহ,আগৰ মা জনী লাগে ।কিমান কৈছোঁ মা নকবি,মাম্মী ক’বি…নাই…লগৰবোৰৰ আগত মা,মা কৈ টেঁটুফালি চিঞৰি মোৰ ইজ্জত নিলাম কৰিব ।ল’ৰা-ছোৱালী দুটাও একদম বাপেকটোৰ দৰেই হ’ল ।চুলিত টেপটেপীয়াকৈ তেল লগাই, ডাঙৰকৈ ফোঁট লৈ,মেখেলা-চাদৰ পিন্ধি থাকিলেহে হ’ব আৰু এই চবৰ লগত ।যাহ্ কোনে পাত্তা দিয়ে ।ইহঁতৰ ভাল লগাবোৰ চালে মোৰ নহ’ব আৰু ।
ফেচবুকৰ নিচাত মই বাৰুকৈয়ে আসক্ত হ’লো ।ঘৰত কৰিবলৈ কাম এনেয়েও নাছিল ।গতিকে মোৰ হাতত থকা সময়বোৰ ফেচবুকৰ নামতে ডেডিকেট কৰিলোঁ ।অৱশ্যে দিদিজনী কেতিয়াবা কিবা কাৰণত আহিব নোৱাৰিলে ঘৰখনৰ গোহালি ৰূপ দেখিলে এওঁৰ কথা শুনিবলগীয়া হয় ।এখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিওঁ ।ফেচবুকৰ দুনিয়াতে মই মগন হৈ থাকো ।ভাৰ্চুৱেল ৱৰ্লডত থাকিহে মই নিজকে বেছি সুখী অনুভৱ কৰিবলৈ ধৰিলোঁ ।…লুকিং স্মাৰ্ট ৱিদ দা নিউ হেয়াৰ ষ্টাইল,লুকিং লাইক আ কলেজ গাল …মোৰ ফটোত ফ্ৰেণ্ডবোৰে দিয়া এই কমেণ্টবোৰে মোক চঞ্চল কৰি তুলিলে । মই যেন ৪২ বছৰীয়া নহয় ২৪ বছৰীয়া যুৱতীহে ।এওঁক কওঁ-দেখিছা তুমিহে মোৰ ৰূপৰ তাৰিফ নকৰা ।অমুকে এইটো কমেণ্ট দিছে,তমুকে সেইটো কমেণ্ট দিছে। এওঁ মোক সৰু ছোৱালীৰ দৰে কাষত বহুৱাই ভাৰ্চুৱেল ৱৰ্লডৰ অত্যধিক আসক্তিৰ কুফলৰ ওপৰত উদাহৰণসহ লম্বা লেকচাৰ দিয়ে ।এওঁৰ কথাবোৰ মোৰ মূৰৰ ওপৰেৰে গুচি যায় ।ইহ্ ক’লেই হ’ব নেকি । থোড়ে পাত্তা দিম এওঁৰ কথাত ।নিজৰতো ফেচবুকত একাউণ্ট নাই । কি বুজিব ফেচবুকৰ মায়া ।
আজিকালি মোৰ মুখতো এফ.বিৰ কথা আখৈ ফুটাদি ফুটা হ’ল । লাইক,কমেণ্ট,শ্বেয়াৰ,টেগ আদি শব্দবোৰ বৰ আপোন হৈ পৰিল ।মিতালীয়ে সকীয়াই থৈছিল অচিনাকি মানুহৰ লগত বন্ধুত্ব নকৰিবলৈ ।পিছে কৰিলোঁ –নয়ন নিলীম বুলি এজনৰ লগত ।ৰোমাণ্টিক ৰোমাণ্টিক নামটো দেখিয়েই চোন কিবা এটা ভাল লাগি গ’ল । নয়নৰ সুন্দৰ সুন্দৰ কমেণ্টবোৰে মোক আকৰ্ষিত কৰিব ধৰিলে ।লাহে লাহে চ্যাট কৰিব আৰম্ভ কৰিলোঁ ।ইমান মিল নয়ন আৰু মোৰ কথাবোৰত ।এওঁৰ লগতহে নিমিলা হৈছে আজিকালি ।ক’ত নয়নৰ সৰস, কবিতা কবিতা লগা কথা…ক’ত এওঁৰ শুকান কাঠৰ দৰে নীৰস হুঁটা মাত কথা ।ক’ত এওঁ..ক’ত নয়ন !নয়নৰ প্ৰ’ফাইল ফটোত তাৰ নিজৰ ফটো নাই ।সুধিলে কয় ফটো উঠাত চখ নাই ।ৰাতিপুৱা এওঁলোক যোৱাৰ পিছত ফেচবুক খুলিলেই নয়নে পঠোৱা সুন্দৰ গুড মৰ্ণিং মেচেজবোৰ দেখিলে দিল গাৰ্ডেন গাৰ্ডেন হৈ যায় ।নয়নৰ কথা ভাৱি গুণ-গুণাই উঠো প্ৰিয় গীতৰ কলি ।নিজকে চিকুটি চাওঁ- নয়নৰ প্ৰেমত পৰিলোঁ নেকি? ধেৎ তেৰি…লাজত ৰঙা পৰি যাওঁ ।নয়নে যদি কেতিয়াবা মোৰ বয়স সোধে কি বুলি ক’ম ভাবি তত্ নাপাওঁ ।নয়নৰ প্ৰ্ভাৱত এওঁৰ লগত পতা মোৰ কথা বতৰাতো ৰৌদ্ৰ ৰসৰ পৰিৱৰ্তে হাস্য ৰস আৰু কোমল স্বৰে স্থান লাভ কৰিলে ।মোৰ পৰিৱৰ্তন দেখিয়েই হ’বলা অফিচলৈ যাবলৈ ওলাই এওঁ সুধিলে-আজিকালি বৰ ফূৰ্তিত থাকা যে ..কথাটো কি? মুখ ভেঙুচাই ক’লো-অ’ মই ফূৰ্তিত থাকিলেও তোমাৰ হিংসা ।এওঁক গেটলৈকে আগবঢ়াই থৈ আহি দেখিলো লেপ টপটো বিচনাতে এৰি থৈ গৈছে ।ভালে হ’ল বিচনাতে পেট পেলাই আৰাম কৰি আজি ফেচবুক বুলি ফেচবুক লগ্ ইনত ক্লিক কৰাৰ লগে লগে স্ক্ৰীণত জিলিকি উঠিল বেলেগ এটা একাউণ্ট…আৰে এয়া…এয়া দেখোন…!!মই অলপ সময় থৰ হৈ থাকিলোঁ । হঠাতে টিউব লাইট জ্বলি উঠিল ।তাৰমানে……তাৰমানে এওঁ…এওঁৱেই নয়ন….নয়ন নীলিম এওঁৰ ফেক একাউণ্ট ।অত দিনে মই এওঁৰ লগতে…।হে হৰি,কৃষ্ণ প্ৰ্ভু,গড,আল্লা….ক’ত লুকাওঁ মই !মোৰ ভৰিৰ তলৰ মাটিবোৰ যেন খহি পৰিব ধৰিছে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক