ফেচবুক আৰু বাস্তৱ জীৱন: ৰেখা বৰুৱা

২০১২ চনত জীৱনৰ কিছু স্মৰণীয় দিনতেই সময় অতিবাহিত কৰাৰ উদেশ্যৰেই Social Media Facebook ৰ লগত জড়িত হৈছিলো৷ মোৰ fb account দেখি “বাহ মুনুবা facebook! ! “ বুলি ভাইটিয়ে জোকোৱা নতুবা প্ৰথম মোলৈ অহা friend request টো আজিও মোৰ মানসপটত সজীৱ৷

বিগত সময়ছোৱাত জীৱনৰ বিভিন্ন সময়ত একমাত্ৰ সংগী হৈ পৰিছিল ফেচবুক৷ বিষন্ন সময়ত facebook ৰ বুকুতেই ঢালি দিয়া মোৰ শব্দবোৰ… হঠাৎ পুৰণি বন্ধু এগৰাকীৰ আবিষ্কাৰ… কাষৰ ৰুমতেই থকা মানুহৰ friend request… একেবাৰে অচিনাকি কাৰোবাৰ লগত দুই-এষাৰ কথা… বন্ধুবোৰৰ ফটো, মনৰ অভিব্যক্তি ৰ মাজলৈ ক্ৰমান্বয়ে সোমাই গৈছিলোঁ…৷

যেন সেয়া অন্য এক জগত… হয়তো প্ৰয়োজনতকৈ বেছি আবেগিক বাবে কাৰোবাৰ এটা উৎসাহ দিয়া মন্তব্যত কিছু গলিও গৈছিল হৃদয়…৷ একান্তই ব্যক্তিগত যদিও আজি ব্যক্ত কৰিব বিচাৰো যে মোৰ সমগ্ৰ কবিতাৰ (কবিতা-অকবিতাৰ সংজ্ঞালৈ নোযোৱাকৈ) সৃষ্টিৰ উৎস বন্ধুজন মই এই ফেচবুকৰ জৰিয়তেই পোৱা৷

সদায় যান্ত্ৰিকতাৰ বিপৰীতে হৃদয় বা আবেগক প্ৰাধান্য দিব বিচাৰা মনটোৱে হয়তো পাহৰি গৈছিল বহুবাৰ এইয়া আধুনিক পৃথিৱীৰ আধুনিক বন্ধুত্বৰ বুজিও বুজিব নোৱাৰা এক সংজ্ঞাহীন সম্পৰ্কৰ মজিয়া…৷

কোনোবাই ধুনীয়া লাগিছে বুলি কলে নতুবা ভাল লিখা বুলি কলে সাময়িক আত্মঅভিমানত ডুবি যোৱা নাই বুলি মিছা দাবী কৰিব নোৱাৰো… নতুবা মোৰ দুচকুৰ কাজলক লৈ লিখা কবিতাৰ কবি গৰাকীৰ হৃদয়ত নিজকে সজাই নাইচোৱা বুলিও দাবী কৰিব নোৱাৰো… তেনে কিছু হৃদয়ৰ আহ্বানতেই হয়তো জন্ম নিদিও মা হোৱাৰ সৌভাগ্য এই মজিয়াতেই পালোঁ… শৈশৱৰ আটাইতকৈ ভাল লগা বান্ধৱীক হঠাতেই এই মজিয়াত পাই তেওঁৰ কিছু অবজ্ঞা পাই আহত এই মজিয়াতেই হলো… আৰু তাৰ বিপৰীতে এই মজিয়াত চিনাকি হোৱা বন্ধুৰ পৰা অকৃত্ৰিম সহায়ত উপকৃতও হলো বহুবাৰ …

এইবিলাকৰ মাজতেই এনে বহুতক লগ পালো যে তেওঁলোকৰ জীৱনশৈলী, আচাৰ ব্যৱহাৰে মোৰো জীৱনত প্ৰভাৱ বিস্তাৰ কৰিলে… আৰু ক্ৰমে সেই জগতৰ মাজত নিজকে বিচাৰিবলে গৈ মই নিজেই হেৰাই থাকিলো…

সেই নতুন পৃথিৱীখনত আছিল জিলমিল জোনাকৰ গানৰ কথা, বৰষুণৰ টোপালত মুকুতা বিচাৰি পোৱাৰ ভাষা, শব্দৰ মায়াজালত নতুন সপোন দেখিব পৰা আশা…

নিজৰ আটাইতকৈ ভাল ফটোখন যিদৰে আমি profile picture হিচাপে ব্যৱহাৰ কৰো হয়তো তেনেকৈয়ে নিজকে আটাইতকৈ ভাল বুলি প্ৰতিষ্ঠা কৰাৰ এক অঘোষিত প্ৰতিযোগিতাও এই মজিয়াতেই হয়৷

এই কৃত্ৰিম অথবা অকৃত্ৰিম পৃথিৱীৰখনত ভৰি দিওতেই বুজিও পোৱা নাছিলো যে ইয়াৰ সকলো বস্তু profile picture খনৰ দৰেই… ইয়াৰ আৰঁৰ আনখন picture লুকুৱাব লগা হয় ইয়াত…

… সকলোৱেই যেন এক অভিনয়ৰ মঞ্চত সুনিপুণ অভিনয় কৰিবলৈহে ইয়াত উপস্থিত…

ক্ৰমে এই অভিনয়ৰ মঞ্চখন ফেচবুকৰ পৰা মোৰ ব্যক্তিগত জীৱনলৈ শিপাইছিল…৷ কাৰোবাৰ অলপ সহাৰিৰ আশাত ময়ো আন কাৰোবাৰ ওচৰত সুনিপূণ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈছিলো…

ফেচবুকৰ আঁত ধৰি সৃষ্টি হৈছিল এখন নতুন নাটক… সৃষ্টি হৈছিল কিছু নতুন সংলাপ…

ময়ো profile pictures আৰঁত নিজক লুকুৱাব জনা হৈছিলো…

স্বীকাৰ কৰিবই লাগিব যে কবিতাৰ প্ৰতি আগ্ৰহী ইয়াৰ মাজতেই হৈছিলোঁ … ময়ো কবিতা লিখিব পৰা হলো… হয়তো কাৰোবাৰ ভাষাত এইয়াও সুনিপূণ সংলাপ…

এই মঞ্চৰ বিপৰীতে থকা বাস্তৱ জীৱনতো বিৰক্তিকৰ হৈ পৰিছিল মোৰ বাবে… ফেচবুকৰ জৰিয়তে পোৱা সেই নতুন মঞ্চখনেই হৈ পৰিল মোৰ জীৱন… আৰঁকাপোৰৰ পিছৰ বহু কথা ইয়াত প্ৰকাশৰ পৰা বিৰত থাকিলোঁ…

কিন্তুু এই বাস্তৱ-অবাস্তৱৰ যুঁজখনত কৰবাত যেন মোৰ স্বকীয়তা বা নিজস্বতাবোৰ হেৰাই গৈ থাকিল…

এসোপা সচাঁ -মিছাৰ দোমোজাত ওলমি পৰিলো মই…

প্ৰতিটো সন্ধিয়া নিজৰ মাজতেই হোৱা এই টনা-আজোৰাত ক্ৰমে হেৰাই গল বহুত হেঁপাহ… সপোন… আবেগ নতুবা জীয়াই থকাৰ তাড়না…৷

Facebook জীৱনৰ অন্যতম অংশ হব পাৰে… কিন্তু জীৱন হব নোৱাৰে… এই কথাষাৰ মানি লবলৈ প্ৰয়োজন হোৱা মানসিক শক্তি মই কত পাম নাজানো… কিন্তুু যোৱা কেইটামান বছৰ, ক্ৰমে সংকুচিত হব ধৰা মোৰ সত্বাক, ফেচবুকৰ জৰিয়তেই জীপাল হোৱা মোৰ ব্যক্তিগত জীৱন এই মজিয়াতেই আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিলো৷

মোক মোৰ বহুতো বন্ধু-বৰ্গই কৈছিল ফেচবুকত আবেগ প্ৰকাশ কৰিব নালাগে৷ তেতিয়াও আৰু আজিও বুজি নাপাওঁ আবেগবোৰ সামৰি কেনেকৈ থব লাগে…৷

বুজি নাপাওঁ কেৱল মাত্ৰ যুক্তিৰ খাতিৰত আৱেগবোৰ কেনেকৈ চূৰ্ণ-বিচূৰ্ণ কৰিব পাৰে…৷

31 ডিচেম্বৰৰ 2012 পৰা ফেচবুকৰ যোগেদি সলনি হোৱা মোৰ জীৱনৰ এই কেইটা বছৰ মোৰ চিৰস্মৰণীয়৷

আজি বাৰে বাৰে মই অনুভৱ কৰিছো মোক অলপ আত্মবিশ্লেষণৰ প্ৰয়োজন আছে নেকি বাৰু! ! ! ..৷

কিন্তুু আত্মবিশ্লেষণৰ অৰ্ন্তনিহিত অৰ্থ কি! ! নিজকে সময়ৰ পৰিবৰ্তনৰ অনুপাতে জুখি চোৱাই নেকি আত্মবিশ্লেষণ! ! ! নে নিজৰ দোষ-গুণবোৰ সংশোধন বা সম্প্ৰসাৰণ কৰা মানে আত্মবিশ্লেষণ?

যোৱা কিছুদিন এক প্ৰচণ্ড ধুমুহাই যেন মোৰ ভিতৰত তোলপাৰ লগাই আছে…,

ওলাই আহিব খোজা সেই চেঁপা দুখবোৰ কাক বুজাওঁ? ? , কাক দেখাওঁ! এই তথাকথিত গোলকীয় পৃথিৱীৰ বন্ধুত্বৰ এই বিশেষ মজিয়াত? ?

জীৱনটো আখৰা নহয় যে এইবাৰ সংলাপ ভুল হলে পাছৰবাৰ শুধৰাই লম৷ কিন্তুু জীৱনটো কি বাৰু! ইয়াত ভুলৰ শুদ্ধৰণি নাই নেকি? আৰু আছে যদি তেন্তে তাৰ প্ৰতিটো খোজ ইমান ভয়ংকৰ, নিসংগ কিয়? যদি স্পষ্টবাদীতা আৰু সাহসীকতা জীৱনৰ প্ৰমূল্যবোধ হয় তেন্তে সেই সাহসীকতাৰ বিনিময় ইমান ককৰ্থনা কিয়? ?

এই সকলোৰে মাজত ফেচবুকৰ মজিয়াত এনে কিছু ব্যক্তি দেখিলো বা লগ পালো যিসকলৰ সান্নিধ্যই জীৱনলৈ কিছু সাহস বা সান্তনা যোগালে…৷ সেই সকলৰ মাজত বহুতেই নিস্বাৰ্থ ভাৱে বহু সময়ত সহায় কৰিলে…৷

এই সকলক মই মোৰ জীৱনৰ পৰা মচি দিব নোৱাৰো…৷ নোৱাৰো মচি দিব সেই সকলো comment যিবোৰে মোক উৎসাহ আহিছে৷

কাৰণ মই বিশ্বাস কৰো এইখন এক মঞ্চসজ্জ্বাহীন ৰংগমঞ্চ…৷ ইয়াত সকলোৰে account ত নিজৰ সম্পূৰ্ণ biodata লিখা থাকিলেও ইয়াৰ প্ৰতিজনৰে লক্ষ্য বেলেগ…, উদেশ্যও বেলেগ…৷

ভিন্ন মনৰ ভিন্ন উদেশ্যৰ ব্যক্তিৰ মিলন নিশ্চিত নহয়৷

ই এক সংযোগ মাত্ৰ…৷

এই বিশাল প্ৰেক্ষাপটত আপোনালোকক লগ পোৱাটো সচাঁকৈয়ে অচিনাকি মানুহক অৰ্থহীন ভাৱে লগপোৱা নেকি?

মুঠতে এই virtual পৃথিৱীখনৰ পৰা কোনে কি শিকিছে বা পাইছে নাজানো কিন্তুু মই জীৱনৰ এনে কিছু অভিজ্ঞতা পালো যিখিনিৰ বাবেই হয়তো কেতিয়াবা ভাবিবলৈ বাধ্য হলো এইখন মোৰ জগত বা মোৰ পৃথিৱী নহয়…৷

ফেচবুক মই আৰু মোৰ বাস্তৱৰ এই অভিজ্ঞতাখিনি আপোনালোকৰ সন্মুখত এই বাবেই তুলি ধৰিলো যে এই অভিজ্ঞতাই মোক কিছু জুৰুলা কৰিলেও মানসিক ভাৱে কিছু পুষ্ট হলো…৷

মনৰ, ইচ্ছাৰ, হৃদয় বা আত্মাৰ মিল থাকক বা নাথাকক এই মঞ্চৰ গতি অব্যাহত থাকক…৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments