ফেছবুক(ৰূনব কাঁ)

ফেছবুক(ৰূনব কাঁ)

পূবৰ দগমগীয়া ৰঙাবেলিয়ে ৰক্তাভ ছটিয়াইছে যদিও তাপখিনি যথেষ্ট কোমল হৈ আছে ৷ বিছনাৰ পৰা উঠি পোনছাটেই বাহিৰলৈ গৈ সূৰ্যপ্রনাম কৰি চাহৰ চচপেনটো গেছৰ ষ্টোভত উঠাই, দাঁতমাজা ব্রাচডালত পেষ্ট অলপ সানি বাথৰুমত সুমাও ৷ লৰালৰিকৈ বাথৰুমৰ পৰা ওলাই আহি উতলা পানীখিনিত ৰঙাচাহৰ জোখাৰে চাহপাত দি বেচিনত দাঁত-মুখ ধো মানে চাহখিনি তৈয়াৰ হৈ যায়, গেছৰ ৰেগুলেটৰটো বন্ধ কৰি গামোচাৰে মুখ মচি লওঁ মানে চাহপাতবোৰ চচপেনৰ তলত গেদ হিছাপে পৰিছিল, মই পিয়লাত ফিকা চাহ চেকনী নোহোৱাকৈ বাকি লৈ চেনি এচামুচ মিহলাই, মোৰ লেপটপ থকা টেবুল খনলৈ আহো, ইতিমধ্যে মুখ মুচিব আহোতেই লেপটপটো পাৱাৰ অন কৰি চাৰ্জাৰেৰে বিদ্যুৎ সংযোগ কৰি, নিমকি আৰু বিস্কুটৰ টেমা দুটা টেবুলৰ কাষ চপাই থৈ গৈছিলো ৷ চাহকাপ আনি চকিত বহোমানে “উইন্দ’ চেভেন”যুক্ত লেপটপটো মোৰ ব্যবহাৰৰ বাবে তড়িৎগতিত সাজু হৈ উঠিল ৷সদায় হোৱাৰ নিচিনাকৈ এইগোটেই কামখিনিয়ে মোৰ পৰা পোন্ধৰ কি বিশ মিনিটৰ বেছি সময় নল’লে ৷ চাহত চুমুক দি, দিল্লীত থাকোতে বন্ধু এজনৰ পৰা সংগ্রহ কৰা সচ্ছিদানন্দৰ মুলমন্ত্র,লেপটপৰ মেডিয়া প্লেয়াৰত বাজিবৰ বাবে ক্লিক কৰিলোঁ, ইয়াৰ পাছতেই ততাতৈয়াকৈ, টাটা ফটন প্লাছ লেপটপৰ ইউ.এচ.বি. শ্লটত ভৰাই ইন্টাৰনেট সংযোগ কৰি, জনপ্রিয় দৈনিক বাতৰিকাকত কেইখনৰ ৱেবচাইট ব্রাউজ কৰি চকু ফুৰাঁও ৷

পুৰাপুৰি আধাঘন্টা কাকত কেইখনক দিয়াৰ পাছত ফেছবুকৰ মোৰ মানে,- ৰূনাব কাঁৰ প্রফাইলটো খুলো ৷ বিভিন্নজনৰ লগত ভাৱৰ বিনিময় কৰো, মই ফেছবুকৰ পোক নহও যদিও, দিনটোৰ আৰম্ভনিতেই ফেছবুক লগঅন নকৰিলে মনটো ভাল নালাগে, কেতিয়াবা ভাৱ হয় মোতকৈ বয়সত তিনি বছৰে সৰু ফেছবুকৰ পিতৃ জাকাৰ্চবাৰ্গে শান্তিৰ নোঁবেল পোৱা উচিত, বিশ্বৰ আঠশ নিযুত মানুহক ফেছবুকৰ জৰিয়তে বান্ধি ৰাখিছে ৷ ঘড়ীত চাৰেআঠবজাৰ লগে লগে ফেছবুকৰ পৰা বিৰতি এটা লৈ গা ধোবৰ বাবে গৰমপানীৰ চচপেনটো গেছৰ ষ্টোভত উঠাই, সৰুপানী চুই পুনৰ ফেছবুকৰ মজিয়ালৈ ঘুৰি আহিলোঁ ৷ মোৰ বেৰৰ ঘড়ীটো প্রাইম টাইমতকৈ পোন্ধৰ মিনিট আৰু হাত ঘড়ীটো প্রাইম টাইমতকৈ পাঁচ মিনিট আগত চলিব পৰা কৰি ৰাখিছোঁ ৷ প্রায় পোন্ধৰ মিনিটমানৰ পাছত গৰমপানীৰ চঁচপেনৰ পৰা অহা চিঁ-চিঁয়নিয়ে স্নান কৰিবলৈ জাননি দিলত ইন্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি ভক্তিগীতটোৰ আৱাজ বঢ়াই গা ধোবলৈ বাথৰুমত সুমালোঁ ৷ এনেতে মবাইল বাজিল, বাথৰুমৰ পৰা আহি মবাইল ধৰো মানে মিছকল হ’ল, নাম্বাৰটো চাই অচিনাকি দেখি থৈ দিলো, মই অচিনাকি নাম্বাৰত কলবেক নকৰোঁ ৷

গা ধুই উঠিয়েই ধূপ এডাল জ্বলাই ইষ্ট দেৱতাক স্তুতি কৰিলোঁ; অফিচৰ বাবে কাপোৰ কানি পৰিধান কৰি উঠি ক’লা ৰঙৰ বেগটোত অফিচৰ মোৰ কোঠাৰ চাবিটো আছে নে নাই চাই, পেন দ্রাইভটো ভৰাই ল’লো, যোৱা সন্ধ্যা অফিচৰ পৰা আহি “ট্রেন্সজেনিক”ৰ ওপৰত ডাউনল’ড কৰা “ডকোমেন্ট”বোৰৰ আজি অফিচত প্রিন্ট লৈ পঢ়িব লাগিব, ইয়াৰ ভিত্তিত অসমীয়াত এটা প্রৱন্ধ লিখি প্রান্তিকলৈ পঠাম ৷ অফিচৰ ঠিকনাত অহা প্রান্তিকৰ পুৰণা সংখ্যা এটা বেগৰ পৰা উলিয়াই কিতাপৰ টেবুলৰ প্রান্তিকৰ থাকটোত সজাই থৈ বেগটো জপালো ৷ কাগজ এটুকুৰাত আজি কৰিম বুলি মনতে জুকিয়াই থোৱা কামখিনিৰ লিষ্ট এখন কৰিলোঁ ৷ প্লাষ্টিকৰ ফল্ডিং চকিখন দুৱাৰমুখলৈ উলিয়াই জোতাযোৰ পিন্ধি, লেপটপৰ পাৱাৰ অফ কৰি, কোঠাটো বাহিৰৰ পৰা তলা মাৰি উলাওঁতে মোৰ হাতঘড়ীত আঠটা ঊনপঞ্চাশ, অৰ্থাৎ প্রাইমটাইম আঠটা চৌৰাল্লিশ হ’ল; মোৰ ভাৰাঘৰৰ পৰা বাছআস্হানলৈ খোজ কাঁঢ়োতে মোক লাগে ছয় মিনিট সময় ৷

মই আহি গোলাঘাটৰ এমেছাৰ থিয়েটাৰৰ কাষৰ চাহ মিঠাইৰ দোকান খনলৈ সুমাই যোৱাৰ লগে লগে এচকুৱা মেনেজাৰ জনে ঈঙ্গিতেৰে চাহ মিঠাই যোগাৰ ধৰা লৰা এজনক মোক দেখুৱাই দিলে ৷ প্রকৃতিয়ে মানুহক এটা চকুতেই ইমান শক্তি দিছে যে, এখন চাহ মিঠাইৰ দোকানৰ সীমাহীন গ্রাহকক অসন্তোষ্ট নকৰাকৈ কিমান সুন্দৰকৈ পৰিচালনা কৰিছে, তেন্তে দুটা চকুৰে আমি কি কৰিব নোৱাৰো ? লৰা এজন কাষ চাপি আহি,- “কি খাব ?” বুলি সোধাত মই ক’লো,- “গৰম পুৰি আছে যদি চাহ একাপৰ সৈতে দিয়া” ৷ লৰাজনে দিয়া চাহটোপা আৰু পুৰি খাই বাছত বহালৈকে দহ মিনিট সময় খৰছ হ’ল ৷ মই যি কাম একে লেথাৰিয়ে নিৰ্দিষ্ট পৰিকল্পনাৰে কৰিলোঁ, সেয়া হয়তো কাৰোবাৰ বাবে, কেঁকোৰা চুলি পোনোৱাৰ নিচিনা কঠিন কাজ হ’ব পাৰে ৷

মই এতিয়া গোলাঘাটৰ এন.আৰ.এল. চাৰ্কোলত ৰৈ থকা ষ্টাৰবাছখনত প্রত্যেক দিনৰ দৰেই আহি বহিলোহি ৷ এই গাড়ীখনেৰে টোকানি পাৰ্কহৈ ধোদৰআলিয়েদি খুমটাই পোৱালৈকে লগা ওঠৰ কিলোমিটাৰৰ পথ মই কেতিয়াও দীঘল বুলি অনুভৱ কৰা নাই ৷ এই পথৰ দাঁতিয়ে দাঁতিয়ে দৃশ্যমান হোৱা শ্যামলা চাহ বাগান বা সোনালী পকাধান আৰু হালধীয়া সৰিয়হে হৃদয়ৰ প্রতিটো কোঠা ভৰাই নেপেলোৱা কোনো নহ’ব ৷

মোৰ কাষৰ আসনত উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনৰ শিক্ষয়িত্রী এগৰাকী বহিলহি ৷

“আপোনি আহিলে”,-মই সৌজন্য প্রকাশ কৰি সুধিলোঁ ৷

“অ, তুমি কেতিয়া পালাহি ? ”,- তেখেতে প্রতিউত্তৰৰ ৰূপত মোক লক্ষ্য কৰি প্রশ্ন কৰিলে ৷ মোৰ টিঙিচকৈ খঙ উঠি গ’ল ৷ মনত সংপৃক্ত হৈ থকা বিষয়াসুলভ অহংকাৰখিনিয়ে হাহাকাৰ কৰি উঠিল ৷ মোৰ ভিতৰত থকা মন আৰু বিবেকৰ মাজত অন্তৰ্দণ্ড আৰম্ভ হ’ল ৷ ‘এঃ জ্যেষ্ঠজনে তুমিবোলাতনো কিহৰ আত্ম সন্মানত লাগে ? ’,-বিবেকে মনক বুজনি দিয়াৰ চেষ্টা কৰিলে ৷ ‘কিয় দিল্লীৰ নিচিনা মহানগৰত সংস্কৃতিবান সকলে সৰুকো আপ আপ বুলিহে কয়’,-মনে মানিবলৈ টান পালে ৷ ‘আমাৰ অসমীয়াত থকা ভাল ভাল সম্বোধনবোৰ তাত নাই নহয়’,-বিবেকে অকমান সান্ত্বনা দিয়াৰ চেষ্টা চলালে ৷ ‘মই কিন্তু এই বুঢ়ীক খুড়ী বুলি মাতিম এতিয়া’,-মনে বিবেকলৈ শেল এৰিলে, ‘নাপায় বুঢ়ী বুলিব নাপায়, তেখেত এখন বিদ্যালয়ৰ শিক্ষয়িত্রী’,- বিবেকে প্ৰতিবাদ কৰিলে ৷

“খুড়ী দহ মিনিটমান হ’ল”, মই উত্তৰ দিলো; খুড়ী শব্দতো ব্যৱহাৰ নকৰা হয়ো বাক্যটো সম্পূৰ্ণ হ’ল হয়, কিন্তু মোৰ ক্রিয়াৰ প্রতিক্রিয়া আইতা শব্দটোত হ’ব লগা ধৰণৰ হ’ল, কিয় জানো তেখেতে সেহা-বেঙা কৰিলে ৷ মইতো একো অবাইচ মতা নাই, ভাল অসমীয়া সম্বোধন এটাহে কৰিছোঁ ৷

“ঠাণ্ডাদিনত নিহালিখনৰ তলৰপৰা ওলাই অহাতো যথেষ্ট টান কাম ৷ তাতে পুৱা লৰালৰিকৈ ডিউটিলৈ যাব লগাতো বৰ কঠিন ৷ ইফালে নগা জলকীয়া অতি জ্বলাৰ নিচিনা, আমি খাৰখোৱাবোৰৰো এলেহুৱা বুলি ৰেকৰ্ড এটা আছে নহয় ৷ সঁচাই চাকৰিতো দিল্লী কা লাড্ডু ৷ চাকৰিতো নাপাওতেও ভাল নালাগিছিল এতিয়া পোৱাৰ পাছতো ভাল নালাগে ৷ মাহৰ মোৰত দৰমহাতো পাওতে, সেইদিনাখনেই যি ভাল লাগে আৰু….”,- মোৰ পাছৰ চিটত বহা মানুহজনে অনৰ্গল কাষৰজনক কৈ গ’ল ৷ মানুহজন বোধহয় আৰক্ষীবিভাগৰ হ’ব ৷ হয়তো বহু অপেক্ষাৰ পাছত, প্রসাদ দি দিল্লীৰ লাড্ডুটো পাইছে ৷ বয়স চল্লিশৰ ওপৰত হ’ব যেন লাগিল ৷

‘এই বুঢ়াটোৱে বৰ কেপকেপাই আছে’,-এজনে ফোঁচফোঁচালে ,

‘মানুহজনে শুনিব’,- আনএজনে সাৱধান কৰিলে ৷

মই সোঁফালৰ প্রথম শাৰীৰ খিৰিকীৰ কাষত বহিলো ৷ খিৰিকীৰ কাঁচৰ আইনাখন খুলি দিলো, অকমান সতেজ অম্লজানৰ আশাত ৷ সচৰাচৰ মই খিৰিকীৰ কাষত বহিলেও, চলন্ত গাড়ীত আইনা জপাই যাঁও, কিয়নো চালককে ধৰি, সন্মুখৰ আসনত বহা মানুহে বাহিৰলৈ পেলোৱা থু-খেকাৰ চিটিকনি বতাহৰ প্রচণ্ড গতিয়ে ভিতৰলৈ থেলি সুমুৱাই পঠাই, এইবোৰত যথেষ্ট বীজানু থাকে ৷

মই বহাৰ সোঁফালে বাহিৰত আগফালে এজন আদহীয়া মানুহে এসোপামান সৰু লৰা-ছোৱালীৰ কাপোৰ কানি লৈ বহিলহি, লগত এটা আঠ বছৰমানৰ সৰু লৰা ৷ কাপোৰবোৰ বেছি পুৰনাও নহয় আৰু একেবাৰে নতুনো নহয় ৷ কেঁছুওৱাৰ পৰা সাত-আঠ বছৰীয়া লৰা-ছোৱালীয়ে পিন্ধিব পৰা বিধৰ ৷ আদহীয়া মানুহজনে তেনেধৰনৰ কাপোৰ থকা বস্তা হ’ব নেকি, তাৰ ওপৰত বহি বহি আৰু সৰু লৰাটোৱে শুদাকৈ আঁঠুৰ ওপৰত ভৰ থৈ বহি কাপোৰবোৰ বাছি বাছি ভাগ কৰিছে ৷ ক’ৰ পৰা কাপোৰবোৰ আনিছে, চুৰি কৰা কাপোৰ নে বানাগ্রস্তলৈ সহায় আগবঢ়োৱা কোনোবা মানুহৰ দান, মই ভাৱি উলিয়াব নোৱাৰিলো ৷ সৰু লৰাটোৱে এটা হালধীয়া চোলা নিজৰ গাত মিলাই চাইছে, কিয় চাব পাৰে ?,- হয়তো তাৰ পছন্দ হৈছে নতুবা আদহীয়া মানুহজনে বুজাই দিয়া ধৰণৰ আকাৰৰ কাপোৰ পৃথক কৰিছে ৷

চিনাতলীৰ ৰেল ক্রছিং পাৰ হোৱাৰ পাছত দুজন যাত্রী গাড়ীত উঠিল ৷ মানুহ দুজন আতংকিত হৈ খৱৰটো বাকী সকল যাত্রীক দিলে ৷ তেওঁলোকৰ বৰ্ননাৰ সাৰাংশ এয়ে যে,- পুৱাই ধান মৰনা মাৰি গৰুহাল ৰছিৰে সৈতে এৰাল দিবলৈ অহা ৰামেশ্বৰে উন্মুক্ত ৰেলৰ ট্রেকৰ ওপৰেৰে পাৰ হ’ব লওতেই গোলাঘাটৰ পৰা মৰিয়নি অভিমুখী পেছেন্জাৰ ৰেল খন দেখি গৰুহালে ভিৰাই লৰ দিলে, গৰুহালক বছাবলৈ ৰামেশ্বৰে দেহৰ সমস্ত জোৰ লগালে, গৰুহালৰ কিবা হ’ব লাগিলে তাৰ জীয়াই থকা বৃথা, এইবাৰ খৰাঙে শুকুৱা ধানদৰা যি দুই তিনিটাকৈ থুৰ উলাইছিল তাকো কিবা এটা পোকে ৰাতি ৰাতি খাই টকালি পেলালে, তাৰ মাজতে কাঁচি লগাব পৰা ধাননিছোৱা কাটি আনি, কিছুৰ(কিশোৰ)ৰ পৰা ধাৰলৈ অনা গৰুহালেৰে মৰনা মাৰি, সিহঁতক ঘাহঁ খাবলৈ কাষৰ ধানদাই অটোৱা নৰানি দৰালৈ আনি আছিল ৷ কিন্তু প্রাণটাকি ফাঁহি ছিটিকা দিয়া গৰুহালৰ গলত বন্ধা এৰালডাল এৰি নিদিয়া ৰামেশ্বৰে ৰেলৰ ইঞ্জিনত মৰা প্রচণ্ড খুণ্ডাত থিতাতে নিহত হ’ল ৷ সঁচাকৈ মৃত্যু যেতিয়া শিল্প নহয়, ইয়াক প্রকাশৰ শব্দ বিচৰাও হৈ পৰে কঠিন ৷

“এৰালডাল এৰি দিয়া হয় সি নমৰে”

“মগজ নাই এইবোৰৰ..অশ্লীল”

দুজন যাত্রীৰ কথোপকথন শুনি ভাড়া সংগ্রহ কৰিব অহা কণ্ডাক্টৰজনে হাঁহিলে ৷ মই এক অবুজ কৌতুহলৰ চাকনৈয়াত চকচককৈ ঘুৰিব ধৰিলো ৷ বাক্যবোৰ স্পষ্টভাবে কৰ্ণকুঁহৰত ধ্বনিত হোৱাৰ লগতে কণ্ডাক্টৰজনৰ হাঁহিৰ সাঁথৰটোৱে চকুত ভাঁহি আহিল,বাৰে বাৰে ৷ সেই একেটাই হাঁহি দেখা পাইছিলো তেতিয়া, যেতিয়া গাড়ী চালকে পথৰ দাঁতিৰ বাটৰুৱাজনক ৰক্ষা কৰিবৰ নিমিত্তে গাড়ীখনেৰে ইচ্ছাকৃতভাবে ৰাস্তাৰ সোঁমাজত নিৰ্ভয়ে শুই থকা কুকুৰটোক মহতীয়াই নিছিল ৷

যথাসময়ত মই গাড়ীৰ পৰা নামি কাৰ্যালয়লৈ সুমাবলগীয়া একফাৰ্লংমান দৈৰ্ঘ্যৰ ৰাস্তাটোৰে খোঁজ ল’লো ৷কাৰ্যালয়ৰ মোৰ নিজৰ টেবুলত বহি, আজি কৰিম বুলি ভৱা কামখিনি উলিয়ালোঁ ৷ কামৰ মাজতে ডাকঘৰৰ পিয়নে দি যোৱা চিঠিখিনি খুলি চালো ৷ অলপতে প্রকাশিত প্রৱন্ধ এটিৰ মাননিটোৰ চেক এখন ৷ অলপ সময় চকু দুটা মুদি মুৰটো বহিথকা চকীখনত আওঁজাই দিলো ৷ মোৰ এতিয়াতো সকলোৱে আছে, ভাল দৰমহাৰ এটি চাকৰি তাকো তুলনামুলকভাবে ভাল ঠাইত, বিজ্ঞান লেখক হিছাপেওঁ আছে এটা নাম ৷ কিন্তু কিবা এটা যেন নাই, কি নাই ? নিজকে নিজে প্রশ্ন কৰিলো ৷ মইতো এজন ভাল লেখক হ’ব বিছাৰিছিলোঁ, পাৰিলো জানো হ’ব, মৌলিক কিবা কিছু লিখি পঢ়ুৱৈক আপ্লুত কৰিব পাৰিলো জানো ৷ খুব পৰিপাতিকৈ সময় খৰছ কৰো, মোৰ নাই কোনো নিচাসক্তি, নীলা-বগা ছবিয়েও চুৰ কৰিব নোৱৰা মোৰ সময় তালিকাখনে মোৰ জাতিটোক কিবা দিব পাৰিলে জানো ? কাইলৈ মোৰো যদি ৰামেশ্বৰৰ দৰে হয়, সি মৰনা মাৰি শুকাবলৈ ৰ’দত মেলি অহা সোনালী বীজখিনিৰ নিচিনা মোৰ হৃদয়ৰ অংকুৰিত নোহোৱা সৃষ্টিশীলতাৰ বেদনাৰ মৰ্মাৰ্থ কোনেনো বুজিব ?

মোৰ এই দুঃখখিনি আজি লিখি পেলাম, কোনো প্রখ্যাত আলোচনীৰ পৃষ্ঠাত প্রকাশ কৰিব নোৱাৰিলেওঁ ফেছবুকত আপল’ড কৰিব পাৰিম ৷ ফেছবুকৰ বন্ধুবোৰেঁওতো মোক নিশ্চয় বুজি পাব ৷ এপাহ নিষ্পাপ ফুলৰ সুগন্ধত মালী আহ্লাদিত হ’লেও ফুলপাহ হয়তো কিছুপৰিমানে পৰিতৃপ্ত হ’ব ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক