ফেডেড জিনচ (বিকাশ শইকীয়া)

ফেডেড জিনচ

(১)

বিহুৰ বতৰ। কোনোমতে বছক মেনেজ কৰি ১০ তাৰিখে ৰাতি নাইট চুপাৰত উঠি দিলো। ১১ তাৰিখে ৰাতিপুৱাই গুৱাহাটীত হাজিৰ। বিহুৰ চাৰিদিন আগতেই মোক দেখি নিয়মমতে মম্মী খুচ হৱ লাগিছিল, কিন্ত মোৰ গেট আপ দেখিয়েই মম্মী জেকজেকাই উঠিল,
– জধলা, এই বস্তাটো আৰু কিমানদিন চলাবি, এইবাৰ নতুন এটা যদি নিকিন , তেতিয়া ঘৰ সোমাব নিদিও।
মম্মীয়ে পুৰা আলটিমেটম দি দিলে।
মানুহে বিশ্বাস নকৰিলেও, এট প্ৰেজেন্ট মোৰ ইউজেবল জিনচ দুটা। এটা নীলা ৰঙৰ, এটা ক’লা ৰঙৰ। দুয়োটা কেতিয়া কিনিছিলো মনত নাই কিন্ত নীলা ৰঙৰটোৰ কালাৰ কিনোতে নেভী ব্লু আছিল, এতিয়া মেঘ থকা আকাশৰ ৰঙৰ দৰে হৈছেগৈ। ক’লাটোও কিনোতে ডাঠ কলা ৰঙৰ আছিল, এতিয়া ডাৰ্তি হোৱাইট হৈছেগৈ। মম্মীয়ে দুইটা ফেদেদ জিনচক বস্তা বুলি মোক ইনচাল্ট কৰে।
এইবাৰ গুৱাহাটীত বিহু চাবলৈ কাজিন দুজনী আহিছে। আবেলি সিহতক লৈ ওলালো। সিহতে কাপোৰ কিনিব আৰু মই নতুন বস্তা মানে জিনচ দুটামান কিনিম।
ক্লাটচ আৰু ব্ৰেকত ভৰি দি দি বিষ উঠি গৈছে। ইমান গাড়ী, লাষ্টগেটৰপৰা গনেশগুৰিলৈ মাত্ৰ ২ কিলমিটাৰ বাট যাওতেই আধাঘন্টাৰ বেছি লাগিল।
যেনেতেনে চহাম শ্বপি পালোগৈ। এইবাৰ আকৌ পাৰ্কিঙৰ প্ৰবলেম। কতো খালী স্পেচ নাই, এক কিলমিটাৰ আগত গৈ গাড়ীখন পাৰ্ক কৰিলো।
চহামত কাজিন সহ সোমালো। মানুহৰ যথেষ্ঠ ভিৰ, কাজিন দুজনীয়ে  কাপোৰ চইচ কৰাত লাগিল। মই জেন্টচ বিভাগৰ পিনে গলো……..
চেলচমেন জনক কলো…. মোৰ চাইজৰ ভাল চালিয়া জিনচ দেখুওৱাচোন
– কি কালাৰ?
– ডাঠ কালাৰ , ব্লু বা ব্লেক
চেলচমেন জনে কেইবাটাও ব্ৰান্ডেড জিনচ উলিয়ালে। জিনচকেইটাৰ দাম ২ ৰ পৰা ৪ হাজাৰৰ ভিতৰত, তাৰে জিনচ এটা পচন্দ হল, ট্ৰায়েল ৰুমলৈ গলো… ই কি…… জিনচটো তলপিনে একেবাৰে সৰু , ভৰিৰ সৰুগাঠিৰ পিনে একেবাৰে টাইট, লেডিজ নহয়তো !
চেলচমেনজনক সুধিলো…… কি হে, লেডিজ জিনচ দিলাচোন, তলপিনে সৰু?
– নাই দাদা, এইটো নতুন ফেশ্বন, শ্লিম ফিট
– ভাই একো ফিট চিট নালাগে, পিন্ধিব পৰা জিনচ দেখুওৱা
চেলচমেনজনে অলপ বিচাৰি-খুচৰি কলে…
– দাদা ষ্ট্ৰেইট ফিট আপোনাৰ চাইজৰ নাই।
– কত পাম?
– অলপ আগলৈ ৰেংলাৰ ৰ শ্বৰুম এটা আছে, তাতে পাই যাব।
কেচ কাউন্টাৰলৈ আহিলো, বহুত সময় ৰখিলো, চৌপাশৰ বিউটি চালো। এট লাষ্ট কাজিন দুজনী আহিল। দুয়োৰে হাতত দুবেগ কাপোৰ। বেংকৰ ডেবিট কাৰ্ডখন চুইপ কৰিলো, ৰিচিপ্তত চাইন, দহ হাজাৰতকৈ কেইটকামান কম। চহামৰ বাহিৰ ওলালো। ৰেংলাৰ শ্বৰুম অলপ আগত আছে।
ফুটপাথেদি খোজ কাঢ়িছো। ফুটপাথতো বহুত মানুহ। কাষৰ ৰাস্তাত বাছ, কাৰ, বাইক … তীব্ৰ কোলাহল।
ফুটপাথৰ কাষত বুঢ়ী এজনীলৈ চকু গল। বুঢ়ীৰ সমুখত এখন পলিথিনৰ ওপৰত কেইমুঠিমান ঢেকীয়া শাক।
বুঢ়ীগৰাকীক কৰবাত দেখা দেখা যেন লাগিল। লৱাৰ প্ৰাইমেৰী স্কুলত এবাৰেই মই অংকত ৯৯ পাইছিলো। সেইবাৰো পৰাণে ১০০ পাইছিল।
বুঢ়ীক সুধিলো…… পৰাণৰ খবৰ কি।
ফুটপাথটোত তেতিয়া মানুহ বহুত আছিল। ভীৰৰ মাজত বুঢ়ীয়ে মোক মনত পেলাব নোৱাৰিলে। বুঢ়ীয়ে এটা উদাস চাৱনিৰে মোৰফালে চাই থাকিল। পৰাণৰ মাকে সমুখত থকা গোটেই ঢেকীয়াখিনিৰ বাবদ মোৰপৰা ৬০ টকা ললে। গাড়ীখন ষ্টাৰ্ট কৰিলো।
ঘৰ পোৱাৰ পাছত মম্মীক কনভিন্স কৰিব লাগিব, ঢেকীয়া শাকত প্ৰচুৰ খাদ্যপ্ৰাণ থাকে।

(২)

গুৱাহাটীৰ ট্ৰেফিকৰ মাজত শামুকীয়া গতিৰে গাড়ী আগবাঢ়িছে। মোৰ কাষৰ চিটত এজনী কাজিন। পাছৰ চিটত আনজনী কাজিন আৰু কাপোৰৰ বেগ দুটা। ডিকিত ঢেকীয়া শাক এপাচি। দুয়োজনী কাজিনে অনৰ্গল কথা কৈ আছে। আচলতে ছোৱালীবোৰৰ নেচাৰেই তেনেকুৱা। বৰকৈ পেকপেকাই থাকে। খুচুৰা পইচা থাকিলে শব্দ হবই।
এপলকত কাজিন এজনীয়ে কৈ উঠিল, “সৌৱা চোৱা …সেই দোকানখনত অফাৰ দিছে”।
সোফালে চাই পঠিয়ালো….. কটন-কাউন্টি…. 60+30 % off।
আঠ বছৰ আগতে…. তেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, পুজাৰ সময়, গিৰিৰাজ আৰু মই প্লেন বনালো, এইবাৰ ভাল জিনচ কিনিম, ব্ৰান্ডেড। আমি টিফিনৰ পইচা জমা কৰিলো।
পুজাৰ দুদিনমান আগতে….. তেতিয়া গুৱাহাটীত বহুত বেছি ব্ৰান্ডেড শ্বৰুম নাছিল। পানবজাৰত লিভাইছ ৰ শ্বৰুম এটা। গিৰি আৰু মই তালৈ সোমাই গলো। হৰেক ৰকমৰ কাপোৰ। এক চে বৰকৰ এক। কেইটামান জিনচ ট্ৰায়েল মাৰি চালো। একেবাৰে কমফৰটেবল। কেইটামান খুব পচন্দ হল।
এটা জিনচ গিৰিক দেখুৱাই কলো, “কেনে”?
গিৰিয়ে লাহেকৈ কলে…… প্ৰাইচটো চা।
প্ৰাইচ টেগটো চালো…… ১৯৯৯ অনলি।
সেইটো বাদ দিলো…… কম ৰেঞ্জৰ বিচাৰিলো।
এটা ভাল ব্ৰান্ডেড জিনচৰ দাম মিনিমাম কিমান হব পাৰে তেতিয়া আমাৰ আইডিয়া নাছিল।
গিৰিয়ে চেলচমেন এজনক সুধিলে…….. ডিচকাউন্ট নাই নেকি, মানে দাম অলপ কমাই লৱ নেকি।
চেলচমেনজনে বোধহয় আমাৰ কাৰ্যকলাপ নজৰ দি আছিল।
– অলপ আগলৈ কটন-কাউন্টিৰ শ্বৰুম এটা আছে, তাত অফাৰ দি আছে।
মোৰ পকেটত থকা ৫৪০ আৰু গিৰিৰ পকেটত থকা ৪৮০ টকা লৈ লিভাইছ ৰ পৰা ওলাই আহিলো। কটন-কাউন্টি ত অফাৰ আছিল ৭০%…. ১৪৯৯ টকা দাম ৰ জিনচ ৪৫০ টকাত কিনি দুয়োটা হাহিমুখে ওলাই আহিলো। দুয়ো চেটিচফাইড। ব্ৰান্ডেদ বস্ত কিনিলো। লগৰকেইটাক দেখুৱাব লাগিব।

(৩)

খ্ৰীষ্টানবস্তিত ইউ-টাৰ্ণ ললো। কটন-কাউন্টি পাৰ হোৱা দেখি কাজিনে কলে, “ইয়াত নোলোৱা নেকি”?
– নলও।
– তেন্তে ক’ত যাবা?
– আগলৈ এটা ৰেংলাৰৰ শ্বৰুম আছে।
মোৰ কলিগ কৌটিল্য দাই কৈছিল,  “পৃথিৱীত লাখ লাখ দুখীয়া মানুহ আছে, যি খাবলৈ পোৱা নাই। কিন্ত তাৰমানে এইটো নুবুজায় যে আমিও লঘোণে থাকিম। যদি আমি লঘোণে থাকিলেই দাৰিদ্ৰ দুৰ হলহেতেন, তেন্তে মহাত্মা গান্ধী, মাৰ্টিন লুথাৰ, মাদাৰ টেৰেচা সদায় উপবাসে থাকিলেহেতেন”।
ৰেংলাৰ শ্বৰুমত জিনচ চালো। এটা পচন্দ হল। ট্ৰায়েল ৰুমত সোমালো। আঠ বছৰ আগৰ লিভাইছ ৰ জিনচটোৰ দৰেই কমফৰটেবল। ৰেংলাৰৰ নতুন জিনচটোৰ তুলনাত পুৰণা ফেডেড জিনচ টো বস্তা যেনেই লাগিল।
জিনচটোৰ প্ৰাইচ টেগ চোৱাৰ প্ৰয়োজনবোধ নকৰিলো। ভাল লাগিছে, পচন্দ হৈছে, এনাফ। নো চেকেন্দ থট। কাৰ্ড চুইপ কৰিলো।
ৰেংলাৰ শ্বৰুমৰপৰা ওলালো, গাড়ী ষ্টাৰ্ট দিলো। ৰাষ্টাৰ ট্ৰেফিক ফালি মোৰ কাৰ আগবাঢ়িছে। এই মুহুৰ্তত পৰাণে কি কৰিছে মই নাজানো, পৰাণৰ মাকে কি কৰিছে মই নাজানো। পৃথিৱীত কোনে কি কৰিছে মই নাজানো।

(৪)

যোৱা দুবছৰৰ ভিতৰত কেইবাবাৰো মই পৰাণৰ কথা ভাৱিছো। সেইজন পৰাণ যি ক্লাছ ফৰৰ চিনিয়ৰৰ লগত ক্ৰিকেট মেটছত লাষ্ট বলত চিক্স মাৰি আমাক জিকাইছিল, যি স্কুল সপ্তাহত মেডেল কঢ়িয়াবলৈ বেগ লৈ আহিছিল। যাৰ কেতিয়াও পাটীগণিতৰ অংক ভুল নহৈছিল।
চেপ্তেম্বৰ ২০১১। কোম্পানীৰ ট্ৰেইনিং এটাত গুজৰাটৰ অংকলেশ্বৰলৈ পঠিয়াই দিছিল। অংকলেশ্বৰ সম্পুৰ্ণ ইন্দাষ্ট্ৰিয়েল ঠাই। চাৰিওফালে কল-কাৰখানা। ঠাইখিনি অত্যন্ত প্ৰদুষিত। বতাহত, পানীত কেমিকেলৰ গোন্ধ।
ট্ৰেইনিঙৰ শেষৰ আগদিনা ইন্দাষ্ট্ৰিয়েল ভিজিটত নিলে। সাৰজা কেমিকেলচৰ প্লান্ট এটাত।
সাৰজা কেমিকেলচৰ মেনেজাৰ জনে আমাক প্লান্টটো দেখুৱালে। এমনিয়া, চালফিউৰিক এচিড, টলুইন, বেনজিন মেনুফেকচাৰিং প্ৰচেচ, ইফ্লুৱেন্ট ট্ৰিটমেন্ট প্লান্ট।
মোৰ কলিগ হেমলতাৰ মেনেজাৰক প্ৰশ্ন….. ইটচ চ পলুটেড, স্মেলিং কেমিকেলচ ইন দা এয়াৰ, হাও কেন পিপল ৱৰ্ক?
মেনেজাৰৰ উত্তৰ, পেহলে পেহলে এডজাষ্ট হোনে মে প্ৰবলেম হোতা হে, পৰ ধীৰে ধীৰে আদত হো জাতা হে।
ফেক্টৰীৰ ৱৰ্কাৰবোৰে এটা জঘন্য পৰিবেশত কাম কৰি আছে। চাৰিওফালে কেমিকেলৰ গোন্ধ। ৱৰ্কাৰবোৰে মাত্ৰ এখন কাপোৰৰ মাক্স পিন্ধি কাম কৰি আছে। প্ৰতিটো উশাহত হেজাৰ বিজাৰ কাৰচিনোজেনৰ অণু তেওলোকৰ হাওফাওৰ মাজেৰে পাৰ হৈছে। কেমিকেলৰ প্ৰভাৱ ৱৰ্কাৰবোৰৰ ওপৰত বিদ্যমান।
এজন ৱৰ্কাৰৰ ওপৰত চকু পৰিল।
“আপুনি অসমৰ নহয় জানো”? মই সুধিলো।
ৱৰ্কাৰজনে মোৰফালে চালে, কাপোৰৰ মাক্সেৰে মুখখন ঢাকি ৰখা কাৰনে মুখৰ অভিব্যক্তি দেখা পোৱা নগ’ল।
– মে আচামীয়া নহী হু।
ৱৰ্কাৰজনে খৰখেদাকে মোৰ ওচৰৰপৰা গুচি গল।
ইতিমধ্য হেমলতা আৰু মেনেজাৰৰ ইন্ডাষ্ট্ৰিয়েল হেলথ চেফটিৰ কথা প্ৰায় শেষ হৈছিল।
ঘুৰি আহোতে গাড়ীত হেমলতাই কলে…. ইটছ জাষ্ট এ চাকিং চিষ্টেম, চিয়েৰ এক্সপ্লইটেচন আৱ হিউমেন বাই হিউমেনচ।
মই ক’লো…. আমাৰ কোম্পানীয়ে সাৰজা কেমিকেলচক ৰ মেটেৰিয়েল প্ৰভাইড কৰে আৰু তেওলোকৰপৰা ৰিফাইন প্ৰডাক্ট কিনে, গতিকে যদি চাবলৈ যাও, উই আৰ অলচো এক্সপ্লইটাৰ্চ।
– “হোৱাট এ হেল, ইউ হেভ এ পইন্ট”, হেমলতাই কলে।
– ইটচ অল এবাউট আৰ্নিং ফুড, ক্লথ এন্ড চেল্টাৰ, চামৱান এক্সপ্লইটচ, চামৱান গেট এক্সপ্লইটেড।
অংকলেশ্বৰৰ পৰা আহমেদাবাদলৈ চিক্স লেন এক্সপ্ৰেচৱে। বাছত কেতিয়া আহমেদাবাদ পালোহি গমেই নাপালো। আহমেদাবাদৰপৰা ফ্লাইটত গুৱাহাটীলৈ আহি আছো। এয়াৰ হোষ্টেচ গৰাকীয়ে খোৱাবস্তুৰ পেকেট এটা দি গল। পেকেটটোৰ ওপৰত লিখা আছিল, অৰগেনিক। মানে বস্তবোৰ কোনো ৰাসায়নিক সাৰ দি উত্পাদন কৰা নাই।
বিমানখনৰ খিড়িকীয়েদি তললৈ চালো, ডাৱৰ আৰু ডাৱৰ।
অংকলেশ্বৰৰ সাৰজা কেমিকেলচৰ ফেক্টৰীৰ মানুহজন। সেই মানুহজনৰ খোজ পৰাণৰ দৰে আছিল। সি পৰাণৰ দৰে খোজকাঢ়ি আতৰি গৈছিল, তাৰ মাতটো পৰাণৰ দৰে আছিল, স্কুলত স্কেলেৰে তৰোৱাল-তৰোৱাল খেলোতে পৰাণৰ কপালত এটা দাগ বহি গৈছিল। সেই দাগটোও সেই মানুহজনৰ কপালৰ ঠিক সেইখিনিতে আছিল। সোচকুটোৰ ঠিক ওপৰতে, এটা দাগ।

(৫)

ক্ৰেএএএএএএএ….ছ……. আগৰ গাড়ীখনে হঠাত ব্ৰেক মাৰিলে, মই অন্যমনস্ক হৈ থকাৰ বাবে অলপ ইফাল সিফাল হব ওলাইছিলেই, কিন্ত সময়ত ব্ৰেকত ভৰি পৰিল, আগৰ গাড়ীখনৰ পাছফালটো চোও নোচোওকৈগৈ মোৰ কাৰখন ৰলগৈ, সম্ভাব্য দুৰ্ঘটনা এটাৰপৰা হাত সাৰিলো।
চাৰিওফালে বিহুৰ উখল মাখল। সোৱে-বাৱে চৌদিশে গাড়ী-ধোৱা-শব্দ- ধুলি……গাড়ীৰ গ্লাছখন উঠাই এচিটো অন কৰি দিলো। এখন বাইকে বাওফালৰে অভাৰটেক কৰি গল, কাষৰ ফুটপাথত মানুহ এহাল, ৰাষ্টাটো ক্ৰছ কৰিব খুজিছে ছাগে, কিন্ত গাড়ীবোৰৰ প্ৰকোপত পৰা নাই।
ইফালে-সিফালে চাবলৈ কাৰো সময় নাই। সকলো নিজৰ কামত ব্যস্ত। কংক্ৰীটৰ মহানগৰৰ এখন বিশৃংখল যান্ত্ৰিক পৃথিৱী।
পৃথিৱীখনৰ মানুহবোৰৰ ভিতৰৰ মানুহবোৰ যেন বিবৰ্ণ হৈ পৰিছে …চাম ফেডেড জিনছ (genes) ৰোমিং এভৰিহোৱেৰ।
মোৰ নিজকে তাৰ এজন যেন লাগিল……!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক