ফেশ্যন (-দিগন্ত কুমাৰ ভট্টাচার্য)

::’ফেশ্যন’::

সিদিনা লগৰ এগৰাকীৰ পুৰনা ফ’টো এখন দেখিলোঁ। সৰুৰে ফ’টো, সৰস্বতী পূজাৰ। বোধহয় প্ৰথমবাৰৰ বাবে মেখেলা-চাদৰ পিন্ধিছিল। মাকৰ কাপোৰ। মেখেলা ভাঁজ দি চুটি কৰিছে। দীঘল চাদৰখনে গিলি নেপেলোৱাকৈ সযতনে ডাঙৰ কোনোবাই বান্ধি দিছে। আৰু মৰমলগাকৈ ব্লাউজৰ সলনি ৰঙা ফ্ৰক এটি পিন্ধিছে তলত। আমাৰ ঘৰলৈ বিহু গাবলৈ অহা কণমানি নাচনী কেইগৰাকীৰ আটায়ে ব্লাউজৰ সলনি ৰঙা ফ্ৰক (কেতিয়াবা ৰঙা টি-ছাৰ্টও দেখিছোঁ!) পিন্ধে। এইবোৰ দেখি আমাৰো সৰুৰ কথা মনত পৰি গ’ল।fashion
সৰুতে দেউতাৰ পুৰনা লংপেন্ট-ছাৰ্ট চুটি-চেপন কৰি পিন্ধা মনত আছে। চিনাকী দৰ্জী এজনে বিশ নে পঁচিশ টকাত এই কামটো কৰি দিছিল। কালি বাইদেউ এগৰাকীয়ে ক’লে তেওঁলোকেও হেনো দেউতাকৰ লংপেন্ট কাটি স্কাৰ্ট চিলাই কৰি লৈছিল। আমাৰ মনত সেয়াই আছিল নতুন, সেয়াই আছিল ‘ফেশ্যন’।
সৰুতে আমি চামৰাৰ চেণ্ডেল মানে ‘বাটা’ৰ সেই অলপ ৰঙচুৱা চেণ্ডেলযোৰকে বুজিছিলোঁ, আৰু জোতা মানে ‘বাটা’ৰ ক’লা জোতাযোৰ। তেতিয়া আজিৰ দৰে ‘ফেন্সি’ চেণ্ডেল (বা ফ্ল’টাৰ) নাছিল। ৰ’দে-বৰষুণে ব্যৱহাৰ কৰিলেও সেইযোৰে বেয়া হোৱাৰ নাম নলয়। সেইযোৰ বেয়া নহ’লে নতুন এযোৰ পোৱাৰ আশাও নাথাকে। কম অশান্তি আছিল। আৰু তেতিয়া ঘৰত গাইপতি এযোৰতকৈ জোতা বা চেণ্ডেল থাকিব নোৱাৰিব, সেইটো যেন এক নিয়ম হে আছিল।

স্কুলত থাকোতে জীনচ্ আহিল। একেবাৰে ‘বেগী’, তলফালে চেপ খাই ধৰা, চুঙা। ডাঙৰ সকলক দেখিছিলোঁ, সেই পেন্টৰ লগত জীনচ’ৰ জেকেট পিন্ধা। আস: কেতিয়া যে আমিও পিন্ধিব পাৰিব বগা বা পাতল আকাশী ৰঙৰ জীনচৰ পেন্ট আৰু জেকেট একেলগে, সপোন দেখিছিলোঁ। নিজৰ ‘চাইজ’ৰ জীনচৰ পেন্ট নাপাই আমাৰ লগৰ বহুতে দৰ্জীৰ ওচৰত নিজেই চিলাই লৈছিল। এতিয়া ভাবোঁ, সেই চিলোৱা জীনচ’ৰ পেন্ট বোধকৰোঁ কোনোবাই ফ্ৰীতে দিলেও নিপিন্ধিব, কিন্তু তেতিয়া জীনচেই আছিল এক সাংঘাটিক ‘ফেশ্যন’ আমাৰ বাবে!
তাৰ পিছত আহিল অমিতাভহঁতে পিন্ধা ‘বেল বটম’ পেন্টৰ অলপ সংশোধিত ৰূপ। তলৰ ফালে এনেকুৱা হ’ব লাগিব যাতে জোতাযোৰ সম্পূৰ্ণকৈ আগুৰি থাকে। এতিয়াও মোৰ মনত আছে, এবাৰ পেন্টটোৰ কঁকালৰ ফালে যিমান তাতকৈ ভৰিৰ তলৰ ভাগ আধা ইঞ্চিমান কম কৰি দিয়াত দৰ্জীদাদা’ৰ আগত মুখ ফুলাইছিলোঁ বেজাৰতে।

হাইস্কুলৰ শেষৰফালে এক নতুন ফেশ্যন আহিল -‘লেডাৰ’ৰ জেকেট! জীনচ’ৰ লংপেন্ট আৰু ক’লা লেডাৰৰ জেকেটটো পিন্ধি ৰাস্টাৰে খোজ কাঢ়ি যাব নোৱাৰিলে জীৱনটোৱেই যেন অসাৰ! দাম অলপ বেছি হোৱা বাবে ঘৰত এইবিধ লাগে বুলি ক’বলৈও শংকা হৈছিল। ভাবিছিলোঁ চাকৰি পালে একেলগে পাঁচটামান কিনিম! কেতিয়াবা ভিনদেউৰ লেডাৰৰ ক’লা জেকেটটো পিন্ধি আইনাৰ সন্মুখতে আন কোনেও নেদেখাকৈ অজয় দেৱগনৰ ষ্টাইলত তেতিয়াৰ ছুপাৰহিট ‘ধীৰে ধীৰে প্যাৰ কো বড়ানা হ্যে..’ গায়েই সন্তুষ্টি লৈছিলোঁ!
সিদিনা শ্বপিং মললৈ গৈ এতিয়াৰ ফেশ্যন- ‘লো ৱেইষ্ট’ জীনচ বহুকেইটা পিন্ধিলোঁ। ভিন্ন ৰঙৰ- ৰঙাৰ পৰা হালধীয়ালৈ! কিনিবলৈ সাহস নহ’ল। কিন্তু ট্ৰায়েল ৰুমত পিন্ধি নিজকে চোৱাত অসুবিধাতো নাই, লগতে এক মধুৰ আমেজো পোৱা যায়- কাৰণ ফেশ্যন ফেশ্যনেই!!

 

দিগন্ত কুমাৰ ভট্টাচার্য

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments