ফ্রে’ড চেংগাৰ, কেম্ব্ৰিজ আৰু কিছুমান সপোনৰ পমখেদি -১ (পঙ্কজ বৰা)

ফ্রে চেংগাৰ, কেম্ব্ৰিজ আৰু কিছুমান সপোনৰ পমখেদি (পঙ্কজ বৰা)

২০০১ চন:

মানৱ জিন’মৰ প্রথম খচৰা প্রকাশৰ যোগেদি বিশ্বৰ প্রযুক্তিৰ জগতত খলকনি লাগিছে ৷ প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ঠ অভিযন্ত্ৰণ মানৱ দেহৰ গূঢ় ৰহস্য ভেদ কৰাৰ আনন্দত মতলীয়া পৃথিৱীৰ বিজ্ঞানী মহল ৷ অসমৰ সংবাদ পত্ৰ আলোচনী সমূহটো মানৱ জিন’ম প্রকল্পৰ বিষয়ে না না লিখা প্রকাশ পাইছে । এই লেখক তেতিয়া মহাবিদ্যালয়ৰ ছাত্র । বানে ধোৱা লক্ষীমপুৰৰ এখন সৰু অখ্যাত গা ঁৱৰ বোকা পানী খচকি ডাঙৰ হোৱা এজন ছাত্ৰ ৷ জিন’ম প্রকল্প সমন্ধীয় বিভিন্ন লিখনি সমুহে মোক শিহৰিত কৰিছিল । সামান্য জ্ঞানেৰে মহাবিদ্যালয়ৰ বাৰ্ষিক মূখপত্ৰত লিখিছিলো মানৱ জিন’ম প্ৰকল্পৰ বিষয়ে ৷ তেতিয়াই এদিন সপোন দেখিছিলো জিন’ম প্রযুক্তিৰে পৃথিৱীত খলকনি লগোৱা বিশিষ্ট বিজ্ঞানী ফ্রে’ড চেংগাৰ, ক্রে’ইগ ভেন্টাৰ আদিৰ লগত জীৱিত কালত এবাৰ হলেও লগ হোৱাৰ । একবিংশ শতিকাৰ যি মূহুৰ্ত্বত বিজ্ঞানৰ বলেৰে মহীয়ান হৈ মানৱে মহাকাশত ঘৰ পতাৰ সপোন দেখিছে, জিন’ম প্ৰযুক্তিৰে মানৱৰ দেহৰ সূক্ষ্মাতিসূক্ষ্ম অণু-পৰমাণুৰ গঠণাত্মক সূত্ৰসমূহ ফ ঁহিয়াই চাই জীৱ সৃষ্টিৰ গূঢ় ৰহস্য উদ্ভাৱনৰ বাবে প্ৰস্তুতি চলাইছে, সেই মূহুৰ্ত্বতো অসমৰ গা ঁৱত একা ঁঠু বোকা পানী খচকি ল’ৰা ছোৱালী স্কুল ক’লেজলৈ গৈছে ৷ বানপানীত উটি গৈছে মানুহৰ ঘৰ, জাহ গৈছে হাজাৰ হাজাৰ বিঘা পথাৰৰ ধান, উটি গৈছে স্কুল-ক’লেজ ৷ গা ঁৱ বাদেই বহু নগৰতেই নাই, খোৱাপানী, চিকিৎসা, সুগম পথ যোগাযোগ, টেলিফ’ন দৰে সুবিধা ৷ আজিও বেজ বেজালি, তন্ত্ৰ মন্ত্ৰয়ে হ’ল বহুতৰ বাবে জীৱন ৰক্ষাৰ অন্তিম সাৰথি ৷ ভাৰতৰ দৰে অন্ন- বস্ত্ৰ – বাসস্থান (শিক্ষাক দূৰতে থ’লো) এই তিনি মৌলিক প্ৰয়োজনক লৈ যুদ্ধ কৰি থকা বা ৰাজনীতি কৰি থকা উন্নয়নশীল দেশ ভাৰতবৰ্ষৰ অন্যতম অন্নুনত ৰাজ্য এখনৰ আটাইতকৈ পিছপৰা জিলাখনৰ কোনোবা অখ্যাত গাঁৱৰ এটা কিশোৰৰ বাবে ফ্ৰে’ড চেংগাৰ বা ক্ৰেইগ ভেন্টাৰক লগ পোৱাটো অলীক সপোন আছিল মাথোন । তথাপি সুবিধা পালেই অভাজনে জিন’ম প্রযুক্তি সমন্ধীয় যিকোনো লিখা গো-গ্রাসে গিলিছিলো । মোৰ সপোনবোৰ তীব্রৰ পৰা তীব্রতৰ হৈ উঠিছিল। এদিন সেই সপোন বুকুত বান্ধিয়েই মনত কিছু অন্নিচ্ছয়তা আৰু সংশয় লৈ ৰাওনা হৈছিলো ভাৰতৰ দক্ষিনপ্রান্তীয় মাদ্রাছ বিশ্ববিদ্যালয়লৈ, তুলনামূলকভাৱে নতুন জৈৱ-তথ্যপ্রযুক্তি বিষয়ত স্নাতকোত্তৰ অধ্যয়নৰ বাবে। লাহে লাহে মই সোমাই পৰিছিলো অনেক বিস্ময় আৰু আশ্চ্যর্যৰে ভৰা জিন’ম বিশ্বৰ ভিতৰলৈ ।

২০১০ চনৰ জুন মাহৰ এটা সন্ধিয়া:

মই আছো ইংলেণ্ডৰ লণ্ডন মহানগৰীৰ পৰা প্ৰায় ৮০ মাইল দূৰৰ এখন দৃষ্টিনন্দন গাঁৱত , নাম হিংষ্টোন৷ কে’ম্ব্রিজ মহানগৰৰ পৰা ১২ কিমি নিলগৰ এক নিৰিৱিলি পৰিৱেশত অৱস্থিত এটা বিশ্ব-বিখ্যাত গৱেষণাকেন্দ্র ‘চেংগাৰ জিন’ম গৱেষণা কেন্দ্ৰ’ৰ অতিথিশালাত ৷ মনত পৰিল বিজ্ঞান জেউতি, জিজ্ঞাস , প্রান্তিকৰ পাতত প্রকাশিত মানৱ জিন’ম প্রকল্পৰ বিষয়ে না না লিখাবোৰ, মনত পৰিল মহাবিদ্যালয়ৰ আলোচনীত মই লিখা মানৱ জিন’ম প্রকল্প সম্পর্কীয় প্রবন্ধটো, আৰু বিশিষ্ট বিজ্ঞানী ফ্রে’ড চেংগাৰ, ক্রে’ইগ ভেন্টাৰ আদিৰ লগত জীৱিত কালত এবাৰ হলেও লগ হোৱাৰ সেই সপোন। কৈশোৰৰ এটা মধুৰ সপোনৰ বাস্তৱত পৰিণত হোৱাৰ এটা নুবুজা আনন্দ। দিনযোৰা যাত্রাৰ ক্লান্তি-অৱসাদে আগুৰি ধৰিছিল। পোনে পোনে গৈ চেংগাৰ জিন’ম কেম্পাছৰ অথিতি গৃহত মোৰ বাবে ৰখা অতিথিগৃহৰ বিচনাত বাগৰ মাৰিলো । কিবা এক নুবুজা আনন্দত মই নিদ্রাদেৱীৰ কোলাত হেৰাই গ’লো। সপোনত মনটো মোৰ সেই কলেজীয়া দিনবোৰলৈ, মোৰ গা ঁৱৰ দিনবোৰলৈ গতি কৰিলে। হঠাতে সাৰ পাই উঠিলো ৷ মোবাইল ফ’নটো লৈ ঘৰলৈ ফ’ন লগালো, তেতিয়া অসমত পুৱতি নিশা ৷ অস্বাভাৱিক সময়ত বাজি উঠা ফ’নটোৰ শব্দত উচপ খাই উঠিছিল ঘৰৰ মা-দেউতা ৷ মোৰ দুচকুৰ দুটোপাল পানী, মাক ক’লো- ‘মা মই কেম্ব্ৰিজ জিন’ম গৱেষণা কেন্দ্ৰ অতিথিশালাৰ পৰা কৈছো, কাইলৈ দুবাৰকৈ নোবেল বটা প্ৰাপক বিশিষ্ট বিজ্ঞানী ফ্ৰে’ড চেংগাৰক লগ পাম ‘ ৷ আৰু একো ক’ব নোৱাৰিলো , ফোনটো কাটি আকৌ বিচনাত পৰিলো ৷

যাত্ৰা:

অবশেষত সেই সোণালী সুযোগটো আহিল। বিজ্ঞানী ফ্রে’ড চেংগাৰৰ নামেৰে গ্রেট ব্রিটেইনৰ কে’ম্ব্রিজত প্রতিস্থা কৰা ‘চেংগাৰ জিন’ম কেম্পাছ’ত এটা বিশেষ (Next Generation Genome Technology) নৱতম প্ৰযুক্তি কৰ্মশালাত অংশগ্রহন কৰিবলে বিশ্বৰ বিভিন্ন দেশৰ ১৮ জন যুৱ গৱেষক/বিজ্ঞানীক আমন্ত্রণ জনাইছিল। সৌভাগ্যপূর্ণ ভাৱে মইও নৰৱে’ক প্রতিনিধিত্ত্ব কৰি এই বিশেষ কৰ্মশালাত অংশগ্রহন কৰাৰ বাবে নিৰ্বাচিত হৈছিলো । এই কৰ্মশালা চলি থকা সময়তে মানৱ জিন’ম প্রকল্পৰ প্রথম খচৰা প্রকাশৰ ১০ বছৰ সম্পুর্ণ হোৱাৰ উদ্দেশ্যে আয়োজন কৰা এটা নৈশ-ভোজলৈও নিমন্ত্রণ পাইছিলো। দুবাৰকৈ ন’বেল বটা লাভ কৰা পূৰোধা বিজ্ঞানীজনে হাতেৰে গঢ়া জিন’ম প্রযুক্তিৰ ভূ-স্বৰ্গস্বৰূপ, জিন’ম প্রযুক্তিৰ গৱেষণাৰ প্রাণকেন্দ্র চেংগাৰ জিন’ম চেন্তটাৰত ১৫ দিন কটোৱাৰ উত্তেজনাত মই অধীৰ হৈ পৰিছিলো। কৈশোৰৰ সেই সপোনবোৰ যেন প্রাণ পাই উঠিছিল। ১৪ জুন তাৰিখে দুপৰীয়া ১.৩০ বজাত মই মোৰ আৱাসিক মহানগৰী নৰৱে’ৰ ট্রনধেইমৰ পৰা লণ্ডন অভিমুখে বিমান যোগে ৰাওনা হলো । নেদালেণ্ডছৰ ৰাজধানী আমষ্টার্ডামত আন এখন সংযোগী উৰণ সলনি কৰি বিয়লি ৫.৩০ বজাত লণ্ডনৰ হিথ্র’ বিমান বন্দৰত উপস্থিত হলো । এইয়েই লণ্ডনত মোৰ প্রথম পদার্পণ। লাহে লাহে মই পাৰপত্র বিষয়াৰ কাউন্টাৰলৈ দিশ পোনালো । পাৰপত্র বিষয়া কেইজনৰ বেছিভাগেই ভাৰতীয় আছিল আৰু নিজর মাজত হিন্দী ভাষাতে কথা-বার্তা পাতি আছিল। মই অলপ আচৰিত হ’লো। হিথ্র’ বিমান বন্দৰ বিশ্বৰ অন্যতম ব্যস্ত বিমান বন্দৰ। ইয়াত ৫ টা টার্মিনেল আছে। মোৰ বিমানখন উপস্থিত হৈছিল টার্মিনেল ৪ অত।

বিমান বন্দৰৰ পৰা মোৰ বয়বস্তু সংগ্রহ কৰি মই পুর্বতে নির্ধাৰণ কৰি থোৱা বাছ ধৰিবলৈ তাৰ পৰা হিথ্র’ এক্সপ্রেছ নামৰ দ্রুতবেগী ৰেইলৰ যোগেদি মই টার্মিনেল ১ৰ বাহিৰত থকা বাছ ষ্টেণ্ডলৈ বুলি বুলি ৰাওনা হ’লো। ইমান এটা ব্যস্ত বিমান বন্দৰত কোনো বিশৃংখলতা নাছিল। ইমান সুন্দৰকৈ সকলো বন্দোবস্ত কৰা আছে যে অপৰিচিত ব্যক্তি এজনৰ বাবেও ক’ত যাব লাগিব, কি কৰিব লাগিব এইবোৰ লৈ অলপো চিন্তাত পৰিব লগীয়া নহয়। পানীৰ বটল এটা কিনো বুলি বাছ ষ্টেণ্ডৰ ভিতৰতে থকা ডিপার্টমেন্টেল দোকান এখনলৈ সোমায় গ’লো। তাৰ কর্মচাৰী দুজনো আছিল ভাৰতীয় আৰু দুয়োজনে হিন্দীত কথা পাতি আছিল। অলপ পাছত মই কেম্ব্রিজলৈ যাবলগীয়া বাছখন আহিল।মই আকৌ এবাৰ আচৰিত হ’লো; কাৰণ বাছৰ ড্রাইভাৰজনো আছিল এজন পাঞ্জাবী চৰ্দাৰ । হিথ্র’ৰ পৰা কেম্ব্রিজলৈ বাছেৰে প্রায় ৩ ঘন্টাৰ বাট। ড্রাইভাৰজনে সকলোকে বাছত বহুৱাই লৈ যাত্রা আৰম্ভ কৰিলে। মোৰ কাষৰ আসন খনত বহিছিল এগৰাকী আদবয়সীয়া ভদ্ৰমহিলা । তেঁও নিজে ওপজাচি চিনাকি দিলে। মইও সৌজন্যতা ৰক্ষা কৰি মোৰ চিনাকি দিলো। মই ভাৰতীয় আৰু অসমৰ বুলি জানি তেঁও আৰু আগ্রহী হৈ পৰিল। পেছাত তেখেত বিশ্ব বন্যপ্রাণী সংস্থা (WWF) ৰ এগৰাকী পৰামর্শদাতা। ভাৰতীয় সংগীতৰ তেখেতৰ অপাৰ আগ্রহ। মই শুনি থকা iPOD টোত এ. আৰ. ৰেহমানৰ সঙ্গীত আছে বুলি জানি, মোৰ পৰা খুজি লৈ কেইটামান গান শুনিলে। ভাৰতীয় সংগীতৰ প্রতি তেখেতৰ নিচা আৰু জ্ঞান দেখি মই আপ্লুত হ’লো। মইও বিশ্ব বন্যপ্রাণী সংস্থা (WWF) ৰ এসময়ৰ সক্ৰিয় সদস্য বুলি জানিব পাৰি মোক সুধি গৈছিল অসমৰকাজিৰঙাৰ বিষয়ে তেখেতৰ অনেক কৌতুহলী প্রশ্ন। তেখেতৰ স্বামী কে’ম্ব্রিজৰ এজন চিকিৎ্সাবিজ্ঞানী আৰু তেঁও মোক লগ পালে খুব ভাল পাব বুলি কৈ মোক এদিন তেঁওলোকৰ ঘৰত ৰাতিৰ আহাৰ গ্রহণ কৰিবৰ বাবে নিমন্ত্রন জনালে। মই তেখেতক মোৰ ব্যস্ত সময়সূচী সম্পর্কে অৱগত কৰিলো আৰু ক’লো যে মোৰ কার্‍য্যসূচীৰ মাজত সময় সুবিধা পালে নিশ্চয় নিমন্ত্রন ৰক্ষা কৰিব পাৰিম। ৰাতি ১০ বজতা গৈ কে’ম্ব্রিজ নগৰত উপস্থিত হ’লো। নামিয়েই মোৰ গন্তব্যস্থানলৈ যাবলৈ টেক্সীৰ সন্ধান কৰিলো। এখন টেক্সী আহি উপস্থিত হ’ল। বস্তু বাহিনী সহ মই টেক্সীত বহিলো। মন কৰিলো টেক্সীত কিশোৰ কুমাৰৰ এটা মধুৰ হিন্দী গান বাজিছে। টেক্সীচালকজনক ভালকৈ মন কৰিলো, ভাৰতীয় যেন লাগিল। মই ইংৰাজীতে তেঁওৰ পৰিচয় সুধিলো। গম পালো তেঁও বাংলাদেশৰ। মোৰ ভঙা ভঙা বাংলাত তেঁওৰ লগত কিছু সুখ দুখৰ কথা পাতিলো। ইতিমধ্যে গৈ ‘চেংগাৰ জিন’ম কেম্পাছ’ত উপস্থিত পালোগৈ । অভ্যৰ্থনা কক্ষত নৈশ কৰ্ত্তব্যত থকা ব্যক্তিজনে মোক মোৰ কোঠাৰ চাবি দিলে আৰু সৰু সৰু ক’টেজৰ নিচিনা অতিথিগৃহ সমূহৰ মেপ এখন দি মোৰ কোঠালিৰ দিশ বৰ্ণনা কৰি দিলে ৷ ময়ো সেইমতে গৈ মোৰ বাবে থকা কোঠালিত সোমালোগৈ ৷

 

চেংগাৰ জিন কেম্পাছ:

পিচদিনা ৰাতিপুৱা ৮ বজাত স্নান কৰি ভোজন কক্ষলৈ গ’লো ৷ এক সুন্দৰ আহল বহল কোঠালিত বাফেট প্ৰাতঃভোজন ৷ কোঠাটোৰ য’তে -ত’তে আছে বিশ্বৰ আগশাৰীৰ গৱেষণা আলোচনী সমূহৰ সংগ্ৰহ ৷ দেখিলো বিভিন্ন জনে হাতত চাহ-ক’ফি বা আন খোৱা লৈ বিভিন্ন কথা বতৰাত ব্যস্ত ৷ বহুতেই আকৌ বাহিৰত গৈ পুৱাৰ কোমল ৰ’দ পুৱাচেগৈ ৷ ময়ো খোৱা বস্তু লৈ বাহিৰৰ ৰ’দতে বহিলোগৈ ৷ চহৰৰ হাই-উৰুমিৰ এক মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই গৱেষণাকেন্দ্ৰ ৷ কেম্ব্ৰিজশ্বায়াৰৰ ৫৫ একৰ মাটিকালিৰ এই এলেকাটোতে ১৯৯৩ চনত ১৭ জন সদস্যৰে চেংগাৰ প্ৰতিস্থান স্থাপন হৈছিল ৷ আজিৰ দিনত ১৩০০ বিজ্ঞানী, গৱেষক, ছাত্ৰ তথা আন কাৰিকৰী কৰ্মচাৰীৰে ৱেলকাম ট্ৰাষ্ট জিন’ম কেম্পাছ পৃথিৱীৰ এক অগ্ৰণী গৱেষণা প্ৰতিস্থান ৷ এই কেম্পাছৰ ভিতৰতে আছে বিশ্বপ্ৰসিদ্ধ চেংগাৰ প্ৰতিস্থান, ৱেলকাম ট্ৰাষ্ট কনফাৰেঞ্চ চেন্টাৰ আৰু ইউৰোপীয়ান বায়’ইনফৰমেটিকচ্ ইনষ্টিটিউত ৷ এই প্ৰতিস্থানৰ আনুস্থানিক প্ৰতিস্থাপক আছিল ২০০২ চনৰ চিকিৎসা আৰু শৰীৰবিদ্যাৰ ন’বেল বটা বিজয়ী বিজ্ঞানী ডঃ জ’ন ই চালচ’ন ৷ মানৱ জিন’ম প্ৰকল্প আৰম্ভ হোৱাৰ (১৯৯০) তিনি বছৰৰ পাচত এই প্ৰতিস্থানৰ জন্ম হয় আৰু মানৱ শৰীৰত থকা ২৪ যোৰা ক্ৰম’জমৰ ৮ যোৰা ক্ৰমজ’মৰ ইয়াতেই পাঠোদ্ধাৰ কৰা হয় আৰু এটা প্ৰতিস্থানৰ দ্বাৰা জিন’ম প্ৰকল্পলৈ আগবঢ়োৱা এইয়া সৰ্ববৃহৎ অৱদান ৷

 

আগলৈ…

(আহিব লগা খণ্ডকেইটাত কেম্ব্ৰিজৰ জিন’ম চেন্টাৰত ১৫ দিন কি কি হৈছিল, আধুনিক জিন’ম গৱেষণা ক’ত পাইছেগৈ, ফুটবল বিশ্বকাপ উপভোগ কৰাত কি মনোৰম অভিজ্ঞতা হৈছিল ইত্যাদি বহুবোৰ কথা পাঠকলৈ আগবড়াম)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক