ফৰেইনৰ ‘বস্তু’! (জ্যোতিৰূপম দত্ত)

: “তুমি ড্ৰিংকছ কৰানে ? মানে এই যে বিয়েৰ, ৱাইন এইবোৰ যে, এই টাইপৰ কিবা বস্তু খোৱা নেকি ?”

কিবা এটা কথাৰ প্ৰসংগত সিদিনা দুপৰীয়া অফিচৰ জ্যেষ্ঠ সহকৰ্মী বাইদেউ এগৰাকীয়ে মোক উদ্দেশ্যি সুধিলে ৷

: “মানে, একেবাৰে নাখাওঁ বুলি নকওঁ৷ খাওঁ ৷ পিছে অকেজ্যনেলি অলপ-অচৰপ চলে আৰু ..৷ কিয়বা সুধিলে আপুনি ?”

: “তোমালৈ বুলি বস্তু এটা আছে ৰ’বা৷ যোৱাবাৰ বেলজিয়ামৰ পৰা আহোঁতে দুটা আনিছিলোঁ৷ এটা সিদিনা ঘৰৰ ওচৰৰে বিজয়ক দিলোঁ৷ এটা তুমি লৈ ল’বা ৷”

তেখেতৰ জীয়েক-জোঁৱায়েক বেলজিয়ামৰ ব্ৰাছেলছ্ চহৰত থাকে৷ তেখেতেও বছৰত এবাৰ-দুবাৰ অহাযোৱা কৰেই ৷ এইহেন উছৱৰ বতৰত কথাটো শুনিয়েই মোৰো মনটো লকলকাই উঠিল ৷

উৎসৱ-পাৰ্বন মানেই এটুপি-দুটুপি নহয় সকলোতে বাল্টিয়ে বাল্টিয়ে বৈ থকা দেখিয়েই থাকোঁ৷ সকলোৰে মুখত কেৱল ‘বহা’ৰহে চিন্তা৷ ‘আজি গধুলি ক’ত বহিম’ , ‘কালি অমুকত বহিছিলোঁ, ‘সিদিনা বহুদেৰী বহিলোঁ’, ‘বহুদিন হ’ল বহা হোৱা নাই’, ‘অলপ বহিব লাগিছিল’… এইবোৰ বাক্যাংশত ‘বহা’ৰ মানেটো অলপ বেলেগ ৷ কেতিয়াবা আকৌ কিছুমানে থিয়ৈই থিয়ৈই ‘বহি’ যায় ৷ কেবল ‘বহা’ৰ যোগাৰ হলেই হ’ল ৷ ‘বহা’ৰ যোগাৰ মানে চকী, বেঞ্চ, মুঢ়া, চোফা এইবোৰ নহয় দেই!

মই লগে লগে মোৰ বন্ধুসকলৰ হোৱাটছআপ গ্ৰুপত মেচেজ দিলোঁ –

: “ফৰেইন লিকাৰ! জাগা ভী মেৰা, ৱক্ট ভী মেৰা, চাকনা ভী মেৰা, লিকাৰ ভী ! কৌন কৌন ইন্টাৰেষ্টেড ?”

কথাখিনি লিখি অটাবহে পালোঁ, মৌমাখি পৰাদি পৰিলেই নহয়৷ ক’ত, কেতিয়া, কি, কেনেকৈ পালি …. এইবোৰ৷ ময়ো লাহে লাহে গপচত আপডেটবোৰ দি মোৰ ‘দাম’ বঢ়াই গলোঁ৷ হেঃ হেঃ ! তাৰমানে এইবাৰ পূজা ভালকৈয়ে জমিব!!

পিছে ব্ৰেণ্ডটো কি জানিব পাৰিলে ফটো এখনেই আপলোড কৰি দিলোহেঁতেন ৷ জ্বলা জুইত আকৌ অকণ ঘিউ ঢালিব পাৰিলোহেঁতেন !

মই তেখেতক এবাৰ এনেয়ে সুধি চালোঁ —

: “মানে আপোনাৰ ঘৰতে আছে নহয় জানো ? কি ব্ৰেণ্ড ?”

: “এঃ ! মই সেইবোৰ নাজানো নহয়৷ কাইলৈ লৈ আহিম দিয়া৷ নিজেই চাই ল’বাঁ৷”

: “মানে অফিচলৈ নালাগে আনিব৷ আপোনাৰ দিগদাৰ হ’ব৷ ময়েই গধুলি ঘৰলৈ ওভতাৰ সময়ত লৈ যাম৷”

: “একো নহয়৷ বেছি ডাঙৰ বস্তু নহয়৷ লৈ আহিম দিয়া৷”

: “বাৰু ৷” বেছি কথা নবঢ়ালোঁ৷ অফিচলৈ আনিলেও পটকৈ লুকুৱাই নি গাড়ীত ভালকৈ থৈ দিম ৷

ইফালে হোৱাটছএপৰ গ্ৰুপত পুৰাদমে ডিছকাশ্যন চলি থাকিল ৷ ক’ত বহিম, কেতিয়া বহিম, লগত কি কি যোগাৰ লাগিব, দুটামান ‘ইণ্ডিয়ান মেড’ টাইপৰো আনি থব লাগিব নেকি, ‘ফৰেইন মেড’টো কম পৰি যাব পাৰে ইত্যাদি ৷ অধিক বাঢ়ৈত গুড় ধমনা হোৱাৰ দৰেই নানা মুনিৰ নানা মত হৈ শেহলৈ একো এটা কথাই ফাইনেল নহ’ল অৱশ্যে ৷ মই বেছি চিন্তা নকৰিলো ৷ ‘বস্তু’টো হাতত পৰাৰ পাছত দেখা যাব ৷

পিছদিনা সোনকালেই অফিচ পালোগৈ ৷ তেখেত যথাসময়তে আহি পালে ৷ ‘গুডমৰ্ণিং’ কলোঁ ৷ বাইদেউৰ হাতত পিছে সদায় অফিচলৈ অনা সৰু বেগ এটা ৷ হাতত বেলেগ বেগ নাই ৷ বুজিলো, অফিচৰ ভিতৰলৈ এইবোৰ নিষিদ্ধ ‘বস্তু’ অনা মানা আছে সেয়ে গাড়ীতেই থৈ দিছে কিজানি৷ হ’ব৷ ভালেই৷ বাহিৰে বাহিৰে ‘বস্তু’টো মোৰ গাড়ীলৈ চালান দি দিম ৷

: “তোমাৰ বস্তুটো আনিছো দেই ! দি আছো ৰ’বা ৷” – কথাষাৰ শুনি মনটো উৰা মাৰিলেই ! থৌকি-বাথৌ হৈ আকৌ হোৱাটছএপৰ গ্ৰুপত মেচেজ দিলোঁ ৷

: “বস্তু আহি গ’ল ৷ লেটছ্ চেলিব্ৰেট !”

কোনে পায় আৰু! আনকালে মনে মনে থকা কেইটিয়েও মুৰ ডাঙিলে! সকলোৰে কথাৰ মধ্যমণি হলো মই ! নহবনো কিয় ? এনেহেন বতৰত এনেহেন আপুৰুগীয়া বস্তুৰ যোগাৰ!

: “এইটো লোৱা !”

মাতটো শুনিয়েই ম’বাইলৰ স্ক্ৰীণৰ পৰা পোনেই চকু গ’ল বাইদেউগৰাকীৰ হাতলৈ! চকুদুটা জলক-তবক হোৱা যেন হ’ল !

বাইদেউৰ হাতত বটলৰ ঢাকনী খুলিবলৈ ব্যৱহাৰ কৰা ষ্টিলৰ ‘বটল এণ্ড কৰ্ক অপেনাৰ’ এডাল !

: “এইটোৰে চচৰ বটলো খুলিব পাৰি ! আৰু ..” এইবাৰ ইয়াৰ উপকাৰিতাৰ বিষয়ে এবকলা গোৱা আৰম্ভ হ’ল…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments