ফৰ্ম আৰু কণ্টেন্ট (পাঠ – ১) ( সমুদ্ৰ কাজল শইকীয়া )

অলপতে ফেচবুকত দেখা পোৱা দুজন ব্যক্তিৰ ভিন্ন বিষয়ক পৰস্পৰ সম্পৰ্ক নথকা দুটা আপডেটেৰে কথা আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমটো সৌমিত্ৰ যোগীৰ। আপডেটটো হুবহু তুলি দিয়া হ’ল –

“ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ অন্যতম হ’ল কালিদাস। কালিদাসৰ কাব্যপ্ৰতিভাত ঈৰ্ষান্বিত বাকী কবিসকলৰ পৰা তেওঁ সদায়ে একাষৰীয়া হৈ থাকিবলগা হৈছিল। পৰিস্থিতি এনেকুৱা আছিল যে ৰাজসভাত কালিদাস নোহোৱা সময়ত বাকী কবিসকলে ৰজাক বিভিন্ন কথা লগায়। বহুতে আনকি এনেকৈও ক’ব খোজে যে কালিদাসৰ আচলতে প্ৰতিভা বুলি একো বস্তুৱেই নাই। তেওঁ ওপৰতে এনেই চলি আছে। এনেকুৱা কথা শুনি শুনি ৰজা বিক্ৰমাদিত্য এসময়ত বৰ বিৰক্ত হ’ল। কাৰ কিমান প্ৰতিভা আছে পৰীক্ষা কৰি চাবলৈ ৰজাই আটাইকে এখন নদীৰ পাৰলৈ লৈ গ’ল। নদীৰ পাৰত এটুকুৰা কাঠ পৰি আছিল। ৰজাই কাঠটুকুৰালৈ চাই ক’লে – হে কবিসকল, আপোনালোকে আপোনালোকৰ কাব্যপ্ৰতিভাৰে এই দৃশ্যটো বৰ্ণনা কৰকচোন। কালিদাসক বাদ দি আটাইকেইজন কবিয়ে বেলেগে বেলেগে উচ্চাৰণ কৰিলে – শুষ্কং কাষ্ঠং তিষ্ঠতি অগ্ৰে।। ইয়াৰ অৰ্থ হ’ল – শুকান কাঠডাল সন্মুখত পৰি আছে। এটা তেনেই সাধাৰণ বাক্য। কিন্তু কালিদাসে তেনেকৈ বৰ্ণনা নকৰিলে। তেওঁ ক’লে – নীৰস তৰুবৰ পূৰতঃ ভাতি।।

এই বাক্যটোৰো অৰ্থ একেটাই। কিন্তু কালিদাসে “শুষ্কং” অৰ্থাৎ শুকান শব্দটোৰ পৰিৱৰ্তে “নীৰস”, “কাষ্ঠং” অৰ্থাৎ কাঠৰ পৰিৱৰ্তে তৰুবৰ, “তিষ্ঠতি” অৰ্থাৎ সন্মুখত বুজাবলৈ “পূৰতঃ” আৰু “অগ্ৰে” অৰ্থাৎ পৰি আছে বুলি নকৈ প্ৰকাশ তথা পৰিস্ফুট হৈ আছে অৰ্থত ভাতি ব্যৱহাৰ কৰিছে। সংস্কৃত বুজি নোপোৱা মানুহেও নিজেই তুলনা কৰি চাব পাৰিব কোনটো বাক্যত সাংঘাতিক ভাবঘন শ্ৰুতিমাধুৰ্য আছে। কালিদাসৰ বাক্যটোত থকা ভাষাৰ মাধুৰ্য আৰু সৌন্দৰ্যবোধ আগৰ বাক্যটোৰ সৈতে তুলনাই নহয়। ৰজাই পুনৰবাৰ কালিদাসৰ কাব্যপ্ৰতিভাকে মুকলিকৈ শলাগিলে”।

আনটো আপডেট হ’ল মৃণাল জ্যোতি গোস্বামীৰ।

“এখন নাটক অথবা চিনেমাৰ বিষয়ে আলোচনা কৰোঁতে আমি কোন কেইটা দিশ বিবেচনা কৰিম! এইআলোচনাত মূল বক্তব্য তথা কাহিনীৰ স্থিতি কিমান শতাংশ আৰু বাকী কলাত্মক দিশসমূহৰ স্থিতি কিমান?? কেৱল কাহিনী বা বিষয়বস্তু চাই কলাত্মক দিশসমূহ আওকান কৰি মন্তব্য কৰাটো কিমান সমিচীন?? আৰু ডিজাইন কৰিবলৈ বুলি কৰা কামখিনি কিমান যুগুত??

সম্প্ৰতি এখন চিনেমা, কেইবাখনো নাটক সম্পৰ্কে আলোচনা হৈ থকা দেখি প্ৰশ্ন কেইটা মনলৈ আহিল। মতামত আশা কৰিলোঁ ৰাইজৰ”।*

সাধাৰণতে ফেচবুকত সৰুকৈ আপডেট একোটা দিওতেও তাৰ আঁৰত কিছুমান উদ্দেশ্য থাকে। যদিওবা ই সকলোৰে বাবে উপলব্ধ এক মুকলি মঞ্চ, লেখা এটা আগবঢ়াওতে তাৰ টাৰ্গেট অ’ডিয়েঞ্চ মনত ৰখাই হয়। সৌমিত্ৰ যোগীৰ বাবে সেই টাৰ্গেট অ’ডিয়েঞ্চ নিশ্বয় আছিল ন-লেখক সকল। কথা এষাৰ কওতে আমি কেনেকৈ ক’ম। লেখা এটা লিখোতে কোনখিনি কথালৈ ধ্যান ৰাখি তাক কেনেকৈ কলেৰিজীয় ধাৰণাৰে “best possible words in best possible order”-ৰ জৰিয়তে সুৱলাকৈ লিখিম- এইটো এটা প্ৰাথমিক প্ৰশ্ন সকলোৰে বাবে। কালিদাসৰ কাহিনীটো আমাৰ মাজত বহুল প্ৰচলিত আৰু তাৰ সাৰমৰ্ম বুজিবলৈ আমাৰ অসুবিধাও নহয়। আপাতদৃষ্টিৰে চাবলৈ গ’লে কথাখিনিৰ লগত দ্বিমত বা বিৰোধ থকাৰো কথা নাহে। কিন্তু আলোচনা তাৰ পৰা আৰু এঢাপ আগলৈ যাব পাৰে, যোৱাটো উচিত। কালিদাসৰ কবি প্ৰতিভাক উচ্চাসন দিবৰ বাবেই কোৱা হ’ল যে “নিৰস তৰুবৰ পুৰত ভাটি” কথাষাৰ “সুষ্কং কাষ্ঠং তিষ্ঠতি অগ্ৰে”তকৈ শ্ৰেষ্ঠ। কিন্তু শ্ৰেষ্ঠত্বৰ বিচাৰ পঠন পদ্ধতি আৰু পাঠকৰ অৱস্থানৰ ওপৰতেইহে নিৰ্ভৰ কৰে।

অলপ কাকতলীয় ভাবেই সৌমিত্ৰ যোগীৰ এই আপডেটটো দেখাৰ মাত্ৰ দুদিনমানৰ আগতে দিল্লীৰ এখন ডিজাইন ইনষ্টিটিউটলৈ পাঠদানৰ বাবে গৈছিলোঁ। কেন্দ্ৰীয় বিষয় আছিল “তথ্য সংগ্ৰহ, সংকলণ আৰু উপস্থাপন পদ্ধতি”। প্ৰথম দিনাই গৈ মই এই কালিদাসৰ কাহিনীটোৰেই আলোচনা কৰিলোঁ- ছাত্ৰছাত্ৰী সকলক বুজাবৰ বাবে যে ভাষাৰ সঠিক প্ৰয়োগ ‘উপস্থাপন’ আৰু ‘পৰিবেশন’ৰ বাবে কিমান বেছি গুৰুত্বপূৰ্ণ। কিন্তু পিছদিনা গৈ কলা ইতিহাসত কেনেকৈ যুগে যুগে মানুহৰ বুজা-পৰা আৰু বোধৰ বিৱৰ্তন ঘটি আহিছে, কেনেকৈ ফৰ্ম আৰু কন্টেন্টৰ সাতামপুৰুষীয়া বিতৰ্কখনেই নতুন নতুন ৰূপ পাই আহিছে সেইবোৰ কৈ আগদিনাৰ কথাখিনিকে – মানে কালিদাসৰ উপকাহিনীটোকেই খণ্ডন কৰিলোঁ।

কথা হ’ল ভাষাটো শুনিবলৈ শুৱলা হোৱাটোৱেই শেষ কথা নহয়। কেনেকৈ ক’ম – সেইটো যদি ফৰ্ম হয়, কি ক’ম বা কিহৰ কথা ক’ম সেইটো হ’ব কন্টেন্ট। এতিয়া দুইটা প্ৰসংগ পৰস্পৰ পৰিপূৰক। পৰস্পৰ নিৰ্ভৰশীল। এপাহ ফুলৰ কথা আমি যেনেকৈ ক’ম, একুৰা জুইৰ কথা বা মানুহৰ বিষ্ঠাৰ কথা আমি তেনেকৈ নকওঁ। এসময়ত ৰঘূনাথ চৌধাৰীয়ে যেনেকৈ এপাহ গোলাপৰ কথা বৰ্ণনা কৰিছিল – “কাৰ পৰশত ফুলিলি বান্ধৈ…” বুলি আৰম্ভ কৰি, সেই একেটা ভাষাবোধ বা সংবেদনাৰে আমি নিশ্চয় সমুখত পৰি থকা শুকান কাঠ এটুকুৰাক বৰ্ণনা নকৰোঁ। এই দৃষ্টিভংগীৰে চাবলৈ গ’লে “শুষ্কং কাষ্ঠং” বাক্যাংশটো “নিৰস তৰুবৰ” বাক্যাংশতকৈ বেছি ৰজিতা খোৱা। নিৰ্বিবাদে ক’ব লাগিব কালিদাসৰ ভাষাজ্ঞান, শব্দচয়নৰ দক্ষতা, আৰু কাব্যিক প্ৰতিভা বাকী সকলতকৈ অধিক আছিল। কিন্তু বিষয়বস্তুৰ অনুধাৱন আৰু তাৰ সঠিক উপস্থাপনৰ বেলিকা তেওঁ সফল নহ’ল বুলিও কোনোবাই ক’ব পাৰে। কথা হ’ল দৃষ্টান্ত এটাক আমি কেনেকৈ চাম আৰু কোন অৱস্থানৰ পৰা পৰ্যবেক্ষণ কৰিম।

সুকান্তই “ক্ষুধাৰ ৰাজ্যে পৃথিবী গদ্যময়” বুলি কৈ কবিতাক ছুটি দি দিয়াৰ পিছত কবিৰ কবিতাৰ ভাষা কেনেকুৱা হৈ থাকিব? গ্রাম্য প্রকৃতিৰ মাজত বহি লিখা ৰমন্যাসিক কবিকূলৰ সুন্দৰৰ উপাসনা কৰা কবিতাৰ ভাষাই প্ৰযুজ্য হৈ থাকিবনে সাম্প্ৰতিক মহানগৰৰ কবিতাতো?

কালিদাসৰ কাহিনীটোৰ সাৰমৰ্মখিনিয়েই চূড়ান্ত বিচাৰ হোৱা হ’লে “ৰিক্লাইনিং ৱ’মেন” নামেৰে একে বিষয়বস্তুৰে অঁকা ৰেণোৱা, পিকাছো আৰু এগন শ্বিল্ডৰ ছবিবোৰ দেখিবলৈ একেই হ’ল হেতেন। এফ এন চুজাৰ ছবিবোৰ বিভৎস বুলি কেতিয়াবাই প্ৰত্যাখিত হ’লহেতেন।

প্ৰায় ডেৰ-দুই দশকমানৰ আগতেই শ্ৰদ্ধাৰ নীলমণি ফুকন ছাৰক লগ পাইছিলোঁ। যিমানবাৰেই লগ পাইছিলোঁ সিমানবাৰেই তেখেতে আমাক উৎসাহ দিবলৈকে আমাৰ লেখাক প্ৰশংসা কৰি কৈছিল – “তোমাৰ লেখা ভাল পাইছোঁ কাৰণ তাত কন্টেন্ট আছে। কন্টেন্টটো নেৰিবা। কন্টেন্টহে আচল।” সমসাময়িক লেখকৰ লেখা মেলাত ফৰ্ম সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষা দেখি তেখেতে অসন্তুষ্টি প্ৰকাশ কৰিছিল। ছাৰৰ লগত কথাখিনি আধৰুৱা হৈ থাকিল এইবাবেই যে মই তেতিয়া ওভটাই ধৰি সুধিব নাজানিলোঁ – ছাৰ আপুনি কন্টেন্ট বুলি আচলতে কি বুজাব খুজিছে?

আমাৰ চলতি বিশ্বাসত কন্টেন্ট বা বিষয়বস্তুক সদায়ে অগ্ৰাধিকাৰ দিয়া হয় – অথচ আমাৰ ধাৰণাই নাই কন্টেন্ট মানে আমি আচলতে বুজোঁ কি। সাহিত্যৰ ক্ষেত্ৰত এই সমস্যাটো গুৰুতৰ তিনিটা কাৰণত। প্ৰথম কাৰণটো অৱশ্যাম্ভাৱী। সাহিত্য যিহেতু ভাষা নিৰ্ভৰ, আমি যিহেতু ভাষাৰেই চিন্তা কৰোঁ, পূণৰীক্ষণ বা মূল্যায়ণো যিহেতু ভাষাৰ জৰিয়তেই হয় সেয়েহে ভাষা-নিৰ্ভৰ শিল্প, মানে সাহিত্য, খুব সহজতে “বিষয়বস্তুটোনো কি” এই প্ৰশ্নটোৰ সন্মুখীন হয়। আৰু একেই কাৰণতেই “বিষয়বস্তুটো এই” বুলি থাওকতে উত্তৰ এটা উলিয়াই লৈ সন্তুষ্টি লাভ কৰাৰ প্ৰৱণতা এটাও থাকে। দ্বিতীয় কাৰণটো বিদ্যায়তনিক বিভ্ৰান্তি। সাহিত্যৰ শ্ৰেণীকোঠাত “ইয়াত কবিয়ে এইবুলি ক’ব খুজিছে যে” বুলি যি পাঠদান কৰা হয় তাত কবিয়ে কি ক’ব খুজিছে – মানে বিষয়টোনো কি সেইটোৱেই গুৰুত্বপূৰ্ণ হৈ থাকে। ফৰ্ম সম্পৰ্কীয় কথা বতৰা বৰ বিশেষ নহয়। তৃতীয় কাৰণটো হ’ল আধাসিজা বাওঁগন্ধী লেখাবোৰ। (এইখিনিতেই মই আকৌ গালি খোৱাৰ সম্ভাৱনা পূৰামাত্রাই আছে!)। “লেখকৰ সামাজিক দায়বদ্ধতা” জাতীয় লক্ষ লক্ষ চৰ্বিত চৰ্বনত কেৱল আলোচনা কৰি থকা হ’ল কিয় খাটি খোৱা মানুহৰ কথা কোৱা উচিত। সোঁ গন্ধী লেখাবোৰৰ কথা নক’লোৱেই বা – সৰ্বশেষত দেশপ্ৰেম সমাজপ্ৰেম জাতিপ্ৰেম প্ৰমাণ কৰি দিব পাৰিলেই লেঠা শেষ। ফৰ্ম আৰু কন্টেন্টৰ দ্বৈতবিৰোধী ভাবেৰে চাবলৈ গ’লে কিজানি শংকৰদেৱেই আছিল আটাইতকৈ কন্টেন্ট নথকা লেখক। মানুহক হৰি নাম ল’বলৈ কোৱাৰ বাহিৰে তেওঁৰ লেখাত অন্য বিষয়বস্তু একো নাই। সৰ্বভাৰতীয় পৰ্যায়ত পূৰ্বসূৰী আৰু সমসাময়িক লেখক কবি সকলৰ মাজত তুলনামূলক বিচাৰ কৰিলেও বিষয়বস্তুৰ (যদি তাকেই কণ্টেণ্ট বুলি মানি থাকো) মান বা গুণাগুনেৰে শঙ্কৰদেৱ তলৰ ফালেই থাকিব। (যদি কবীৰ আদিৰ কথা মনত পেলোৱা যায়)। এইখিনি কথালৈ আকৌ উভটি আহিম।

দৃশ্য শিল্পৰ ক্ষেত্ৰত ফৰ্ম আৰু কণ্টেন্ট সম্পৰ্কীয় এইখিনি কথা বুজিবলৈ বেছি সুবিধা হয়। কাৰণ বস্তুগত আৰু ব্যৱহাৰিক কলাকৌশলৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই দৃশ্যশিল্পত বিষয়বস্তুতকৈ ৰূপ, টেকনিক বা কৌশল, পদ্ধতি, উপাদান, পৰিস্থিতি, স্থান আৰু কাল বেছি গুৰুত্বপূৰ্ণ হৈ থাকে। মাটিৰে মূৰ্তি নিৰ্মান কৰিবৰ সময়ত শিল্পীয়ে মাটিৰ গুণাগুণ নোহোৱা কৰি নেপেলায়। তেওঁ জানে যে তেওঁ মাটিৰ লগত খেলি আছে আৰু তেওঁ সেইমতেই মাটিক ব্যৱহাৰ কৰাৰ যথাসাধ্য কৌশল আয়ত্ব কৰি লয়। তেনেকৈয়ে খোদাই কৰি কৰা মূৰ্তিত দেখিব আপুনি ধাতৱ চিজেলৰ দাগ। পানীৰঙৰ ছবিত দেখিব পানীয়ে অৱলীলাক্ৰমে সৃষ্টি কৰা টেক্সাৰ আৰু তেল ৰঙৰ ছবিত দেখিব খহটা ব্ৰাছৰ আঁচোৰ। ৰামকিংকৰ বেইজ সম্পৰ্কে কথা পাতিলে এইখিনি কথা বুজাবলৈ সুবিধা হয়। অলপতে “সুজাতা” নামেৰে লেখা এটি লিখিছিলোঁ, মুক্ত চিন্তা আলোচনীৰ বাবে।

“ফৰ্ম আৰু কন্টেন্টৰ দ্বন্দাত্মক বাগধাৰা শিল্পৰ ক্ষেত্ৰত অলপ সুকীয়া। “স্ৰষ্টাই কি বুজাব খুজিছে” সুৰীয়া এটা আওপুৰণি পদ্ধতিৰে শিল্পৰ ৰসবিচাৰ সাহিত্যপাঠত আজিও চলি আছে। যিমানেই সমালোচিত নহওক সেয়া চলিয়েই থাকিব যেন লগা হৈছে আৰু সাহিত্যৰসিক কিছু পৰিমাণে সিবোৰত সুখীও হয়। কিন্তু প্লাষ্টিক শিল্পত সেয়া একেবাৰেই অবান্তৰ হৈ থাকে। শিল্পত কন্টেন্ট সদায়ে নিহিত থাকে অন্যত্ৰ। কেতিয়াবা যদি পটভূমিত, কেতিয়াবা আকৌ নিচক এটা স্পৰ্শানুভূতিত অথবা একান্ত পদাৰ্থ বা বস্তুৰ গুণাগুণত…”। [দ্রষ্টব্য- “সুজাতা”]

http://assameseculturalwriting.blogspot.in/2016/08/blog-post.html

ৰামকিংকৰ বেইজৰ সুজাতা নামৰ ভাষ্কৰ্যটোৰ বিষয়ে যদিও লেখাটো আচলতে বহুকাল আগতে লেখা এটা কবিতাৰ পশ্চাদপটহে। ‘সুজাতা’ কবিতাটোলৈ চালেও দেখিব কবিতাটোৰ শাৰীৰীক অবয়ব উলম্ব। দুটা বা তিনিটা শব্দতকৈ একে শাৰীত বেছি শব্দ নাই। কবিতাটোক ‘ভিজুৱেল পয়েট্ৰি বুলি নকওঁ, কিন্তু তাৰ উলম্ব অবয়ৱে লনি শীৰ্ণদেহি সুজাতাৰ ৰূপকেই অণুকৰণ কৰে।

কবিতা এটা পঢ়োতে তাৰ শাৰীৰিক ৰূপটোৰো এটা বিশেষ গুৰুত্ব আছে। নীলমণি ফুকনৰ কবিতায়েই এই কথাটো আমাক আটাইতকৈ বেছি ভালকৈ অনুধাৱন কৰালে। দুটা শাৰীৰ মাজৰ ব্যৱধানখিনি য’ত এৰাই চলিব নোৱাৰা। শব্দতকৈ নৈশব্দ য’ত অধিক বেছি বাঙ্ময়। প্ৰসঙ্গান্তৰ হৈ যোৱাৰ বিপদ সম্ভাৱনা থাকিলেও কৈ থওঁ – অসমীয়া ভাষাত লেখা মেলা কৰা সকলৰ ভাষা লেখনৰ দৃশ্যগত ভাগটোত অধিক সংবেদনশীল হোৱাৰ অৱকাশ আছে। কাৰণ সেই তাহানিৰে “হেমকোষ” প্ৰণেতাৰে পৰা আজিলৈকে সমস্ত ভাষাবিদে বানান উচ্চাৰণ সাপেক্ষ বুলি কৈ থাকিলেও আমি জানোঁ যে অসমীয়া ভাষাৰ বানান প্ৰকৰণ বিসঙ্গতিপূৰ্ণ আৰু ই উচ্চাৰণ নিৰ্ভৰ নহয়। “বাচ-বিচাৰ” আৰু “বাছ-বিছাৰ” এই দুটাৰ উচ্চাৰণত আমি খাৰ খোৱা জিভাৰে একো তফাৎ উলিয়াব নোৱাৰোঁ। এই ক্ষেত্ৰত আমি কিহৰ ভৰষা কৰোঁ? শব্দ এটাৰ বানান সুধিলে আপুনি সততে কি কৰে? আমি বেছিভাগেই এবাৰ কাগজ এখনত লিখি চাওঁ। হয়তো আপোনেলোকেও তাকেই কৰে। সঠিক বানানটো কি হ’ব তাত খু দুৱনি থাকিলে এবাৰ লিখি চালেই আমি গম পাওঁ যে- এইটো দেখোন ভুল বানান। মানে ইয়েই এটা ইঙ্গিত যে আমি দৃশ্যগত ভাবেহে শব্দবোৰৰ বানান মনত ৰাখোঁ। অন্য ভাষাত হ’লে তেওঁলোকে এবাৰ উচ্চাৰণ কৰি চালেহেতেন আৰু উচ্চাৰণেই নিৰ্ধাৰণ কৰিলে হেতেন প্ৰথম চ  হ’ব নে দ্বিতীয় ছ হ’ব। কবিতা এটা কাগজত লিখি তাৰ পিছত ছপা হৈ ওলাওতেও আমাৰ উৎকন্ঠাৰ সীমা নাথাকে কিয়? আমি উদ্গ্ৰীৱ হৈ থাকোঁ- ছপা আখৰত বা কেনেকুৱা দেখাইছে? ডি টি পি কৰাৰ পিছত শাৰীবোৰৰ মাজত সঠিক ব্যৱধান বা সংৰক্ষিত হৈছে নে নাই! এই কাৰণটোতেই আমি ৰচনাৱলীত সংগৃহীত কবিতা পঢ়ি সেই মজাটো নাপাওঁ – যিটো মজা আমি পাই থৈছিলোঁ কবিৰ প্ৰথম প্ৰকাশিত কাব্যপুথিখনত। প্রান্তিক আলোচনীৰ কবিতাৰ পৃষ্ঠাটো ভাল নাপাইছিলোঁ। ছপা হোৱাৰ পিছত কবিতা একোটাৰ দৈহিক গঢ় কেতিয়াবা বেলেগ হৈ ওলাইছিল। সেয়েহে এটা সময়ত কবিতা পঠোৱাটোকেই বন্ধ কৰি দিছিলোঁ।

পদাৰ্থৰ গুণ আৰু সহজাত ধৰ্মৰ কথা বিমূৰ্ত শিল্পৰ উত্থানৰ কালতেই মানুহে বেছিকৈ ভাবিবলৈ আৰম্ভ কৰিছিল। উত্তৰ আধুনিকতাৰ মাজেদি আহি সমসাময়িক (কণ্টেমপৰেৰী) পৰ্যায় পোৱা শিল্পচিন্তাতো আগবাঢ়ি গৈ কোনোবাখিনি পালেগৈ। সকলো কথাই কোৱা হৈ গৈছে, নতুনকৈ আৰু আমি ক’ব পৰা নতুন কথা একো নাই- এয়া সৌ তাহানিতেই হৰ্হে লুই বৰ্হেই কৰি যোৱা অনুভৱ। এতিয়াও উত্তৰ-আধুনিকতাবাদৰ নাম শুনিলেই সাত জাপ মাৰি সেইবোৰ পশ্চিমৰ ধাৰণা – আমি তেনেকৈ নাভাবোঁ বুলি কোৱা মানুহো আমাৰ মাজতে ওলাব। কিন্তু তেওলোকক উত্তৰ দিবলৈ বাণীকান্ত কাকতিৰ এইষাৰ কথাই যথেষ্ঠ-

“…সাহিত্যৰ ক্ষেত্ৰত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্ৰতিধ্বনি মাথোন। পূৰ্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্ৰতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে…”

ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

যদি কন্টেন্ট বা বিষয়বস্তুৱেই শেষ কথা হ’ল হেতেন তেনেহ’লে এই ক্ষেত্ৰত কি হ’ব – য’ত সকলো কথাই কোৱা হৈ গৈছে বুলি মানি লৈছোঁ? তেনেহ’লে আমি এতিয়া কি কৰি থাকিম?

এইখিনিতেই মৃণাল জ্যোতি গোস্বামীৰ প্ৰশ্নটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ সচৰাচৰ চলি থকা ধাৰণাত ফৰ্ম আৰু কন্টেণ্টক নিলগাই চাব খোজাৰ প্ৰৱণতা এটা আছে বাবেই বেছি আহুকাল হয়। সম্ভৱ মৃণালে এই কথাটোলৈকে ইঙ্গিত কৰিব খুজিছে। হয়তো তেওঁ কিবা এটা বেলেগ মেথড’লজী বিচাৰিছে।*

এতিয়া আকৌ আহোঁ শ্ৰীমন্ত শংকৰদেৱ বুলি জ্ঞাত ব্যক্তিজনৰ কৰ্মৰাজিলৈ। ফৰ্মৰ মাজেৰে প্ৰতিভাত হোৱা কন্টেন্টখিনিৰ বাবেহে তেখেত পূজ্য, ভাষিক ব্যাখাৰে বিষয়বস্তুৰ বাবে নহয়। সেয়েহে উদ্দেশ্যপ্ৰণোদিত ভাবেই ভাওনাৰ কন্টেন্টক ‘অংকীয়া নাট’ৰ কন্টেন্টতকৈ আমি বেছি গুৰুত্ব দিব খোজোঁ। অংকীয়া নাট বুলিলে আমি বুজিম সাহিত্যকৰ্মখিনিক। ভাওনা বুলিলে বুজিম তাৰ পৰিবেশনক। কেনেকৈ এটা স্বকীয় আংগিকে গা কৰি উঠিছিল, কেনেকৈ সি তাৰ উদ্দেশ্যসিদ্ধিত সফল হৈছিল – সেইখিনিলৈহে দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিম। আৰু তেনেকৈয়ে দেখিম কোনখিনিত শংকৰদেৱ অদ্বিতীয়। সম্ভৱতঃ মোৰ এই কথাত আপোনালোকেও সহমত জনাব যে – কীৰ্তন ঘোষাত লিখিত থকা কথাখিনিতকৈ বহুত বেছি কথা তেখেতে ক’লে – ঘোষা-পাঠেৰে, নামেৰে, শ্রৱণ কীৰ্তনেৰে- মুঠতে পাৰফৰ্মেন্সেৰে। সমাজখন তেখেতে বান্ধিলে সাহিত্য কৃতিৰে নহয় _ আঙ্গিকেৰে আৰু ব্যৱহাৰিক প্ৰয়োগেৰে। ফৰ্মেৰে। ফৰ্মৰ মাজেৰে গা কৰি উঠা কণ্টেন্টেৰে।

বহু ক্ষেত্ৰত ফৰ্ম কি আৰু কন্টেন্ট কি বুলি বেলেগে চাব নোৱাৰি। কেতিয়াবা ফৰ্মটোৱেই কণ্টেন্ট হৈ উঠে। যি বোৰ কৃতি কৰ্মত ফৰ্ম আৰু কন্টেন্ট পৰস্পৰ সংপৃক্ত _ সেইবোৰেই শ্ৰেষ্টত্বৰ বিচাৰত কালোত্তীৰ্ণ হৈ আহিছে।  ফৰ্ম আৰু কন্টেন্টৰ সামঞ্জস্যৰ কওতে মনলৈ আহিছে – অজিৎ বৰুৱাদেৱৰ ব্ৰহ্মপুত্ৰ কবিতাটো। কবিতাটোৰ গঢ় গতি, গঠণ, কলেৱৰ তেখেতৰেই আনবোৰ কবিতাৰ দৰে নহয়। ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ আৰু প্ৰকৃতিৰ দৰেই আগবাঢ়িছে কবিতাটো।

অসমীয়া কবিতাৰ আন দুজন প্ৰাতঃস্মৰণীয় কবি হীৰেণ ভট্টাচাৰ্য আৰু নীলমণি ফুকনৰ জনপ্ৰিয় কবিতা দুটা লোৱা যাওক। দুয়োটা কবিতাৰে বিষয়বস্তু মৃত্যু। কিন্তু দুয়োটাতে মৃত্যুক কৰা সম্বোধন কিমান যে পৃথক…

ভুলতে তোমাক বিচনাখনত

খেপিয়াই ফুৰিছিলোঁ,

তুমি যে পৰ্বতটোৰ নামনিত

তিলফুল হৈ

হালি জালি ফুলি আছা।

(নীলমণি ফুকন)

মৃত্যুওতো এটা শিল্প.

জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!’

(হীৰেণ ভট্টাচাৰ্য)

দুয়োটা কবিতাই ব্যাখ্যাৰে বা বৰ্ণনাৰে বুজিবলৈ চোৱাটো প্ৰায় অসম্ভৱ। শব্দচয়ণৰ মাজত থকা চেতনাৰ অণুৰণনখিনিক বাদ দি কবিয়ে কি ক’ব খুজিছে বা ইয়াৰ বিষয়বস্তু কি সেইবোৰ আলোচনা কৰি থাকিলে কবিতাখিনিত ৰস বুলি একোৱেই নাথাকিবগৈ।

শুনা মতে নীলমণি ফুকনে আঠাইশ শাৰীৰ কবিতা এটা কাটি কুটি শেষত দুশৰীয়া কবিতা কৰিছিল।

হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল ঘন্টা

জুই নুনুমুৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা

কিহৰ প্ৰয়োজনত, কি কাৰণত সেইখিনি কৰিবলগা হৈছিল? একেটা বিষয়বস্তু আঠাইশ শৰীয়া কবিতা এটা হৈ থাকিলে কি ক্ষতি হ’লহেতেন? এনেবোৰ উদাহৰণে ফৰ্মৰ গুৰুত্ব কোনখিনিত তাকেই বাৰে বাৰে ভাবিবলৈ বাধ্য নকৰায়নে?

এতিয়া উভটি আহোঁ মৃণালৰ প্ৰশ্নখিনিলৈ। নাটক আৰু চিনেমাৰ কথা আহিলে কথাবোৰ আৰু বেছি জটিল। প্ৰায় ডেৰ দশকমানৰ আগতেই নাটক যে কেৱল সাহিত্য মাত্ৰ নহয় _ এক সামগ্ৰিক শিল্প সেই কথা ক’বলৈ গৈ মানুহৰ ৰোষত পৰিছিলোঁ। আমি শ্বেইকছপীয়েৰৰ নাটকৰ কাহিনীবোৰ জানোঁ, গীৰিশ কাৰ্ণাডৰ নাটকৰ কথাভাগ জানোঁ। সেইবোৰৰ সাহিত্যগুণ সম্পর্কে আমি কথা পাতোঁ – কাৰণ সেই চৰ্চাৰ এটা পৰিবেশ আমাৰ ক্লাছৰুমবোৰে তৈয়াৰ কৰি থৈছে। কিন্তু আমি কথা নাপাতো নাটকৰ প্ৰডাকচন সম্পৰ্কে। শিল্পৰ সামগ্ৰিকতা সম্পৰ্কে কথা পাতিব পৰাকৈ আমাৰ নাই নক্সা, নাই মেথড’লজী, নাই দক্ষতা। অভিনয় সম্পৰ্কে বিশ্লেষণ কৰিবৰ মাপকাঠি নথকাৰ ফলত আমি কৈ থওঁ _ “অমুকৰ অভিনয় যথাযথ”। চাক্ষুস অভিজ্ঞতাক গুৰুত্ব দিব নজনাৰ ফলত কৈ থওঁ “দৃশ্যসজ্জা ভাল আছিল”। এটাও সংলাপ নথকা নাটক এখন আমি কেনেকৈ চাম? উপভোগ কৰিব পাৰিম নে? কোনো কাহিনী নথকা চিনেমা এখন আমি উপভোগ কৰিবলৈ সমৰ্থবান হ’মনে?

ফর্মৰ বাহিৰত আমি কন্টেন্ট বিচাৰি ফুৰোঁ। তাৰ পিছত প্ৰশ্নবোৰ আমিয়েই কৰোঁ, আৰু উত্তৰবোৰো আমিয়েই জানোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments