বকতাৰ বানপানী – হিৰন্ময়ী গগৈ কোঁৱৰ

বকতা শিৱসাগৰ জিলাৰ শিৱসাগৰ মহকুমাৰ অন্তৰ্গত এটা ডাঙৰ মৌজা ৷ আজিৰ পৰা বিশ-পঁচিশ বছৰমান আগতে বকতা মানেই বানপানী বুলি জনা গৈছিল ৷ অভিজ্ঞতা থকাসকলে এতিয়াও আতংকৰে সোঁৱৰে সেই দিনবোৰ ৷ দুঃসময়ৰ আঁচোৰে এতিয়াও তেওঁলোকৰ চকুৰ লো বোৱায় ৷ বেজবৰুৱাই শিৱসাগৰ জিলাৰ দুখন প্ৰধান নদী দিখৌ আৰু দিচাংক শিৱসাগৰৰ এযুৰি বলয় বুলি কৈ গৈছিল ৷ নকবনো কিয় ! খৰালিৰ সৌম্যৰূপে শিৱসাগৰৰ জেউতি চৰোৱা এযুৰি বলয়েই ৷

বকতাৰ নিচেই কাষেৰে বৈ গৈছে দিচাং ৷ ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ ৷ বকতাবাসীৰ বাবে দিচাং এক হাহাকাৰৰ নাম আছিল ৷ দিচাং হৈ পৰিছিল বকতাৰ চকুলো ৷
মানুহবোৰে খেতিপথাৰত নামিবলৈ যো-জা কৰেহে ৷ বৰষুণ বাঢ়ি আহে ৷ ফেনে ফোটোকাৰে ওফন্দি আহে দিচাংৰ বুকু ৷ লগে লগে ওফন্দি আহে দিচাংৰ উপনৈসমূহৰ বুকু ৷ নৈপৰীয়া মানুহৰ বুকুৰ ঢপঢপনি বাঢ়ে ৷ দূৰণিৰ গাঁওবোৰেও খবৰ পায় ৷ ৰ’দ বাদ চাই চাউলকেইটামান সৰহকৈ উলিয়াই লয় ৷ মাজে মাজে পানী অকণমান কমে ৷ আকৌ বাঢ়ে ৷ সন্ধিয়ালৈকে পানী নুঠা দেখি গঞাই সেইদিনালৈ স্বস্তিৰ নিশ্বাস পেলায় ৷ ভাবে ইমানতে ৰৈ যাওক এইবাৰলৈ ৷ খাই বৈ শোৱে সকলোটি ৷

ৰাতিৰ ভিতৰতে পানী আহি বাৰীত সোমায়হি ৷ পানীৰ সোঁসোঁৱনিৰ চিনাকি শব্দই কাণত পৰেহি ৷ ধৰ-ধৰ মাৰ-মাৰ লাগে ৷
“উঠ ঐ উঠ ৷ পানী সোমাল ঐ ৷”
কোনোবাই আটাহ পাৰে ৷
ঘৰে ঘৰোৱাহে সাৰ পায় ৷
মাটিত থোৱা চাউলৰ বস্তাটো বিছনাৰ ওপৰলৈ তোলে ৷ আৰু ক’ত কি লাম লাকটু আছে ওখ ঠাইত তোলে ৷ কেতিয়াবা তুলিবলৈকে নেপায় ৷ কাপোৰে কানিয়ে কিতাপে পত্ৰই গোটেইবোৰ তিতে ৷ বাহিৰলৈ দৌৰ মাৰে ৷ বাৰীলৈ গৈ হাততে পোৱা লাওটো,কোমোৰাটো, জলকীয়াকেইটা আৰু শাক-পাত যিয়ে যেনেকে পাৰে ছিঙি আনে ৷ গৰু গাই কেইটা ওখ ঠাইত বান্ধে ৷ বান্ধিবলৈ সুবিধা নেপালে পঘাকেইডাল কাটি দিয়ে ৷ সিহঁতে নিজে নিজে বাৰীৰ ওখ ঢাপকেইটালৈ ঢপলিয়ায় ৷ হাঁহৰ গঁড়ালটো খুলি দিয়ে ৷ অসময়ত বাহিৰ ওলাবলৈ পাই হাঁহবোৰে টাঁট টাঁটকৈ চিঞৰে ৷ কুকুৰাকেইজনী ওপৰত দি থোৱা বাঁহকেইডালত উঠি থাকে ৷ ঘৰৰ আচবাববোৰ ইটা দুটুকুৰামান দি ওখ কৰে ৷ কেনেবাকৈ বাচিলেও বাচক ৷ পানী বাঢ়ি থাকে ৷ পথাৰলৈ সোমোৱা পানী আহি ঘৰৰ বাৰীত সোমায়হি ৷ চাওঁতে চাওঁতে ঘৰৰ মজিয়াত পানী বিৰিঙে ৷ ৰাস্তা-পদূলি ঘৰ- দুৱাৰ একাকাৰ কৰি পেলায় ৷ সাগৰ হৈ পৰে গোটেইখন ৷ সাগৰ !

ওখ ভেঁটিবোৰ বাদ দি সকলোৰে ঘৰবোৰ পানীৰ তলত থাকে ৷ কাৰোবাৰ ঘৰৰ ভিতৰত একঁকাল পৰ্য্যন্ত পানী হয় ৷ ওখ ভেঁটিনো বান্ধিব কেনেকৈ ? পানীবনিয়া মানুহে পানী শুকোৱাৰ পাছত মূৰটো দাঙোতেই সাঁচতীয়াখিনি শেষ হয় ৷ কোনো কোনোক বেমাৰে পায় ৷ অৱস্হাপন্ন ঘৰে ভেঁটিটো ওখকৈ বান্ধে ৷ চোতালখন ওখ কৰে ৷ ভঁৰালটো ওখ কৰে ৷ ভঁৰালৰ এটুকুৰা পানীৰ দিনত ব্যৱহাৰ কৰিব পৰাকৈ ৰাখে ৷ ওচৰৰ মানুহ-দুনুহ গৰু-গাই তেনে ঘৰবোৰতে আশ্ৰয় লয় ৷ গৃহস্হই পাৰে মানে সহায় কৰে ৷
প্ৰায় সকলোৰে ঘৰত একোখনকৈ নাও থাকে ৷ খৰালি দিনত নাওখন আটোমটোকাৰিকৈ ভঁৰালৰ তলত থৈ দিয়ে ৷ বাৰিষা অহাৰ আগে আগে সেইখন পৰীক্ষা কৰে ৷ সেইকেইদিন ইঘৰ সিঘৰলৈ নাৱেৰে আহযাহ কৰে ৷ শৌচাগাৰবোৰ সেইকেইদিন পানীৰ তলত থাকে ৷ গতিকে প্ৰাতঃকৃত্য কৰিবলৈ নাৱত উঠি অকণমান আওহতীয়া ঠাইলৈ যোৱাৰ বাদে গত্যন্তৰ নাই ৷ ওখ ঠাই নাপালে কামফেৰাও নাৱৰপৰাই হৈ যায় ৷ ঘৰৰ সৰুকেইটাক নাৱতে তুলি নি পানীয়ে নোপোৱা মিতিৰৰ ঘৰত থৈ আহেগৈ ৷

পানীত মাছ আহে ৷ চোতালতে টঙীজাল এখন পাতি থয় ৷ কেতিয়াবা ৰৌ বৰালিও উঠে ৷ কেতিয়াবা ঘৰৰ ভিতৰতে আহি সোমায়হি ৷ তেনে এটা ধৰিব পৰাজন সৌভাগ্যবান হৈ পৰে ৷ শাক-পাত নেথাকে ৷ সেইকেইদিন মাছেৰেই ভাত খায় ৷ মাছ খাই আমনি লাগিলে গড়ালৰ কুকুৰাবোৰ এটা এটাকৈ মাৰি খায় ৷ হাঁহবোৰ পানীত চৰি চৰি বহুদূৰ পায়গৈ ৷ ঘৰৰ কোনোবাই নাও লৈ গৈ সিহঁতক হুৰাই আনেগৈ ৷ তাৰে কেইটামান হেৰায় ৷ হাঁহবোৰে ঘৰৰ ভিতৰে বাহিৰে খলখলাই থাকে ৷ শোঁৱা চাঙৰ তলতে হাঁহো থাকে ৷ ওখ চাংখনত লৰা ছোৱালীবোৰ শুৱাই ডাঙৰবোৰে সাৰে থাকে ৷ কেনেবাকৈ পানী বাঢ়ি গলে বা কোনোবাটো পানীত পৰি গলে সৰ্বনাশ হব ৷

পানী এদিন দুদিন নেথাকে ৷ খোপনি পুতি বহে ৷ দহ বাৰদিনলৈকে থাকে ৷ শুকুৱাই থোৱা চাউল শেষ হৈ আহে ৷ চোতালত ওখকৈ বনাই থোৱা চাংখনত মানুহে বৰডলা এখনত ধান শুকোৱায় ৷ কেতিয়াবা শুকায় ৷ কেতিয়াবা আধা শুকানকৈয়ে নাৱত তুলি দূৰৰ মিললৈ লৈ যায় ৷ শাক-পাতো পালে আনে ৷

ঠায়ে ঠায়ে পকনীয়াৰ সৃষ্টি হয় ৷ কোনোবা অত্যুৎসাহীক পকনীয়াই মহতিয়াই লৈ যায় ৷ মানুহবোৰৰ চাই থকাৰ বাহিৰে কৰিবলৈ একো নাথাকে ৷ দিচাঙে মানুহ লয় বুলি হা হুমুনিয়াহ কাঢ়ে ৷ ঘৰৰ মানুহে বুকু চপৰিয়াই কান্দে ৷

মানুহ লোৱা দিচাঙখন লাহেকৈ শান্ত হৈ আহে ৷ চিন থৈ যায় সৰ্বত্ৰ ৷ পলসে পুতি পেলায় পথাৰ ,বাৰী ,আলি-পদূলি , স্কুল ,নামঘৰ, ঘৰৰ ভিতৰখন সকলো ৷ গেলা গেলা গোন্ধ এটাই ভমক ভমক কৰে ৷ লাগনি পাণজোপা মৰে ৷ পাৰি থোৱা কঠীয়াবোৰ গেলি যায় ৷ ভাগ্যক্ৰমে পানী এদিন বা দুদিন থাকিলে নেগেলাকৈ থাকে ৷ গেলিলে আকৌ নতুনকৈ কঠীয়া পাৰে ৷ বানপানী অহাতো নিয়মেই ৷ কঠীয়া গেলাটোও নিয়মৰ দৰেই ৷ গতিকে কঠীয়াৰ ধান মজুত কৰি ৰাখে ৷ পানী শুকুৱাৰ পাছত আকৌ পাৰে ৷ কঠীয়া ডাঙৰ হৈ ৰুব পৰা হয়গৈ মানে শাওণৰ ভালেমান দিন যায়গৈ ৷ কিছুমানৰ মিতিৰৰ ঘৰৰ পৰাও কঠীয়া আহে ৷ অন্যত থকা মিতিৰবোৰে প্ৰায়েই কঠীয়া সৰহকৈ পাৰে ৷

ৰাইজে দিচাংক কাকূতি কৰে ৷ আৰু পানী নানিবা আৰু প্ৰভূ ! দিচাঙে ক’ৰবাত কেতিয়াবা এই কাকূতি শুনে ৷ আৰু কেতিয়াবা নুশুনে ৷ শুনিবনো কেনেকৈ ? পানীবোৰনো ক’ত সামৰিব ! কাৰোবাৰ সঁজাল ধৰিবলৈ লোৱা, কাৰোবাৰ আগদিনা ৰুই অহা মাটিডৰালৈ হাতোৰা মেলি আহে ৷ কোনোবা বছৰ তিনিবাৰলৈকে পানীয়ে মাৰে ৷ দূৰ দূৰণিলৈকে উকা হৈ ৰোৱা পথাৰবোৰ চাই চাই গঞাই হুমুনিয়াহ কাঢ়ে ৷ ঠায়ে ঠায়ে মানুহে বাওধানৰ খেতি কৰে ৷ কোনোবা সৌভাগ্যশালী বছৰত খেতি খুব ভাল হয় ৷ ভঁৰাল ভৰি যায় ৷ দুই তিনিবছৰলৈ চিন্তা নাথাকে ৷

আজিকালি দিচাঙ শান্ত হ’ল ৷ অন্ততঃ বকতাবাসীৰ বাবে ৷ বানপানীয়ে আগৰ দৰে অনিষ্ট নকৰা হ’ল ৷ নদীৰ পাৰত মঠাউৰি হ’ল ৷ বকতাৰ ৰাস্তা-পদূলিও আগতকৈ ভাল হ’ল ৷
কথাবোৰ সাধুকথাৰ দৰে হ’ল ৷

সকলো নদীয়েই এনেকৈ শান্ত হোৱা হলে !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments