বকুল ফুলৰ দৰে (পৰী পাৰবীন)

“তহঁতৰ দৰে নিৰ্বোধ জীৱ এটাইও কালিদাস মহাকবি নাম লব পাৰিছিল, তইনো কেলেই চেষ্টা নকৰ?”, শ্ৰেণীকোঠাত দবিয়াই উঠিল বৰদলৈ ছাৰে।
“ছাৰ ছাৰ কালিদাসৰ সাধুটো কওকচোন।”,
“সাধু নহয় অ’ হেৰ’। কালিদাস নামেৰে এজন বিখ্যাত কবি আছিল। কিন্তু সৰুতে তেওঁ তেনেই অজলা আছিল।”
“আমাৰ মানৱৰ নিচিনা।”, এটাই আঙুলিয়াই দিলে মানৱলৈ। লগে লগে গোটেইমখাই গিৰ্জনি মাৰি হাঁহি দিলে।
“ৰচোন নাহাঁহিবি তঁহতে। মানৱ, তই জাননে কালিদাস কোন আছিল?”
“জানো ছাৰ। অভিজ্ঞান শকুন্তলমৰ ৰচক আছিল।”
“এইবাৰ মৃদুপৱনে ক’। তই কি জান কালিদাসৰ বিষয়ে?”
“ছাৰ সৰুতে যে কালিদাসে গছৰ ডালত বহি ডালটো কাটি আছিল ”।
“নিবিড় তই ক’”
“কালিদাসে ৰজাৰ বুদ্ধিমতী জীয়েকক বিয়া পাতিছিল”
“সেয়া তঁহতে জানই দেখোন। এইবাৰ মই শেষৰখিনি কওঁ শুন। উজ্জয়িনীৰ ৰাজসভাত কালিদাস আৰু দাণ্ডি দুজন বিখ্যাত কবিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ জ্ঞানৰ দেৱী সৰস্বতীৰ ওচৰ পালেগৈ। সৰস্বতী দেৱীয়ে দাণ্ডিমুনিক শ্ৰেষ্ঠ ঘোষণা কৰাত কালিদাস অত্যন্ত হতাশ হ’ল, সুধিলে দেৱীক, “দেৱী মোৰ মাজত কি একোৱেই নাই?”
“তেতিয়া দেৱীয়ে উত্তৰ দিলে, “তুমিতো সৰস্বতীৰেই নামান্তৰ। তোমাৰ মাজত সৰস্বতী বিদ্যমান।”
——————————————————————————————-
এমোকোৰা সলাজ হাঁহিৰে একেথৰে চাই আছিল নিশান্তলৈ তাই। নিশান্তই তাইক মন কৰা নাছিল। শ্ৰেণীকোঠাত এজুম ছাত্ৰ-ছাত্ৰীৰ মাজত উমলি আছিল নিশান্ত বৰদলৈ ছাৰ, তাইৰ একালৰ সহপাঠী, এমুঠি জ্ঞানৰ সাগৰ নিশান্ত বৰদলৈ।
——————————————————————————————-
টং টং টং
স্কুলৰ বেল বজাৰ লগে লগে দুপদুপকৈ এজুম ল’ৰা-ছোৱালীৰ মাজত যেন বেলি আৰু বতাহৰ প্ৰতিযোগিতাহে পাৰ হৈ গ’ল তাইৰ সন্মুখেদি। শৈশৱ কৈশোৰৰ কেবাখনো ছবিয়ে তাইৰ মনৰ আগত দোলা দি গ’ল। কিমান দিনৰ কথানো আছিল সেয়া। বেণী দুডালেৰে চকলেট পাৰিৰ চাদৰেৰে মুগা মেখেলাৰ খচখচনিৰ কাষে কাষে হাফ পেডেল মাৰি পাৰ হৈ গৈ থকা অতীত। জীৱন বৰ বেগাই যায়। সেই হাফ পেডেলৰ জীৱন এৰি তাই মেট্ৰ’ ৰেলত কটাই আহিছে এপৰ। থিতাপি লৈছে কংক্ৰীটৰ বুকুত।
——————————————————————————————-
“স্কুলত সোণালী জয়ন্তী পাতিবলৈ লৈছে কিংকিনী। মিলাব পাৰিবিনে বাৰু? তোক বহুত দিন দেখাই নাই?” বহুত দিনৰ মূৰত তাইৰ অফিচ চেম্বাৰলৈ ফোন কৰিছিল স্কুলৰ সহপাঠী কুন্তলাই।
“উমলিম, জামলিম, অতীত খুচৰিম। চুই চাম মোৰ আশৈশৱী সপোন।”, মনৰ মাজত কবিতা এটাই গুণগুণালে লাহেকৈ।
সিদ্ধান্ত লৈ পেলালে তাই।
সুধিলে কুন্তলাক, “শুন, নিশান্ত ক’ত থাকে এতিয়া”
“ইয়াতে থাকে। আমি পঢ়া স্কুলখনতে সি এতিয়া বিষয় শিক্ষক।”, কুন্তলাই উত্তৰ দিলে।
আসঃ আৰু তাইক কি লাগে? সেই বকুল বকুল গোন্ধোৱা পদূলি। নিশান্তৰ সতে আলাপ-অপলাপৰ অলেখ সাক্ষী সেই বৰগছজোপা। সেই বাছষ্টেণ্ডটো, য’ত এৰি আহিছিল প্ৰতিশ্ৰুতিৰ সুগন্ধি, সেই সুগন্ধি নাক উজাই শুঙিব তাই। লাভ? লাভ লোকচানৰ অংক নহয় সেয়া। মাথোঁ এটা সুবাস বুকুৰ পৰা বুকুলৈ বৈ থকা। কোনো অভিমান নাই। নাই ৰাগ-বিৰাগ। নাই চঞ্চল সিদ্ধান্ত। জীৱন চলি আছে ধুমুহাৰ গতিত।
——————————————————————————————-
“ছাৰ মোক তিনিদিনৰ ছুটি লাগে?”
“তোমাৰ টাৰ্গেট এচিভ হোৱা নাই। নোৱাৰা ছুটি লব।”
“মই ফোনত কাম চলাম। ছুটিটো মোৰ দৰকাৰী।”, কন্দনামুৱা আহত কন্ঠেৰে কিংকিনীয়ে মাত মাতিছিল।
ছাৰে ছুটিৰ দৰ্খাস্তত অনুমোদন জনাইছিল। ছাৰৰ বাকদত্তা তাই। দুদিনৰ পাছতে সিহঁতৰ বিয়া।
ককা–আইতাৰ গাঁৱৰ ঘৰত ভৰি দিছিলগৈ তাই। কিমান বছৰৰ মূৰত? সম্পূৰ্ণ বাৰ বছৰৰ মূৰত। সেই যে ষোল্লবছৰীয়া সলাজ আৱৰণ সলাই তাই মহানগৰীৰ সাজ লৈছিল। আজি আইতাকৰ ঘৰত পুনৰ সেই মুগা-ৰিহা মেখেলা মেৰিয়াই তাই পোনেই স্কুললৈ বুলি ওলাই আহিল। নিশান্তই হেনো ইয়াতে শিক্ষকতা কৰে।
“যা নিশান্তক লগ পাই আহ এবাৰ। সি তোৰ খবৰ লৈয়েই থাকে।”, আইতাকৰ দাবী।
সিহঁতহালক দেখি নৈখনে বেলিৰ আগত মুখ লুকুৱাইছিল। চকলেট পাৰিৰ চাদৰেৰে সেই পাটগাভৰুজনীৰ পূৰ্ণাংগ ৰূপটোত নৈখনে ইচাট-বিচাট কৰিছিল। আৰু নিশান্ত???
তাৰ মনৰ মাজত কি চলিছিল কোনে জানে।
“ইমান দিনৰ মূৰত কি মন গ’ল নী মোৰ খবৰ লবলৈ?”, নিশান্তৰ এষাৰি অভিমানতে তাইৰ মনৰ দূৰ্গ কঁপি উঠিল।
কোনে কয় প্ৰেম হেনো নৈশব্দৰ মিছিল মাথোঁ।
——————————————————————————————-
গাড়ীখন পাৰ্ক কৰি ব্যস্ত খোজেৰে তাই লিফটত উঠি তিনি নম্বৰ মহলাৰ বুতাম টিপিলে। ছাৰে মাতিছে তাইক, জৰুৰী হেনো।
“কংগ্ৰেচুলেশ্যন কিংকিনী। তোমাৰ টাৰ্গেট ফিল আপ হৈছে। আই এম প্ৰাউড অৱ ইউ।”
তাই ওলাই আহিল। এই লাখটকীয়া অভিনন্দন বাণী, সেইষাৰ অভিমানৰ বহুত তলত। তাই মন প্ৰাণ ভৰি আছে সেউজী বিশ্বাসৰ, যি বিশ্বাসৰ আন নাম নিশান্ত।
কোনে কয় প্ৰেম হেনো নৈশব্দৰ মিছিল মাথোঁ।
——————————————————————————————-
ফটোবোৰ চালে তাই। তাই এৰি অহা স্কুলখনৰ ফটো। এৰি অহা বন্ধু বান্ধৱ সকলৰ ফটো। নৈপৰীয়া ক্ষণত সিহঁত দুয়ো অকলে, মহানগৰীৰ আধুনিকাজনীৰ শৰীৰত সিদিনা বকুলৰ গোন্ধ বাৰুকৈয়ে লাগিছিল। আইতাকে বোৱা সেউজীয়া কাপোৰযোৰেৰে তাইৰ বাৰু কমখন লটিঘটি হৈছিলনে? নিশান্ত আছিল বুলিহে।
ফটোবোৰে কথা কয়। বহুত কথা। প্ৰতিখন ফটোৰ লগত জড়িত থাকে অলেখ হেঁপাহ। তাই চচিয়েল মিডিয়াত এৰি দিলে ফটোবোৰ।
কোনে কয় প্ৰেম হেনো নৈশব্দৰ মিছিল মাথোঁ।
——————————————————————————————-
ক্ৰিং ক্ৰিং ক্ৰিং
“এতিয়াই আহা মোৰ ৰূমলৈ”, সেয়া ছাৰৰ দাবী।
তাই উঠি গ’ল। কিনো হ’ল ছাৰৰ? ইমান খঙত মতা যেন লাগিল।
“এইবোৰ কি?”
“কি এইবোৰ?”
“এইবিলাক ফটোৰ অৰ্থ কি?”
“মই বুজি পোৱা নাই ছাৰ”, তাই হেবাং দৃষ্টিৰে চাই ৰ’ল ছাৰলৈ।
“তুমি চচিয়েল মিডিয়াত এইবোৰ ফটো দিয়াৰ বাবে মই কিমান অপদস্থ হৈছোঁ তুমি জানানে?”, ছাৰৰ মুড সাংঘাটিক অফ। ৰূমৰ পৰা দুজনমান ওলাই গ’ল।
“কিয়?”, তাইৰ অনৰ্থক প্ৰশ্ন।
“দুদিনৰ পিছত বিয়া আমাৰ। এতিয়া এনেবোৰ নিগেটিভ কথাই আমাৰ ঘৰত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব তুমি জানানে?”
“ছাৰ, আপোনাৰ কোৱা হ’লনে?”, তাইৰো মাত আছে।
“কি কোৱা হ’লনে? তুমি সৱ পণ্ড কৰি দিলা।”
উস অসহ্য।
——————————————————————————————-
“কুন্তলা শুনচোন। তই যে কৈছিলি তহঁতে গাঁৱত স্কুল এখন খুলিবলৈ লৈছ। মইও আছোঁ দেই তহঁতৰ লগতে। বিশ্বাস হোৱা নাই? বাৰু বাদ দে সেইবিলাক। নিশান্তক খবৰ দে এবাৰ। মোক ৰেলষ্টেচনৰ পৰা লৈ যাবহি। শুনচোন।”
হাঁহিৰ উলাহত দেওলাহী পাখি। তাইৰ মনৰ ডেউকা সপ্তবৰ্ণিল। ৰামধেনু চুই আহিছিল যে সিদিনা। বুকৰ ভিতৰে বাহিৰে ভাৱনাৰ অলেখ মূৰ্ছনা।
কোনে কয় প্ৰেম হেনো নৈশব্দৰ মিছিল মাথোঁ।
——————————————————————————————-
নৈখন সাক্ষী আছে তাইৰ। বৰগছজোপাও।
কালিদাসে মুকলি কৰা অক্ষি।
এটা অসমাপ্ত কাহিনীৰ আৰম্ভণি।
কুলু কুলু কুলু নিজৰাৰ চঞ্চলামি।
শৈশৱী আশৈশৱী সুবাস……
বকুল ফুলৰ দৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments