বকুল স্মৃতি – দিপালী বৰা

প্ৰিয় ফুল বকুল,
প্ৰিয় গীত-
বহুদিন বকুলৰ গোন্ধ পোৱা নাই/
বকুল তলত বহি বহুদিন
বালিঘৰ সজা হোৱা নাই৷
বকুলৰ গোন্ধ অৱশ্যেই প্ৰতি ঋতুতে পাই আহিছোঁ৷ কলেজত আমাৰ বিভাগীয় ভৱনৰ সন্মুখৰ ফালে আমলখি জোপাৰ গাত লাগি এজোপা বকুলে ঋতুৱে ঋতুৱে ফুলি সুবাস বিলায়৷ বকুল ফুলবোৰ ফুলিলেই একোমুঠি বুটলি অনাৰ অভ্যাস সেই সৰু কালৰে পৰা লাগিয়েই আছে৷ বকুল বুলিলে ৰ’বই নোৱাৰোঁ৷ বকুলৰ সুগন্ধিয়ে ৰিণ্‌ৰিণ্‌কৈ বুকুত গুঞ্জন তোলে৷ মনত পৰি যায় শৈশৱৰ সেই বকুলতলৰ দিনবোৰ৷
আমি সৰুৰে পৰা চহৰত থাকি ডাঙৰ হৈছিলোঁ যদিও সুবিধা পালেই গাঁৱৰ ককা-আইতাৰ ঘৰলৈ গুছি গৈছিলোঁ৷ প্ৰায় বন্ধৰ দিনবোৰ তাতে কটাইছিলোঁ৷ গাঁৱলৈ যোৱা মানেই সেই বকুলতলৰ দীঘল পদূলিটো; ঠিক ডেকেৰুৱা, হৃষ্ট – পুষ্ট, চিৰসেউজ বকুলজোপা; বকুলতলৰ পদূলিৰে গৈ সৌ দূৰত গধূলি গোপালৰ চোতালখন; চোতালৰ পূব দিশত জেওৰাৰ সিপাৰত বেলজোপা; কেইজোপামান নাৰিকল, নেমু আৰু এজোপোহা আঁকিপুৰা কুঁহিয়াৰ, তাৰো সিফালে দুজোপা মধুৰিআম, এজোপা জলফাই, অমৰা, লিচু গছেৰে সৈতে ককাৰ গোহালি৷ কাষতে আলু, কবি, বেঙেনা, জলকীয়া, ভেন্দি, লাই- লফা-পালেং – চুকা আদি বতৰৰ শাক- পাচলিয়ে জক্‌মকাই থকা শাকনিবাৰী৷ মূল ঘৰৰ পশ্চিমে বাৰীৰ ঢাপত আম, কঁঠালকে ধৰি অনেক লাগনী গছ, পাণ- তামোলৰ বাৰীৰ সিপাৰে ডাঠ বাহনি৷ চোতালৰ উত্তৰ পূৱ কোণত ককাৰ গোসাঁই ঘৰৰ কাষতে লাউ হেন্দালিখন, গোসাইঘৰৰ পিৰালিত নয়নতৰা, গধূলিগোপাল আৰু এজোপা খৰিকাজাঁই৷ পূবমূখী চোতালৰ নঙলাৰ কাষতে এফালে জক্‌মকাই ফুলিছিল সূৰ্যকান্তি ফুলবোৰ, আনফালে গুলচজোপা৷ বাৰীৰ দক্ষিণ সীমাৰ সিপাৰে আৰু এটা পুখুৰী৷ পুখুৰীৰ পাৰত নেমু আৰু নাৰিকলৰ শাৰী৷ তাৰ সিপাৰেই লাহে ধীৰে বৈ থকা সৰু বাম পানীৰ জানটো পাৰ হৈয়ে গেজেপনি কাঠনিখন৷
প্ৰিয় পাঠক,
এই পৰিবেশতে পাৰ কৰিছিলোঁ শৈশৱৰ সোণসেৰীয়া অনেক দিন৷ ৰসাল আঁকি পুৰা কুঁহিয়াৰ একোডালৰ দৰেই মধুৰ আছিল দিনবোৰ৷ বেলজোপাৰ তলতে আইতাই ধানৰ জঁকা পাতিছিল৷ পূৰঠ বেল কেইটামান পাৰি আনি ধানৰ ভাপত সিজাই দিছিল আমাক৷ পুৱা শুই উঠিয়েই দৌৰ মাৰিছিলোঁ বকুল তললৈ৷ কেতিয়াবা বগা হৈ সৰি থকা ফুলবোৰ, কেতিয়াবা ৰঙা পকা বকুলবোৰ বুটলিছিলোঁ৷ বকুলৰ মালা গাঁথি গোসাঁইঘৰৰ বাৰাণ্ডাত থৈ দিছিলোঁ৷ দুডালমান দৰা কইনা খেলৰ বাবে ৰাখিছিলোঁ৷ পকা বকুলৰ ডাঠ চকলেট ৰঙৰ গুটিবোৰেৰে বকুল তলৰ সেউজ বননিখনতে খলি খেলিছিলোঁ, ঢোপ খেলিছিলোঁ, হেঁতালি খেলিছিলোঁ৷ খেলি খেলি ভাগৰিলে বা বৰকৈ গৰম উঠিলে বকুল তলৰ পুখুৰীত গোটেইজাক লগৰীয়া জঁপিয়াই পৰিছিলোঁ৷ মুঠতে দিনটোৰ বেছিভাগ সময় বকুল আৰু আমি অভিন্ন হৈ থাকিছিলোঁ৷
বকুলতলৰ পুখৰীৰ সিটো পাৰৰ পৰাই আৰম্ভ হৈছিল বিশাল পথাৰখন যিখন পথাৰৰ সৌ দূৰৰ সীমাত আকাশখন মাটিত লাগিছিলহি৷ সেইফালৰ পৰাই নিজৰ নিপোটল ম’হটোৰ পিঠিত উঠি বিহুনাম গাই গাই আহি থকা কানাই কায়ে আমাক চেচোঁৰ খান্দি দিছিল৷ বকুলতলত বহি সেই চেচোঁৰ খাই খাই আমি কানাই কাইক খাটনি ধৰিছিলোঁ আকাশ মাটিত লগা ঠাইলৈ এদিন আমাকো নিবলৈ৷ চব ঠিকেই থাকে৷ বকুলতলৰ দিনবোৰ কিন্তু আমাক চহৰলৈ নিবলৈ বুলি মা আহিলেই গোন্ধহীন হৈ পৰে৷ মা আহিলে পুখুৰীপাৰত খেলা বন্ধ, দিনটো পংপঙাই ফুৰা বন্ধ, পুখুৰীত নমা বন্ধ৷ মনে মনে গ’লেও কলাফুলত চিটিপনিৰ দাগ৷ হ’ল বুলি ইমান শাসন জানো মানিব পাৰি৷ মা আইতাহঁতৰ লগত কথাতে বা কামতে ব্যস্ত হ’লেই মনে মনে গৈ সেই বকুলতল৷ কেতিয়াবা সাঁতোৰসুখত মগ্ন হৈ থাকোতেই মাতৃদেৱী এচাৰি হস্তে পুখুৰীপাৰত উপস্থিত হয়গৈ৷ কোব খোৱাৰ পৰা সৰাৰ উপায় নাপাই চিধা পানীৰ পৰা উঠি বকুলৰ ডালত জপিয়াই উঠোঁ৷ উপায়হীন মাতৃদেৱী উভতি যায়৷ হ’ল বুলি দিনটো গছৰ ওপৰত থাকিব পাৰিলেও আন্ধাৰ হোৱাৰ উপক্ৰম হ’লেই ভয়ত বুকু কঁপে৷ ইফালে সিফালে চাই যেই গছৰ পৰা নামি মাটিত ভৰি দিলোঁ, নিদাৰুণী যশোৱাৰ সাৰৌপ সাৰৌপ কোবে কলাফুলত ফুল বাছে৷ তথাপি আপোন বকুল, মোহ এৰিব নোৱাৰা সেই বকুল আজিও স্মৃতিৰ বনত শৈশৱৰ সুগন্ধি দাপোণ৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments