বগীবিল দলং আৰু এখন আধালিখা উপন্যাস – পৰী পাৰবীন

এটা চতুৰ্ভূজ সৃষ্টি কৰাৰ কথা আছিল৷ এল পি স্কুলৰ ল’ৰা এটাইও জানে যে চতুৰ্ভুজ এটা হ’বলৈ হ’লে অন্তত দুটা বিন্দুৰ লগত তৃতীয়টোৰ সামঞ্জস্য থকাটো খুবেই দৰকাৰী৷ চতুৰ্থটোৰ লগত অৱশ্যে প্ৰত্যক্ষ সংযোগ নহলেও চলিলহেঁতেন৷ তথাপি চতুৰ্ভুজটো সৃষ্টি নহ’ল৷ দুটা বিন্দু কিয়, এটা বিন্দুতো তাই মিলিত হ’ব নোৱাৰিলে৷ ওফৰি পৰিল সকলোবোৰ সৰলৰৈখিক সমীকৰণ৷ মুঠতে চতুৰ্ভুজটোত কেণা লাগিল৷

কথাবোৰ ভাবি ভাবি অভিশ্ৰুতিয়ে বগীবিল দলংখনলৈ চাই থাকিল৷ অৰ্ধনিৰ্মিত বগীবিল দলং৷ এই যে দলংখনক লৈ তাইৰ কিমান হেঁপাহ আছিল৷ দলংখনৰ বুকুৰে বগুৱা বাই বাই হেঁপাহবোৰ অভিসাৰী ৰাতিটোত নগ্ন হৈ পৰি থাকে৷ একদম নিলাজ হেঁপাহ সেয়া৷ প্ৰিয়জনৰ সতে মিলনৰ হেঁপাহ৷

কেৱল দলংখনেই নে? উত্তৰ পাৰৰ গেৰুকামুখৰ পাৰ্শ্বৱৰ্তী এলেকাৰ কৈলাসপুৰৰ সেই পামখন, য’ত সেউজীয়া বিশ্বাস এডৰা লহপহকৈ বাঢ়ি ৰঙচুৱা সপোন চপাইছিল, সেইখনত ওমলাৰ হেঁপাহকণো জানো ক’ম আছিল!

আৰু আত্মাৰ সেই বাণীবোৰ? নৈপৰীয়া এখিনি মানুহৰ লগতে গোটেই অসমবাসীৰ ওচৰত দায়বদ্ধ হৈ যে তাই যে বাৰে বাৰে কলম হাতত তুলি লৈছিল, সেই কলমটোও এদিন দলিয়াই দিবলগা হ’ল এক অহেতুক অভিমানৰ বলি হৈ৷ সমস্ত অভিমান এই দলংখনৰ প্ৰতি৷ এই দলংখনে তাইক বাৰে বাৰে প্ৰলোভন দিলে আৰু প্ৰলোভনবোৰ পূৰাব নোৱাৰি তাই জুইৰূপী নৈত জাপ দিলে বাৰম্বাৰ৷

আৰু এটা সপোন আছিল৷ দিনান্তত চৰাইৰ বাহলৈ ওভটাৰ এটি দীঘলীয়া সপোন৷ খেৰকূটাবোৰ গোটাইছিল এথোন, বন্ধু শিৱাংগই পাৰে মানে সহায় কৰিছিল তাইক৷ সেইমতে সুদীৰ্ঘ দহবছৰৰ মূৰত নৈখনৰ স’তে চুক্তি কৰি সিপাৰত ভৰি থোৱাৰ পৰিকল্পনা কৰি পেলাইছিল তাই৷ আৰু সেই পৰিকল্পনা হোৱাৰ দিন ধৰি তাই তত নোপোৱা হৈছিল৷ বিউটি পাৰ্লাৰ, কাপোৰ, গহনাৰ লগতে বডি শ্বেপিঙৰ অজস্ৰ কাৰ্যসূচীৰে তাই প্ৰস্তুত হৈ উঠিছিল৷ মানসিক প্ৰস্তুতিত সহায় কৰিছিল শিৱাংগৰ স’তে থকা বন্ধুত্বই৷ দহবছৰৰ মূৰত নৈ পাৰ হৈ প্ৰেমিক চৰাইজনৰ ঠেহ ভগাৰ প্ৰস্তুতি৷ উত্তৰ পাৰৰ এক নিৰ্জন পামত যি এক নিঃসংগ জীৱন যাপন কৰি আছে৷ নাম তেওঁৰ শিল্পম৷ শিল্পম চহৰীয়া৷ অভিশ্ৰুতি নামৰ চৰাইজনীৰ নিগাজী ঠিকনা যি, সেই শিল্পম চহৰীয়া৷

অৱশেষত সেই দিনটো আহি ওলাইছিল৷
“ৰেদি হ’লগৈনে সকলো? ”

“নাই অ’৷ পেকিং কৰি আছো৷ ”

“তহঁতে ক’ৰবালৈ ওলালে কেইযোৰ কাপোৰ লাগে অ? ”, ফোনটোত শিৱাংগৰ কণ্ঠ ভাঁহি আহে৷

“হেই নহয়হে! চাদৰ-মেখেলা দুযোৰ আৰু জিনচ এটা, টিচাৰ্ট কেইটামান আৰু”

“হ’ব হ’ব তোৰ লেকচাৰ বন্ধ কৰ৷ জনা আছে ছোৱালীবোৰে কিমান কাপোৰ কঢ়িয়াব পাৰে৷ পিছে লাগেজ বেছি কৰিলে তোৰেই বিপদ৷ অকলে অকলে ফেৰীত অহাৰ কথা৷ “

“কি অকলে অকলে? তই নাহিবি নেকি আগবাঢ়ি? ”

“এইপাৰেতো মই আগবাঢ়ি যামেই৷ সিপাৰেহে তই অকলে আহিব লাগিব৷ “

“হ’ব দে৷ মই কামত লাগো৷ কাইলৈ প্ৰথম ফেৰীখনেই ধৰিব লাগিবতো৷ এতিয়া বহুত কাম আছে৷ “

ফোনটো থৈ তাই বেগত কাপোৰ ভৰোৱাত লাগিল৷ যিমানেই কমাব বিচাৰে, সিমানেই ডাঙৰ হৈ যায় বেগৰ আকাৰ৷ তাইৰ গাতনো কি দোষ, গোটেই নাৰীজাতিৰে বদনাম এইটো৷ এদিনৰ কাৰণে ক’ৰবালৈ গ’লেও কান্ধত এটা, হাতত এটা বেগ ওলমিবই যেন৷

তাইৰ অৱশ্যে বেলেগ যাত্ৰা এইটো৷ অভিমানী লুইত পাৰ হৈ ডিব্ৰুগড়ৰ পৰা ধেমাজীলৈ বুলি ফেৰী যাত্ৰা৷ কিমানদিনৰ মূৰত যে হেঁপাহৰ ঠাইখনলৈ বুলি ওলাইছে তাই৷ কিমান দিন? হয়তো দহবছৰ৷ কিদৰে যে পাৰ হৈ যায় দহবছৰৰ সুদীৰ্ঘ পৰিক্ৰমা?

এৰা দহবছৰেইতো! এই দহবছৰত কমখন ওলট পালট হ’লনে? সৰুফুটীয়া জেদী ছোৱালীজনী আহি সমাজখনৰ হকে, জাতিটোৰ হকে আন্দোলন কৰিব পৰা হ’ল৷ হাতৰ সৰু সৰু আঙুলিকেইটাৰে দহোটা দায়িত্ব দাঙিব পৰা হ’ল৷ তথাপি কিছু দায়িত্ব ৰৈ গ’ল৷ ৰৈ গ’ল কিছু কথা, কিছু সপোন, কিছু প্ৰতিশ্ৰুতি৷

অবুজ আবেগত শিহৰিত হৈ উঠিল তাই৷ তেওঁকেই লগ পাবনে তাই? অতবছৰৰ মূৰত লগ পালে তেওঁ কেনে প্ৰতিক্ৰিয়া কৰিব, সেইবিষয়ে তাই জ্ঞাত নহয়৷ তেওঁ আগৰ দৰেই আছেনে? নে অন্য কোনো নাৰী তেওঁৰ কাষ চাপিছে৷ নাজানে তাই৷ তথাপি এবাৰ হ’লেও তেওঁক লগ পোৱাটো দৰকাৰ৷ ইমানবছৰলৈকে তায়োতো অপেক্ষাৰত তেওঁৰ বাবেই৷

চকুৰ আগেৰে ভিন ভিন সময়ৰ কেবাখনো ছবি চকুৰ আগেৰে পাৰ হৈ গ’ল৷ নোৱনি তোলাৰ পৰা হায়াৰ চেকেণ্ডেৰীৰ কেমিষ্ট্ৰিৰ পৰীক্ষাৰ দিনা তাইক শুভেচ্ছা দিবলৈ আহি ওঁঠত আঁকি দিয়া প্ৰথম চুমাটোলৈকে৷

“জাননে শিৱাংগ, সিদিনা মোৰ আটাইতকৈ টান বিষয়ৰ পৰীক্ষা৷ ইকুৱেচ্যনবোৰ মনত ৰাখিবলৈকে দিগদাৰ, আনফালে সি লগাই যোৱা অথন্তৰটো৷ কিয় তেনেকুৱা কৰিব লাগে সি? কোনোমতে পৰীক্ষাটো পাছ কৰিলো বুলিহে৷ একেবাৰে পঢ়িব পৰা নাছিলো সিদিনা৷ ৰাতি শুবও পৰা নাছিলো৷ ”
“তই মানে সেই তেতিয়াই প্ৰেম কৰিবলৈ শিকিলি৷ কম ঘাগু নাছিলি দে”, শিৱাংগৰ কথাত লাজ পাইছিল তাই৷

হয় বয়সতকৈ কিছু ক্ষেত্ৰত আগবঢ়া আছিল তাই৷ বয়সতকৈ আগতে দায়িত্ববোধ শিকা ছোৱালী, বয়সতকৈ আগতেই চঞ্চল মনটোক বশ কৰি জীৱনৰ বাটত খোজ লোৱাৰ পণ লোৱা ছোৱালীজনীৰ প্ৰথম প্ৰেমো অলপ আগতীয়াই আছিল৷ কলেজত ভৰি দিছিল কি নিদিছিল, সিফালৰ মেচৰ পৰা অহা সুঁহুৰিৰ আঁত ধৰি চকুযোৰ যিখন টেবুলত পৰেগৈ, তাতে থমথমকৈ বহি থাকে শিল্পম নামৰ তাইতকৈ দুবছৰ চিনিয়ৰ ল’ৰাটো৷ বায়লজিৰ প্ৰেক্টিকেলৰ বাবে গৰৈ মাছটো কাটি দিয়া নতুবা ভেকুলীটো-পঁইতাচোৰাটো বিচাৰি অনা, ব’টানীৰ প্ৰেক্টিকেলৰ বাবে পিঁয়াজৰ তৰপ এটা পাতলকৈ কাটি দিয়া, এই সৰু সৰু কথাবোৰতে তাই শিল্পমৰ ওচৰ পাইছিলগৈ৷ পঢ়াৰ কথাবোৰ মাত্ৰ এক অজুহাত৷ অকলশৰীয়া হ’লেই দুয়োৰে মনৰ ভিৰ লগা কথাবোৰত জোঁটপোট লাগে৷ সদ্যস্নাতা অভিশ্ৰুতিৰ শৰীৰৰ পাতল সুৱাস আৰু অনৰ্গল বকি থকা মুখখন জপাবলৈকে সি কেবাদিনো কামুৰি দিবৰ মন কৰিছিল৷ সুযোগ পোৱা নাছিল অৱশ্যে, কাৰণ খিৰিকীৰ সিপাৰে অগাদেৱা কৰি থাকে অভিশ্ৰুতিৰ মাকে৷ তাৰ মাজতে এদিন সি সুযোগ পাই গ’ল৷ শ্ৰুতিৰ মাক ক’ৰবালৈ বুলি ওলাই গৈছিল মাত্ৰ, পঢ়ি থকা তাইজনীৰ মুখখন দাঙি লাহেকৈ পৰশ এটা দি দিছিল সি৷ হাহাকাৰ লাগিছিল তাইৰ মন গহনত৷ কি পৰীক্ষা, কিহ’ৰ সমীকৰণ সকলো পাহৰি মৃদু ভৎসৰ্না কৰিছিল তাক৷

“দুষ্টটো! মোৰ পৰীক্ষাটো বেয়া হওকচোন, গম পাবি তই”, ওঁঠযোৰ মোহাৰি মোহাৰি পৰীক্ষাৰ আগদিনা দিনৰ দিনটো গালি পাৰি থাকিল তাই৷
পৰীক্ষাটো তাইৰ বেয়া নহ’ল৷ ইচ্ছা কৰা হ’লে মহানগৰীৰ কোনো ভাল কলেজত চিট পাই গ’লহেঁতেন তাই, অলপমান কষ্ট কৰা হ’লে মেডিকেলৰ বাছনিতো হয়তো উত্তীৰ্ণ হ’লহেঁতেন, কিন্তু তাইৰ নিজৰ সৰু চহৰখন এৰি যাবলৈ কোনো পধ্যেই মন নাছিল৷ শিল্পমক এৰিব নোৱাৰে তাই, কোনোমতেই নোৱাৰে, তাক এৰি দূৰৈত পঢ়িবলৈ যাবলৈ কোনোপধ্যেই ৰাজী নহ’ল তাই৷ শিল্পমৰ বুকুত ঘৰ সাজিলে তাই৷

আবেগিক মুহূৰ্তত কৈ উঠিছিল সি, “ভাল পাওঁ তোক শ্ৰুতি৷ ”
চম্ভালিব নোৱৰা সময়কণত চকু সেমেকি উঠে তাইৰ, “অই, বুকুৰে কৈছতো৷ “
কৃত্ৰিম খঙেৰে সিও কৈ পেলায়, “নাই, নাটকৰ ৰিহাৰ্চেল কৰি আছিলো৷ “

খিলখিলীয়া হাঁহি এটাৰ দৰে প্ৰেম-কোমল অনুভৱবোৰ বতাহত উৰি ফুৰে৷ সৰু চহৰখনৰ এটা যুটি হৈ পৰিছিল দুয়ো৷ মাকে সিঁয়াইছিল, পঢ়া-শুনা প্ৰথমে, তাৰ পাছতহে প্ৰেম৷

দেউতাকৰ আকৌ শিল্পমলৈহে বেছি মৰম, “ঘৰৰ পৰা দূৰৈত থাকি পঢ়িছেহি ল’ৰাটো৷ তাৰ সময়বোৰ নষ্ট নকৰিবি শ্ৰুতি”৷

সময় আৰু সপোনবোৰৰ মাজত কিবা পুত্ৰী-মাতৃৰ সম্পৰ্ক৷ সময় নষ্ট হ’লেও সপোনবোৰে জন্ম দিয়ে নতুন সময়ৰ৷ সময়বোৰে জন্ম দিয়ে জীৱনৰ আৰু জীৱনে প্ৰেমৰ৷ এনেকৈয়ে বৃত্ত এটাত সোমাই পৰে সিহঁতৰ কাহিনীবোৰ৷ সিহঁতৰ কাহিনী শুনি শিৱাংগৰ চকুহালো চলচলীয়া হৈ পৰে৷

“ইমান প্ৰেম, ইমান ভালপোৱা এৰি কিয় গুচি গ’লি তই? ”
“উপায় নেদেখিলো শিৱাংগ৷ দেউতা ঢুকোৱাৰ পিছত চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল মোক৷ ঘৰৰ একমাত্ৰ ছোৱালী আছিলো মই৷ ইউনিভাৰ্ছিটিৰ চাকৰিটোত এপ্লাই কৰিলো, পাই গ’লো, গুচি আহিলো৷ ”

“আৰু গুচি যোৱাৰ পাছত হাৱা লাগিল৷ পাহৰি থাকিলি কলেজীয়া ভালপোৱা৷ ”

“নহয় অ’৷ এইবোৰ বহুত কথা৷ মোক নুসুধিবি তই৷ “

চকুত ভৰ বাৰিষাৰ লুইতখনে তল-ওপৰ কৰে৷ মনত পৰে তাইৰ, শিল্পমে কোনোপধ্যেই বিচৰা নাছিল, তাই ইউনিভাৰ্ছিটিত পঢ়িবলৈ নগৈ চাকৰি কৰিবলৈ যাওক৷ আৰু তাইক দৰকাৰ হৈছিল এটা চাকৰিৰ৷ অতৰ্কিতে ভাগি পৰা আকাশখন দাঙি ধৰিবলৈ চাকৰিটোৰ বাদে তাইৰ আন কোনো উপায় নাছিল৷ সেইখিনিকে সি নুবুজিলে৷ তালফাল লগাই দিলে, এপইণ্টমেণ্ট লেটাৰখনো ফালি পেলালে, বাৰে বাৰে কৈ থাকিল, “তুমি পঢ়াটো শেষ কৰা৷ ইউনিভাৰছিটিৰ ডিগ্ৰীটো লৈ আহা৷ ইয়াত কলেজত লৈ ল’ব তোমাক, মাত্ৰ দুবছৰ কষ্ট কৰা৷ ”

এফালে দেউতাকৰ মৃত্যু আৰু আনফালে প্ৰিয়জনৰ অবুজ আচৰণ, শেষ সিদ্ধান্ত জনাই দিলে তাই, “মই যামেই চাকৰি কৰিবলৈ৷ ”
স্পষ্টকৈ মনত পৰে তাইৰ, স্বাধীনতা দিৱসৰ দিনা সংঘটিত হোৱা বোমা বিস্ফোৰণৰ কাৰণে কেবাটাও সংগঠনে অসম বন্ধ ঘোষণা কৰিছিল সেই তিনিদিন৷ চৰকাৰী ৰঙা বাছখনৰ বাদে বেলেগ বাছ চলা নাছিল৷ বেংক বন্ধ হৈ যোৱাত তাইৰ হাতত ফুটাকড়ি এটাও নাছিল৷ আৰু মুখ ফুলাই ৰূমত আবদ্ধ হৈ থকা শিল্পমক মাত নলগোৱাকৈ তাই উচুপি উচুপি ৰঙা বাছখনত বহিছিল৷

“তোৰ সাহস মই মানিছো দেই৷ অকলেই গুচি গ’লি? তাকো অসম বন্ধৰ দিনত? ”
“ওমম৷ তাকো হাতত এটকাও নোহোৱাকৈ৷ ”
“কি কৰিলি তাৰ পাছত? কেনেকৈ মেনেজ কৰিলি টকা? ”
“সেইবোৰ বহুত কথা, বেলেগ এদিন ক’ম দে৷ এতিয়া মনটো গধুৰ হৈ পৰিছে মোৰ৷ “

ডিব্ৰুগড়-ধেমাজী৷ মাজত এখন দলং৷ বগীবিল দলং৷ খং অভিমানৰ মাজতো সপোনটো আকৌ গজিবলৈ ধৰিছিল৷ ঘৰখন এৰি নিদিয়ে তাই৷ শিল্পমক এৰিব নোৱাৰে৷ শিল্পমেও ধেমাজী নেৰে৷ হয় তাতে সি কলেজ খুলিব, নহয় দেউতাকৰ মাটিখিনিত কুঁহিয়াৰৰ খেতি কৰিব৷ তায়ো চাকৰিটো নেৰে৷ দক্ষিণ পাৰৰ পৰা নৈ পাৰ হৈ উত্তৰ পাৰলৈ অহা যোৱা কৰিব শনিবাৰে শনিবাৰে৷ কিমান দূৰৰনো বাট? বগীবিল দলংখন হ’লেতো মুঠেই ডেৰ ঘণ্টাৰ বাট৷

অংকবোৰ মিলি উঠে৷ অভিমানবোৰ নিমিলে৷ শিল্পমে নিৰুদ্দিষ্ট পথিকৰ ভাও লয়৷ পঢ়া-শুনা শেষ হোৱাৰ পাছতে সি হেৰাই যায় ক’ৰবাত৷ চাকৰিৰ মাজে মাজে তাই মাছ কমিউনিকেশ্যনত পোষ্ট-গ্ৰেজুৱেট কৰি চাকৰি সলালে৷ তথাপি ডিব্ৰুগড় এৰা নহ’ল৷ ডিব্ৰুগড়ে তাইৰ পেটৰ ভোক মোকলালে৷ ডিব্ৰুগড়লৈ মোহ সোমাল তাইৰ৷ ধেমাজীও নেৰো বুলি কথা দিছিল৷ শিল্পমক নেৰো বুলি ভগৱানৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছিল৷ দলংখন হৈ উঠা নাই এতিয়াও৷ দলংখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে যে তাই এইখিনি পাইছিলহি, সেই কথা তাইতকৈ ভালকৈ কোনে জানে৷ দলংখন হওক৷ সপোনবোৰ বাস্তবায়িত হ’ব৷ সি নকলেও তাই মুখ ফুটাই ক’বগৈ যে, অকলে অকলে থাকি তাইৰো আমনি লাগিছে, অহা বহাগতে সি কিবা এটা কৰক৷

সময় কি যে খৰস্ৰোতা নদী! যেন সৌ সিদিনাৰহে কথা৷ মুখ ওন্দোলাই বহি থকা লৰাটোক চাৰপ্ৰাইজ দিমগৈ বুলি ভাবি থাকোতেই দহবছৰ পাৰ হ’ল৷ আঙুলিৰ মূৰত দিনবোৰ গণে তাই৷ তেনে সময়তে শিৱাংগই লগ পাইছিল তাইক৷ তেতিয়া তাই আগশাৰীৰ সাংবাদিক হিচাপে নাম কৰি উঠিছে৷ আৰু শিৱাংগ নদীবান্ধ বিৰোধী সংগঠন এটাত ওতপ্ৰোতভাৱে জড়িত হৈ আছে৷ দুয়োৰে চিনাকি খুব নাটকীয়ভাৱে হৈ ঘনিষ্ঠ সম্পৰ্ক এটাই গঢ় ল’লে৷

প্ৰথম চিনাকিতে শিৱাংগই উভতি ধৰিছিল তাইক,

“এই যে এইবোৰ লিখি আছে, কোনে পঢ়িব এইবোৰ? অসমখনৰ চিনচাব নোহোৱা হ’ব কিছুদিনৰ পিছত৷ নদীবান্ধবোৰে বাহিৰলৈ শক্তি কঢ়িয়াই নিব, অসমীয়া জাতিটো বানপানীত ডুবি মৰিব৷ আপোনালোকৰ এই আখৰবোৰ পঢ়িবলৈ কোনো নাথাকিব জীয়াই”, উষ্মামিহলি কণ্ঠৰে কৈ গৈছিল সি৷

কেন্দ্ৰীয় চৰকাৰৰ স’তে মতবিৰোধ চলিছিল সিহঁতৰ সংগঠনৰ, “এই যে লুক ইষ্ট পলিচী-এইবোৰ সৱ ভেঁকোভাওনা৷ পশ্চিমবংগৰ চি-নেক পথেৰে এই বিশাল শক্তি কঢ়িয়াব নোৱাৰিব বুলিয়েই এইবোৰ চালিবাজী৷ চাই থাকক চকুৰ আগতে অসমখন কিদৰে ধ্বংস হ’বলৈ গৈ আছে৷ পূঁজিপতিয়ে কিনি পেলাইছে অসম৷ দুদিনতে প্ৰমাণ পাই যাব অসমবাসীয়ে৷ “

সঁচাইনে? শিৱাংগই কোৱা কথাবোৰৰ সত্যতা আছেনে? সাংবাদিক হোৱাৰে পৰা সত্যতা নোহোৱা কথাবোৰ মানি লবলৈ সন্মত নহয় তাই৷ তাতকৈ তাই অধ্যয়ন কৰিব৷ তাই নিজৰ বিবেকেৰে বিচাৰ কৰিব, কোনবোৰ সঁচা, কোনবোৰ ছলনা৷

কোনোবাই কৈছিল নদীবান্ধৰ বিপক্ষে, কোনোবাই সপক্ষে৷ তাইৰ দৰে ছোৱালীজনী কাৰো উত্তৰত সন্তুষ্ট হোৱা নাছিল৷ অধ্যয়ন কৰিছিল কিছু৷ তথাপি যেন বহুত বাকী৷ শেষত শিৱাংগৰ ওচৰত ব্যক্ত কৰিছিল মনোভাৱ, নদীবান্ধৰ ওপৰত মই এখন কিতাপ লিখিব বিচাৰো৷

তাইৰ সমানে সুখী হৈছিল সি, “এয়াতো খুব ভাল কথা৷ আহকনা এদিন গেৰুকামুখলৈ৷ “ সি তাইলৈ মেইল কৰিছিল কিছু তথ্য, তাই ৰাতি এপৰলৈকে সেইবোৰকে ফঁহিয়াই আছিল,

“মধ্যপ্ৰাচ্যৰ দেশবোৰৰ দৰেই ভাৰতকো ধনী হ’বলৈ শক্তি লাগে৷ ভাৰতত যিহেতু তেনে কোনো বিশেষ শক্তি নাই, গতিকেই চকু পৰিছে অসমৰ নদীবোৰৰ ওপৰত৷ উত্তৰ-পূবক ভাৰতৰ পাৱাৰহাউচ হিচাপে উপস্থাপন কৰিবলৈ বিচৰা হৈছে৷ কোৱা হৈছে, এই জলবিদ্যুৎ শক্তিসমূহ একেবাৰে ক্লীন শক্তি, ইয়াত কোনোধৰণৰ প্ৰদূষণৰ সৃষ্টি নহয়৷ কিন্তু আওপকীয়াকৈ চাবলৈ গ’লে কি দেখিম? এই বান্ধসমূহৰ স্বাৰ্থত গছ-গছনি কাটি তহিলং কৰিছে৷ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বঢ়াৰ উপৰিও বৃহৎ জলাশয়বোৰত সেউজ পাহাৰবোৰ ডুব যোৱাৰ ফলত গ্ৰীণহাউচ গেছৰ উৎপত্তি হৈছে৷ এই গেছসমূহে তাপমাত্ৰা বৃদ্ধি কৰিছে৷ অজন স্তৰ ক্ষতিগ্ৰস্ত হৈছে৷ আমাৰ ভৱিষ্যৎ প্ৰজন্মলৈ বৃহৎ ভাবুকি আহি পৰিছে৷ “

অভিশ্ৰুতিয়ে আধালিখা ডায়েৰীখন বন্ধ কৰি থৈ শুবলৈ যায়, ৰাতি শেঁতেলীতো বাগৰে কথাবোৰ, এইবাৰ হেনো য’তে ত’তে বানপানী হৈছে, হ’বই, শিৱাংগই কৈছিল, “অসমৰ ভৌগোলিক অৱস্থানটোৱে ইমান ডাঙৰ নদীবান্ধ কোনোপধ্যেই চাপৰ্ট নকৰে”৷ চৌপাশে পাহাৰেৰে আৱৰা ৰাজ্যখনলৈ পাহাৰৰ সমূহ আৱৰ্জনা নামি আহি অসমখন তৰাং কৰি তুলিছে৷ তেনেস্থলত ডেৰশৰো অধিক বান্ধ অসমৰ মূৰৰ ওপৰত৷ লখিমপুৰৰ ৰঙানদীৰ ওপৰৰ বান্ধটোৰ কথাই কয়নে, গোলাঘাটৰ ধনশিৰিৰ ওপৰৰ বান্ধটোৰ কথা কয়, নে চিয়াং নৈৰ বান্ধটোৰ কথাই কয়, নামনি অসমৰ আকৌ ভূটানৰ প্ৰকল্পকেইটা আছেই, মেঘালয়ৰ উৰিয়াম নৈৰ বান্ধটোও কম চিন্তনীয় নহয়৷ মুঠতে কথাবোৰ বৰ চিন্তনীয়৷

শিৱাংগই গেৰুকামুখলৈ মাতিছে তাইক৷ উদ্দেশ্য, সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্প৷ চাই যাওক তাই, কি পৰিকল্পিতভাৱে নদীক নিয়ন্ত্ৰণ কৰে প্ৰযুক্তিয়ে, আৰু সেই প্ৰযুক্তিত জলজ প্ৰাণীসমূহৰ কিদৰে ক্ষতিসাধন হয়৷

“দিনৰ ভাগত নদীসমূহত খুব কম কমকৈ পানী এৰি দিয়া হয়, কাৰণ দিনৰ ভাগত শক্তিৰ প্ৰয়োজন কম৷ কিন্তু পিক আৱাৰ্চত, আই মিন সন্ধিয়াৰ ভাগত খুব দ্ৰুতবেগত পানীৰ সোঁত বঢ়াই দিয়া হয়, যাৰ ফলত জলজ জীৱসমূহৰ বিস্তৰ ক্ষতিসাধনেই নহয় কেৱল, প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ সৃষ্টি হয়৷ “

কৈ যায় শিৱাংগই৷ প্ৰত্যেক দিনাই অন্তত দুঘণ্টাৰ বাবে হলেও তাইৰ লগত কথা পতাটো তাৰ দায়িত্ব হৈ পৰিছে৷ প্ৰত্যেকদিনাই সি ন ন তথ্যৰে আশ্চৰ্যত ডুবাই পেলায় তাইক৷ কোনোটো তথ্য তাই মেইলত বিচাৰে, কোনোটোৰ বাবে হয়তো প্ৰজেক্টৰ চাইট চাবলৈ যোৱাৰ মতপোষণ কৰে৷

হয়৷ কিতাপখন লিখাৰ বাবে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ প্ৰয়োজন আছিল৷ তাই আৰু শিৱাংগ মিলি সেই পৰিকল্পনা কৰি পেলাইছিল৷ গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পৰ নাতিদূৰত অৱস্থিত কৈলাসপুৰ গাঁৱতে শিল্পমৰ শ্যামলী-পাম৷ তালৈ গ’লেই লগ পাবনে তাই? পাব হেনো৷ শিৱাংগই তলে তলে সেই খবৰো লৈছিল৷
সপোন এটাই উৰুলি দিয়ে৷ শিৱাংগৰ লগত ভাল ঘনিষ্ঠতা হৈ উঠিল তাইৰ৷ আপুনিৰ পৰা তুমি, তুমিৰ পৰা তই৷ কেতিয়াবা সুধি পেলায় তাই,
“তাৰ খবৰ পাৱনে শিৱাংগ? ”

শিৱাংগই নকয় তাইক, তাই টিভিত ওলালে যে শিল্পমে টিভিটো বন্ধ কৰি দিয়ে৷ কিয় বন্ধ কৰি দিয়ে? কিয় সেইখন মুখ চাবলৈ অত অভিমান? শিল্পমৰ চকুলৈ চাই সেই উত্তৰ সি যুগুতাই লয়, অভিমানৰ আন নাম ভালপোৱা৷

সকলোবোৰ সাজু হৈ উঠিল৷ পুলকিত হৈ পৰিছে তাইৰ মন, তথাপি মিহি মিহিকৈ টেনচন এটা, যদি তাৰ জীৱনত আন নাৰীৰ প্ৰৱেশ ঘটিল, তেতিয়া? কি হ’ব তেতিয়া?

তিতা চুলিখিনি টাৱেলেৰে মচি মচি বিছনাখনত বাগৰ দিয়ে তাই৷ পাঁচঘণ্টাৰ গভীৰ টোপনি লাগে তাইক এতিয়া৷ কাইলৈৰ পৰা দুটা নতুন যাত্ৰাৰ আৰম্ভণি৷ গতিকেই বহুত কাম৷ ব………হু………ত…..

কেতিয়ানো টোপনিত ঢলি পৰিল গমকে নাপালে তাই৷ ৰাতিপুৱালৈ দেখিলে এগালমান মিছকল৷ অচিনাকি নাম্বাৰৰ মিছকল৷ কোন হ’ব পাৰে? পেছাটোৰ বাবেই তাইলৈ বহুত ধৰণৰ ফোন আহে৷ কিন্তু একেটা নাম্বাৰৰ পৰা ইমানবোৰ ফোন, তাকো মাজৰাতি৷ আচৰিত হ’ল কিছু৷ উৎকণ্ঠিতও হ’ল বেচকৈ৷ বানপানীয়ে নদীৰ মথাউৰি ভঙাৰ সময়ত তাই ফেৰীৰে ভৰা লুইত পাৰ হ’বলৈ ওলাইছে৷ কি বা খবৰ? ভ্ৰূ কোচাই নাম্বাৰ টিপে,
“হেল্লো৷ ”
মাত নাই সিফালৰ৷
আকৌ মাতিলে তাই,
“হেল্লো৷ ”
“হেল্ল হেল্ল, কোনে ক’লে? মই বহুত মিছ কল পালো এই নম্বৰটোৰ পৰা৷ কোনে কৈছে আপুনি? ”
সিফালৰ পৰা এটা ফোঁপনিৰ শব্দ ভাঁহি আহিল৷
“শিৱাংগৰ লগত আপোনাৰ কিহ’ৰ ইমান হলিগলি? ”
“শিৱাংগৰ লগত? ”
“হয়৷ শিৱাংগৰ লগত৷ “, সিপক্ষই জোৰ দি ক’লে৷
“মই একো বুজা নাই৷ কোন হয় আপুনি? ”
“আপুনি বুজিবলৈ চেষ্টা নকৰিব৷ আৰু আমাৰ মাজত সোমাবলৈকো চেষ্টা নকৰিব৷ মাত্ৰ এটা কথা কৈ দিছো, মোৰ পেটত শিৱাংগৰ সন্তান আৰু সেই সন্তানৰ শপত, যিদিনাই আপুনি গেৰুকামুখত ভৰি দিব, সিদিনাই মই সোৱণশিৰিত জাপ দিম৷ ”

ঠাককৈ কাটি গ’ল ফোনটো৷ তাইৰ অণ্ঠ কণ্ঠ শুকাই গ’ল৷ কোন হয় এওঁ, যাৰ গৰ্ভত শিৱাংগৰ সন্তান৷ শিৱাংগই তাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কোনোদিনেই নক’লে, তাঁৱো নুসুধিলে অৱশ্যে, কিন্তু এয়াতো ভুল অপবাদ৷ তাই আকৌ ফোনটো লগালে,
“আপুনি মোক ভুল বুজিছে৷ ”
“মোক একো স্পষ্টীকৰণৰ দৰকাৰ নাই৷ মই ক’বলগাখিনি ক’লো৷ ইয়াৰ পিছত আপুনি কি কৰে সেয়া আপোনাৰ কথা৷ “
“আপুনি ভুল বুজিছে৷ ”
“ন’৷ মোক বুজাবলৈ আপুনি চেষ্টা নকৰিব৷ ”

ইমান ৰুক্ষ মাত, ইমান ঔদ্ধতালি তাই জীৱনত পোৱা নাছিল৷ তাই গেৰুকামুখত যিদিনাই ভৰি দিব, সেইদিনাই হেনো তাইৰ শেষ দিন হ’ব৷ শিল্পমক লগ পোৱাৰ সপোনটোৱে হঠাতে যেন ভৰ লুইতত জাপ দিলে৷ দলংখনক আঁকোৱালি লৈ ইপাৰ সিপাৰ হোৱাৰ দৃশ্যটোও যেন মুহূৰ্তৰ ভিতৰতে এৰা-পৰলীয়া হৈ গ’ল৷

আৰু নদীবান্ধৰ ওপৰত লিখিব বিচৰা কিতাপখন? সেইখন যে কাহানিও আৰম্ভই নহ’ব৷

ইফালে শিৱাংগই তালফাল লগালে, কটাক্ষ কৰিলে, “সাংঘাতিক ইনডিচিচিভ মাইণ্ডৰ ছোৱালী হয় তই৷ তোক বুজাটোৱেই মোৰ ভুল হৈ গ’ল”৷

তাই মনে মনে থাকিল৷

“তোৰ বাবে সৱ এৰেঞ্জমেণ্ট হৈ গৈছিল৷ গেষ্ট হাউচ, গাড়ীৰ কথাটো বাদেই, এন এইচ পি চিৰ জি এমৰ এপইণ্টমেণ্টলৈকে, পাঁচখনকৈ গাঁৱৰ ৰাইজমেল, সকলো ঠিক হৈ গৈছিল শ্ৰুতি৷ তই কি কাৰণে সিদ্ধান্ত বদলাই দিলি? ”

তাই মনে মনে থাকিল৷

“আৰু কি জাননে? মোৰ হ’বলগা বিয়াখনো তই অহালৈকে ৰৈ দিছিলো, তই আহিলেহে তাইক সেন্দূৰ পিন্ধাম বুলি ভাবি থৈছিলো৷ লগতে ভাবিছিলো, শিল্পমৰ কাৰণেও সেন্দূৰ এটেমা কিনিম বুলি৷ কিয় ৰ’লো তোলৈ মই? মানুহৰ চকুত ধৰা পৰাকৈ তাইৰ গৰ্ভ বাঢ়ি আহিছে, তথাপি তথাপি………..”, কথাখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলে সি৷

ফোনটো কাটি দিয়ে তাই৷ হাজাৰ জটিল সমস্যাৰে জৰ্জড়িত মানুহৰ জীৱন৷ আৰু কিছুমানৰ জীৱন সন্দেহ নামৰ বেমাৰত জৰ্জড়িত৷ তাইৰ পেটত হেনো দেৱশিশু-এই সময়ত সেই মাতৃক মানসিকভাৱে অসুস্থ কৰি তুলি পাপকাৰ্য নকৰে তাই৷

নৈখনৰ যি পাৰে তাইৰ প্ৰিয়জনে বাহৰ পাতে, সেই পাৰে হেনো তাই ভৰিখনকে থবগৈ নোৱাৰে, ইমানেই অস্পৃশ্য তাইৰ ভৰি, ব্যংগমিহলি হাঁহিৰ মাজেৰে দুচকু সেমেকি উঠে তাইৰ৷

“মোৰ খোজবোৰো এতিয়া আনৰ দ্বাৰা পৰিচালিত হয়৷ ক’ত ভুল আছিল মোৰ? ”, দিনে নিশাই নিজক প্ৰশ্ন কৰে শ্ৰুতিয়ে৷ তাইতো নুবুজে যে, বেছিভাগৰে এনেকুৱাই হয়, অজান কীটে ধ্বংস কৰি পেলায় সপোনৰ কাঁচঘৰ৷

বৰ জেদী তাই৷ হাতত ফুটাকড়ি এটাও নোহোৱাকৈ শতমাইল দূৰলৈ অকলে কাম কৰিবলৈ ওলাই অহা ছোৱালী তাই৷ সাধাৰণ কথা এটাত লাগিয়েই দহবছৰৰ বাবে প্ৰিয়জনৰ পৰা আঁতৰি থকা ছোৱালী তাই৷ কিতাপ লিখাৰ সপোনটোতো বহুত সাধাৰণ কথা৷

শোকটো বুকুত বহি বৰফ-কঠিন হোৱাৰ পৰতে এদিন শিৱাংগ আহি গ’ল তাইৰ ওচৰলৈ৷
“হুঁ ল৷ “
“কি? ”
“মিঠাই৷ ছোৱালী এজনী হ’ল৷ নামটো তই দিব লাগিব কিন্তু৷ “
“বাঃ কংগ্ৰেচুলেচন! কি যে ভাল খবৰ! পিছে নামটো মই কিয় দিম আক? সন্তানৰ নামটো মাক-দেউতাকৰে অধিকাৰ, দুয়োজনেই আলোচনা কৰি ল’বি৷ “
“তায়েই বিচাৰিছে অ’, নামটো তই দে বুলি৷ ”
কি! এইগৰাকীয়ে সেইগৰাকী, যাৰ এটা হুমকিত তাই জীৱনৰ বাট সলাই দিছিল৷ সঁচাকৈয়ে নাৰীৰ ছলনা বুজা টান বুলি মহা মহা পণ্ডিতে এনেই কৈ যোৱা নাছিল৷
“কি খবৰ তাইৰ? ”
“ভাল, একদম সুস্থ৷ ডিব্ৰুগড় মেডিকেলতে এডমিট হৈ আছে তাই৷ ” শ্ৰুতিয়ে একো নক’লে৷ লগ কৰাৰ সৌজন্যকণো দেখুৱাব নোৱাৰিলে৷
“আৰু এটা উপহাৰ আছে তোলৈ৷ ”
“কি অ? ”, ভৰ বাৰিষাৰ নৈখন চকুৰ পৰা লুকুৱাব নোৱাৰে তাই৷
“সেন্দূৰ৷ ”
“হোৱাট! ”৷
“য়েচ, শিল্পমৰ নামৰ৷ ”
“কি ধেমালি কৰিছ তই শিৱাংগ? ”
“এয়া চা৷ ”
বান্ধ ভাঙি লোতক নামে ওফন্দি উঠা নৈখনৰ৷
“সি ক’ত? ”
“লৈ যাবলৈ কৈছে তোক? ”
“নাযাওঁ মই৷ ”
“তই ইমান জেদী কিয় কচোন৷ ”
“সি কিয় আহিব নোৱাৰে কচোন৷ ”

উচাৎ মাৰি তাই আঁতৰি যায়৷ তাইলৈ চাই পঠিয়ায় সি, দেখে, অভিমানী নৈখনৰ ওপৰেৰে লোতক বাগৰিছে৷ মুহূৰ্ততে সিদ্ধান্ত লৈ পেলায় শিৱাংগই, সি সেই নৈখনৰ দলং হ’ব, বগীবিল দলংখনৰ দৰেই যিমান সময় নালাগক কিয়, এদিন সিও দুখন হিয়া জোৰা লগাব৷

আৰু আধালিখা উপন্যাসখনৰ কাম সিদিনাই হয়তো তাই হাতত ল’ব৷ ■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰিণ্টু
2 years ago

আকৌ এবাৰ পঢ়িলো। খুব ভাল লাগিল পাৰবীন