বগীৰ বেদনা (চুটি গল্প)[প্ৰদ্যুত জ্যোতি শইকীয়া]

বগীয়ে কথাটো মন কৰিছে আজিকালি,আজিকালি মানে বহুতদিনেই হৈ গ’ল | ঘৰৰ সৰুবোপাৰ ডাক্তৰৰ চাকৰি হোৱাৰ পাছৰ পৰা তা‍ই যেন ঘৰ খনৰ এলাগী হৈ পৰিছে | সৰু বোপা ঘৰতে আছেহি কিন্তু এতিয়ালৈকে এটা দেখা দেখি নাই | এটা গধুৰ দোষে হেঁচা মাৰি ধৰে আজিকালি তাইক উজাগৰী ৰাতিবোৰত | সৰু সৰু হেলিকপ্টাৰৰ মাত দিয়া পৰজীবি বিধে তিনি পোৱা মান নিলেও তাই একো সাৰ সিকতিয়েই নাপায় | কেতিয়াবা চোবা‍ই থকা বস্তু মুখতে ৰয় | পাহৰি যায় তাই| বয়সো হৈছে তাইৰ | জন্মতে তাই বাৰু কমখন আদৰ পাইছিলনে ? ৰাতি পুৱাৰ পৰা গধূলিলৈকে ডাঙৰ বোপা আৰু সৰু বোপা তাইৰ লগতে লাগি থাকে | ডাঙৰ বোপায়ে তেতিয়া হাইয়াৰ ছেকেণ্ডাৰী পাছ কৰি ঘৰৰ অবস্থাৰ বাবে ব্যৱসায়ত হাত দিছিল | সৰুবোপা তেতিয়া অষ্টম শ্ৰেণীত || পঢ়াত ভাল বাবে ককায়েক ডাঙৰ বোপাই তাক পঢ়োৱাৰ সিদ্ধান্ত লৈছিল |
সেইবিলাক দেখিয়েই হয়তো তাই দৃঢ় সংকল্প লৈছিল দুই বোপা, মানে দু‍ই ককায়েকক সহায় কৰাৰ | পিছে সেই ফুলকুমলীয়া বয়সত বুজি পোৱা নাছিল ককায়েকহঁতৰ ইমান মৰমৰ আঁৰৰ উদ্দেশ্য | এতিয়া বুঢ়ী বয়সত উপলব্ধি কৰিছে তাই | তাইৰ সহায় নোলোৱাকৈ ব্যবসায়ত ককাঁল ভাগি যোৱা ডাঙৰ বোপাৰ আজিৰ এই ৩০-৪০ লাখ টকা মূলধনৰ ব্যবসায় থিয় কৰাব নোৱাৰিলেহেঁতেন | আৰু সৰু বোপাৰ মেডিকেল পঢ়াৰ সময়ত মাহেকীয়া ফিজ কাৰ উপাৰ্জ্জনৰ টকাৰ পৰা গৈছিল ঘৰুৱা হিচাবৰ বহী চালে হয়তো আজিও ওলাব | কৈ লাভ নাই ইহঁতক | কিমান ক’বলৈ চেষ্টা কৰিলে তাই চিঞঁৰি চিঞঁৰি সকলোকে | কিন্তু কোনেও গুৰুত্ব নিদিলে,আচলতে নুবুজিলে | এইখন ঘৰৰ কাৰণেই তাইৰ কাৰণে মাৰাত্মক সেই ডেৰ বছৰীয়া ফেমিলি প্লেনিংটো লৈছিল | পিছে এই ত্যাগ সময়ৰ বাঢ়নী পানীত উটি গ’ল | পাঁচ নম্বৰ পুতেক ডম্বৰুক কেতিয়াবা কেতিয়াবা তাই এইবোৰ কথা কয় | হ’লে কি হ’ব ? কি বুজিব এই ডেৰ বছৰীয়াটোৱে | বাকীবোৰক কৈ লাভ নাই | ডাঙৰ বোপা আৰু সৰু বোপায়ে বাৰু পাহৰিলে, কমচে কম সিহঁতৰ মাকেতো মনত ৰাখিব লাগে তাইক | বগীৰ মনত পৰিল মাকৰ চকুৰ অপাৰেচন হৈ যোৱাৰ পাছত মাকে আহি তাইৰ গালত চুমা খোৱাৰ দৃশ্য | এতিয়া তাইৰ সেই গালখন কাটি কুকুৰক খুউৱাবৰ মন যায় | তাই মুখৰ ভিতৰতে ভোৰ ভোৰালে  “চকুৰ অপাৰেচনৰ সময়ত কাৰ মুৰত কঠাঁল ভাঙি খাইছিলি কটা নিধকহঁত” | মাকৰ কথাবোৰ ধৰিব পাৰি ডম্বৰুৱে ক’লে “লাহে লাহে কচোন মা,কোনো শোৱাই নাই সিহঁত” | মাকে ভেঁকাহি মাৰি ক’লে “শুই থাক ত‍ই, মোৰ কথা কিবা বুজিলেহে সিহঁতে ? এতিয়া বোলে TATA manza ল’ব হেনো | আগৰ কথা পাহৰিলে হ’বলা যেতিয়া পানী পৰা ঘৰত ফটা কেঁথা লৈ শুইছিল” |
বগীৰ মনতো বিদ্ৰোহী হৈ উঠিল | নাই,  এইটো হ’বলৈ দিব নোৱাৰি | তাই উপায় নাপায় শেষত সেই মাৰাত্মক সিদ্ধান্তটো লৈ পেলালে | তাই সেইটো কৰিহে এৰিব | সৰুবোপা থকাৰ সময়তে তাই সকলোকে দেখুৱাব তাইৰ শকতি কিমান | তাই অলপো অপেক্ষা নকৰি দীঘলীয়াকৈ গৰ্ভধাৰণ কৰিবলৈ মৰা চিঞঁৰটো মাৰিলে  ‘..হে….ম্বা………..’ | ঘৰৰ মৰমৰ পুৰণি গাইগৰু বগীৰ চিনাকি চিঞঁৰটো শুনি মাক, ডাঙৰ বোপা আৰু সৰু বোপা দৌৰ মাৰি আহি চোতাল পালেহি | বগীয়ে নিজৰ সিদ্ধান্তত সফলতা পাই ঘাঁহ পাগুলি পাগুলি ওঁঠৰ তলতে দুটা দাঁত সৰি যোৱা দাঁত পাৰি উলিয়াই মিচিকিয়া হাঁহি এটা মাৰিলে |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments