বগৰী খোৱা দিনবোৰ – খজেন ডেকা

বগৰী৷ এবিধ মজলীয়া আকাৰৰ কাঁইটীয়া জোপোহা গছ বা তাৰ ফল৷ পাতৰ আকাৰ সৰু সৰু, বৃত্তাকাৰ৷ বৈজ্ঞানিক নাম Zizyphus jujube৷ আহিন-কাতি মাহত বগৰী ফুলিবলৈ ধৰে আৰু মাঘ-ফাগুণ মাহত বগৰী পকিবলৈ ধৰে৷ বগৰী ফুলৰ পৰা মানুহৰ বিষ্ঠাৰ দৰে সামান্য ফুৰফুৰীয়া গোন্ধ এটা ওলায়৷ বতাহত উৰি অহা বগৰী ফুলৰ ৰেণু সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ নাসাৰন্ধ্ৰত প্ৰৱেশ কৰিলে পানীলগা জ্বৰ হয়৷ ৰাস্তাৰ কাষ, শ্মশান, নদীৰ পাৰৰ বালিয়া মাটি আদিত সাধাৰণতে বগৰী গছ হোৱা দেখা যায়৷ অৱশ্যে বৰ্দ্ধিত জনসংখ্যাই সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলোৱাৰ দৰে বগৰী গছৰ ওপৰতো প্ৰভাৱ পেলাইছে৷ দুখীয়া শ্ৰেণীৰ মানুহে খৰিৰ অভাৱত গৰাকীবিহীন বগৰী গছবোৰ কাটি খৰি হিচাপে ব্যৱহাৰ কৰাৰ ফলত আগৰদৰে য’তে-ত’তে বগৰীৰ গছ দেখিবলৈ পোৱা নাযায়৷ মানুহৰ বাৰীতো দুই-একৰ ঘৰত বগৰী গছ দেখা যায়৷

মাটিৰ গুণাগুণ ভেদে বগৰীৰ সোৱাদ বেলেগ হোৱা দেখা যায়৷ সোৱাদৰ ফালৰ পৰা টেঙা, বালিয়া, মিঠা, কেঁহা অনেক জাতৰ বগৰী গছ যিদৰে আছে, তেনেদৰে আকাৰৰ ফালৰ পৰাও হৰেক ৰকমৰ বগৰী আছে৷ জাতৰ ফালৰ পৰাও বিভিন্ন জাতৰ বগৰী আছে৷ যেনে- থলুৱা বগৰী, বন বগৰী, আহোম বগৰী, নগা বগৰী আদি৷ অৱশ্যে আনবোৰ বগৰীৰ জাতৰ নাম মই নাজানো৷ কোনোবাই জানে যদি জনালে সুখী হ’ম৷ আজিকালি আকৌ সৰু আপেলৰ সমান আকৃতিৰ বগৰীও পোৱা যায়৷ হাইব্ৰিড বগৰী৷ আমাৰ এইফালে বহু মানুহে এই হাইব্ৰিড বগৰীৰ খেতি কৰি যথেষ্ট ধন উপাৰ্জন কৰিছে৷ প্ৰতি কিলোগ্ৰামৰ দাম ষাঠি টকা৷ অতি ৰসাল আৰু সোৱাদ যুক্ত এইবিধ বগৰী প্ৰকৃততে বগৰীৰ শ্ৰেণীত পৰেনে নপৰে মই নাজানো৷ আমাৰ অসমীয়া বনগীত, বিহুগীততো—বাৰী কাষৰ বগৰী…., . নৈৰ কাষৰ বালিয়া বগৰী ….. বুলি উল্লেখ থকা পোৱা যায়৷

নতুন প্ৰজন্মৰ দুই এজনৰ বাদে অসমৰ মানুহৰ চিনাকি নাম বা বতৰৰ ফল বগৰী৷ মহিলাসকলৰ বাবে এটি জনপ্ৰিয় ফল বগৰী৷ এই লেখা পঢ়ি থকাৰ সময়তো হয়তো দুই এক মহিলাৰ জিভাৰ পানী পৰিব পাৰে৷ অৱশ্যে পুৰুষ হ’লেও ময়ো মহিলাৰ সমানে বগৰী খাই ভাল পাওঁ৷ আমাৰ ল’ৰালিকালত লগ-সমনীয়াৰ সৈতে নদীৰ পাৰে পাৰে পকা বগৰী বিচাৰি ফুৰাটোও আছিল অনাবিল আনন্দৰ অন্যতম উৎস৷ ঘৰৰ পৰা লগত নিয়া নিমখ, জলকীয়াৰ সৈতে বহু কষ্ট কৰি কাঁইটৰ আচোঁৰ খাই পাৰি অনা বগৰী খোৱাৰ আনন্দই আছিল বেলেগ৷ সৰহকৈ পাৰিব পাৰিলে পকেট ভৰ্তি কৰি ঘৰৰ আই, বাইহঁতলৈ বগৰী লৈ অহাটোও আছিল আন এক ফুৰ্ত্তিৰ কথা৷ বগৰীৰে মাৰ্বল খেলা, খলি গুটি খেলাৰ কথাও মনত পৰে৷ বগৰী খাই থাকোঁতে কেতিয়াবা গুটিটো পেটৰ ভিতৰলৈ যায়৷ তেতিয়া ডাঙৰবোৰে আমাক জোকাই কৈছিল- “বগৰীৰ গুটি খাইছ নহয়, তোৰ মূৰ ফুটি বগৰী গছ গজিব৷ ভয়ত আমাৰ তৎ নোহোৱা হৈছিল৷ ” যেতিয়া বুজি পোৱা হ’লো তেতিয়া আমিও কৈছিলো—“ভালেই হ’ব৷ মূৰত বগৰী গছ গজিলে গছডাল লৈ দৌৰি থাকিম৷ কাকো খাবলৈ নিদিওঁ৷ সকলো বগৰী অকলে খাম৷ “

আগতে গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে নদীত গা ধুবলৈ গৈছিল৷ যাওঁতে লগত নিমখ-জলকীয়া লৈ গৈছিল৷ লগত বাঁহৰ হাকুটি এডাল৷ হাকুটিৰে নৈৰ পাৰৰ বগৰী গছত কোবাই কোবাই বগৰী পাৰে৷ গা ধোৱাৰ আগতে নৈৰ পাৰত বহি লৈ নিমখ-জলকীয়া সনা বগৰী খাই খাই কথাৰ মহলা মাৰে৷ পাহৰি থাকে ইতিমধ্যে কাম কৰি ভাগৰ লগাৰ কথা৷ আমিও মাজে মাজে গছত উঠি গছডাল জোকাৰি দিছিলোঁ৷ বগৰীবোৰ সৰি পৰে৷ পকা বগৰী বুটলিবলৈ হেতা-ওপৰা লাগে৷ এই সময়তে হাকুটিৰ কোবত, ফৰ্মুটিৰ কোবত বগৰী গছৰ অৱস্থা নোহোৱা হয়৷ ডাল-পাতবোৰ সৰি পৰে৷ আগতে আমাৰ গাঁৱৰ মানুহবোৰে বিশেষকৈ মহিলাসকলে বগৰী ডলাত দি শুকুৱাইছিল৷ শুকুৱা বগৰীবোৰ গুটিৰে সৈতে ঢেকীত খুন্দি গুৰি কৰে৷ বগৰীৰ গুড়াবোৰ নিমখ, জলকীয়া সানি খাবলৈ বৰ ভাল লাগে৷ পানীত তিয়াই খাবলৈয়ো বৰ সোৱাদ লাগে৷ আন কিছুমানে শুকান গোটা বগৰীবোৰ পানীত তিয়াই থৈ দিয়ে৷ কিছুসময় তিয়াই থৈ দিয়াৰ পাছত যেতিয়া কোমল হয় তেতিয়া হাতেৰে মোহাৰি মোহাৰি বগৰীৰ গুটিবোৰ এৰোৱাই পেলায়৷ পানীখিনি বগৰীৰ চৰ্বত হৈ পৰে৷ নিমখ দিয়া চৰবতখিনি খাবলৈ বৰ সোৱাদযুক্ত হৈ পৰে৷ আজিকালি বহুতে বগৰীৰ আচাৰ বনোৱাও দেখা যায়৷

বহুতে হয়তো ভাবিব পাৰে লিখিবলৈ ইমানবোৰ বিষয় থাকোঁতে মইনো এই বগৰী পুৰানখন লিখিব লাগে কিয়? বিশেষ এটা কাৰণত এইকেইদিন মোৰ মনলৈ বাৰে বৰে বগৰীৰ কথা আহি আছে৷ তাতে এতিয়া বগৰী খোৱাৰ বতৰ৷ কেইদিনমান আগতে দৰঙী ৰাজকুমাৰ প্ৰণৱ নাৰায়ণ দেৱৰ সৈতে এখন সাংগঠনিক সভালৈ গৈছিলোঁ৷ উদ্যোক্তাসকলৰ সৈতে আমাৰ চিনাকি নাই৷ ফোনেৰে যোগাযোগ৷ এঠাইত গৈ ৰৈ আছোঁ৷ ১০.০০ বাজিছে৷ দেৱে চাহ খোৱাৰ প্ৰস্তাৱ দিলে৷ মই নাখালোঁ৷ আজিকালি মই যেতিয়াই তেতিয়াই চাহ-ভাত নাখাওঁ৷ ঔষধৰ সৈতে খোৱাৰ সময় মিলাব লাগে৷ তাতে আধা ঘণ্টামান সময় ৰোৱাৰ পিছত ফোনেৰে আমাক আন এঠাইলৈ মাতিলে৷ তাত গৈ আকৌ আধাঘণ্টা সময় অপব্যয় কৰিলোঁ৷ উদ্যোক্তা সকলৰ সৈতে দেৱৰ ফোনত কথা-বতৰা চলি থাকিল৷ শেষত যেনিবা এজন উদ্যোক্তাই মাতি নি আমাক সভাস্থলী পোৱালে৷ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণ৷ কিন্তু বিদ্যালয়ৰ চাবি নাই৷ উদ্যোক্তাই চাবি বিচাৰি ইফালে-সিফালে গ’ল৷ নাই চাবি নাই৷ ইফালে সভালৈ মানুহ আহি আছে৷ ১২.৩০ বাজিল৷ লাহে লাহে ভোকটোও উঠি আহিছে৷ ৰাতিপুৱা ৮.১৫ বজাতে ভাত খোৱা৷ শেষত সিদ্ধান্ত হ’ল সভাখন মানুহৰ ঘৰত পাতিব৷ সেই অনুসৰি এঘৰ মানুহৰ ঘৰলৈ আমাক লৈ যোৱা হ’ল৷ গাড়ীৰ পৰা নামিয়েই দেখিলো গৃহস্থৰ পদূলি মুখতে এজোপা বগৰী গছ৷ পকা, আধাপকা, কেঁচা বগৰীৰে ভৰি আছে গছজোপা৷ গহস্থই বৰ যতন কৰি ৰাখিছে গছজোপা৷ ডালবোৰ হালি নাযাবৰ বাবে বাঁহৰ ঢোকা দি ৰাখিছে৷ লগত কেইজনীমান মহিলা আছিল৷ তাৰে কোনোবা এজনীয়ে গৃহস্থক সুধিলে বগৰী খাব পাৰিনে- বুলি৷ গৃহস্থই অ’ খাব পাৰি বুলি কোৱাৰ লগে লগে আৰু কোনে পায়৷ ডালৰ ঢোকা গুচাই ডাল তললৈ নমাই বগৰী খোৱাত লাগিলোঁ৷ মিঠা বগৰী৷ অৱশ্যে সেই মুহূৰ্তত বগৰী খোৱাৰ আনন্দতকৈ ভোক নিবাৰণৰ তাড়নাই হে মোৰ ক্ষেত্ৰত বেছি কাম কৰিছিল৷

১.০০ মান বজাত সভা আৰম্ভ হ’ল৷ সভাৰ কাৰ্য্যসূচীখন ময়েই লিখি দিলোঁ৷ সভাত বহি থাকোঁতে বগৰী গছজোপা আমাৰ বিপৰীতফালে চকুৰ সমুখত থাকিল৷ সভা চলি থাকিল৷ আৰু মই? বগৰী গছজোপাৰ পকা বগৰীবোৰ চাই চাই মই বিচৰণ কৰি থাকিলো শৈশৱত গছত উঠি কাইটৰ আচোঁৰ খাই বগৰী পাৰি খোৱা দিনবোৰৰ মাজত৷ হাতত ফৰ্মুতি লৈ নদীৰ পাৰত, শ্মশানৰ মাজত বগৰীৰ তলে তলে ঘূৰি ফুৰা দিনবোৰৰ মাজত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক