বছেৰেকীয়া পৰীক্ষা দি সৰুতে ডিচেম্বৰ মাহত মামাহঁতৰ ঘৰত কটোৱা দিনবোৰ (লক্ষ্য জ্যোতি নাথ)

bosorekiya porixa di... lakhyajyoti nath“মামাহঁতৰ ঘৰলৈ যাওঁ” বুলি ক’লে মোৰে নহয় সকলোৰে ফূর্তি লাগে নহয় জানো! মামাহঁতৰ ঘৰখনৰ আর্থিক অৱস্থা ভালেই হওঁক বা বেয়াই হওঁক সকলোৱে মামাহঁতৰ ঘৰলৈ ফূৰিবলৈ গৈ আৰু বছেৰেকীয়া পৰীক্ষা দি বা গৰম বন্ধত কেইদিনমান থাকি বৰ ভাল লাগে। এনে লাগে যেন পঢ়া-শুনাৰ সকলো টেনচন এৰি এতিয়া মামাহঁতৰ ঘৰত ‘বিন্দাচ’ ফূর্তি কৰিম।
আনৰ দৰে ময়ো সৰু থাকোতে (এতিয়াও যাওঁ বাৰু) পৰীক্ষা দি আজৰি হৈ মামাহঁতৰ ঘৰলৈ গুচি যাওঁ। এনেকুৱা ডিচেম্বৰ মাহত মামাহঁতৰ ঘৰত ধান কটা, মৰণা মৰা আদি কাম চলি থাকে, মৰণা মাৰি ধানৰ খেৰবোৰ য’ত-ত’ত দমাই থয়। মামাৰ আগৰ পৰাই কিতাপ পঢ়াৰ চখ আৰু আমাকো পঢ়িব কয়। অন্য আলোচনী, কিতাপৰ উপৰিও মামায়ে প্রতিমাহে ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ এই দুখন শিশু আলোচনী লৈছিল। এনেকুৱা ঠাণ্ডা দিনত মামাহঁতৰ ঘৰত থাকিলে ৰাতিপুৱা শুই উঠি চাহ জলপান খায়েই এই আলোচনী দুখন পঢ়িছিলো। বিশেষকৈ ‘মৌচাক’ত কৌতুক, সাঁথৰবোৰ , সাধু আদি খুব পঢ়িছিলো; ‘নতুন আৱিষ্কাৰ’ত ডাইনছ’ৰৰ জীৱাশ্মৰ কথা পঢ়ি ডাইনছ’ৰবোৰ কেনেকুৱা, এতিয়া থকা হ’লে কি হ’লহৈ এইবোৰ ভাবিছিলো; অন্য গ্রহৰ কথা, মহাকাশৰ কথা; সাগৰৰ তলিৰ কথা পঢ়ি মনত এইবোৰৰ প্রতি কৌতুহ’লবোৰ বাঢ়ি গৈছিল।
এক-ডেৰ ঘন্টা এইবোৰ ৰ’দত পঢ়া পাছত ওচৰৰ লগৰীয়াবোৰে মুখ দেখা দিয়ে , লগে লগে আলোচনী তাতে এৰি চুৱেটাৰ-টুপি খুলি তাতে পেলাই খেলিবলৈ দৌৰিলোঁৱেই আৰু… প্রথম জাঁপটো গৈ সেই ধানৰ খেৰৰ মেজিতহে মাৰোগৈ আৰু। তাৰ পিছত আৰম্ভ হৈ গ’ল লুকা-ভাকু , এটা আগফালে চকু মুদি থাকিব আমি আহি খেৰৰ দমত লুকাওঁহি । খেৰতে ডাঙৰ ডাঙৰ গাঁত খান্দি সোমাই যাব এটা, এটাই ওপৰৰ পৰা খেৰ জাপি তাক নেদেখা কৰি দিব। সেইয়া খেলি খেলিয়ে খেৰত জপিওৱা আৰম্ভ আৰু, খেৰৰ মেজিৰ ওপৰৰ পৰা ‘শক্তিমান’ হৈ তলত পৰা, ক্রিকেট খেলত যুৱৰাজ সিঙে ‘ড্রাইভ’ মৰাদি খেৰত ড্রাইভ মৰা, ইটোৱে সিটোক ঠেলি খেৰত পেলাই দিয়া এইবাৰ দুপৰীয়া ১২.৩০ মান বজালৈকে খুউব খেলো।
১২.৩০ বজাৰ লগে লগেই মামীৰ দুপৰীয়া ভাত হ’ব হয় আৰু আমাক গা ধুবলৈ মাতে। বগা-বগা আঁচ পৰি ফপৰা হৈ থকা হাত-ভৰি লৈ আমি গা ধুবলৈ আহোঁ, মামীয়ে গৰম পানী কৰি ৰ’দত দি দিব আমি ভালকৈ গা ধুই লওঁ। খেৰত জপিওঁৱা মজা গা ধুওঁতেহে ওলাই আমাৰ ; যি খজুৱাই নহয়…
ভাত-পানী খাই অলপ আৰাম কৰি আকৌ আমাৰ দ্বিতীয় অধ্যায় আৰম্ভ কৰি দিওঁ, আবেলি ক্রিকেট খেলিম, লুকা-ভাকু বা কিবা নহয় কিবা খেলিমেই আৰু।
খেলি আহি হাত-ভৰি ধুওঁতেই সন্ধিয়া লাগে; মামীয়ে ধূনা দি আমালৈ আকৌ চাহ, বৰা চাউল-গাখীৰ-ঘৰৰ গুৰৰ জলপান ৰেডি কৰিলেই নহয়। সেইখিনি খাই কেতিয়াবা মাহীৰ লগত মামাহঁতৰ ওচৰৰ মানুহৰ ঘৰত ফুৰিবলৈ যাওঁ। ৰাতি আহি কেতিয়াবা মামা ছোৱালীজনীৰ লগত ছবি আঁকো। তাৰ পিছত ভাত খাই পিছদিনালৈ অপেক্ষা… মুঠতে আমি তেতিয়া “এৰাল চিগা গৰু” , ফুল টাইম মষ্টি…
নকৰিমনো কিয় পৰীক্ষা কেইদিন কম পঢ়িব লাগেনে, খেলিবলৈও নাপাওঁ।

২০০৩ চনৰ কথা; ২০০৩ চন বুলি এই কাৰণেই মনত আছে তেতিয়া বিশ্বকাপ ক্রিকেট চলি আছিল, ৰাতিপুৱা ৮ বজাৰ পৰা ৯ বজালৈকে DD NATIONAL ত বিশ্বকাপৰ আগদিনা হৈ যোৱা Highlights চোৱা মনত আছে মোৰ।
মামাহঁতৰ তেতিয়াও ধান কাটি আছে, পথাৰখন অলপ দুৰত, ধান আনিবলৈ মামায়ে গৰুগাড়ী লৈ যায়।
গৰুগাড়ীত উঠাৰ মজা আজিকালিৰ সৰু সৰু ল’ৰা-ছোৱালীয়ে ইমান নুবুজিব, ট্রেক্টৰ হ’ল যে ! আমি তেতিয়া গৰুগাড়ীত উঠিবলৈ পাগল, সেইদিনাও মামায়ে ৰাতিপুৱা গৰুগাড়ী লৈ ধান আনিব গৈছে, মই আৰু মামাৰ ছোৱালীজনী লাগি আছো গৰুগাড়ীত উঠি আমাকো পথাৰলৈ নিবলৈ, পথাৰখন দূৰ বাবে মামায়ে লগত নিনিয়ে, অৱশেষত লাগি থকা বাবে অলপ দূৰ গৰুগাড়ীত নি আমাক নমাই দি ঘৰলৈ উভতি যাবলৈ ক’লে। আমি কি কৰিলো উভতি নাহিলো, গৰুগাড়ীৰ পিছে পিছে মনে মনে লুকাই লুকাই খোজকাঢ়ি গৈ আছো । ৩ কি.মি. মান পিছে পিছে গৈ আমিও পথাৰ পালোগৈ। পথাৰত আমাক দেখি মামায়ে খঙতে কথা নুশুনাৰ বাবে পথাৰতে দুয়োটাকে অলপ সময় আঠু কঢ়াই থলে, ধমকিও দিলে।
হাতত ৫ টকা দি আমাক অহা বাটেই ঘৰলৈ উভতি যাবলৈ ক’লে, যাওঁতে ৰাস্তাত দোকান পাম আৰু তাৰ পৰা কণী দুটা লৈ যাব দিলে। তেতিয়া ফাৰ্মৰ কণীৰ যোৰা (দুটাত) ৪ টকা আছিল, বাকী ১ টকাৰে আমি দুটাই দালবুট খাই খাই মামাহঁতৰ ঘৰলৈ গ’লোগৈ। মোৰ দুটা হাতত দুটা কণী লৈ গৈ আছো, হাতৰ মুঠিৰ তাপত কণী ঘামি গৈছেগৈ; ইমান দূৰ ঠিকেই আনিলো, আহি মামাহঁতৰ ঘৰৰ দর্জামুখতে উজুতি খাই এটা কণী ভাগি দিলো নহয়। এনেই পথাৰলৈ মনে মনে গৈ মামাক জগৰ লগাই আহিছো, তাতে ইয়াত আহি কিনি অনা কণী এটা ভাগিলো। মই বোলো মোৰ আজি দিনেই বেয়া আৰু… পিছত পৰিস্থিতি শান্ত হ’ল বাৰু।

কেতিয়াবা আকৌ মাঘৰ বিহুৰ দুদিন মান পাছত মামাহঁতৰ ঘৰলৈ যাওঁ, মামাহঁতে তেতিয়া চোতালতে বিহুত বনোৱা ভেলাঘৰ (বিহুঘৰ/কিছুমানে ভেলাঘৰ, হেৱালিঘৰ বুলিও কয়) নাভাগে, তাতে বহি সন্ধিয়া ঠাণ্ডাত জুই পুৱাওঁ , ককা জীয়াই থাকোতে তাতে জুই পুৱাই পুৱাই ককায়ে সাধু কৈছিল, কাহিনী কৈছিল। ইফালে আমি ইয়াত জুই পুৱাই থাকো, সিফালে মামা আৰু মাহীহঁতে খাবলৈ বুটৰ বা মটৰৰ ঘুগুনীৰ জোগাৰ কৰে, আমি ভেলাঘৰৰ ভিতৰত কথা পাতি পাতি খাবলৈ কি আনিব বুলি গোন্ধ লৈ থাকো। ঘুগুনী নানিলেও বৰা চাউলৰ জলপান, ঘৰৰ গাখীৰ, ঘৰতেই কুঁহিয়াৰ খেতি কৰি তৈয়াৰ কৰা গুৰ মামীয়ে বাটিত আনিব বুলি আমি খাটাং।
এতিয়া যেতিয়া কেতিয়াবা মুম্বাইৰ ৰেষ্টুৰেণ্টত বহি চিকেন আফগানি, চিকেন মচলা , বাটাৰ পৰঠা , পিজা আদি খাওঁ আৰু সেই আগৰ দিনবোৰলৈ মনত পৰে তেতিয়া নিজকে কিবা দুখীয়া যেন হে লাগে, পাইয়ো যে বহুত নাই পোৱা এনে লাগে। সেই বছেৰেকীয়া পৰীক্ষা দি খেৰত জপিওঁৱা দিনবোৰ আৰু জীৱনত কেতিয়াওঁ নাপাওঁ, কিয় ডাঙৰ হ’লো ভাবিলে বৰ দুখ লাগে; ভাবুক হৈ পৰো।
সঁচাকৈয়ে সোণালী দিন আছিল সেই বছেৰেকীয়া পৰীক্ষা দি খেৰত জপিওঁৱা দিনবোৰ।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

Bahubosor agoloi ghurai nila…..