বজাৰ (মৃণাল কুমাৰ বৰা)

-“আইতা, ভোক লাগিছে।”
-“ৰহ অ’ অলপমান। পেনপেনাই নাথাকিবি। ৰান্ধি আছোঁ।”
মুড়িখিনি গুৰৰ লগত কেৰাহীখনত লৰাই লৰাই আইতাকে ছোৱালীজনীক ক’লে।
-“ৰাতিলৈ ভোজ খাম আজি, মাছেৰে। য’তে-ত’তে যা-তা বস্তু খাই নুফুৰিবি।”
ফটা কম্বলখন ভায়েকৰ সৈতে একেলগে গাত লৈ থকা ছোৱালীজনীয়ে কিন্তু তেতিয়াও থেনথেনায়েই থাকিল ।
-“এতিয়া বৰ ভোক লাগিছে অ’ আইতা।”
বুঢ়ীমাকৰ মনটো দুখেৰে ভৰি পৰিল। মাউৰা ল’ৰা-ছোৱালী দুটাক লৈ বুঢ়ী মৰিবও নোৱাৰা হ’ল এতিয়া। পুতেকটো ক’ৰবাত হেৰাই থাকিল বুঢ়ীৰ। গুৱাহাটীত মজদুৰি কাম কৰিছিল সি। ৰাতি সি তাতেই থাকিছিল। তিনি-চাৰি দিনৰ মূৰত একোবাৰ ঘৰলৈ আহিছিল। শেষ কেতিয়া আহিছিল সি? নাই মনত নাই বুঢ়ীৰ। তাৰ পাছত আৰু ল’ৰাটো ঘুৰি নাহিল। বোৱাৰীয়েকজনী আন এটা মানুহৰ লগত পলাই গ’ল। “হায়দৰবাগ” নে ক’ত থাকে হেনো মানুহটো। “চিকৰিটি” কাম কৰে কিবা। আৰ্মীৰে কিবা হ’বলা। বহুত দূৰ ইয়াৰপৰা হেনো। দিল্লীতকৈও দূৰ হ’ব চাগৈ। ৰাতিপুৱাই পুঠি মাছ অলপ পাইছিল পথাৰৰ মাজৰ বিলখনত। গুৱাহাটীৰ বজাৰলৈ নিব লাগিব বেচিবলৈ। আজি ৩১ ডিচেম্বৰ। গতিকে তাত অলপ দামটো বেচিকৈ পোৱা যাব। এইখিনি ঠাই এতিয়াও চহৰ হোৱাগৈ নাই সম্পূৰ্ণকৈ। গুৱাহাটীৰ বতাহ ঠাইখিনিত লাহে লাহে লাগিছেহি যদিও সেই বতাহে উৰুৱাই পেলোৱা নাই এতিয়ালৈকে।
-“তহঁতি খা এইকেইটা। ভাত মই ৰান্ধি থৈ যাম। আলু দুটা আছে। নিমখ আৰু তেল আছে। তহঁতি খাবি। মই টাউনৰপৰা আহিম। য’ত-ত’ত ঘুৰি নুফুৰিবি দেই তহঁতি।”
বুঢ়ী ওলাই আহিল অলপ পাছতে। এটা হাতত ৰাতিপুৱা পোৱা পুঠি মাছখিনি। ভালেমান মাছ আছে। তিনি কেজিমান মাছেই হ’ব প্ৰায়। ১৫০ টকা মানকৈ পোৱা যাব কেজিত। কম্বল এখন কিনিব লাগিব। দুশ টকাত পায়নে নাই জানো আজিকালি কম্বল!
——————————————————————————-
ৰাতিপুৱা সাৰ পাই ঘড়ীটো চাই জঁপিয়াই উঠিল সমীৰ। দেৰিয়েই হ’ল উঠা। আজি ৩১ ডিচেম্বৰ। তাৰ বহুত কাম আজি। কেমেৰামেন ব্ৰজেনৰ লগত সি গুৱাহাটীৰ ঠায়ে ঠায়ে ঘূৰি “ব্ৰেকিং নিউজ” সংগ্ৰহ কৰিব লাগিব। বহুত কাম। ক’ত ডাঙৰ ছাগলী কাটিছে, ক’ত ডাঙৰ মাছ উলিয়াইছে, ক’ত উদণ্ড যুৱক-যুৱতীৰ দলে উৎপাত কৰিছে, কোনে মদ খাই বেলেগৰ ঘৈণীয়েকক বেয়া ব্যৱহাৰ কৰিলে, কোনখন বাৰ কিমান সময়লৈ খোলা আছে, ফাঁচী বজাৰৰ পিনে ৩১ ডিচেম্বৰ বুলি কি হৈছে, কোন মন্ত্ৰীৰ কি প্ৰগ্ৰেম আছে……। মুঠৰ ওপৰত তাৰ ৰক্ষা নাই। ঘৰলৈ যাব নোৱাৰে সি। গোলাঘাটৰ ঘৰখনত আজি মাক আৰু দেউতাক হে আছে। বায়েকক বিয়া দিয়াৰ পাছত সিও আহি গুৱাহাটীত থিতাপি ল’লেহি। চাকৰি-বাকৰি নাছিল তাৰ বহুতদিন। বিশেষ অৰ্হতাও নাছিল তাৰ। হঠাতে যেনিবা সি নিউজ চেনেলটোত চাকৰিটো পাই গ’ল। সংবাদদাতা সি এতিয়া। গুৱাহাটীৰ চুকে-কোণে ব্ৰেকিং নিউজ বিচাৰি ফুৰাই তাৰ কাম। তাৰ ভাষাজ্ঞান বৰ শুদ্ধ নাছিল। কথা কওঁতেও তাৰ লাগি লাগি ধৰে। পিছে চেনেলৰ মৰমী বাইদেৱে তাক মৰম কৰি কৰি কয়, “একো নাই ছমীৰ….তোমাৰ মাতটো কিউট হয় বহুত জানা। গ্ৰেমাৰৰ দৰকাৰেই নাই ব্ৰেকিং নিউজ দিবৰ কাৰণে। তোমাৰ ফে’চটোও ইমান কিউট।” তাৰ গালতে চিকুট এটাও পৰে কেতিয়াবা মৰমৰ। বৰ বিপজ্জনক কিন্তু এই নিউজ সংগ্ৰহ কৰাৰ কামটো। এবাৰ সি হ’ষ্টেলৰ ল’ৰা কেইটামানে ওচৰৰ মানুহ এজনৰ গাহৰি এটা ধৰাৰ খবৰটো ন বজাৰ ব্ৰেকিং নিউজ বুলি দিবলৈ গৈছিল। হ’ষ্টেলৰ ল’ৰাৰ হাতত নমৰাকৈহে বাচি আহিল সি। তাক লপা-থপা দিয়া মানুহৰ মাজত হেনো গাহৰিৰ মালিকো আছিল। আন এদিন আকৌ সি ‘মহিলাক যৌন নিৰ্যাতন চলোৱা তাণ্ডৱী চয়তান’ নামৰ বাতৰি এটা যুগুতাবলৈ গৈ মহিলা কেইগৰাকীমানৰপৰা ভালকৈ পিটন খাইছিল। তাৰ শান্তি নাই। যি কি নহওক, আজিৰ দিনটোত মানে “আজিৰ তাৰিখত” তাক ভাল নিউজ কেইটামান লাগিবই। টুৱেণ্টী ফ’ৰ-টুৱেণ্টী নাইন চেনেলৰ মৃদুল ওলালেই চাগৈ নিউজ বিচাৰি এতিয়ামানে। তাৰ আকৌ বাইকৰ খৰছ সমীৰতকৈ বেছিকৈ দিয়ে হেনো চেনেলে। মৰমী বাইদেউক মৰম কৰি কৰি আৰু অলপ উলিয়াব লাগিব বিহুৰ আগে আগে এইবাৰ।
দিনটো বজাৰে-সমাৰে, গ্ৰন্থমেলা আদিত ঘূৰি-মেলি গধূলিৰ আগে আগে সি মাছৰ বজাৰত সোমালগৈ।
-“ব্ৰজেন কেমেৰা চালু কৰ।”
-“এতিয়া আমি যাম ৩১ ডিচেম্বৰৰ মাছৰ বজাৰখনলৈ। হয়, আমি আপোনাক দেখুৱাম কিদৰে এই মাছ-মাংসৰ খুচুৰা বেপাৰীসকলে আপোনাক, মোক লুটি-পুটি খাইছে। হয়, আমি দেখুৱাম। মাত্ৰ আমি ৰাইজ। মাত্ৰ আমি দেখুৱাম আপোনাক খুচুৰা বেপাৰীৰ দৌৰ, মানে দৌৰাত্ম্য।”
-“ৰৌ মাছৰ কেজি কিমানকৈ দিছে আজি আপুনি ? ”
-“ৰৌ মাছ আজি মই অনা নাই। এয়া ভকুৱা মাছ। ৩৫০ টকা কেজি।”
-“এয়া চাওক ৰাইজ। এওঁ হেনো আজি ৰৌ মাছ অনাই নাই। ভকুৱাৰ কেজি তিনছ পঞ্চাছ টকা। আপুনি বা মই হয়তো আজিৰ নিশাটো খালী পেটেৰেই কটাব লাগিব এওঁলোকৰ উপদ্ৰৱৰ বাবে।”
-“এতিয়া আমি আপোনাক দেখুৱাম মাগুৰ মাছৰ দাম।”
-“মাগুৰ মাছ কেনেকৈ দিছে ? ”
-“৭০০ টকা কেজি।”
-“এয়া চাওক ৰাইজ। মাগুৰ মাছৰ কেজি চাতচ টকা। অসমৰ ৰাস্তাই ঘাটে, ৰাইজৰ ঘৰৰ চুকে-কোণে উভৈনদী মাগুৰ মাছৰো দাম আজি চাতচ টকা। আমি আকৌ গৈছোঁ দোকানীজনৰ ওচৰলৈ।”
-“মাগুৰ মাছৰ ইমান দাম যে কিয় ? ”
দোকানীজনীৰ চকুৱে-মুখে স্পষ্ট বিৰক্তিৰ চিন।
-“অসমৰ মাছে বাহিৰৰপৰা অহা মাছৰ লগত আজি ফেৰ মাৰিবলৈ সক্ষম হৈছে। অসম আজি পিচপৰি থকা নাই। অসমৰ মাছ কিয় পিচপৰি থাকিব ? সেইকাৰণেই অসমীয়া লোকেল মাছ বুলি দাম বেছি হ’বই।”
-“হয়। হয় ৰাইজ। এওঁৰ কথাত যুক্তি আছে।”
-“এইবাৰ যাওঁ আমি পুঠি মাছৰ কাষলৈ। মানে পুঠি মাছৰ বেপাৰীৰ কাষলৈ।”
“কিমান দাম মাছৰ ?”
“১৫০ টকা। ১৪০ কৈ দিম আৰু।”
“এয়া চাওঁক ৰাইজ পুঠি মাছৰ দাম। আপোনাৰ ককাদেউতা বা আজোককাহঁতে ভাবিছিলনে পুঠি মাছ ১৪০ টকা কেজিত কিনি খাব বুলি ? কিন্তু আমি আজি বাধ্য। ইয়াৰ আঁৰত কাৰ ষড়যন্ত্ৰ ? এই নিৰীহ যেন লগা বৃদ্ধা মহিলাজনীৰ আঁৰৰ মুখাখন কাৰ ? কিয় বেচিব লগীয়া হ’ল পুঠি মাছ একচ চল্লিচ টকাত ?”
——————————————————————-
মৃণাল অফিচৰপৰা বাহিৰে বাহিৰে বজাৰলৈ গ’ল। নিউজ চেনেলৰ কেমেৰামেনটো ঘূৰি ফুৰিছে বজাৰখনত। অলপ আঁতৰি থকাই ভাল। লাইভ দেখুৱাই আছে। সুধিও দিব পাৰে মাছ কিনিবলৈ আহি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বুলি। মাছ কিনিব লাগে কিনিব। কি অনুভৱ কৰিবলৈ আছে তাত আৰু। টিঙিছকৈ মাৰিল তাৰ খঙে। বুঢ়ী মানুহজনীয়ে মাছকেইটামান আনিছে বেচিবলৈ। তাত আকৌ সেইপাতে ষড়যন্ত্ৰৰ গোন্ধ পাইছে। দেশখন নিপাতে গ’ল আৰু। কেমেৰাটো আঁতৰ হওঁক তাৰপৰা। পুঠি মাছেই কিনিব লাগিব আজি। পুঠি মাছৰ ফ্ৰাই খাব লাগিব।
“কিমানকৈ হে মাছ ?”
“১৪০ টকা কেজি। পোৱাত ৩৫ টকা।”
“কমাই লওকহে অলপ। এশ টকাকৈ ৰাখক। ইমান দাম লয়নে আৰু পুঠি মাছত ?”
“১২০ টকাকৈ দিবা ভাইটি। সোনকালে বিক্ৰী কৰি যাব লাগে মইও।”
“ঠিক আছে। ৬০ টকাৰে দিয়ক। ৬০০ গ্ৰাম দি দিয়ক।”
মাছখিনি লৈ মাছখিনিৰ দাম কমাই ল’ব পৰাৰ আনন্দত মৃণাল বজাৰৰপৰা সুহুৰি এটা মাৰি বাহিৰলৈ ওলাল। এতিয়া ৰামৰ বটল এটা ল’বগৈ লাগিব। তাত দাম কমাব নোৱাৰি। ফিক্সদ ৰে’ট। কাইলৈ সময় উলিয়াই নিউজ চেনেলৰ দৌৰাত্ম্যৰ ওপৰত প্ৰবন্ধ এটা লিখিব লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক