বড়ো ভাষা-সাহিত্যৰ প্ৰচাৰবিমুখ সাহিত্যিক শ্ৰীযুত তীৰেন বড়োৰ সৈতে এক সাক্ষাৎকাৰ

এখন সাধাৰণ চাইকেল চলাই ফুৰে মানুহজনে। পোছাক পৰিচ্ছদ তেনেই সাধাৰণ। কথা-বতৰাত অমায়িক আৰু নিৰহংকাৰী গুণ স্পষ্ট। গাঁৱৰ পৰা ৪ কিঃমিঃ দূৰৈৰ চহৰখনলৈ তেওঁ দৈনিক দুবাৰ অহাযোৱা কৰে। ৰাতিপুৱা আহে বাতৰি কাকতখন নিবলৈ। আবেলি আহে শাক-পাচলিৰ বজাৰ কৰিবলৈ। কাৰো সৈতে বৰ বিশেষ কথাৰ আড্ডা নামাৰে তেওঁ। নিজৰ পুত্ৰৰ ব্যৱসায়িক প্ৰতিস্থানৰ বাৰান্দাত কিছু সময় থিয় দি কিবা এটা নিৰীক্ষন কৰে। কিছুসময় পিছত তেওঁ উভতি যায়গৈ। পিছদিনা আকৌ একেখিনি কামৰে পুনৰাবৃত্তি কৰে। মাজতে তেওঁ এখন স্কুটি চলাইছিল। কিন্তু বেছিদিন নচলালে। আকৌ চাইকেলেৰ অহা-যোৱা। চাইকেলেৰে অহা-যোৱা কৰাতো স্বাস্থ্যৰ পক্ষে ভাল । সেয়া আমি সকলোৱে জানো। কিন্তু মানুহজনে চাইকেলেৰে অহা-যোৱাৰ কৰাৰ অন্তৰালত এক গভীৰ সৃষ্টিশীল কৰ্ম জড়িত হৈ আছে। হয়, মানুহজনে এই অহা-যোৱা কৰাৰ সময়খিনিত ভাষাৰ সন্ধান কৰে, শব্দৰ সন্ধান কৰে, কাহিনীৰ পটভূমি আৰু পৰিৱেশ ৰচনা কৰে। আৰু ঘৰলৈ গৈ অহা-যোৱাৰ সময়ত মনলৈ অহা ভাৱনাখিনিক লিপিবদ্ধ কৰে। কিন্তু তেওঁক দেখিলে কোনেও অনুমান কৰিব নোৱাৰে তেওঁ এগৰাকী ১৭ খন গ্ৰন্থৰ ৰচক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, সাহিত্য একাডেমীৰ বঁটা প্ৰাপক, বড়ো সাহিত্য সভাৰ সোমেশ্বৰী বঁটাৰে বিভূষিত স্বনামধন্য লেখক। বড়ো সাহিত্য জগতৰ নীৰৱ সাধক, প্ৰচাৰ বিমুখ, ব্যতিক্ৰমী চৰিত্ৰৰ এই ব্যক্তি গৰাকীৰ নাম শ্ৰীতীৰেন বড়ো। এটা সময়ত দৈনিক অসম কাকতৰ ৰংঘৰ শিতানত কাহিনীৰ ছবি অঁকা লেখক গৰাকীয়ে ইতিমধ্যে ৭ খনকৈ উপন্যাসকে ধৰি প্ৰৱন্ধ সংকলন, জীৱনী, শিশু উপযোগী কিতাপ আৰু গল্প সংকলন প্ৰকাশ কৰিছে। বৰ্তমান তেওঁ নেপাল আৰু অসমৰ পটভূমিত এখন উপন্যাস লিখাৰ কামত ব্যস্ত হৈ আছে। কিছুদিন আগতে আমি সাহিত্যিক গৰাকীৰ সৈতে এক বাৰ্তালাপত মিলিত হৈছিলোঁ। তাৰে সম্পাদিত ৰূপ আপোনালোকলৈ আগবঢ়োৱা হ’ল।

সাহিত্যিক তীৰেন বড়োৰ সৈতে সাক্ষাৎগ্ৰহণকাৰী খজেন ডেকা

বড়ো ভাষা-সাহিত্যৰ নীৰৱ সাধক, প্ৰচাৰবিমুখ সাহিত্যিক শ্ৰীযুত তীৰেন বড়োৰ সৈতে সাক্ষাৎকাৰ

খজেন ডেকা– আপুনি লিখামেলাৰ লগত কেতিয়াৰ পৰা কিদৰে জড়িত হ’ল ?

তীৰেন বড়োঃ- লিখামেলাৰ লগত জড়িত হোৱাৰ আগতে মই চিত্ৰশিল্পৰ লগতহে জড়িত আছিলোঁ। সেই সময়ৰ ‘দৈনিক অসম’ৰ ৰংঘৰ শিতানত ছবি আকিছিলোঁ। তদুপৰি ভূপেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত ‘আমাৰ প্ৰতিনিধি’ ত কাৰ্টুন চিত্ৰ আঁকিছিলোঁ। অষ্টম শ্ৰেণীৰ পৰাই মই বিভিন্ন বাতৰি কাকত, আলোচনী. কিতাপ পঢ়িবলৈ লৈছিলোঁ। হিতেশ ডেকাৰ উপন্যাস মোৰ বৰ প্ৰিয় আছিল। তেওঁৰ “ভাড়াঘৰ’’ উপন্যাসখন মই কেইবাবাৰো পঢ়িছিলোঁ। উপন্যাসখনৰ কলেৱৰ দেখি মই আচৰিত হৈছিলোঁ আৰু ময়ো এদিন সিমান ডাঙৰ কিতাপ লিখিম বুলি মনতে ভাবি থৈছিলো।

ইতিমধ্যে বড়ো ভাষাৰ প্ৰতিস্থাৰ সময় আহিছিল। ১৯৬৮ চনত মই কেইজনমান ছাত্ৰৰ প্ৰচেষ্টাত ৰৌতা প্ৰাইমেৰী বড়ো সাহিত্য সভা আৰু ৰৌতা প্ৰাইমেৰী বড়ো ছাত্ৰ সন্থা গঠন কৰিছিলোঁ। দুয়োটা অনুষ্ঠানৰে প্ৰতিস্থাপক সম্পাদক হিচাপে মই কাৰ্য্যনিৰ্বাহ কৰিছিলোঁ। দুয়োটা অনুষ্ঠান মিলি ‘চিজৌ’ নামৰ এখন বছৰেকীয়া আলোচনী প্ৰকাশ কৰিবলৈ ল’লো। এই আলোচনীখনৰ যোগেদি আমি বড়ো ভাষা সাহিত্যৰ সৃষ্টি কৰিবলৈ ধৰিলো আৰু তেনেকৈয়ে এদিন লিখা-মেলাৰ লগত জড়িত হৈ পৰিলোঁ।


সাহিত্যিক তীৰেন বড়োৰ সৈতে সাক্ষাৎগ্ৰহণকাৰী খজেন ডেকা


খজেন ডেকা – আপোনাৰ সৃষ্টিৰ মূল উপজীৱ্য কি ?

তীৰেন বড়োঃ- মোৰ সৃষ্টিৰ মূল উপজীৱ্য হ’ল—মানুহ, সমাজ আৰু প্ৰকৃতি। সাহিত্য হৈছে ভাষাৰে ৰচনা কৰা এটা শিল্প। মানুহে যুগে যুগে আহৰণ কৰি অহা অভিজ্ঞতা আৰু চিন্তা-চৰ্চাক ছপা কৰি সংৰক্ষণ কৰাই হৈছে গ্ৰন্থ। এগৰাকী লেখকৰ উদেশ্য হৈছে চিন্ন-ভিন্ন হ’ব খোজা সমাজখন ৰক্ষা কৰা। এখন সমাজক প্ৰকৃত পথ দিব পাৰে এখন ভাল গ্ৰন্থই।


খজেন ডেকা – লিখি যাবলৈ আপোনাক কিহে প্ৰেৰণা দিয়ে ?

তীৰেন বড়োঃ- মানুহ, সমাজ আৰু প্ৰকৃতিয়ে মোক লিখি যাবলৈ প্ৰেৰণা দিয়ে। আজি আমাৰ সমাজখন যিদৰে ঢলং ধপং ৰূপ ল’বলৈ ধৰিছে তাক আৰু নতুনকৈ ক’বলগীয়া একো নাই। সমাজত দৈনিক হত্যা, লুন্ঠন, ভাবুকি, নাৰীৰ ওপৰত অত্যাচাৰ চলিয়েই আছে। সমাজৰ মূল্যবোধ নোহোৱা হৈছে। ধন-সম্পত্তি আহৰণৰ প্ৰতিযোগিতা চলাই থাকোতে পাহৰি যাবলৈ ধৰিছে ইজনে সিজনৰ প্ৰতি থকা মৰম, চেনেহৰ কথা। নিৰ্বলীৰ ওপৰত সবল আৰু ধনী শ্ৰেণীৰ শোষণ আৰু নিপীড়ণ দিনক দিনে বৃদ্ধি পাই গৈছে। ৰাজনীতিৰ নামত শাসক শ্ৰেণীয়ে চলাই গৈছে লুন্ঠন। এইবোৰ দেখি শুনি মোৰ অন্তৰখন কান্দি উঠে। এইবোৰৰ প্ৰতিবাদ হিচাপে হাতত কলম তুলি লৈছোঁ। জানোচা এইবোৰকে লিখি কিঞ্চিত হ’লেও সমাজখনৰ কিবা পৰিৱৰ্তন কৰিব পাৰোৱেই।

খজেন ডেকা – আপুনি এতিয়ালৈকে কি কি ৰচনা কৰিছে ?

তীৰেন বড়োঃ- এতিয়ালৈকে মই ১৭ খন গ্ৰন্থ ৰচনা কৰিছোঁ। উপন্যাস ৭ খনকে ধৰি গল্প, প্ৰৱন্ধ, শিশু উপন্যাস, শিশু গল্প আৰু জীৱনী। সদ্যহতে নেপাল আৰু অসমৰ পটভূমিত এখন উপন্যাস সৃষ্টিৰ কামত ব্যস্ত হৈ আছোঁ।

খজেন ডেকা – আপুনি কবিতা নিলিখে নেকি ?

তীৰেন বড়োঃ- কবিতা লিখোঁ। আচলতে ক’বলৈ গ’লে কবিতাৰ যোগেদিয়েই মোৰ সাহিত্যৰ পথাৰত প্ৰৱেশ।কবিতা পঢ়ি মই বহুত ভাল পাওঁ। মোৰ প্ৰথমটো কবিতা ‘উদাং বৌথৌৰ’। অৱশ্যে ৰচিত কবিতাসমূহৰ গ্ৰন্থৰ ৰূপ এতিয়ালৈকে দিব পৰা নাই।

খজেন ডেকা – এতিয়ালৈকে আপুনি ভালেকেইখন উপন্যাস ৰচনা কৰিছে। তাৰে ভিতৰত কোনখনক আপুনি শ্ৰেষ্ঠ বুলি বিবেচনা কৰে ?

তীৰেন বড়োঃ- হয়, এতিয়ালৈকে মই ৭ খন উপন্যাস ৰচনা কৰিলোঁ। মোৰ দৃষ্টিত মোৰ প্ৰত্যেকখন উপন্যাসেই শ্ৰেষ্ঠ। তথাপি মোৰ প্ৰথম উপন্যাস “বিগ্ৰায় আৰৌ ভৈশ্ৰায়” খন শ্ৰেষ্ঠ বুলি বিবেচনা কৰোঁ।

##অস্তিত্ব বিলুপ্ত হ’বলৈ ধৰা এটা জাতিৰ জীয়াই থকাৰ সংগ্ৰামৰ গইনা লৈ চৰকাৰী পক্ষ আৰু এচাম দুষ্কৃতিকাৰীয়ে বড়ো জাতিৰ ওপৰত যি নিৰ্য্যাতন চলাইছিল তাৰে পটভূমিত ৰচনা কৰা হৈছিল “বিগ্ৰায় আৰৌ ভৈশ্ৰায়” উপন্যাসখন। গহপুৰ, খৈৰাবাৰী, লাইলংপাৰা আদি ঠাইৰ বড়ো গাঁৱবোৰ জ্বলাই দি সা-সম্পত্তিবোৰ লুন্ঠন কৰি নিয়া হৈছিল। সুস্থ, সবল বড়ো যুৱকসকলক উগ্ৰপন্থী সজাই থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰি অত্যাচাৰ কৰি ঘূণীয়া কৰা হৈছিল। কোকৰাঝাৰৰ ভূমকা, বৰপেটাৰ বাঘমাৰা, আগ্ৰাং, হুদুখাটা আদি ঠাইত বড়ো জীয়ৰী-বোৱাৰীৰ ওপৰত গণধৰ্ষন চলিছিল। সেই সময়ত প্ৰায় ১২ শ বড়ো লোকৰ সংগ্ৰামৰ নামত মৃত্যু ঘটিছিল। এই সমগ্ৰ ঘটনাক মূল পটভূমি হিচাপে লৈ লিখিছিলো মোৰ প্ৰথমখন উপন্যাস “বিগ্ৰায় আৰৌ ভৈশ্ৰায়” । সেয়ে মোৰ এই উপন্যাসখনক বহুতে বড়ো আন্দোলনৰ দলিল বুলি ক’ব খোজে। বৰ্তমান এই উপন্যাসখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ পাঠ্যক্ৰম হিচাপে প্ৰচলন হৈ আছে।


খজেন ডেকা – আপোনাৰ গ্ৰন্থবোৰক লৈ পঢ়ুৱৈ সমাজৰ সঁহাৰি কেনেকুৱা ?

তীৰেন বড়োঃ- সঁহাৰিৰ কথাটো এনেকুৱা। পঢ়ুৱৈ সকলে লেখক সকলক দুই ভাগত ভাগ কৰি লয়। জনপ্ৰিয় লেখক আৰু গধুৰ তথ্য সন্নিবিষ্ট কৰি লিখা লেখক। প্ৰথমবিধ লেখকৰ প্ৰতি পঢ়ুৱৈৰ সঁহাৰি তাৎক্ষনিক হিচাপে বেছি যদিও সেয়া খন্তেকীয়া । দ্বিতীয়বিধ লেখকৰ প্ৰতি পঢ়ুৱৈ সমাজৰ যি সঁহাৰি সেয়া দীৰ্ঘস্থায়ী। সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক ৰীতা চৌধুৰীৰ “মাকাম” উপন্যাসখন ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ পটভূমিত লিখা। সেই সময়ৰ যথেষ্ট তথ্যৰে সমৃদ্ধ এই গ্ৰন্থখন। সেইদৰে প্ৰয়াত পৰাগ কুমাৰ দাসৰ “চাংলট ফেনলা” উপন্যাসখন। অসমত এটা সশস্ত্ৰ বিপ্লৱৰ প্ৰয়োজন আছিল নে নাই তাক জানিবলৈ নিশ্চয় এই গ্ৰন্থখন পঢ়িব লাগিব। এনেকৈয়ে গ্ৰন্থখনে যুগে যুগে সঁহাৰি পাই থাকিব। বড়ো ঔপন্যাসিক মনোৰঞ্জন লাহিড়ীৰ “খাৰলুং” বড়ো জনগোষ্ঠীৰ গাঁৱলীয়া সমাজত নিতৌ ঘটি থকা কিছুমান আচাৰ-আচৰন, কাজিয়া-পেচাল, অনবৰতে হীনমন্যতাত ভূগি থকা ইত্যাদি কথাবোৰ বৰ ধুনীয়াকৈ ফুটাই তুলিছে। আনহাতে ঔপন্যাসিক ধৰণীধৰ ঔৱাৰীৰ “মৈহুৰ” আন এখন তথ্যগধুৰ উপন্যাস। বড়োসকলে একেখন ঠাইতে থাকি ভাল নোপোৱা, নতুন মাটি ভাঙি হাবিয়ে বননিয়ে থাকি ভালপোৱা, প্ৰকৃতিৰ মাজত থাকি ভালপোৱা ইত্যাদি কথাবোৰ উপন্যাসখনত দাঙি ধৰা হৈছে। গতিকে নতুন প্ৰজন্মই বড়োসকলক জানিবলৈ এই দুখন গ্ৰন্থ পঢ়িবই লাগিব। মানে এনেবোৰ গ্ৰন্থৰ প্ৰতি পঢ়ুৱৈৰ সঁহাৰি সদায় থাকিব। মোৰ ‘বিগ্ৰায় আৰৌ দৈশ্ৰায়’, ‘দেউবাৰী’ আৰু ‘বেওগংছে বৰ’ গামি দঙমৌন’—ঠিক তেনেধৰণৰ তথ্যমূলক উপন্যাস। মোৰ এইবোৰ গ্ৰন্থৰ প্ৰতি পঢ়ুৱৈৰ সঁহাৰি লক্ষনীয়।

খজেন ডেকা – লেখক হিচাপে আপুনি সমাজৰ পৰা কিবা স্বীকৃতি বা বঁটা-বাহন লাভ কৰিছে নেকি ?

তীৰেন বড়োঃ- হয় লাভ কৰিছোঁ। ২০০২ চনত বড়ো সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক বঁটা “সোমেশ্বৰী ব্ৰহ্ম বঁটা, ”, ২০১০ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ আৰু ২০১৫ চনত শিশু সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ।

খজেন ডেকা – আপোনাৰ জীৱনৰ স্মৰণীয় ঘটনা কিবা আছে নেকি ?

তীৰেন বড়োঃ- হয় আছে। তেতিয়া মই সাহিত্য জগতত প্ৰথম খোজ দিছিলোঁ। আমাৰ গাঁৱৰ সমাজ বলি-বিধানত বিশ্বাসী বাথৌ ধৰ্মাৱলম্বী। গাঁৱত প্ৰত্যেক বছৰে কাতি মাহত “গাৰ্জা পূজা” দিয়াৰ নিয়ম আছিল। উক্ত পূজাৰ বাবে গাঁৱৰ প্ৰতিঘৰে ২৫ টকা চান্দা, মদ এবাটি, পাৰ চৰাই এযোৰ আৰু মূৰ্গীৰ পোৱালি এটা দিয়াৰ ধৰাবন্ধা নিয়ম আছিল। দুৰ্ভাগ্যবশঃত মোৰ আৰ্থিক দুৰৱস্থাৰ বাবে মই বস্তুবোৰ দিব পৰা নাছিলোঁ। মই ৰাইজক পিছত দিম বুলি প্ৰতিশ্ৰুতি দিছিলো যদিও ৰাইজে মনা নাছিল। মোক সমাজচ্যুত কৰিলে আৰু সেইদিনাখনেই ৰাতি ৰাইজ আমাৰ ঘৰলৈ আহি কাঁহী-বাতি, বাচন-বৰ্তন লৈ গৈছিল। গাঁৱৰ সকলোৱে এই কাৰ্য্যক সমৰ্থন কৰা নাছিল আৰু তেওঁলোকে মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই কথাটো গম পাই অইন কেইবাটাও ধৰ্মৰ লোক আহি তেওঁলোকৰ ধৰ্মত দীক্ষিত হ’বলৈ মোক অনুৰোধ কৰিছিল। মই সেইটো কৰাহেঁতেন গাঁৱৰ সমাজখন থান-বান হৈ গ’লহঁতেন। সমাজচ্যুত হ’লেও মই আদি বাথৌ ধৰ্মতে খামুচি ধৰি থাকিলোঁ। এটা সময়ত বড়ো জনগোষ্ঠীৰ লোকসকল বিভিন্ন ধৰ্মত দীক্ষিত হোৱাৰ ফলত জাতিটো থান-বান হৈ গৈছিল।


খজেন ডেকা – সকলোৰে জীৱনত এটা দৰ্শন থাকে। নিজৰ দৰ্শনৰ প্ৰভাৱ লেখাবোৰতো পৰে। এইক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী কি ?

তীৰেন বড়োঃ- মোৰ দৰ্শন হৈছে সমাজ। মই যিখন সমাজত বাস কৰো সেইখন সমাজক মই ভাল পাওঁ আৰু সেই সমাজখনৰ পৰিৱৰ্তন হোৱাটো মই কামনা কৰোঁ। আজিৰ সমাজে জীয়াই থকাৰ পথ কিদৰে সহজ কৰি দেশ আৰু সমাজখন কিদৰে শক্তিশালী কৰিব পাৰি তাক গৱেষণা কৰি দেখুৱাই দিয়াতো বিজ্ঞানৰ কাম। বিজ্ঞানৰ ন ন আৱিষ্কাৰে মানৱ সভ্যতাক বহুদূৰ আগুৱাই লৈ গ’ল। কিন্তু লগে লগে মানুহক একো একোটা যন্ত্ৰ মানৱত পৰিণত কৰিলে। মানুহৰ অন্তৰৰ পৰা মৰম-চেনেহ, দয়া-ক্ষমা, মানৱতাবোধ নোহোৱা কৰিলে। ফলত আজিৰ সমাজত চাৰিওফালে দাবী-ধমকি, হিংসা, হত্যা-লুন্ঠন, নাৰীৰ ওপৰত অত্যাচাৰ আদি কাৰ্য্যই বিস্তাৰ লাভ কৰিলে। সাহিত্যিক সকলে তেওঁলোকৰ লিখনিৰ মাজেৰে মানুহৰ অন্তৰ পৰিৱৰ্তন কৰিব পাৰে। মানুহৰ অন্তৰ পৰিৱৰ্তন কৰিব পাৰিলেই সমাজ পৰিৱৰ্তন হ’ব। সমাজ পৰিৱৰ্তনৰ আশা লৈ লিখকসকলে হাতত কলম তুলি লয় আৰু নিজৰ জীৱনৰ জ্ঞান অন্বেষণ, সুখ-দুখৰ কথাৰ মাজেৰে সাহিত্য সৃষ্টি কৰি সমাজক দিয়ে। এই সৃষ্টিৰ পৰাই এজন পঢ়ুৱৈয়ে ভাল জ্ঞান আহৰণ কৰিব পাৰে আৰু এজন লেখকে পঢ়ুৱৈৰ পৰা ইয়াকে আশা কৰে। মোৰ নিজৰো দৃষ্টিভংগী হ’ল লেখাৰ মাজেৰে কিঞ্চিত হ’লেও সমাজ পৰিৱৰ্তন কৰা।

খজেন ডেকা – আপুনি এগৰাকী প্ৰচাৰ বিমুখ সাহিত্যিক বুলি বহুতে ক’ব খোজে। এইক্ষেত্ৰত আপুনি নিজে কি কয় ?

তীৰেন বড়োঃ- হয়। মই নিজে কি কৰিছো তাক মই নিজে প্ৰচাৰ কৰিবলৈ ভাল নালাগে। মই কি লিখিছো, সেয়া যিসকলে পঢ়িছে তেওঁলোকে জানে। মোৰ কথা নিজে প্ৰচাৰ কৰিবলৈ এইকাৰণেই ভাল নালাগে কিজানিবা মই লিখাবোৰ একো হোৱাই নাই। যিসকল লিখকে নিজকে এজন ভাল জনপ্ৰিয় লিখক বুলি ভাবি লয়, তেওঁলোকেহে নিজকে প্ৰচাৰ কৰি ভাল পায়। এই বিষয়ে মাৰাঠী লিখক বিশ্বাস পাটিলদেৱে কৈছে –“জনপ্ৰিয় সাহিত্য চাওমিনৰ দৰে। গৰমে গৰমেহে খাবলৈ ভাল। ঠাণ্ডা হ’লে খাবলৈ সোৱাদ নালাগে।”

খজেন ডেকা – বড়ো ভাষা-সাহিত্যৰ বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত কি ?

তীৰেন বড়োঃ- বড়ো ভাষা সাহিত্যৰ বৰ্তমান অৱস্থাটো ভাল বুলি ক’ব লাগিব। ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো সাহিত্য সভাৰ জন্ম হৈছিল। ১৯৬৩ চনৰ ১৮ মে’ৰ পৰা বিদ্যালয়ত প্ৰাথমিক পৰ্য্যায়ত বড়ো ভাষাৰে শিক্ষা আৰম্ভ কৰা হয়। বড়ো সাহিত্য সভাই আজি ৫৬ বছৰত ভৰি দিছে। বড়ো ভাষাই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থান পাইছে। ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হোৱাৰ লগে লগে এপিএছচি আৰু ইউপিএছচিৰ পৰীক্ষাসমূহত ঐচ্ছিক বিষয় হিচাপে লৈ বড়ো ভাষাৰ পৰীক্ষা দিব পৰা হৈছে। সেইদৰে বড়ো ভাষাৰ সাহিত্যিক সকলে সাহিত্য একাডেমীৰ বঁটা পাবলৈ সক্ষম হৈছে। তদুপৰি বড়ো ভাষা এতিয়া গোগ’লত স্থান পাবলৈ সমৰ্থ হৈছে। এতিয়া বড়ো ভাষাৰ আঁচনি লৈ গোগ’লত কিতাপ সমূহ অন্তৰ্ভূক্ত কৰি সমগ্ৰ বিশ্বত প্ৰচাৰ আৰু শিক্ষা দিয়াৰ আঁচনি গ্ৰহণ কৰিব পৰা হৈছে। Bharatvani Apps. ৰ জৰিয়তে বড়ো ভাষাৰ গ্ৰন্থসমূহ প্ৰচাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেয়ে মই ক’ব খোজো যে বড়ো ভাষা বৰ্তমান উন্নতি পথলৈ আগবাঢ়ি গৈ আছে। কিন্ত এইখিনিয়েই যথেষ্ট নহয়।

ভাষা এটাৰ যিমানে উন্নতি হ’ব সিমানে ইয়াৰ কৰিবলগীয়া কামো বাঢ়ি গৈ থাকে। পৃথিৱীৰ বহুতো উন্নত ভাষাৰো বিভিন্ন ধৰণৰ সমালোচনা, সংশোধন আৰু নতুন নতুন শব্দ প্ৰয়োগৰ কামবোৰ চলিয়েই আছে। সেইদৰে বড়ো ভাষাৰ ক্ষেত্ৰতো বহুখিনি কৰিবলগীয়া কাম আছে। অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা আৰু সকলো মানুহে কয়। কিন্তু বড়ো ভাষাৰ কথাটো সুকীয়া। বৰ্তমান এই ভাষা কেৱল বড়োসকলৰ মাজতহে প্ৰচলিত হৈ আছে। বড়ো ভাষাক অইন জনগোষ্ঠীৰ মাজতো প্ৰচলন কৰিবলৈ ব্যৱস্থা ল’ব লাগিব। এইক্ষেত্ৰত চৰকাৰৰো কৰণীয় আছে। বড়ো ভাষা অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃত হ’ল যদিও ই কাৰ্য্যকৰী হৈ নুঠিল। বড়ো ভাষা জীয়াই থাকিলেও বড়োসকলৰ হাততে আৰু মৃত্যু হ’লেও বড়োসকলৰ হাততে হ’ব। কিন্তু দেখিবলৈ পোৱা গৈছে আজি বহু বড়োলোকে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাইছে। ফলত বড়ো মাধ্যমৰ বিদ্যালয়বোৰ সংকটত পৰিছে। তথাপি এটা কথা ক’বই লাগিব যে বড়ো ভাষাৰ বৰ্তমানটো ভাল আৰু ভৱিষ্যতেও ভাল হৈ থাকিব বুলি আমি আশাবাদী।


খজেন ডেকা – সাহিত্য সম্পৰ্কে নতুন প্ৰজন্মলৈ আপুনি কি ‘মেছেজ’ দিব ?

তীৰেন বড়োঃ- নতুন প্ৰজন্মই ম’বাইল সংস্কৃতিক যিদৰে আকোঁৱালি লৈছে ঠিক সেইদৰে ভাষা সাহিত্যকো সংস্কৃতি হিচাপে আকোঁৱালি লওক। তেওঁলোকৰ প্ৰতি এয়াই হ’ব মোৰ মেছেজ।

খজেন ডেকা – আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি ?

তীৰেন বড়োঃ- পৰিকল্পনা হিচাপে কেইবাখনো গ্ৰন্থ ৰচনাৰ কাম হাতত লৈছোঁ। নেপালৰ বড়ো মেচসকলক লৈ এখন উপন্যাস লিখি আছোঁ। কিন্তু নেপাললৈ গৈ তথ্য সংগ্ৰহ কৰিব নোৱাৰাৰ কাৰণে আধৰুৱা হৈ আছে। শিশু উপযোগী গল্প সংকলন এখনৰ কাম প্ৰায় শেষ কৰিছোঁ। আন এখন গল্প সংকলনৰ কাম কৰি আছোঁ। এই দুয়োখন গ্ৰন্থ বড়ো সাহিত্য সভাৰ অহা খৈৰাবাৰী অধিৱেশনত উদ্বোধন কৰিম বুলি আশা ৰাখিছোঁ।

**************

সাহিত্যিক তীৰেন বড়োৰ বিষয়ে থোৰতে –

জন্মঃ ইং-০২/০১/১৯৫১

  • পিতৃঃ প্ৰয়াত উমাচৰণ বড়ো।
  • মাতৃঃ প্ৰয়াত দেৱবাৰী বড়ো।
  • সাং- ২নং ঝাৰগাঁও।
  • ডাকঘৰঃ- ৰৌতা চাৰিআলি
  • জিলাঃ- ওদালগুৰি।
  • প্ৰকাশিত উপন্যাসঃ-
  • ১) বিগ্ৰায় আৰৌ দৈশ্ৰায়(১৯৯২)
  • ২) ফুংবিলি(২০০৫)
  • ৩) গৌসৌজৌ গৌসৌ(২০০৭)
  • ৪) দেৱবাৰী(২০১১)
  • ৫) বখালি(২০১৩)
  • ৬) আদ্ৰা দানায় নৌগৌৰমানি থাগিৰি(২০১৬)
  • ৭) বৈৱ গংসে বৰ’ গামি দঙমৌন(২০১৭)

সাক্ষাৎকাৰ গ্ৰহণ : খজেন ডেকা, ৰৌতা চাৰিআলি, তাৰিখ-২৩/০৮/২০১৯

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক