বতাহৰ শেষৰটো শব্দ পতাকাত লাগি সৰি পৰিল – ভাৰ্গৱজ্যোতি বৰা

বতাহৰ শেষৰটো শব্দ পতাকাত লাগি সৰি পৰিল

নিস্তৰংগ পানীৰ দিগন্তৰে উৰি যায় চৰাই

 

নিচা লাগিল পানীত

নিচা লাগিল অৰণ্যত

আৰু জুইত

তেতিয়া মাছমৰীয়াবোৰ মাছ হৈ গ’ল

আৰু মই হেতুলুকা চৰাই এটা হৈ পানীৰ আকাশখন ছাঁই হৈ যোৱা চাই ৰ’লোঁ

 

তুমি মোক এখন হাত দিয়া

চলমান আকাশত মই এটা পাখি হওঁ

 

তোমাৰ খোজৰ শব্দনে কি

পানী ৰজনজনাই গ’ল

নে হাতৰ সেই জলজ মূদ্ৰা

 

বতাহৰ শেষৰ শব্দটো সৰি পৰিল

কলপাত নলৰিল

 

তুমি কি বজালা বাঁহী

হেন্দোলনী তুলি পানী হেঙুলীয়া হ’ল

 

এটি নিৰ্জন চিঞৰত পৃথিৱী কঁপিল

পানীৰ এই বিশাল স্তব্ধতা ভেদি

স্পন্দন হ’ল ধ্বনিময় নাওঁ

চকুৰ নিৰ্জনতাৰে কেৱল পানী আৰু পানী

 

ঘূৰি ঘূৰি এটি নৃত্যৰ ভংগীমা

এটি উপমা

নতুন এটি চিত্ৰকল্প

 

পতাকাত শব্দ লাগি সৰিল

কলপাত নলৰিল

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments