বতৰত মনৰ প্ৰতিবিম্ব (ডা০ ভূপেন শইকীয়া)

বতৰত মনৰ প্ৰতিবিম্ব (ডা০ ভূপেন শইকীয়া)

বন্ধুবৰ মনোহৰ দত্ত                 ২৭ মাঘ,  ইং ১১৷২৷২০১২, ড’হা, কাটাৰ

 

আশাকৰো কুশলে আছে৷ মাঘে বিদায় লবৰ হ’ল৷ ফাগুনৰ আগমনৰ লগে লগে চকুত পৰিব অনেক ৰঙা-ৰঙা বতৰৰ ফুল৷ ইতিমধ্যেই ধৰিত্ৰী হালধীয়া কৰা সৰিয়হ তলি আপোনাৰ নিশ্চয়  চকুত পৰিছেই৷প্ৰকৃতিয়ে মনলৈ নানা বতৰা আনে৷ সুপ্ত অনুভূতিক জগাই তোলো৷ আজি আপোনাক তেনে কিছু অভিব্যক্তিৰ সংবাদ দিব খুজিছো৷

কাটাৰত বৰ্তমান শীতৰ অন্ত পৰা নাই৷ তাপমান ১২ৰ পৰা ১৯ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত সলনা-সলনি হৈ আছে৷ দুই এদিনৰ পৰা মাজে মাজে বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ হয়তো ই ফাগুনৰ আগমণৰ বতৰা ৷ বতাহত পানীৰ কনিকা নাই – আছে সামান্য মিহি বালিৰ পৰখ৷মৰুময় দেশ খনক শীতলতা দিয়া গছসমূহৰ ভিতৰত খেজুৰ আৰু তালজাতীয় গছেই হ’ল প্ৰমুখ ৷ ইয়াৰ বাহিৰেও দেখাত তেতেলি আৰু তৰুৱা-কদমৰ নিচিনা এবিধো গছ যথেষ্ট পৰিমানে আছে৷ নিম গছো কিছু আছে৷ মদাৰ গছ আমাৰ ভাৰতৰ বাহিৰে দক্ষিণ পূব এচিয়াৰ একে জলবায়ুৰ দেশসমূহত আছে বুলি শুনিছো ৷ড’হাৰ চিৰিয়খানাত আৰু কেইবিধমান মই নাম নজনা জেতুকাৰ নিচিনা গছ আছে৷ মদাৰ, শিমলু,পলাশ আৰু অশোক ফুলৰ নিচিনা তেজাল ৰঙা-গেৰুৱা ফুলৰ গছ মই ইয়াত দেখা নাই৷ ড’হাৰ পৰা ১২০কিলোমিটাৰ উত্তৰৰ অল-শ্বামাল নামৰ সৰু চহৰখনলৈ এটা বন্ধৰ দিনত গৈছিলো৷ কাটাৰৰ  উত্তৰৰ শেষ সীমাৰ পুৰণি এই চহৰখনক তিনিটা দিশৰ পৰা পাৰস্য সাগৰে আবৰি ৰাখিছে৷ তাতো কেইবিধমান মজলীয়া আকৃতিৰ নাম নজনা গছ দেখা পালো৷ কাটাৰত দেখা কৰবী ফুল বেচিভাগেই বেঙুনীয়া৷ হালধীয়া কৰবী কমহে আছে৷ ঠায়ে ঠায়ে কৰবী গছৰো হেজ বনোৱা চকুত পৰিল৷ বৰ্তমান ইয়াৰ ফুলনিসমূহত বতৰৰ ফুল নানাৰঙী পিটুনীয়া ,মালিফুল, চিলভিয়া,আৰু নাৰ্জিফুল ফুলি জাতিস্কাৰ হৈ আছে৷বগেনবিলিয়াও কেইবাটাও ৰঙৰ চকুত পৰে৷ডাঙৰ ডাঙৰ হোটেলবিলাকে নিজৰ ফুলনিত আৰু প্ৰকাণ্ড টাবসমূহত বিভিন্ন ফুল আৰু নানান ধৰণৰ কেক্টাচ সযতনে প্ৰতিপালিত কৰিছে ৷এটা কথা আগতে এবাৰ আপোনাক মই কোৱা মনত পৰে – ইয়াত গছ-লতা কম কাৰণে আমাৰ তাত তেনেই অলাগতিয়াল যেন লগা  তৃণ-অপতৃণয়ো ইয়াত বিশেষ সমাদৰ পায়৷ সেউজীয়া ঘাঁহনি আৰু  শাৰী-শাৰী বৃন্দাবনেও চকু জুৰায়৷

মোৰ প্ৰিয় ফুল – সৰিয়হ আৰু মদাৰ৷এই দুয়োবিধ ফুলে মোক আপোন পাহৰা কৰি তোলে৷ পাতল সেউজীয়া  সুকোমল পাতৰ সৈতে হালধীয়া ৰঙৰ থোপাথুপিকৈ জাতিস্কাৰ হৈ থকা সোণাৰুও  মোৰ ভাল লাগে৷ দৃশ্যানুভূতিয়ে হৃদয় তোলপাৰ কৰি তোলাত  মনে অন্য এখন জগতলৈ  ঢাপলি মেলে৷ এক বুজাব নোৱৰা মধুৰ বেদনাৰ অনুভূতিয়ে মন আচ্ছন্ন কৰি ৰাখিব খোজে৷ সৰিয়হ ফুলে মানসপটত আঁকি দিয়ে এক বিস্তীৰ্ণ হালধীয়া- সেউজীয়া পথাৰ – গংগা আৰু বৰুণানৈৰ পবিত্ৰ সংগম স্থলত – য’ত মোৰ বাল্যকালৰ পাঁচটা বছৰ অতিবাহিত হ’ল৷ছষ্ঠ শ্ৰেণীত নাম ভৰ্তি কৰিয়েই পোনতেই থাকিবলৈ আহিলো “সংগম” হোষ্টেললৈ৷য’ত থাকি শুনা পাওঁ – কাষতে থকা গংগাৰ পাৰত অৱস্থিত আদিকেশৱ ঘাটৰ পৰা ভাঁহি অহা  সন্ধিয়াৰ আৰতিৰ সমবেত স্বৰ

“— জয় গনেশ জয় গনেশ দেৱা, মাতা পাৰৱতী পিতা মহাদেৱা ৷”

দেওবাৰ বা অন্য বন্ধৰ দিনত লগৰ দুই এজন সহপাঠীৰ সৈতে ওলাই যাওঁ বৰুণাৰ পাৰলৈ ৷ বৰুণাৰ উত্তৰ পাৰে প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত কৃষি কলেজ, পাঁচ কিলোমিটাৰ দূৰত্বত অনেক বৌদ্ধ মঠ- মন্দিৰৰে পৰিপূৰ্ণ সাৰনাথ নগৰী৷দক্ষিন পাৰে ৰাজঘাট কিলা (দূৰ্গ)৷সামান্য পাহাৰীয়া টিলা সদৃশ্য ৰাজঘাটত আছিল কেইবাটিও গুহা৷আজি ভাবিলে আচৰিত লাগে অকনো ভয়ভীত নোহোৱাকৈ সেই গুহাবিলাকৰ ভিতৰত আমি কিমানবাৰযে কৌতুহলবশত: প্ৰবেশ কৰিছিলো ৷অথচ এদিন এটা দহফুটীয়া অজগৰ স্কুল কেম্পাচত ধৰি বনবিভাগে লৈ যোৱাৰ আমি আছিলো চাক্ষুস সাক্ষী৷বাৰাণসীৰ পৰা প্ৰকাশিত হিন্দী দৈনিক “আজ” বাতৰিকাকতত বক্সৰ ভিতৰত এই সংবাদটো প্ৰকাশিত হৈছিল৷আমাৰ স্কুলখন আছিল ৰাজঘাট দূৰ্গত অৱস্থিত ৷টিলাৰ হেলনীয়া অংশত আছিল অনেক জোপা কৰোন্দা গছ৷ কৰোন্দাক অসমীয়াত কৰ্জা টেঙা বোলে৷লমা লমে লাগি থকা সেউজীয়া-বেঙুনীয়া কৰোন্দা হেপাহ পলুৱাই চিঙি জেপত ভৰাই লওঁ৷ গছৰ পৰা নিৰ্গত হোৱা বগা বগা আঠালৈ কেৰেপেই নকৰো৷ বৰুণাৰ দুয়ো পাৰে সুবিশাল অঞ্চল জুৰি হয় সৰিয়হ খেতি৷সৰিয়হৰ খেতিৰ মাজে মাজ কোনো কোনো ঠাইত থাকে মটৰৰ খেতি৷বৰুণাৰ দুয়ো পাৰ লগাই  সংগমৰ কাষত এখন অস্থায়ী সেতু গোটেই বছৰটোৱেই থাকে৷সেই সেতু পাৰহৈ আমি কেতিয়াবা সাৰনাথ পৰ্য্যন্ত পাওঁগৈ৷বাটত পাওঁ বহুকেইখন মধুৰীৰবাগিছা৷ বাগিছাসমূহত ৰখীয়া থাকে – তাৰ তদাৰক কৰিবলৈ আৰু কেতিয়াবা আহি ওলোৱা বান্দৰ খেদিবলৈ৷আমাৰ দৰে স্কুলীয়া লৰাক বিনামূলীয়াকৈ মধুৰী বিলাই ৰখীয়াই আনন্দিতহে হয়৷

মদাৰ ফুলে বসন্ত উৎসৱ হোলী বা ফাকুৱাৰ আগমনক সূচায়৷মদাৰক হিন্দীত ‘তেচু’ বোলে ৷তেচুৰ ওপৰত কেইবাটিও গজল এসময়ত মই গুন গুণাইছিলো৷  ভূপেন হাজৰিকাৰ কন্ঠৰ ” মদাৰৰে ফুলে হেনো পূজাতো নালাগে” মোৰ অন্যতম প্ৰিয় গীত৷ স্কুলীয়া দিনৰ  হোলীৰ মধুৰ স্মৃতিবোৰ কাহানিও মনৰ পৰা হেৰাই যাব নোৱাৰে৷হোলীৰ সন্ধিয়া মন্ত্ৰোচাৰণৰ সৈতে কৰা “হোলীকা দাহন” আছিল মোৰ ভাল লগা এক পৰ্ব ৷হোলীকা দাহনত সাদৃশ্য পাইছিলো আমাৰ ভোগালীৰ মেজীৰ৷

প্ৰিয় বন্ধু – সময় সদায়েই চিৰ প্ৰবাহমান৷ দিন পাৰ হোৱাৰ লগে লগে আমি ন-ন অভিজ্ঞতাৰ মুখামখি হওঁ৷তথাপিও সমধুৰ স্মৃতিয়ে মানসপটত যি ছবি আঁকি থৈ যায় – সি সিকেতিয়াও ধূসৰ হব নোৱাৰে৷আৰু বেচি গভীৰলৈ ভাবিবও  নোখোজো –  কিয়নো কালক্ৰমত যি হেৰুৱালো – তাক আৰু কাহানিও এই জনমত ঘূৰাই পাব নোৱাৰো৷ দৰদী গায়ক   মুকেশৰ  সুমধুৰ কন্ঠৰ এই গীতটি যেন বাজি উঠে – ” কোই লৌটাদে মেৰে বীতে হুৱে দিন — ” !!

আজিলৈ চিঠিখন ইমানতে সামৰিব খুজিছো৷ উৎসৱৰ বিষয়ে এটা কথা আপোনাক জনাব খোজো যে  প্ৰবাসত হোলী আৰু দীপাৱলী ভাৰতীয়সকলে পৰস্পৰক শুভেচ্ছা জনোৱাতে সীমাবদ্ধ৷ কাটাৰত মোৰ এটা দেৱালী পাৰ হ’ল৷হোলী অহা মাহত আহি আছে৷ নেটতেই অসম আৰু ভাৰতবাসীয়ে উপভোগ কৰা চাই সান্ত্বনা লভিব লাগিব৷ আপোনাৰ খবৰ জনাব৷ আগন্তুক বসন্তকাল আনন্দদায়ক হওঁক আৰু আপোনাৰ বাবে সৃষ্টিৰ প্ৰেৰণাস্ৰোত হওঁক – এই কামনাৰে আজিলৈ বিদায় ললো৷

 

ইতি

আপোনাৰ দূৰণীবতিয়া বন্ধু

ডা০ ভূপেন শইকীয়া

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক